ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক আলোচনা

July 07th, 02:51 pm

চৰকাৰী ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়ালৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি প্ৰাবোৱো সুবিয়ান্টোৱে ইস্তানা মাৰডেকা (ৰাষ্ট্ৰপতি ভৱন)ত উষ্ম আদৰণি জনায়। ২০২৫ চনৰ জানুৱাৰীত ভাৰতৰ ৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে অহা ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ ভাৰত ভ্ৰমণৰ পিছত এয়া আছিল দুয়োজন নেতাৰ মাজত প্ৰথমখন বৈঠক।

ৰাজস্থানৰ বালোত্ৰাত উন্নয়নমূলক প্ৰকল্পসমূহৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

July 04th, 12:50 pm

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগদে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিঙ পুৰী, উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী জী, প্ৰেমচান্দ বৈৰৱা জী, ৰাজস্থান চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ তথা বিধায়কসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল,

PMৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

July 04th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিশাল জনসভাক সম্বোধন কৰি তেওঁ উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে এক সহযোগিতাপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে। প্ৰচণ্ড গৰম নেওচি সভালৈ অহা জনসাধাৰণক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বৃহৎ উপস্থিতিক বৰ্তমানৰ শাসন ব্যৱস্থাৰ প্ৰতি এক আশীৰ্বাদ স্বৰূপ বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয়, মই ৰাজস্থানবাসীৰ ওচৰত চিৰকৃতজ্ঞ, এই অপাৰ সমৰ্থনে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি আপোনালোকৰ থকা গভীৰ বিশ্বাসকে প্ৰদৰ্শন কৰিছে।

ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

June 30th, 09:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ ৰাষ্ট্ৰপতি মাননীয় ড০ মাছৌদ পেজেস্কিয়ানৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

ছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ

June 28th, 05:00 pm

প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।

পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

June 18th, 11:41 pm

১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।

পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

June 18th, 09:30 pm

প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।

জি-৭ সন্মিলনৰ সময়ত সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

June 17th, 12:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰে। ২০২৬ চনত দুয়োজন নেতাৰ মাজত এয়া তৃতীয়খন বৈঠক আছিল, যি শক্তিশালী আৰু প্ৰাণৱন্ত ভাৰত-ইউ এ ই ব্যাপক কৌশলগত অংশীদাৰিত্বক প্ৰতিফলিত কৰে।

Prime Minister Shri Narendra Modi speaks with the Amir of Kuwait

June 09th, 03:33 pm

Prime Minister Shri Narendra Modi held a telephone conversation today with the Amir of the State of Kuwait, His Highness Sheikh Meshal Al-Ahmad Al-Jaber Al Sabah.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে মাৰ্কিন বিদেশ সচিবে

May 23rd, 04:20 pm

মাৰ্কিন বিদেশ সচিব মহামহিম মাৰ্কো ৰুবিঅ'ই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা যুটীয়া বিবৃতি

May 22nd, 09:31 pm

ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০-২৩ মে’ ২০২৬ তাৰিখে চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। ইউৰোপীয় সংঘৰ পৰিষদৰ চাইপ্ৰাছৰ অধ্যক্ষতাৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।তেওঁৰ এই ভ্ৰমণে ২০২৫ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চাইপ্ৰাছ ভ্ৰমণৰ আনি দিয়া ঐতিহাসিক গতিক অধিক শক্তি প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ যি ভ্ৰমণে এক কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল আৰু ভাৰত-চাইপ্ৰাছৰ সম্পৰ্কক ফলাফলমুখী তথা কাৰ্যকৰীকৰণ-চালিত পৰ্যায়লৈ লৈ গৈছিল। ৰাজনৈতিক আলোচনাৰ অগ্ৰগতি , ব্যৱসায়িক সংযোগ বৃদ্ধি, প্ৰতিৰক্ষা, যোগাযোগ বৃদ্ধি, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি ২০২৫ চনত জাৰি কৰা যৌথ ঘোষণাপত্ৰখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক দুয়োগৰাকী নেতাই আদৰণি জনায়। বিকশিত ভূ-ৰাজনৈতিক পৰিবেশ আৰু ভাৰত-চাইপ্ৰাছৰ অংশীদাৰিত্বৰ গভীৰতাক স্বীকৃতি দি নেতাদ্বয়ে দ্বিপাক্ষিক সৰ্বাংগীন অংশীদাৰিত্বক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ বিষয়ত সহমতত উপনীত হয়, যাতে নতুন বাস্তৱতা আৰু সুযোগসমূহৰ অন্বেষণ কৰিব পাৰি। ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডছক ২০২৬ চনৰ ২২ মে'ত ৰাষ্ট্ৰপতি ভৱনত উষ্ম আদৰণি জনায় ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ।তেওঁ ৰাজঘাটত মহা মানৱ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই চৰকাৰী ভোজৰো আয়োজন কৰে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে ২০২৬ চনৰ ২২ মে’ত নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়৷দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক সন্দর্ভত ব্যাপক আলোচনা কৰে আৰু বিভিন্ন খণ্ডত দ্বিপাক্ষিক সংযোগৰ নৱীকৃত গতিবেগক লৈ সন্তুষ্টি প্রকাশ কৰে৷ তেওঁলোকে ভাৰত আৰু চাইপ্ৰাছৰ মাজত ভাগ-বাটোৱাৰা কৰা গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসন আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি ঘনিষ্ঠ তথা বিশ্বাসযোগ্য অংশীদাৰিত্বৰ কথা পুনৰ দৃঢ় কৰে। ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক তথা বিশ্বজোৰা বিষয়সমূহতো তেওঁলোকে মত বিনিময় কৰে।

ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া বিবৃতি

May 20th, 05:00 pm

ৰোমক বিশ্বজুৰি ‘চিৰন্তন চহৰ’ বুলি জনা যায়। ভাৰতবৰ্ষত মোৰ লোকসভা সমষ্টি—কাশী—ইয়াকো কোনো প্ৰাচীন আৰু চিৰন্তন নগৰ হিচাপে গণ্য কৰা হয়। দুটা সভ্যতা লগ হ’লে সংলাপ কেৱল আঁচনিৰ মাজতে সীমাবদ্ধ নাথাকে; বৰঞ্চ ই ঐতিহাসিক গভীৰতাৰ সংগম, ভৱিষ্যতৰ দৃষ্টিভংগী আৰু বন্ধুত্বৰ স্বাভাৱিক সহজতাক প্ৰতিফলিত কৰে।

নৰ'ৱেৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

May 18th, 04:44 pm

যোৱা বছৰ মই নৰ'ৱে ভ্ৰমণ কৰাৰ কথা আছিল যদিও পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেই ভ্ৰমণ পিছুৱাই দিবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত নৰ'ৱেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ কাষত দৃঢ়তাৰে থিয় দি বন্ধুত্বৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰিছিল। আজি নৰ'ৱে ভ্ৰমণ কৰাৰ সময়ত সেই সংহতিৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি

May 17th, 03:45 am

নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ

May 14th, 04:43 pm

ৰাছিয়ান ফেডাৰেচনৰ বৈদেশিক মন্ত্ৰী মহামহিম চাৰ্গেই লাভৰভে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

ইউ এ ই-ৰ ওপৰত হোৱা আক্ৰমণক প্ৰধানমন্ত্ৰীৰ গৰিহণা, শান্তি আৰু আঞ্চলিক সুস্থিৰতাৰ বাবে সমৰ্থন পুনৰ দোহাৰিলে

May 05th, 01:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউ এ ই-ৰ ওপৰত হোৱা আক্ৰমণত তিনিজন ভাৰতীয় নাগৰিক আহত হোৱাৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছে।

ভাৰত-কোৰিয়া গণৰাজ্যৰ কৌশলগত অংশীদাৰিত্বৰ বাবে যৌথ দৃষ্টিভংগী প্ৰকাশ

April 20th, 10:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে ম্যুঙে ১৯ – ২১ এপ্ৰিল, ২০২৬ তাৰিখে ভাৰত ভ্ৰমণ কৰে , এয়া কোৰিয়াৰ এগৰাকী ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণৰ পিছতেই কৰা ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰপতি লি জে ম্যুঙৰ সৈতে মন্ত্ৰী, কোৰিয়ান কোম্পানীসমূহৰ জ্যেষ্ঠ বিষয়া আৰু আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে।

পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষ সন্দৰ্ভত লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ

March 23rd, 02:15 pm

মই পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষ আৰু ইয়াৰ ফলত ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰিবলৈ সন্মানীয় সদনত উপস্থিত হৈছো। এই মুহূৰ্তত পশ্চিম এছিয়াৰ অৱস্থা উদ্বেগজনক। যোৱা দুসপ্তাহৰ ভিতৰত জয়শংকৰজী আৰু হৰদ্বীপ পুৰীয়ে সদনক এই বিষয়ত প্ৰয়োজনীয় তথ্য প্ৰদান কৰিছে। এই সংকট ৩ সপ্তাহৰো অধিক সময় ধৰি চলি আছে। সমগ্ৰ বিশ্বৰ অৰ্থনীতি, জনসাধাৰণৰ জীৱনৰ ওপৰত ইয়াৰ যথেষ্ট প্ৰতিকূল প্ৰভাৱ পৰিছে আৰু সেয়েহে সমগ্ৰ বিশ্বই সকলো পক্ষকে যিমান শীঘ্ৰে সম্ভৱ এই সংঘৰ্ষ অৱসানৰ বাবে আহ্বান জনাইছে।

পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত লোকসভাত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 23rd, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত পশ্চিম এছিয়াত চলি থকা সংঘাত আৰু ভাৰতৰ সন্মুখত দেখা দিয়া ইয়াৰ ব্যাপক প্ৰত্যাহ্বানৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে। এই সংকট তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৰিস্থিতিৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, সমগ্ৰ বিশ্বই এই সংকটৰ শীঘ্ৰে সমাধানৰ বাবে সকলো পক্ষকে আহ্বান জনাইছে।

জৰ্দানৰ ৰজাৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

March 19th, 07:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্দানৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়। এই বাৰ্তালাপত তেওঁলোকে পৰস্পৰে পৰস্পৰৰ মাজত উৎসৱ উপলক্ষে শুভেচ্ছা বিনিময় কৰে আৰু অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।