ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰা বিবৃতি

February 26th, 03:30 pm

মোক আৰু ভাৰতীয় প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে মই পুনৰবাৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

উত্তৰ প্ৰদেশৰ মীৰাটত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

February 22nd, 01:30 pm

বাবা ঔঘৰনাথৰ এই পবিত্ৰ ভূমিত, মীৰাটৰ ভূমিত আজি উন্নত উত্তৰ প্ৰদেশ, উন্নত ভাৰতৰ বাবে এক নতুন বিপ্লৱৰ শক্তি উজ্জীৱিত কৰা হৈছে। আজি প্ৰথমবাৰৰ বাবে নমো ভাৰত ৰেপিড ৰেল আৰু মেট্ৰ’ সেৱা একেদিনাই, এটা প্লেটফৰ্মৰ পৰা আৰম্ভ কৰা হৈছে। উন্নত ভাৰতৰ যোগাযোগ কেনেকুৱা হ’ব তাৰ এক উল্লেখযোগ্য আভাস এয়া। মই সন্তুষ্ট যে এই কাম উত্তৰ প্ৰদেশত কৰা হৈছে, চহৰৰ ভিতৰৰ ভ্ৰমণৰ বাবে মেট্ৰ’ আৰু টুইন চিটীৰ দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰতৰ দৰে আধুনিক ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমখন নমো ভাৰত আৰ আৰ টি এছ উদ্বোধন কৰে আৰু দিল্লী–মীৰাট নমো ভাৰত কৰিডৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

February 22nd, 01:12 pm

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই প্ৰকল্পই উন্নত ভাৰতত যোগাযোগ ব্যৱস্থা কেনেকুৱা হ’ব তাৰ এক গুৰুত্বপূৰ্ণ আভাস দিয়ে। সংহত ব্যৱস্থাটোৱে চহৰৰ ভিতৰত ভ্ৰমণৰ বাবে মেট্ৰ' আৰু টুইন চিটী দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰত ৰে'ল ব্যৱহাৰ কৰিছে। ডাবল ইঞ্জিনৰ চৰকাৰৰ কৰ্ম সংস্কৃতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰকল্পসমূহ এতিয়া অনিশ্চয়তাত ওলমি নাথাকে। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁৰ চৰকাৰে যিটো কামৰ বাবে আধাৰশিলা স্থাপন কৰে, ব্যক্তিগতভাৱে এই সেৱাসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী দুয়োটা কামৰ নেতৃত্ব দি সেই কাম সম্পূৰ্ণ কৰে।

বৰ্ধিত সংযোগৰ জৰিয়তে বহনক্ষমতা, অৰ্থনৈতিক বৃদ্ধি আৰু সুৰক্ষাৰ বাবে ভাৰত – ছিচেলছৰ যৌথ দৃষ্টিভংগী

February 09th, 03:28 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ছিচেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড° পেট্ৰিক হাৰ্মিনিয়ে ৫ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিছে ।ৰাষ্ট্ৰপতি হাৰ্মিনিৰ কাৰ্যভাৰ গ্ৰহণৰ প্ৰায় ১০০ দিনৰ পাছত কৰা এই ভ্ৰমণে দীৰ্ঘদিনীয়া আৰু বহুমুখী দ্বিপাক্ষিক অংশীদাৰিত্বক শক্তিশালী, সম্প্ৰসাৰিত আৰু গভীৰ কৰিব বুলি ভাৰত আৰু ছিচেলছৰ প্ৰতিশ্ৰুতিৰ সংকেত বহন কৰিছে। ছিচেলছৰ স্বাধীনতাৰ ৫০ বথছৰ সম্পূৰ্ণ হোৱা আৰু দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি কৰা ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ক সামৰি লৈ বিস্তৃত আৰু ইতিবাচক আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৰাষ্ট্ৰপতি হাৰ্মিনীয়ে লাভ কৰা সফলতাৰ বাবে অভিনন্দন জনায়।দুয়োগৰাকী নেতাই দৃঢ়তাৰে কয় যে ভাৰত আৰু ছিচেলছ, ঘনিষ্ঠ সামুদ্ৰিক প্ৰতিবেশী হিচাপে ঐতিহাসিক সম্পৰ্কৰে বান্ধ খাই আছে। দুয়োখন দেশে গণতন্ত্ৰ আৰু বহুত্ববাদৰ ভাগ-বতৰা কৰা মূল্যবোধৰ দ্বাৰা লালিত-পালিত এক বিশেষ তথা সময়-পৰীক্ষিত অংশীদাৰিত্ব লাভ কৰিছে। নেতাদ্বয়ে স্বীকাৰ কৰে যে ছিচেলছ-ভাৰতৰ মাজৰ সম্পৰ্ক জনকেন্দ্ৰিক আৰু ই পশ্চিম ভাৰত মহাসাগৰ অঞ্চলৰ নিৰাপত্তা তথা স্থিতিশীলতাক অধিক শক্তিশালী কৰিছে। ভাৰতৰ ভিজন মহাসাগৰ (মিউচুৱেল এণ্ড হোলিষ্টিক এডভান্সমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰ’থ এক্ৰছ ৰিজিঅ’নছ)ৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে ছিচেলছৰ ভূমিকাকো নেতাদ্বয়ে স্বীকাৰ কৰে।

ছিচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

February 09th, 01:00 pm

ৰাষ্ট্ৰপতি হাৰ্মিনী আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জৱৃনাবলৈ পাই মই অপৰিসীম আনন্দ লাভ কৰিছো।

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

February 08th, 08:35 am

পোনপ্ৰথমে মই মোৰ ঘনিষ্ঠ বন্ধু প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক উষ্ম আদৰণি জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়ালৈ যাব পৰা নাছিলো। কিন্তু মই মোৰ প্ৰিয় বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই অতি সোনকালে মালয়েছিয়া ভ্ৰমণ কৰিম। আৰু আজি ২০২৬ চনৰ প্ৰথম বিদেশ ভ্ৰমণতে মই মালয়েছিয়াত উপস্থিত হ’লোঁ।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ উপলক্ষে ভাৰত-মালয়েছিয়াৰ যুটীয়া বিবৃতি

February 08th, 08:30 am

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাটো’ ছেৰী আনৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ মালয়েছিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সভ্যতাৰ সম্পৰ্কৰ ওপৰত আধাৰিত গভীৰ বন্ধুত্ব আৰু স্থায়ী জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰিছিল। ই ভাৰত-মালয়েছিয়াৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী আৰু সম্প্ৰসাৰণৰ বাবে দুয়োগৰাকী নেতাৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।

যৌথ বিবৃতিঃ ভাৰত আৰু ব্ৰাজিল-মহান উদ্দেশ্যৰে সমৃদ্ধ দুখন আদৰ্শৱান ৰাষ্ট্ৰ

July 09th, 05:55 am

ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিল গণতান্ত্ৰিক যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা ছিলভাৰ আমন্ত্ৰণত ২০২৫ চনৰ ৮ জুলাইত ব্ৰাজিল ভ্ৰমণ কৰে। বিগত আঠ দশক ধৰি বন্ধুত্ব আৰু বিশ্বাসৰ মনোভাৱ ব্ৰাজিল-ভাৰতৰ সম্পৰ্কৰ আধাৰশিলা হৈ আহিছে। ২০০৬ চনত এই সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হয়।

প্ৰধানমন্ত্ৰীৰ ব্ৰাজিল ভ্ৰমণঃ ফলাফলৰ সবিশেষ

July 09th, 03:14 am

আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজত সহযোগিতাৰ চুক্তি

জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰে মিলিত প্ৰধানমন্ত্ৰী

June 18th, 08:02 am

আলবাৰ্টাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি কানাডাৰ প্ৰধানমন্ত্ৰী মহামহিম মাৰ্ক কাৰ্নীৰে এখনি দ্বিপাক্ষিক বৈঠকত মিলিত হয়।