জোহান্সবাৰ্গত জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
November 23rd, 02:18 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম চিৰিল ৰামাফোছা ডাঙৰীয়াক সাক্ষাৎ কৰে। উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল পৰিচালনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে। নতুন দিল্লী জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগুৱাই নিবলৈ দক্ষিণ আফ্ৰিকাই গ্ৰহণ কৰা জি-২০ৰ প্ৰচেষ্টাৰ তেওঁ শলাগ লয়।আই বি এছ এৰ নেতা সভাত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
November 23rd, 12:45 pm
জোহান্সবাৰ্গৰ সজীৱ আৰু সুন্দৰ চহৰত অনুষ্ঠিত হোৱা আই বি এছ এৰ নেতা সভাত অংশগ্ৰহণ কৰাটো মোৰ বাবে এক বৃহৎ আনন্দৰ কথা। এই পদক্ষেপৰ বাবে আই বি এছ এৰ অধ্যক্ষ ৰাষ্ট্ৰপতি লুলালৈ আৰু তেওঁৰ উষ্ম আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।জোহান্সবাৰ্গত ইণ্ডিয়া-ব্ৰাজিল-ছাউথ আফ্ৰিকা (আই বি এছ এ)ৰ নেতাৰ সভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
November 23rd, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ইণ্ডিয়া-ব্ৰাজিল-ছাউথ আফ্ৰিকা (আই বি এছ এ)ৰ সভাত অংশগ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম চিৰিল ৰামাফোছাৰ আতিথ্যত আয়োজিত বৈঠকত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম লুইজ ইনাচিঅ’ লুলা ডা ছিলভায়ো ভাগ লয় ।উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 03rd, 11:00 am
দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং জী, ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ সুদ, ন'বেল বঁটা বিজয়ী ছাৰ আন্দ্ৰে গেইম, আমাৰ মাজত উপস্থিত সকলো বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ, দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ পুৰুষ-মহিলাসকল!উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 03rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (এছটিআইচি) ২০২৫ত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশ-বিদেশৰ বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট অতিথিসকলক আদৰণি জনায়। আইচিচি মহিলা বিশ্বকাপ ২০২৫ত ভাৰতৰ উল্লেখনীয় বিজয়ৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতীয় ক্ৰিকেট দলৰ সফলতাত সমগ্ৰ দেশবাসী উৎফুল্লিত হৈছে। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিশ্বকাপ বিজয়ৰ কথা উল্লেখ কৰি মহিলা ক্ৰিকেট দলটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশবাসী তেওঁলোকৰ বাবে গৌৰৱান্বিত আৰু তেওঁলোকৰ সাফল্যই দেশৰ লাখ লাখ যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।মুম্বাইত ষষ্ঠ গ্লবেল ফিনটেক ফেষ্টত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 09th, 02:51 pm
শেষবাৰৰ বাবে যেতিয়া মই এই অনুষ্ঠানত অংশ লৈছিলো, তেতিয়াও ২০২৪ চনৰ নিৰ্বাচন বাকী আছিল। কিন্তু সেইদিনা মই পৰৱৰ্তী অনুষ্ঠানত থাকিম বুলি কৈছিলো আৰু আপোনালোক সকলোৱে আটাইতকৈ জোৰেৰে হাত চাপৰি বজাইছিল আৰু ইয়াত বহি থকা সেই ৰাজনীতি বিজ্ঞানীসকলে মোদী আহিব বুলি ধৰি লৈছিল।মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 09th, 02:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ আগবঢ়ায়। মুম্বাইত উপস্থিত সকলোকে উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে মুম্বাইক শক্তিৰ চহৰ, উদ্যোগৰ চহৰ, আৰু অন্তহীন সম্ভাৱনাৰ চহৰ বুলি অভিহিত কৰে। তেওঁ বিশেষভাৱে তেওঁৰ বন্ধু প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী কেইৰ ষ্টাৰমাৰ আৰু গ্ল’বেল ফিনটেক ফেষ্টিভেলত তেওঁৰ উপস্থিতিৰ বাবে আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সময় উলিওৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।দিল্লীৰ যশোভূমিত আয়োজিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 08th, 10:15 am
কেবিনেটত মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া, ৰাজ্যিক মন্ত্ৰী চন্দ্ৰ শেখৰ পেম্মাছানি ডাঙৰীয়া, ভিন্ন ৰাজ্যৰ প্ৰতিনিধি, বহিঃৰাষ্ট্ৰৰ পৰা অহা আমাৰ অতিথি, টেলিকম খণ্ডৰ লগত জড়িত সকলো গণ্যমান্য ব্যক্তি, ইয়াত উপস্থিত থকা ভিন্ন মহাবিদ্যালয়ৰ মোৰ যুৱ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২৫ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন
October 08th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তি অনুষ্ঠান ইণ্ডিয়া ম’বাইল কংগ্ৰেছ (আই. এম. চি.) ২০২৫-ৰ নৱম সংস্কৰণ উদ্বোধন কৰে। ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ বিশেষ সংস্কৰণলৈ সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিত্তীয় জালিয়াতি প্ৰতিৰোধ, কোৱাণ্টাম কমিউনিকেশ্যন, ৫জি, অপ্টিকেল কমিউনিকেশ্যন আৰু ছেমিকণ্ডাক্টৰকে ধৰি বহুতো গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত ষ্টাৰ্টআপসমূহে কৌশল প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এনে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত দাঙি ধৰা উপস্থাপনৰ সাক্ষী হোৱাটোৱে ভাৰতৰ প্ৰযুক্তিগত উজ্জ্বল ভৱিষ্যত প্ৰতিফলিত কৰে। তেওঁ এই অনুষ্ঠান আৰু নতুন পদক্ষেপসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ ২৫ বছৰত ভৰি দিয়াৰ লগে লগে ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 07th, 10:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এখন চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ ২৫ সংখ্যক বছৰত ভৰি দিয়াৰ লগে লগে ভাৰতবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। ২০০১ চনৰ আজিৰ দিনটোতে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা কৰা যাত্ৰাক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মানুহৰ জীৱন উন্নত কৰাৰ লগতে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগোৱাটো তেওঁৰ অহৰহ প্ৰচেষ্টা হৈ আহিছে।১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 10th, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব।ভাৰতৰ প্ৰতি আস্থা ব্যক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী মিষ্টাৰ লৰেন্স ৱঙক ধন্যবাদ জ্ঞাপন কৰে
September 04th, 01:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী মিষ্টাৰ লৰেন্স ৱঙক ভাৰতৰ ওপৰত আস্থা ব্যক্ত কৰাৰ বাবে ধন্যবাদ জনাইছে। শ্ৰী মোদীয়ে কয় যে বিকশিত ভাৰত গঢ়াৰ আমাৰ যাত্ৰাত ছিংগাপুৰ হৈছে মূল্যৱান অংশীদাৰ।দিল্লীৰ যশোভূমিত আয়োজিত ছেমিকন ইণ্ডিয়া, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
September 02nd, 10:40 am
কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ অশ্বিনী বৈষ্ণৱ জী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি জী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদ জী, ছেমিৰ অধ্যক্ষ অজিত মনোচা জী, ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগী, ভিন্ন দেশৰ পৰা ইয়াত উপস্থিত হোৱা আমাৰ অতিথিসকল, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগীসকল, ভিন্ন ৰাজ্যৰ পৰা অহা মোৰ যুৱ-ছাত্ৰ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!নতুন দিল্লীত ছেমিকন ইণ্ডিয়া, ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 02nd, 10:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰক অনুঘটক হিচাপে কাম কৰাৰ লক্ষ্যৰে ‘ছেমিকন ইণ্ডিয়া-২০২৫’ উদ্বোধন কৰে। সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগীসকলৰ উপস্থিতি আদৰণি জনায়। তেওঁ বিভিন্ন দেশৰ বিশিষ্ট অতিথি, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগী আৰু দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যুৱ ছাত্ৰ-ছাত্ৰীসকলকো আদৰণি জনায়।কৰ্ণাটকৰ বেংগালুৰুত একাধিক মেট্ৰ’ প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
August 10th, 01:30 pm
কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলট ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী সিদ্দাৰমাইয়া ডাঙৰীয়া, কেন্দ্ৰত মোৰ সতীৰ্থ মনোহৰ লাল খট্টৰ ডাঙৰীয়া, এইচ.ডি. কুমাৰাস্বামী ডাঙৰীয়া, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, ভি. সোমান্না ডাঙৰীয়া, সুশ্ৰী শোভা কাৰণ্ডলাজে ডাঙৰীয়াণী, উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰ ডাঙৰীয়া, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী বি সুৰেশ ডাঙৰীয়া, বিৰোধী দলপতি আৰ অশোক ডাঙৰীয়া, সাংসদ তেজস্বী সূৰ্য্য ডাঙৰীয়া, ডাঃ মঞ্জুনাথ ডাঙৰীয়া, বিধায়ক বিজেন্দ্ৰ য়েদিয়ুৰাপ্পা ডাঙৰীয়া আৰু কৰ্ণাটকৰ মোৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ বেংগালুৰুত প্ৰায় ২২,৮০০ কোটি টকা মূল্যৰ মেট্ৰ’ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰে
August 10th, 01:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত প্ৰায় ৭,১৬০ কোটি টকা মূল্যৰ বেংগালুৰু মেট্ৰ’ৰ ইয়েল্ল’ লাইন উদ্বোধনৰ লগতে ১৫,৬১০ কোটি টকাৰো অধিক মূল্যৰ বেংগালুৰু মেট্ৰ’ৰ পৰ্য্যায়-৩ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেখেতে বেংগালুৰুৰ কেএছআৰ ৰেলৱে ষ্টেচনত তিনিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে কৰ্ণাটকৰ ভূমিত ভৰি দিয়াৰ লগে-লগে তেখেতৰ নিজৰ-নিজৰ ভাৱ এটা অনুভৱ হৈছে। কৰ্ণাটকৰ সংস্কৃতিৰ সমৃদ্ধি, জনসাধাৰণৰ মৰম, হৃদয়ক গভীৰভাৱে স্পৰ্শ কৰা কানাড়া ভাষাৰ মধুৰতাত আলোকপাতেৰে শ্ৰী মোদীয়ে বেংগালুৰুৰ প্ৰধান দেৱতা অন্নম্মা থাইৰ শ্ৰী-চৰণত শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ ভাষণৰ আৰম্ভণি কৰে। শতিকা পূৰ্বে নদপ্ৰভূ কেম্পেগৌড়াই বেংগালুৰু চহৰৰ ভেটি স্থাপন কৰাৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেম্পেগৌড়াই পৰম্পৰাৰে বদ্ধমূল এখনি চহৰৰ কল্পনাৰ লগতে চহৰখনে যাতে প্ৰগতিৰ নতুন শিখৰতো আৰোহণ কৰে, তাত গুৰুত্ব আৰোপ কৰিছিল। “বেংগালুৰুৱে সদায় সেই মনোভাৱক জীয়াই আৰু ইয়াক সংৰক্ষণ কৰি ৰাখিছে তথা আজিও বেংগালুৰুৱে সেই সপোনকেই বাস্তৱায়িত কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিলে নামিবিয়াৰ ৰাষ্ট্ৰপতিক
July 09th, 07:55 pm
নামিবিয়ালৈ কৰা চৰকাৰী ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উইণ্ডহ’কৰ ষ্টেট হাউছত নামিবিয়াৰ ৰাষ্ট্ৰপতি মহামহিম ড০ নেটুম্বো নন্দি-নদৈতৱাহক সাক্ষাৎ কৰে। ষ্টেট হাউছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি নন্দি-দৈত্ৱাহে উষ্ম আদৰণি জনোৱাৰ লগতে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। ২৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নামিবিয়া ভ্ৰমণ কৰিছে। চলিত বৰ্ষৰ মাৰ্চ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতি নন্দি-দৈত্ৱাহে এইবাৰেই প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হৈছে।ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
July 09th, 06:02 am
প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতি লুলাই সীমিত আৰু প্ৰতিনিধি পৰ্যায়ত আলোচনা কৰে তথা ভাৰত আৰু ব্ৰাজিলৰ মাজত বহুমুখী কৌশলগত অংশীদাৰিত্বৰ সকলো দিশত আলোকপাত কৰে। তেওঁলোকে ভাৰত-ব্ৰাজিলৰ উষ্ম আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আধাৰৰ লেখীয়া উমৈহতীয়া প্ৰমূল্যসমূহ পুনৰ নিশ্চিত কৰে। নেতাদ্বয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, স্বাস্থ্য আৰু ভেষজ, মহাকাশ, নৱীকৰণযোগ্য শক্তি, কৃষি আৰু খাদ্য সংসাধন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউপিআই, পৰম্পৰাগত ঔষধ, যোগ, ক্ৰীড়া সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, নতুন আৰু উদীয়মান প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ছুপাৰ কম্পিউটাৰ, ডিজিটেল সহযোগিতা আৰু গতিশীলতাৰ দৰে সহযোগিতাৰ নতুন ক্ষেত্ৰত উমৈহতীয়াভাৱে কাম কৰাৰ পথ অন্বেষণ কৰে।ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
July 08th, 08:30 pm
ৰিঅ’ আৰু ব্ৰাজিলিয়াত উষ্ম আদৰণি জনোৱাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি লুলাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। আমাজনৰ সৌন্দৰ্য আৰু আপোনালোকৰ সৌৰ্হাদ্যই আমাক সঁচাকৈয়ে স্পৰ্শ কৰিছে।ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ আঁৰত উৰুগুৱেৰ ৰাষ্ট্ৰপতিৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী
July 07th, 09:20 pm
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী উৰুগুৱেৰ ৰাষ্ট্ৰপতি মহামহিম ইয়ামাণ্ডু অৰ্চিৰ সৈতে মিলিত হয়।