প্ৰধানমন্ত্ৰীয়ে নিউজিলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধি দিয়া ভাষণৰ মূল পাঠ

July 11th, 01:15 pm

আৰু সেইবোৰৰ এটা মই ইয়ালৈ, এই অনুষ্ঠানলৈ লৈ আহিছোঁ। আপোনালোকে দেখা এই মাফলাৰখন মোক ২৫-৩০ বছৰ আগতে নিউজিলেণ্ডৰ এজন বন্ধুৱে দিছিল। বছৰ বছৰ ধৰি মই ইয়াক ব্যৱহাৰ কৰিছো আৰু এতিয়াও মই ইয়াক মূল্যৱান বুলি ভাবি অতি যত্নৰে ৰাখো, ঠিক যেনেকৈ আপোনালোকৰ মৰমক মই মূল্যৱান বুলি ভাবোঁ।

নিউজিলেণ্ডত প্ৰব্ৰজিত ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

July 11th, 12:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডত ‘কিয়া অ’ৰা মোদী’ অনুষ্ঠানত নিউজিলেণ্ডৰ প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই বিশেষ অনুষ্ঠালত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে অংশগ্ৰহণ কৰে। সমাৱেশটো ভাৰতীয় প্ৰবাসীৰ ১০,০০০ ৰো অধিক সদস্যৰ উষ্ণতা, শক্তি আৰু উৎসাহেৰে ভৰি পৰিছিল।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ

July 07th, 11:21 am

আজি পুৱা মই অতি আন্তৰিকতা আৰু সন্মানৰ সৈতে ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ বঁটা লাভ কৰি গভীৰভাৱে সন্মানিত হৈছিলো। এই সন্মান কোটি কোটি ভাৰতীয়ৰ। ই ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ সদিচ্ছাক প্ৰতিফলিত কৰে আৰু ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ঐতিহাসিক আৰু স্থায়ী বন্ধুত্বৰ বান্ধোনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হৈছে। এই বিশিষ্ট সন্মানৰ বাবে মই ৰাষ্ট্ৰপতি প্ৰাবোৱো, ইণ্ডোনেছিয়া চৰকাৰ আৰু ইণ্ডোনেছিয়াৰ জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াৰ ১১ বছৰ উদযাপন কৰি কয় যে এই উদ্যোগে প্ৰশাসনৰ ৰূপান্তৰ ঘটাইছে, নাগৰিকসকলক শক্তিশালী কৰিছে আৰু বিকশিত ভাৰতৰ ভেটি শক্তিশালী কৰিছে

July 01st, 12:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰশাসন, ৰাজহুৱা সেৱা প্ৰদান আৰু নাগৰিকৰ জীৱনত ইয়াৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত আলোকপাত কৰি ডিজিটেল ইণ্ডিয়া পদক্ষেপৰ ১১ বছৰ উদযাপন কৰে।

ছেচেলছলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণ

June 28th, 08:30 pm

২০২৬ চনৰ ২৭-২৯ জুনলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ছেচেলছ ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী তথা ছেচেলছৰ ৰাষ্ট্ৰপতি মহামান্য ডাঃ পেট্ৰিক হাৰ্মিনীয়ে আজি মাহেৰ ভিক্টোৰিয়াৰ ষ্টেট হাউছত আনুষ্ঠানিক আলোচনাত মিলিত হয়।

ফলাফলৰ সবিশেষঃ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ছেচিলছ ভ্ৰমণ

June 28th, 08:17 pm

ছেচিলছ চৰকাৰক এখন দ্ৰুত টহলদাৰী জাহাজ উপহাৰ

ছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ

June 28th, 05:00 pm

প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।

নেদাৰলেণ্ডৰ ৰাণী মেক্সিমাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

June 25th, 10:40 pm

নেদাৰলেণ্ডৰ মহামান্য ৰাণী মেক্সিমা, যি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিত্তীয় সংক্ৰান্তৰ বিশেষ অধিবক্তাও , তেওঁ আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ‘ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি নেতৃত্বাধীন বিপ্লৱে কেনেদৰে বিত্তীয় সেৱাসমূহ অধিক সহজলভ্য আৰু সুলভ কৰি তুলিছে সেই বিষয়ে আমি আলোচনা কৰো’, শ্ৰী মোদীয়ে মন্তব্য কৰে। শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বৰ অংশীদাৰ দেশসমূহৰ সৈতে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক দোহাৰে।

প্ৰধানমন্ত্ৰীৰ শ্লভাকিয়া ভ্ৰমণৰ মূল সাফল্য আৰু ঘোষণাসমূহৰ তালিকা

June 15th, 05:17 pm

শ্ৰম প্ৰব্ৰজনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বুজাবুজি চুক্তি।

শ্লভাকিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্য

June 15th, 03:00 pm

আজি প্ৰধানমন্ত্ৰী আৰু মই আমাৰ পাৰস্পৰিক সহযোগিতাক এক নতুন দিশ আৰু নতুন শক্তি প্ৰদান কৰাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিলোঁ। আমাৰ দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত হোৱা প্ৰগতিত আমি সন্তোষ প্ৰকাশ কৰিছোঁ।

ফ্ৰান্সত অনুষ্ঠিত ‘ভাৰত ইনোভেটছ্ ২০২৬’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 14th, 04:36 pm

এই সম্পৰ্কৰ ভেটিৰ ওপৰত ভিত্তি কৰিয়েই বিগত বৰ্ষবোৰত আমি যৌথভাৱে নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ, নতুন চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰিছোঁ আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছোঁ।

ভাৰত ইনোভেটছ ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

June 14th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে আজি নাইচৰ পেলা ডে এক্সপ'জিচনছত যুটীয়াভাৱে ভাৰত ইনোভেটছ ২০২৬ উদ্বোধন কৰে। তিনিদিনীয়া এই অনুষ্ঠান 'ভাৰত ইনোভেটছ'-এ ভাৰতীয় ডিপ-টেক, ষ্টাৰ্ট-আপ, উদ্ভাৱক, গৱেষক আৰু বিনিয়োগকাৰীসকলক গোলকীয় উদ্ভাৱন পুঁজি আৰু প্ৰভাৱৰ সৈতে একত্ৰিত কৰিছে। ই বিশ্ব দৰবাৰত ভাৰতৰ আগশাৰীৰ গভীৰ প্ৰযুক্তি প্ৰদৰ্শন কৰে, য'ত গোলকীয় গুৰুত্বৰ ১৩টা গুৰুত্বপূৰ্ণ প্ৰযুক্তি স্তম্ভৰ বিপৰীতে ১২০টা যুগান্তকাৰী ষ্টাৰ্ট-আপ আৰু ২০টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উপস্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ ৩৫০জনতকৈও অধিক শীৰ্ষ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।

ভাৰতৰ ডিজিটেল আন্তঃগাঁথনি যাত্ৰাৰ উল্লেখনীয় অগ্ৰগতিত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

June 05th, 05:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ ডিজিটেল আন্তঃগাঁথনি যাত্ৰাই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাইছে যে এয়াৰট্ৰাংকে ভাৰতত প্ৰায় ৩ লাখ কোটি টকা (৩০ বিলিয়ন ডলাৰ) বিনিয়োগ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে আৰু ৫ জি ডব্লিউ ডাটা চেণ্টাৰ সক্ষমতা বিকাশ কৰিছে। তেওঁ কয় যে দেশৰ ডিজিটেল আন্তঃগাঁথনিৰ পৰিৱেশতন্ত্ৰত এইটো অন্যতম বৃহৎ প্ৰস্তাৱিত বিনিয়োগ।

ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

May 23rd, 11:15 am

এই মাইলৰ খুঁটিত উপনীত হ’বলৈ আপোনালোকে নিশ্চয় বিস্তৃত প্ৰস্তুতি চলাইছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছিল। এই সাফল্যৰ বাবে আপোনালোক আৰু আপোনালোকৰ পৰিয়াল উভয়কে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক এই পৰ্যায়ত উপনীত কৰোৱাত আপোনালোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অৱদান কোনো কাৰণতে তুচ্ছ নহয়। কিন্তু—আৰু এয়া এটা গুৰুত্বপূৰ্ণ কথা—পৰিয়ালে যেনেকৈ অৰিহণা যোগায়, সমাজেও আমাক আজি য’ত আছো তাত উপনীত হোৱাত সহায় কৰাত বিশেষ ভূমিকা পালন কৰে। আমি কেৱল নিজৰ প্ৰচেষ্টাৰ বাবেই সফল নহয়, কেৱল পৰিয়ালৰ বাবেও নহয়। এইক্ষেত্ৰত এই বিশাল দেশৰ ১৪ কোটি নাগৰিকৰ অৱদানৰ গুৰুত্বও অপৰিসীম। গতিকে আমি কেৱল নিজৰ লগতে পৰিয়ালৰ প্ৰতিয়েই , নহয় সমগ্ৰ সমাজৰ প্ৰতিও সমানে দায়িত্ব পালন কৰোঁ। এই সকলো দায়িত্ব পালনৰ বাবে আপোনালোকৰ সামৰ্থ্য বৃদ্ধি কৰি যাব বুলি মোৰ বিশ্বাস। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

ৰোজগাৰ মেলাৰ অধীনত চৰকাৰী বিভাগত নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

May 23rd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত ১৯ সংখ্যক ৰোজগাৰ মেলা উপলক্ষ্যে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত যুৱক-যুৱতীক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষ্যে ভাষণ দি তেওঁ এই এই দিনটোক সমগ্ৰ দেশৰ হাজাৰ হাজাৰ যুৱকৰ বাবে এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। চৰকাৰী সেৱাত নতুনকৈ প্ৰৱেশ কৰাসকলক আদৰণি জনাই তেওঁ ৰে’লৱে, বেংকিং, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত ভাৰতৰ উন্নয়নত তেওঁলোকে আগবঢ়াবলগীয়া অৱদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘আগন্তুক বছৰবোৰত আপোনালোক সকলোৱেই বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদক গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

May 20th, 11:00 pm

ভাৰতত কৃষি জীৱনৰ ভেটি । ই আমাৰ সংস্কৃতিৰো এক অবিচ্ছেদ্য অংগ আৰু আমাৰ মূল মূল্যবোধৰ প্ৰতিফলন। আমাৰ পৰম্পৰাত পৃথিৱীক মাতৃ বুলি শ্ৰদ্ধা কৰা হয় আৰু কৃষকক ভূমিৰ পুত্ৰ বুলি কোৱা হয়। হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যৰ মাজত শিপাই থকা এই কালজয়ী মূল্যবোধে আজিও আমাৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি ৰাখিছে।

ৰোমত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ পৰা এগ্ৰিকোলা পদক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

May 20th, 10:55 pm

প্ৰধানমন্ত্ৰীয়ে এই বঁটা গ্ৰহণ কৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধান ড° কু ডংগিউৰ পৰা। তেওঁ এই সন্মান ভাৰতীয় কৃষক আৰু ভাৰতীয় কৃষি বৈজ্ঞানিক সমাজলৈ উৎসৰ্গা কৰে, যিয়ে ভাৰতীয় তথা বিশ্বৰ মানুহৰ বাবে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিন আহিছে। তেওঁ এই স্বীকৃতি মানৱ কল্যাণ, খাদ্য সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধা বুলি আলোকপাত কৰে। ভাৰতৰ কৃষি জীৱনৰ কেন্দ্ৰীয়তাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিক ধৰিত্ৰী আৰু ভাৰতীয় জনসাধাৰণৰ মাজত এক পবিত্ৰ বন্ধন বুলি কয়।

ভাৰত-ইটালীৰ যুটীয়া ঘোষণা

May 20th, 10:28 pm

ইটালী গণৰাজ্যৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষা জিঅ’ৰ্জিয়া মেল’নীৰ আমন্ত্ৰণমৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৯-২০ মে’ত ইটালী ভ্ৰমণ কৰে।২০২৪ চনৰ জুন মাহত জি-৭ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালী ভ্ৰমণ আৰু ২০২৩ চনত জি-২০ শীৰ্ষ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মেল’নীয়ে কৰা ভাৰত ভ্ৰমণৰ পিছত এই ভ্ৰমণে নানান বিষয়ত দ্বিপাক্ষিক সম্পৰ্কক উন্নীত কৰিছে । দুয়োগৰাকী নেতাই ভাৰত-ইটালীৰ সম্পৰ্কক বিশেষ কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

নৰ'ৱেৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

May 18th, 04:44 pm

যোৱা বছৰ মই নৰ'ৱে ভ্ৰমণ কৰাৰ কথা আছিল যদিও পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেই ভ্ৰমণ পিছুৱাই দিবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত নৰ'ৱেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ কাষত দৃঢ়তাৰে থিয় দি বন্ধুত্বৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰিছিল। আজি নৰ'ৱে ভ্ৰমণ কৰাৰ সময়ত সেই সংহতিৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।

এন এক্স টি সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 10:47 pm

আজি, ১২ মাৰ্চ, এক অতি ঐতিহাসিক দিন। ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। এয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পৰিৱৰ্তন আছিল কাৰণ এই যাত্ৰাই দেশৰ প্ৰতিটো কোণক এটা লক্ষ্যৰ সৈতে সংযোগ কৰিছিলঃ ভাৰতৰ স্বাধীনতা। আজি, এই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পাছত, আমি ভাৰতীয়সকলে আন এক যাত্ৰা আৰম্ভ কৰিছো। এই যাত্ৰা হৈছে উন্নত ভাৰতৰ (বিকশিত ভাৰত) যাত্ৰা। আমাৰ লক্ষ্য এটা, আমাৰ গন্তব্য এক-উন্নত ভাৰত। আৰু এই লক্ষ্য প্ৰাপ্ত কৰাত, এনে শিখৰত হোৱা মন্থন আৰু সেইবোৰৰ পৰা আহৰণ কৰা অমৃতে এক ডাঙৰ ভূমিকা পালন কৰে। নেক্সট সন্মিলনলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ। দেশ আৰু বিশ্বৰ পৰা বহুতো সহকৰ্মী ইয়ালৈ আহিছে; কিছুমান পুৰণি পৰিচিতও। আপোনালোক সকলোকে মই শুভেচ্ছা জনাইছো।