ভাৰত-নিউজিলেণ্ড ব্যৱসায়িক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

July 11th, 08:20 am

আপোনালোক সকলোৰে সৈতে অকলেন্ডত উপস্থিত হৈ মই অতি আনন্দিত হৈছো। মই প্ৰধানমন্ত্ৰী লাক্সনৰ ইতিবাচক চিন্তা আৰু ভাৰতৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাৰ বাবে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

Prime Minister addresses business leaders in New Zealand

July 11th, 08:16 am

PM Modi interacted with leading CEOs and business leaders from India and New Zealand, highlighting the vast opportunities for trade, investment and innovation. He invited New Zealand businesses to partner India's growth story and help achieve the shared goal of doubling bilateral trade to NZD 7 billion by 2030.

ফলাফলৰ তালিকা: ১৬ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে কৰা জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সুফলসমূহ

July 02nd, 10:39 pm

অৰ্ধপৰিবাহী, জটিল খনিজ পদাৰ্থ, এআই, স্বচ্ছ শক্তি আৰু ঔষধকে ধৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তিকে ধৰি মূল খণ্ডসমূহত যৌথ স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে প্ৰকল্পভিত্তিক সহযোগিতাৰ প্ৰসাৰঘটোৱাৰ বিষয়ত সহমত প্ৰকাশ কৰে। ভাৰত-জাপান তথ্য পত্ৰ ২.০ য়ে এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ভাৰত-জাপানৰ জি টু জি আৰু বি টু বি সংযোগক ক্ৰমবৰ্ধমান ৰূপত ধৰি ৰাখিছে।

জি 7 সন্মিলনৰ সমান্তৰালভাৱে জাৰ্মানীৰ ফেডাৰেল ৰিপাব্লিকৰ চেঞ্চেলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

June 17th, 05:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-7 সন্মিলনৰ সমান্তৰালভাৱে জাৰ্মানীৰ ফেডাৰেল ৰিপাব্লিকৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জক সাক্ষাৎ কৰে। চলিত বৰ্ষত দুয়োগৰাকী নেতাৰ মাজত এয়া হৈছে দ্বিতীয়খন বৈঠক।

ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ডাষ্ট্ৰীত প্ৰধানমন্ত্ৰীৰ ভাষণ

May 18th, 05:00 am

মই আপোনালোকৰ কিছুসংখ্যকক আগতে লগ পাইছো। কিছু সংখ্যকক মই আজি প্ৰথমবাৰৰ বাবে লগ পাইছো। কিন্তু এটা কথা নিশ্চিত যে আপোনালোক সকলোৱে কিবা নহয় কিবা ধৰণে ভাৰতৰ সৈতে সম্পৰ্কিত হৈ আছে।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি

May 17th, 03:45 am

নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।

উদ্যোগৰ বাবে ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী (ই আৰ টি)ক সম্বোধন প্ৰধানমন্ত্ৰীৰ

May 17th, 12:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোথেনবাৰ্গত ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী(ই আৰ টি)ক সম্বোধন কৰে। ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছন, ইউৰোপীয় আয়োগৰ সভাপতি শ্ৰীমতী উৰছুলা ভন ডেৰ লেয়েন, ইউৰোপীয় উদ্যোগৰ জ্যেষ্ঠ নেতৃবৃন্দ তথা আগশাৰীৰ ইউৰোপীয় আৰু ভাৰতীয় কোম্পানীসমূহৰ প্ৰতিনিধিসকলে ভলভো গ্ৰুপে আয়োজন কৰা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

March 05th, 11:55 am

মহোদয়, এই বছৰৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে আপোনাৰ দৰে এগৰাকী অভিজ্ঞ আৰু প্ৰগতিশীল নেতাক পোৱাটো আমাৰ বাবে অতি গৌৰৱৰ বিষয়।

ষ্টাৰ্টআপ ইণ্ডিয়াৰ এটা দশক উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 16th, 01:30 pm

আজি আমি সকলোৱে ইয়াত এক এক বিশেষ অনুষ্ঠানত একত্ৰিত হৈছো। ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানত ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক তথা উদ্ভাৱকৰ এই সমাৱেশৰ জৰিয়তে মই মোৰ সন্মুখত দেখিছোঁ এখন নতুন আৰু বিকশিত ভাৰতৰ ভৱিষ্যতৰ ছবি।

ফলাফলৰ তালিকাঃ জাৰ্মান ফেডাৰেল ৰিপাব্লিকৰ চেন্সেলৰৰ ভাৰত ভ্ৰমণ (১২-১৩ জানুৱাৰী, ২০২৬)

January 12th, 03:47 pm

দ্বিপাক্ষিক প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাক সুদৃঢ়কৰণৰ যৌথ উদ্দেশ্য ঘোষণা

আহমেদাবাদত অনুষ্ঠিত ভাৰত-জাৰ্মানী চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

January 12th, 01:35 pm

মই ভাৰত-জাৰ্মানী চিইঅ’ ফ’ৰামত অংশগ্ৰহণ কৰি পৰম সন্তোষ পাইছো। এই বৈঠক অতিশয় গুৰুত্বপূৰ্ণ সময়ত অনুষ্ঠিত হৈছে। কিয়নো আমি ভাৰত-জাৰ্মানীৰ সম্পৰ্কৰ মহাৰজত জয়ন্তী আৰু ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপালী জয়ন্তী উদযাপন কৰিছো। অৰ্থাৎ আমাৰ সম্পৰ্কত প্লেটিনামৰ স্থায়িত্ব আৰু ৰূপৰ জিলিকনি বিৰাজমান।

জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰিড্ৰিখ মাৰ্জৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ মূল পাঠ

January 12th, 12:49 pm

স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে আজি ভাৰতলৈ চেঞ্চেলৰ মাৰ্জক স্বাগতম জনাই মই অতি আনন্দিত হৈছো। এইটো এটা আনন্দদায়ক কাকতালীয় ঘটনা যে স্বামী বিবেকানন্দই ভাৰত আৰু জাৰ্মানীৰ মাজত দৰ্শন, জ্ঞান আৰু আত্মাৰ এক সেতুৰ সৃষ্টি কৰিছিল। আজি, চেঞ্চেলৰ মাৰ্জৰ এই ভ্ৰমণে একেখন সাঁকোকে নতুন শক্তি, নতুন আত্মবিশ্বাস আৰু নতুন সম্প্ৰসাৰণ প্ৰদান কৰিছে। এয়া চেঞ্চেলৰ হিচাপে তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ নহয়, এছিয়া ভ্ৰমণ। এয়া ভাৰতৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা গুৰুত্বৰ দৃঢ় প্ৰমাণ। তেওঁৰ ব্যক্তিগত মনোযোগ আৰু দায়বদ্ধতাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। ভাৰত জাৰ্মানীৰ সৈতে ইয়াৰ বন্ধুত্ব আৰু অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। গুজৰাটত আমি কওঁ-'আৱকৰো মিঠা আপজে ৰে’, অৰ্থাৎ মৰম আৰু মৰমৰ সৈতে স্বাগতম জনাবলৈ। এই মনোভাৱেৰে আমি ভাৰতলৈ চেঞ্চেলৰ মাৰ্জক উষ্ম আদৰণি জনাইছো।

জাৰ্মানীৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

September 03rd, 08:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী জোহান ৱাডেফুলৰ সৈতে বৈঠকত মিলিত হয়। ভাৰত আৰু জাৰ্মানীয়ে কৌশলগত অংশীদাৰিত্বৰ ২৫ বছৰ উদযাপন কৰিছে। সজীৱ গণতন্ত্ৰ আৰু আগশাৰীৰ অৰ্থনীতি হিচাপে আমি বাণিজ্য, প্ৰযুক্তি, উদ্ভাৱন, বহনক্ষমতা, উৎপাদন আৰু গতিশীলতাৰ ক্ষেত্ৰত পাৰস্পৰিকভাৱে উপকাৰী সহযোগিতা বৃদ্ধি কৰাৰ অপৰিসীম সম্ভাৱনা দেখিছো, শ্ৰী মোদীয়ে কয়।

ক্ৰয়েচিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

June 18th, 09:56 pm

ঐতিহাসিক আৰু সুন্দৰ চহৰ জাগ্ৰেবত মোক যি উষ্ম, উৎসাহ আৰু মৰমেৰে আদৰণি জনাইছে, তাৰ বাবে প্ৰধানমন্ত্ৰী আৰু ক্ৰ’ৱেচিয়া চৰকাৰক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰে মিলিত প্ৰধানমন্ত্ৰী

June 18th, 08:02 am

আলবাৰ্টাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি কানাডাৰ প্ৰধানমন্ত্ৰী মহামহিম মাৰ্ক কাৰ্নীৰে এখনি দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

জি-৭ সন্মিলনৰ আঁৰত জাৰ্মানীৰ চেন্সেলৰৰে মিলিত প্ৰধানমন্ত্ৰী

June 17th, 11:58 pm

কানাডাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জাৰ্মানী ফেডাৰেল ৰিপাব্লিকৰ চেন্সেলৰ মহামহিম ফ্ৰেড্ৰিখ মাৰ্জৰ সৈতে মিলিত হয়। ২০২৫-ৰ মে’-ত চেন্সেলৰ মাৰ্জে কাৰ্য্যভাৰ গ্ৰহণৰ পিছত এয়া আছিল দুয়োগৰাকী নেতাৰ প্ৰথম সাক্ষাৎ। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনত জয়লাভ আৰু কাৰ্য্যভাৰ গ্ৰহণৰ বাবে চেন্সেলৰগৰাকীক অভিনন্দন জনায়। যোৱা সপ্তাহত আহমেদাবাদত সংঘটিত মৰ্মান্তিক বিমান দুৰ্ঘটনাটোক লৈ জাৰ্মান চৰকাৰে শোক প্ৰকাশৰ বাবেও তেখেতে গভীৰ শলাগ লয়।

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেকজেণ্ডাৰ ষ্টাবৰ সৈত টেলিফোনিত বাৰ্চালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 16th, 05:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে আজি এক টেলিফোনিক বাৰ্তালাপ কৰে।

চাকৰিৰ সুযোগ সৃষ্টিক উত্সাহিতকৰণ সম্পৰ্কীয় বাজেট-পৰৱৰ্তী ৱে’বিনাৰত ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 05th, 01:35 pm

এই গুৰুত্বপূৰ্ণ বাজেট ৱে’বিনাৰলৈ আপোনালোক সকলোকে আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। জনসাধাৰণ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ – এয়া এনে এটা বিষয় যি উন্নত ভাৰতৰ বাবে পথ-পৰিকল্পনা নিৰ্দ্ধাৰিত কৰিব। আপোনালোকে এই বছৰৰ বাজেটত ব্যপক পৰিমাপত ইয়াৰ প্ৰভাৱ দেখিব পাব। সেয়েহে, এইখন বাজেটে ভাৰতৰ ভৱিষ্যতৰ বাবে এক মূল আঁচনিৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি বিনিয়োগত আন্তঃগাঁথনি আৰু উদ্যোগসমূহক যিমান প্ৰাথমিকতা প্ৰদান কৰিছো সিমানেই আমি মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনকো গুৰুত্ব দিছোঁ। আপোনালোক সকলোৱে জানে যে সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰতিভাৰ প্ৰতিপালনে দেশৰ প্ৰগতিৰ আধাৰশিলা হিচাপে কাম কৰে। সেয়েহে, এতিয়া উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে সকলো অংশীদাৰ আগবাঢ়ি আহিব লাগিব। কাৰণ, দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া হৈছে প্ৰয়োজনীয়। আৰু একে সময়তে, ই হৈছে প্ৰতিটো সংগঠনৰ সফলতাৰো আধাৰ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ সৃষ্টি বৃদ্ধি- জনতা, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে

March 05th, 01:30 pm

“জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথাঃ শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা” বুলি উল্লেখেৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত কেইবাটাও দশকৰ পাছত উল্লেখযোগ্য ৰূপান্তৰ ঘটিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, আইআইটিৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিক একত্ৰিতকৰণ আৰু এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ আদি মূল পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰে। পাঠ্যপুথিৰ ডিজিটেলাইজেচন আৰু ২২ টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰীৰ উপলব্ধতাৰ দৰে প্ৰচেষ্টা গ্ৰহণ সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই মিছন-ম’ডৰ প্ৰচেষ্টাসমূহে ভাৰতৰ শিক্ষা ব্যৱস্থাক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু পৰিমাপসমূহৰ সৈতে সংগতি ৰাখিবলৈ সক্ষম কৰিছে।”

যৌথ বিবৃতিঃ দ্বিতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলন

November 19th, 11:22 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ উপস্থিতিত ২০২৪ চনৰ ১৯ নৱেম্বৰত ৰিঅ’ ডি জেনেইৰ’ত গ্ৰুপ অফ ২০ (জি-২০) শীৰ্ষ সন্মিলনৰ সুযোগত দ্বিতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। ২০২৫ চনত ভাৰত-অষ্ট্ৰেলিয়া সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ পঞ্চম বৰ্ষপূৰ্তিৰ পূৰ্বে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তন আৰু নবীকৰণযোগ্য শক্তি, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, শিক্ষা আৰু গৱেষণা, দক্ষতা, গতিশীলতা, বিজ্ঞান আৰু প্ৰযুক্তি, আদি আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে আৰু বহুপক্ষীয় সহযোগিতা, সামাজিক আৰু সাংস্কৃতিক সম্পৰ্ক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি কেইবাটাও মূল ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ অগ্ৰগতিৰ উল্লেখ কৰে।