Participants of Viksit Vibrant Village Programme share their experiences with PM Modi
July 26th, 10:27 pm
PM Modi interacts with participants of the Viksit Vibrant Village Programme 2026, as MYBharat volunteers share inspiring stories from India's border villages. Participants recount how the journey transformed their perspectives through interactions with local communities, firsthand experiences of life in border villages and a deeper understanding of the spirit of Ek Bharat, Shreshtha Bharatচণ্ডীগড়ত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 17th, 02:08 pm
চণ্ডীগড় কেৱল এখন চহৰ নহয়-ই ভাৰতৰ বাবে উন্নয়নৰ এক আদৰ্শ হৈ আহিছে। চণ্ডীগড় পৰিকল্পিত বিকাশৰ বাবে, উন্নত জীৱনশৈলী আৰু জীৱন ধাৰণৰ সূচলতাৰ চহৰ হিচাপে ইয়াৰ পৰিচয়ৰ বাবে জনাজাত। ই উন্নত চিকিৎসা সুবিধাৰ বাবে স্বীকৃত আৰু সৰ্বোপৰি, মা চণ্ডীৰ আশীৰ্বাদৰ বাবে। সেয়েহে এন ডি এ চৰকাৰৰ বাবে চণ্ডীগড়ৰ উন্নয়ন সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। আপোনালোকৰ মনত থাকিব পাৰে, প্ৰায় ডেৰ বছৰ পূৰ্বে দেশে ইয়াৰ ন্যায় ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছিল। আমি দণ্ডবিধিৰ ঠাইত শাস্তি-ভিত্তিক আইনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা-এক ন্যায়-ভিত্তিক আইনী পৰিকাঠামো স্থাপন কৰিছিলো আৰু ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ ইয়াতেই চণ্ডীগড়ত আৰম্ভ হৈছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়
July 17th, 01:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়। এই প্ৰকল্পবোৰে শৃংখলাবদ্ধ ৰাষ্ট্ৰীয় প্ৰগতিৰ আৰ্হি হিচাপে চহৰখনৰ অনন্য মাত্ৰাক আলোকপাত কৰি তেওঁ উন্নত জীৱনশৈলী আৰু জীৱন-যাপনৰ সহজতা নিশ্চিত কৰাৰ বাবে ইয়াৰ পৰিনামৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মা চণ্ডীৰ পৰা আশীৰ্বাদ বিচাৰি তেওঁ ইয়াৰ ধাৰাবাহিক আৰু পদ্ধতিগত উন্নয়নৰ প্ৰতি প্ৰশাসনৰ অটল দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে চণ্ডীগড়ৰ উন্নয়ন বৰ্তমানৰ চৰকাৰৰ বাবে সদায় শীৰ্ষ অগ্ৰাধিকাৰ হৈ আহিছে।ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 07th, 11:47 pm
ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!জাৰ্কাৰ্টাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 07th, 05:30 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক এজন মহান নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এক জীৱন্ত সেতু হিচাপে সেৱা আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলক প্ৰশংসা কৰে। তেওঁ পাৰস্পৰিক বিশ্বাস, অংশীদাৰী ঐতিহ্য আৰু সামুদ্ৰিক সম্পৰ্কৰ ভিত্তিত ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বালি যাত্ৰা, ভেছাক তীৰ্থযাত্ৰা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আধুনিক যুগৰ সংযোগৰ দৰে পৰম্পৰাই জনসাধাৰণৰ মাজত বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সম্পৰ্ক গঢ়ি তুলিছে।India-Indonesia Joint Statement on the State Visit by Prime Minister of India to Indonesia
July 07th, 05:15 pm
At the invitation of Indonesian President Prabowo Subianto, PM Modi is on a State Visit to Indonesia from 6-8 July 2026. PM Modi's visit reflects the shared commitment of the two leaders to achieve a substantial upward trajectory in the India-Indonesia Comprehensive Strategic Partnership. The two leaders held discussions at Istana Merdeka in Jakarta, covering the full spectrum of bilateral relations.নতুন দিল্লীত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত উদগনিমূলক ধন বিতৰণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
June 19th, 05:15 pm
মোৰ কেবিনেট সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱীয়া জী, ভগ্নী শোভা জী, দেশৰ বিভিন্ন প্ৰান্তৰ তথা প্ৰযুক্তিৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তিসকল আৰু অলপ আগতে সঞ্চালকে উল্লেখ কৰাৰ দৰে এই মুহূৰ্তত প্ৰায় ২০০টা স্থানত দুই লাখ লোক এই কাৰ্যসূচীৰ সৈতে সংযোজিত হৈ আছে, মই দূৰৈৰ পৰা হ’লেও তেওঁলোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। মই আজি উদ্যোগ জগতৰ বহু বিশিষ্ট ব্যক্তিকো ইয়াত উপস্থিত থকা দেখা পাইছো আৰু নিশ্চিতভাৱে, ইমান বৃহৎ সংখ্যক যুৱ সতীৰ্থৰ উৎসাহ স্পষ্টভাৱে দৃশ্যমান হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ৰ অধীনত প্ৰায় ২৪০০ কোটি টকাৰ উদগনিমূলক সাহাৰ্য প্ৰদান কৰে
June 19th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা'ৰ সৈতে জড়িত হিতাধিকাৰী, উদ্যোগ প্ৰতিনিধি আৰু অংশীদাৰসকলক সম্বোধন কৰে। তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণ আৰু সমগ্ৰ দেশতে চাকৰি সৃষ্টিৰ গতি ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বিকাশশীল ভাৰত ৰোজগাৰ যোজনাৰ (PM-VBRY)ৰ অধীনত প্ৰায় ২৪০০ কোটি মূল্যৰ উদগনিমূলক আঁচনি মুকলি কৰে। ভাৰত চৰকাৰৰ ধ্বজাবাহী নিয়োগ-সংলগ্ন উদগনি আঁচনি (পিএম-ভিবিআৰৱাই) ৰূপায়ণ আৰু বিভিন্ন খণ্ডত সামাজিক সুৰক্ষাৰ কভাৰেজ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই উদগনিয়ে সমগ্ৰ দেশতে ১৫ লাখ চাকৰিৰ সৃষ্টি কৰাত সহায় কৰিব।ভাৰতৰ ডিজিটেল আন্তঃগাঁথনি যাত্ৰাৰ উল্লেখনীয় অগ্ৰগতিত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
June 05th, 05:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ ডিজিটেল আন্তঃগাঁথনি যাত্ৰাই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাইছে যে এয়াৰট্ৰাংকে ভাৰতত প্ৰায় ৩ লাখ কোটি টকা (৩০ বিলিয়ন ডলাৰ) বিনিয়োগ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে আৰু ৫ জি ডব্লিউ ডাটা চেণ্টাৰ সক্ষমতা বিকাশ কৰিছে। তেওঁ কয় যে দেশৰ ডিজিটেল আন্তঃগাঁথনিৰ পৰিৱেশতন্ত্ৰত এইটো অন্যতম বৃহৎ প্ৰস্তাৱিত বিনিয়োগ।নৰ'ৱেৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
May 18th, 04:44 pm
যোৱা বছৰ মই নৰ'ৱে ভ্ৰমণ কৰাৰ কথা আছিল যদিও পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেই ভ্ৰমণ পিছুৱাই দিবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত নৰ'ৱেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ কাষত দৃঢ়তাৰে থিয় দি বন্ধুত্বৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰিছিল। আজি নৰ'ৱে ভ্ৰমণ কৰাৰ সময়ত সেই সংহতিৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।ফলাফলৰ তালিকা: কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
April 20th, 03:57 pm
ভাৰত-কোৰিয়া গণৰাজ্যৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ বাবে যুটীয়া কৌশলগত দৃষ্টিভংগী গ্ৰহণভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি
February 18th, 08:10 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আনুষ্ঠানিক ভাৰত ভ্ৰমণত আহে। এই ভ্ৰমণৰ সময়ত তেওঁ ২০২৬ চনৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। মেক্ৰন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু ১৭ ফেব্ৰুৱাৰীত মুম্বাইত ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ যৌথভাৱে উদ্বোধন কৰে। এয়া ৰাষ্ট্ৰপতি মেক্ৰনৰ চতুৰ্থটো ভাৰত ভ্ৰমণ, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স ভ্ৰমণ কৰিছিল।ফলাফলৰ তালিকা : প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ
February 08th, 11:05 am
ভাৰত গণৰাজ্য চৰকাৰ আৰু মালয়েছিয়া চৰকাৰৰ মাজত দৃশ্য-শ্ৰব্য সহ-উৎপাদন চুক্তিমালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
February 08th, 08:35 am
পোনপ্ৰথমে মই মোৰ ঘনিষ্ঠ বন্ধু প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক উষ্ম আদৰণি জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়ালৈ যাব পৰা নাছিলো। কিন্তু মই মোৰ প্ৰিয় বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই অতি সোনকালে মালয়েছিয়া ভ্ৰমণ কৰিম। আৰু আজি ২০২৬ চনৰ প্ৰথম বিদেশ ভ্ৰমণতে মই মালয়েছিয়াত উপস্থিত হ’লোঁ।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ উপলক্ষে ভাৰত-মালয়েছিয়াৰ যুটীয়া বিবৃতি
February 08th, 08:30 am
মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাটো’ ছেৰী আনৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ মালয়েছিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সভ্যতাৰ সম্পৰ্কৰ ওপৰত আধাৰিত গভীৰ বন্ধুত্ব আৰু স্থায়ী জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰিছিল। ই ভাৰত-মালয়েছিয়াৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী আৰু সম্প্ৰসাৰণৰ বাবে দুয়োগৰাকী নেতাৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মালয়েছিয়াৰ কুৱালালামপুৰলৈ আনুষ্ঠানিক ভ্ৰমণ
February 04th, 04:17 pm
মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ৭–৮ ফেব্ৰুৱাৰী, ২০২৬লৈ মালয়েছিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু দ্বিপাক্ষিক সহযোগিতাৰ সমগ্ৰ পৰিসৰ পৰ্যালোচনা কৰিব। ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ লগতে উদ্যোগ আৰু ব্যৱসায়িক প্ৰতিনিধিৰ সৈতেও তেওঁ মত বিনিময় কৰিব আৰু ১০ম ভাৰত–মালয়েছিয়া চিইঅ’ ফ’ৰামত অংশগ্ৰহণ কৰিব।ওমানত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় সমাজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
December 18th, 12:32 pm
আপোনালোকৰ উৎসাহ আৰু শক্তিয়ে ইয়াৰ সমগ্ৰ পৰিৱেশটো উজ্জীৱিত কৰি তুলিছে। সেই সকলো ভাই-ভনীকো মই শুভেচ্ছা জনাইছো যিসকলে ঠাইৰ অভাৱৰ বাবে এই প্ৰেক্ষাগৃহত উপস্থিত থাকিব পৰা নাই , কিন্তু ওচৰৰ হলঘৰৰ পৰ্দাত লাইভ অনুষ্ঠান চাই আছে। এতিয়া আপোনালোকে কল্পনা কৰিব পাৰে যে ইমান দূৰলৈ আহি সোমাব নোৱাৰাৰ পিছতো তেওঁলোকৰ হৃদয়ত কেনে ভাবে ক্ৰিয়া কৰি আছে।ওমানত থকা ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
December 18th, 12:31 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় পৰিয়াল আৰু তেওঁলোকৰ বন্ধুবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে। অতি উষ্ম আৰু ৰঙীন আদৰণিৰ বাবে তেওঁ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁ ওমানত বাস কৰা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলক সাক্ষাৎ কৰি আনন্দিত হৈছে আৰু উল্লেখ কৰে যে বৈচিত্ৰ্য হৈছে ভাৰতীয় সংস্কৃতিৰ ভেটি-এনে এক মূল্যবোধে যিকোনো সমাজত মিলি যোৱাত সহায় কৰে। ওমানত ভাৰতীয় সম্প্ৰদায়ক কিমান গুৰুত্ব দিয়া হয় সেই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সহনশীলতা আৰু সহযোগিতা হৈছে প্ৰবাসী ভাৰতীয়সকলৰ এক বৈশিষ্ট্য।ইথিঅ'পিয়াৰ সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
December 17th, 12:25 pm
আজি আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পোৱাটো মোৰ বাবে এক পৰম সৌভাগ্যৰ মুহূৰ্ত। এইদৰে সিংহৰ দেশ ইথিঅ’পিয়া ভ্ৰমণ কৰাটো আচৰিত কথা। মোৰ ঘৰত থকা যেনেই লাগিছে। কাৰণ ভাৰতৰ মোৰ গৃহ ৰাজ্য গুজৰাটো সিংহৰ বিচৰণভূমি।ইথিঅ’পিয়াত সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ
December 17th, 12:12 pm
প্ৰধানমন্ত্ৰীয়ে ইথিঅ’পিয়াৰ সাংসদসকলক ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা বন্ধুত্ব আৰু সদিচ্ছাৰ শুভেচ্ছা জনাই তেওঁৰ ভাষণ আৰম্ভ কৰে। তেওঁ উল্লেখ কৰে যে সংসদত আৰু গণতন্ত্ৰৰ এই মন্দিৰৰ জৰিয়তে ইথিঅ’পিয়াৰ সাধাৰণ মানুহ-কৃষক, উদ্যোগী, গৌৰৱান্বিত মহিলা আৰু দেশৰ ভৱিষ্যত গঠন কৰা যুৱক-যুৱতীসকলৰ সৈতে কথা পাতিবলৈ পোৱাটো তেওঁৰ বাবে এক সৌভাগ্য। তেওঁ ইথিঅ’পিয়াৰ জনসাধাৰণ আৰু চৰকাৰক তেওঁক ইথিঅ’পিয়াৰ সৰ্বোচ্চ বঁটা-‘গ্ৰেট অনৰ নিশান অব্ ইথিঅ’পিয়া’ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সম্পৰ্কৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, প্ৰধানমন্ত্ৰীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে যে এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত বহু বছৰ পুৰণি সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হৈছে।