প্ৰধানমন্ত্ৰীয়ে অসমৰ ডিব্ৰুগড়ত উত্তৰ-পূবৰ প্ৰথম জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ (ELF) উদ্বোধন কৰে
February 14th, 07:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ডিব্ৰুগড়ত উত্তৰ-পূবৰ প্ৰথম জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ (ELF) উদ্বোধন কৰে। শ্ৰী মোদীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি লাভ কৰাটো অপৰিসীম গৌৰৱৰ বিষয় আৰু কৌশলগত দৃষ্টিকোণৰ পৰা তথা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই সুবিধাৰ গুৰুত্ব অতিশয় বেছি।১৪ ফেব্ৰুৱাৰীত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 13th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰী, ২০২৬ত অসম ভ্ৰমণ কৰিব।প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ মৰাণ বাইপাছৰ জৰুৰীকালীন অৱতৰণ সুবিধা (ই এল এফ)ত অৱতৰণ কৰিব, য’ত তেওঁ যুঁজাৰু বিমান, পৰিবহণ, হেলিকপ্টাৰ আদিৰ আকাশী প্ৰদৰ্শন প্ৰত্যক্ষ কৰিব। প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে কুমাৰ ভাস্কৰ বৰ্মা সেতু পৰিদৰ্শন কৰিব। ইয়াৰ পিছত প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ লাচিত ঘাটত ৫,৪৫০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন আৰু ফ্লেগ অফ কৰিব।২০-২১ ডিচেম্বৰত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
December 19th, 02:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০-২১ ডিচেম্বৰত অসম ভ্ৰমণ কৰিব। ২০ ডিচেম্বৰৰ আবেলি প্ৰায় ৩ বজাত প্ৰধানমন্ত্ৰী গুৱাহাটীত উপস্থিত হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিদৰ্শনেৰে ইয়াৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। তেওঁ লগতে ইয়াত সমবেতসকলক সম্বোধন কৰিব।ডিব্ৰুগড়ত গংগা বিলাস ক্ৰুজ প্ৰথম যাত্ৰাৰ সমাপ্তিক লৈ আনন্দিত প্ৰধানমন্ত্ৰী
March 01st, 11:44 am
বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ কেবিনেট মন্ত্ৰীৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;২৮ এপ্ৰিলত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 26th, 07:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ এপ্ৰিলত অসম ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১:০০ বজাত তেওঁ কাৰ্বি আংলং জিলাৰ ডিফুত 'শান্তি, একতা আৰু উন্নয়ন ৰেলী' সম্বোধন কৰিব। এই কাৰ্যসূচীৰ সময়তে তেওঁ শিক্ষা খণ্ডৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। তাৰ পিছতে বিয়লি প্ৰায় ১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ডিব্ৰুগড় কৰ্কট চিকিৎসালয় দেশবাসীক উৎসৰ্গা কৰিব। ইয়াৰ পিছত, আবেলি প্ৰায় ৩ বজাত তেওঁ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ছয়খন কৰ্কট চিকিৎসালয় দেশবাসীৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে আৰু সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব।Development of eastern parts of India is a priority for our Government because that is the way to all-round development: PM Modi
February 05th, 11:47 am
PM dedicates to the nation, Brahmaputra Cracker and Polymer Limited, and wax plant of Numaligarh Refineries Ltd, at Lepetkata near Dibrugarh
February 05th, 11:46 am