২০২৫ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তাৰকীয় আৰম্ভণিঃ মাত্ৰ ১৫ দিনতে কল্পদৃষ্টিক বাস্তৱলৈ ৰূপান্তৰকৰণ
January 16th, 02:18 pm
২০২৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একাধিক ৰূপান্তৰশীল পদক্ষেপ গ্ৰহণেৰে ইয়াৰ আৰম্ভণি কৰিছে। এই কাৰ্য্যই এখনি প্ৰগতিশীল, আত্মনিৰ্ভৰ আৰু ঐক্যবদ্ধ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীক প্ৰদৰ্শন কৰে। আন্তঃগাঁথনি আৰু বৈজ্ঞানিক গৱেষণাৰ অগ্ৰগতিৰপৰা আৰম্ভ কৰি যুৱক-যুৱতীসকলক সবলীকৰণ আৰু ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপনলৈকে তেওঁৰ নেতৃত্বই আগন্তুক এটা উল্লেখযোগ্য বছৰৰ ৰূপৰেখা অংকন কৰিছে।কেবিনেটে কৃষকসকললৈ সুলভ মূল্যত ডিএপিৰ বহনক্ষম উপলব্ধতা নিশ্চিতকৰণৰ অৰ্থে ১ জানুৱাৰীৰপৰা পৰৱৰ্তী নিৰ্দেশনালৈকে এনবিএছ ৰাজসাহায্যৰ বাহিৰেও ডাই-এমোনিয়াম ফছফেট (DAP)ৰ এক-কালীন বিশেষ পেকেজৰসম্প্ৰসাৰণত অনুমোদন জনায়
January 01st, 03:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কৃষকসকললৈ সুলভ মূল্যত ডিএপিৰ বহনক্ষম উপলব্ধতা নিশ্চিতকৰণৰ অৰ্থে১ জানুৱাৰীৰপৰা পৰৱৰ্তী নিৰ্দেশনালৈকেএনবিএছ ৰাজসাহায্য প্ৰতি মেট্ৰিক টনত (MT)৩,৫০০ টকাৰ বাহিৰেও ডাই-এমোনিয়াম ফছফেট (DAP)ৰ এক-কালীন বিশেষ পেকেজ সম্প্ৰসাৰণৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ বাবে সম্ভাৱ্য বাজেটৰ প্ৰয়োজনীয়তা প্ৰায় ৩,৮৫০ কোটি টকাপৰ্য্যন্ত হ’ব পাৰে।সাৰৰ ৰাজসাহাৰ্যৰ পৰিমাণ বৃদ্ধিৰে চৰকাৰে গ্ৰহণ কৰিছে ঐতিহাসিক কৃষকসহায়ক সিদ্ধান্ত
May 19th, 07:57 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে সাৰৰ মূল্য সন্দৰ্ভত এক উচ্চ পর্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে৷ বৈঠকত সাৰৰ মূল্যৰ সন্দৰ্ভত তেওঁক বিস্তাৰিতভাৱে জনোৱা হৈছে। আন্তর্জাতিক বজাৰত ফছফৰিক এচিড, এম’নিয়া ইত্যাদিৰ মূল্যবৃদ্ধিৰ ফলত সাৰৰ দাম বৃদ্ধি পাইছে৷ প্রধানমন্ত্রীয়ে আন্তর্জাতিক বজাৰত মূল্যবৃদ্ধি সত্ত্বেও কৃষকসকলে যাতে পুৰ্বৰ দৰতে সাৰ কিনিব পাৰেন সেই ব্যৱস্থা কৰিব লাগিব বুলি জোৰা দিয়ে৷