এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী
December 28th, 11:30 am
‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।'মন কী বাত' জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট মঞ্চঃ প্ৰধানমন্ত্ৰী মোদী
November 30th, 11:30 am
চলিত মাহৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত আলোকপাত কৰে, য’ত সংবিধান দিৱস উদযাপন, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী, অযোধ্যাত ধৰ্মধ্বজ উত্তোলন, আইএনএছ ‘মাহে’ প্ৰৱৰ্তন আৰু কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আদিৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু যেনে অভিলেখ খাদ্য শস্য আৰু মৌ উৎপাদন, ভাৰতৰ ক্ৰীড়া সফলতা, সংগ্ৰহালয় আৰু প্ৰাকৃতিক কৃষি আদি দিশবোৰো সামৰি লয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী-তামিল সংগমমত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 28th, 03:35 pm
শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ২৪ সংখ্যক মহন্ত শ্ৰীমদ বিদ্যাধীশ তীৰ্থ স্বামীজী, মাননীয় ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ভ্ৰাতৃ প্ৰমোদ সাৱন্ত জী, মঠ কমিটিৰ অধ্যক্ষ শ্ৰী শ্ৰীনিবাস ডেম্পো জী, উপাধ্যক্ষ শ্ৰী আৰ.আৰ. কামাত জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থসকল শ্ৰী শ্ৰীপদ নাইক জী আৰু দিগম্বৰ কামাত জী। আন-আন সকলো বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
November 28th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ অনুষ্ঠানত ভাগ লৈ তেওঁৰ মন গভীৰ প্ৰশান্তিৰে ভৰি পৰিছে। তেওঁ কয় যে সন্তসকলৰ সান্নিধ্যত অৱস্থান কৰাটো এক আধ্যাত্মিক অভিজ্ঞতা। ইয়াত উপস্থিত থকা ভালে সংখ্যক ভক্তই এই মঠৰ শতিকা পুৰণি জীৱন্ত শক্তিক অধিক বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি এই অনুষ্ঠানত জনসাধাৰণৰ মাজত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়ালৈ অহাৰ আগতে তেওঁ ৰাম মন্দিৰ আৰু বীৰ বিঠাল মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ কয় যে তাৰ প্ৰশান্ত পৰিবেশে এই অনুষ্ঠানৰ আধ্যাত্মিকতাক গভীৰ কৰি তুলিছে।কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 28th, 11:45 am
মই আৰম্ভ কৰাৰ পূৰ্বে একাংশ শিশুৰ হাতত অংকন দেখা পাইছো। অনুগ্ৰহ কৰি এছপিজি আৰু স্থানীয় আৰক্ষীক এয়া সংগ্ৰহ কৰাত সহায় কৰিব। পিছফালে ঠিকনা লিখিলে নিশ্চয় ধন্যবাদ পত্ৰ প্ৰেৰণ কৰিম। অনুগ্ৰহ কৰি অংকনসমূহ তেওঁলোকক দিয়ক; তেওঁলোকে সংগ্ৰহ কৰিব। শিশুসকলে ইমান কষ্ট কৰিছে। মই যদি তেওঁলোকৰ লগত অন্যায় কৰো, তেন্তে মই আঘাত পাম।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচী সম্বোধন কৰে
November 28th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক দৰ্শনৰ সন্তুষ্টি, শ্ৰীমদ্ভগৱত মন্ত্ৰৰ আধ্যাত্মিক অভিজ্ঞতা আৰু ভালে সংখ্যক পূজনীয় সাধু-গুৰুৰ সান্নিধ্য তেওঁৰ বাবে এক পৰম সৌভাগ্যৰ কথা। তেওঁ কয় যে এয়া হৈছে অসীম আশীৰ্বাদ লাভ কাৰ্য্য।শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 25th, 10:20 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল জী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অতি শ্ৰদ্ধাৰ সৰ সংঘচালক ডঃ মোহন ভাগৱত জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, শ্ৰী ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ অধ্যক্ষ, শ্ৰদ্ধাৰ মহন্ত নৃত্য গোপাল দাস জী, পূজনীয় সাধু সমাজ, ইয়াত উপস্থিত থকা সকলো ভক্ত, এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হোৱা দেশ আৰু বিশ্বৰ কোটি-কোটি ৰামভক্ত, ভদ্ৰলোক আৰু মহিলাসকল!অযোধ্যাত শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
November 25th, 10:13 am
দেশৰ সামাজিক-সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিৱেশত এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত পবিত্ৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ শিখৰত আনুষ্ঠানিকভাৱে গেৰুৱা পতাকা উত্তোলন কৰে। ধ্বজাৰোহণ উৎসৱ মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা আৰু সাংস্কৃতিক উদযাপন তথা ৰাষ্ট্ৰীয় একতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰাৰ প্ৰতীক। এই উপলক্ষে এটা সমাবেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি অযোধ্যা চহৰখনে ভাৰতৰ সাংস্কৃতিক চেতনাৰ আন এক শিখৰত উপনীত হৈছে। ‘আজি সমগ্ৰ ভাৰত আৰু সমগ্ৰ বিশ্ব ভগৱান শ্ৰীৰামৰ আত্মাৰে ভৰি পৰিছে’, শ্ৰী মোদীয়ে মন্তব্য কৰি কয় যে ৰামৰ প্ৰতিজন ভক্তৰ হৃদয়ত অনন্য সন্তুষ্টি, অসীম কৃতজ্ঞতা আৰু অপৰিসীম ঐশ্বৰিক আনন্দ আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বহু শতিকা পুৰণি আঘাতবোৰ আৰোগ্য হৈছে, বহু শতিকাৰ বেদনাৰ অন্ত পৰিছে আৰু বহু শতিকাৰ সংকল্পই আজি পূৰ্ণতা লাভ কৰিছে। তেওঁ ঘোষণা কৰে যে এইটোৱে এক যজ্ঞৰ পৰিণতি চিহ্নিত কৰে যাৰ জুই ৫০০ বছৰ ধৰি জ্বলিয়েই আছিল, এক যজ্ঞ যি কেতিয়াও বিশ্বাসত বিচলিত হোৱা নাছিল, এক মুহূৰ্তৰ বাবেও বিশ্বাস ভংগ কৰা নাছিল। তেওঁ উল্লেখ কৰে যে আজি ভগৱান শ্ৰীৰামৰ গৰ্ভগৃহৰ অসীম শক্তি আৰু শ্ৰীৰামৰ পৰিয়ালৰ ঐশ্বৰিক গৌৰৱ এই ধৰ্মধ্বজাৰ ৰূপত ঐশ্বৰিক আৰু ভব্য মন্দিৰত সন্নিবিষ্ট কৰা হৈছে।