অন্ধ্ৰপ্ৰদেশ (তিৰুপতি), ছত্তীশগড় (ভিলাই), জম্মু আৰু কাশ্মীৰ (জম্মু), কৰ্ণাটক (ধাৰৱাড়) আৰু কেৰালা (পালাক্কাড়) ত স্থাপিত পাঁচখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (আই আই টি) শৈক্ষিক আৰু আন্তঃগাঁথনিৰ ক্ষমতা সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন

May 07th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অন্ধ্ৰপ্ৰদেশ (আই আই টি তিৰুপতি), কেৰালা (আই আই টি পালাক্কাড়), ছত্তীশগড় (আই আই টি ভিলাই), জম্মু-কাশ্মীৰ (আই আই টি জম্মু) আৰু কৰ্ণাটক (আই আই টি ধাৰৱাড়)ত স্থাপন কৰা পাঁচখন নতুন আই আই টিৰ শৈক্ষিক আৰু আন্তঃগাঁথনি ক্ষমতা (পৰ্যায়-'বি' নিৰ্মাণ) সম্প্ৰসাৰণত অনুমোদন জনাইছে।