বাৰাণসীৰপৰা চাৰিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 08th, 08:39 am
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী শ্ৰী আদিত্যনাথ জী; কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ আৰু বিকশিত ভাৰতৰ শক্তিশালী ভেটি স্থাপন কৰা উল্লেখযোগ্য প্ৰযুক্তিগত অগ্ৰগতিৰ নেতৃত্ব প্ৰদানকাৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী; এৰ্নাকুলামৰ পৰা প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ জী; কেন্দ্ৰত মোৰ সতীৰ্থ শ্ৰী সুৰেশ গোপী জী আৰু শ্ৰী জৰ্জ কুৰিয়ান জী; কেৰালাত এই কাৰ্য্যসূচীত উপস্থিত থকা আন সকলো মন্ত্ৰী আৰু জনপ্ৰতিনিধি; কেন্দ্ৰত মোৰ সতীৰ্থ আৰু পঞ্জাৱৰ নেতা তথা ফিৰোজপুৰৰ পৰা সংযুক্ত শ্ৰী ৰৱনীত সিং বিট্টু জী; তাত থকা সকলো জনপ্ৰতিনিধি; লক্ষ্ণৌৰ পৰা সংযুক্ত উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠক জী; আন-আন বিশিষ্ট অতিথি আৰু মোৰ কাশীৰ পৰিয়ালৰ সদস্যসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে
November 08th, 08:15 am
ভাৰতৰ আধুনিক ৰেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনোৱাৰ লগতে বাবা বিশ্বনাথৰ পবিত্ৰ নগৰ বাৰাণসীৰ সকলো পৰিয়াললৈ শুভেচ্ছা জনায়। তেওঁ দেৱ দীপাৱলীৰ সময়ত প্ৰত্যক্ষ কৰা অসাধাৰণ উদযাপন কাৰ্য্য সন্দৰ্ভত ব্যক্ত কৰি আজিও এক শুভ অনুষ্ঠান বুলি উল্লেখেৰে উন্নয়নৰ এই উৎসৱৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।দেৱ দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
November 05th, 10:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱ দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে।বাবা বিশ্বনাথৰ পবিত্ৰ নগৰখন আজি দেৱ দীপাৱলীৰ অতুলনীয় উজ্জ্বলতাৰে আলোকিত হৈছে।বাৰাণসীত ‘দেৱ দীপাৱলী’ উদযাপনৰ বাবে আনন্দ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে
November 15th, 11:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘দেৱ দীপাৱলী’ উপলক্ষে লাখ লাখ বন্তিৰে জিলিকি উঠা কাশীক লৈ আনন্দ প্ৰকাশ কৰে।‘কাৰ্তিক পূৰ্ণিমা’ আৰু ‘দেৱ দীপাৱলী’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে
November 15th, 04:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘কাৰ্তিক পূৰ্ণিমা’ আৰু ‘দেৱ দীপাৱলী’ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলী উপলক্ষে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
November 27th, 07:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলীৰ পৱিত্ৰ অনুষ্ঠান উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।