চাহিবাবাদ আৰআৰটিএছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰআৰটিএছ ষ্টেচনলৈ নমো ভাৰত ৰে'লৰ যাত্ৰাৰ সময়ত ছাত্ৰ-ছাত্ৰী আৰু ট্ৰেইন লোকো পাইলটৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ
January 05th, 08:50 pm
এয়া নৱযুগ, এয়া নৱ ভাৰত, আমি নিজেই লিখিম নিজৰ ভাগ্যপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নমো ভাৰত ৰেলত ছাত্ৰ-ছাত্ৰী আৰু লোকো পাইলটৰ সৈতে মত বিনিময় কৰে
January 05th, 08:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাহিবাবাদ আৰ আৰ টি এছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰ আৰ টি এছ ষ্টেচনলৈ নমো ভাৰত ৰেলত যাত্ৰা কৰে। যাত্ৰাৰ সময়ছোৱাত তেওঁ যুৱ বন্ধুসকলৰ সৈতে আন্তৰিকতাৰে ভাৱৰ আদান-প্ৰদান কৰে, যিয়ে তেওঁক কেইবাখনো চিত্ৰ আৰু শিল্পকৰ্ম উপহাৰ দিয়ে। প্ৰধানমন্ত্ৰী আৰু উদীয়মান ভাৰতৰ বিষয়ে কবিতা আবৃত্তি কৰা এগৰাকী কণমানি ছোৱালীৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে তেওঁক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এজন ল’ৰাৰ সৈতেও মত বিনিময় কৰে, যিয়ে তেওঁক এখন ছবি উপহাৰ দিয়ে। ল’ৰাজন হৈছে চৰকাৰৰ পৰা ঘৰৰ সুবিধা লাভ কৰা এটা হিতাধিকাৰী পৰিয়ালৰ সন্তান। প্ৰধানমন্ত্ৰীয়ে নতুন ঘৰটোৰ অগ্ৰগতিৰ বুজ লয় আৰু শুভেচ্ছা জনালে। আন এগৰাকী কণমানি ছোৱালীয়েও প্ৰধানমন্ত্ৰীগৰাকীৰ বিষয়ে কবিতা আবৃত্তি কৰে, যাৰ বাবে তেওঁ ছোৱালীগৰাকীক প্ৰশংসা কৰে।