চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ বিবৃতি
May 22nd, 01:00 pm
ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্ব শক্তিশালী আৰু ভৱিষ্যমুখী। গণতন্ত্ৰ আৰু আইনৰ শাসনৰ দৰে মূল্যবোধৰ ওপৰত গঢ়ি উঠা বিশ্বাস আমাৰ অংশীদাৰিত্বৰ আধাৰ। আমি সকলো দেশৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান জনাইছো। ভাৰত এই নীতিসমূহৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ আৰু ভৱিষ্যতেও দায়বদ্ধ হৈ থাকিব।নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা মন্তব্যৰ পূৰ্ণপাঠ
May 16th, 11:58 pm
মোক আৰু মোৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। প্ৰায় এটা দশকৰ পাছত নেদাৰলেণ্ড ভ্ৰমণ কৰিবলৈ পাই মই অতিশয় আনন্দিত হৈছো। বিগত দশকত ভাৰত-নেদাৰলেণ্ডৰ অংশীদাৰিত্বই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।ভাৰত গণৰাজ্য আৰু ভিয়েটনাম সমাজবাদী গণৰাজ্যৰ মাজত বৰ্ধিত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিষয়ত যৌথ বিবৃতি প্ৰকাশ
May 06th, 05:24 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভিয়েটনামৰ সমাজবাদী গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমান টু লামে ২০২৬ চনৰ ০৫ মে’ৰ পৰা ০৭ মে’লৈ ভাৰত ভ্ৰমণ কৰিছে।শ্ৰীমান টু লামৰ সৈতে ভাৰতলৈ আহিছে ভিয়েটনামৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল। এক শক্তিশালী ব্যৱসায়িক প্ৰতিনিধিৰ দলো ভাৰতলৈ আহিছে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ
April 25th, 10:50 pm
শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ এটা প্ৰতিনিধি দলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চলিত বৰ্ষটো শিক্ষানুষ্ঠানখনৰ শতবাৰ্ষিকী আৰু শিক্ষাৰ উৎকৃষ্টতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। তেওঁ উচচ শিক্ষাৰ ক্ষেত্ৰত মহাবিদ্যালয়খনৰ দীৰ্ঘদিনীয়া অৱদান আৰু বিভিন্ন ক্ষেত্ৰৰ নেতৃবৃন্দৰ প্ৰজন্মৰ প্ৰতিপালনত ইয়াৰ ভূমিকাৰ প্ৰশংসা কৰে।অষ্ট্ৰিয়াৰ চেন্সেলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ যুটীয়া সংবাদ বিবৃতি
April 16th, 11:55 am
আন্তঃগাঁথনি, উদ্ভাৱন তথা বহনক্ষমতাৰ ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰিয়া নিৰ্ভৰযোগ্য অংশীদাৰ হৈ আহিছে। দিল্লী মেট্ৰোৱে হওক বা হিমালয়ৰ ১০,০০০ ফুট উচ্চতাত নিৰ্মিত অটল সুৰংগই হওক, অষ্ট্ৰিয়াৰ সুৰংগ নিৰ্মাণৰ কাৰুকাৰ্যই এক গভীৰ ছাপ পেলাইছে।ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
March 05th, 11:55 am
মহোদয়, এই বছৰৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে আপোনাৰ দৰে এগৰাকী অভিজ্ঞ আৰু প্ৰগতিশীল নেতাক পোৱাটো আমাৰ বাবে অতি গৌৰৱৰ বিষয়।কানাডাৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ
February 26th, 10:40 am
২৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী কাৰ্নী মুম্বাইত উপস্থিত হ’ব। পৰৱৰ্তী দুদিন তেওঁ পৃথক বাণিজ্যিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব, ভাৰতীয় আৰু কানাডিয়ান চিইঅ’, উদ্যোগ আৰু বিত্তীয় বিশেষজ্ঞ, উদ্ভাৱক, শিক্ষাবিদৰ লগতে ভাৰতত থকা কানাডিয়ান পেন্সন পুঁজিৰ সৈতে মত বিনিময় কৰিব।মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক বাৰ্তালাপ
February 08th, 11:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাতো' ছেৰী আনৱাৰ ইব্ৰাহিমৰ পৰা পেৰদানা পুত্ৰ কমপ্লেক্সত উষ্ম আদৰণিৰ লগতে আনুষ্ঠানিকভাৱে গাৰ্ড অব্ অনাৰ লাভ কৰে। ইয়াৰ পিছতে দুয়োগৰাকী নেতাই প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ চৰকাৰী বাসগৃহ চেৰী পেৰদানাত ৰুদ্ধদ্বাৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়।মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
February 08th, 08:35 am
পোনপ্ৰথমে মই মোৰ ঘনিষ্ঠ বন্ধু প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক উষ্ম আদৰণি জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়ালৈ যাব পৰা নাছিলো। কিন্তু মই মোৰ প্ৰিয় বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই অতি সোনকালে মালয়েছিয়া ভ্ৰমণ কৰিম। আৰু আজি ২০২৬ চনৰ প্ৰথম বিদেশ ভ্ৰমণতে মই মালয়েছিয়াত উপস্থিত হ’লোঁ।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ উপলক্ষে ভাৰত-মালয়েছিয়াৰ যুটীয়া বিবৃতি
February 08th, 08:30 am
মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাটো’ ছেৰী আনৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ মালয়েছিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সভ্যতাৰ সম্পৰ্কৰ ওপৰত আধাৰিত গভীৰ বন্ধুত্ব আৰু স্থায়ী জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰিছিল। ই ভাৰত-মালয়েছিয়াৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী আৰু সম্প্ৰসাৰণৰ বাবে দুয়োগৰাকী নেতাৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰব বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ প্ৰতিনিধি দলক আদৰণি জনায়
January 31st, 02:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰৰ বাবে ভাৰত-আৰব বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ বাবে ভাৰতত উপস্থিত হোৱা আৰব দেশৰ বৈদেশিক মন্ত্ৰী, লীগ অব আৰব ৰাষ্ট্ৰৰ মহাসচিব আৰু আৰব প্ৰতিনিধি দলৰ মুৰব্বীসকলক আদৰণি জনায়।ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ মূল পাঠ
December 17th, 09:12 am
ইথিঅ’পিয়া ভ্ৰমণ কৰাটো সঁচাকৈয়ে মোৰ বাবে এক অতি আনন্দৰ বিষয়। এইটো মোৰ প্ৰথম ইথিঅ’পিয়া ভ্ৰমণ। কিন্তু ইয়াত উপস্থিত হোৱাৰ লগে লগে মোৰ একাত্মতা আৰু গভীৰ ঘনিষ্ঠতাৰ এক অতি গভীৰ অভিজ্ঞতা হৈছে। ভাৰত আৰু ইথিঅ’পিয়াত হাজাৰ হাজাৰ বছৰ ধৰি নিৰন্তৰ যোগাযোগ, আলোচনা আৰু বিনিময় হৈ আহিছে। বহু ভাষা আৰু সমৃদ্ধ পৰম্পৰাৰে সমৃদ্ধ আমাৰ দুয়োখন দেশ বৈচিত্ৰ্যৰ মাজত একতাৰ প্ৰতীক। দুয়োখন দেশ শান্তি আৰু মানৱ কল্যাণৰ বাবে দায়বদ্ধ গণতান্ত্ৰিক শক্তি। আমি গোলকীয় দক্ষিণত সহযাত্রী আৰু অংশীদাৰো। আমি আন্তঃৰাষ্ট্ৰীয় মঞ্চতো কান্ধত কান্ধ মিলাই থিয় দিছো।List of Outcomes Visit of Prime Minister to Jordan
December 15th, 11:52 pm
During the meeting between PM Modi and HM King Abdullah II of Jordan, several MoUs were signed. These include agreements on New and Renewable Energy, Water Resources Management & Development, Cultural Exchange and Digital Technology.জৰ্ডানৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
December 15th, 11:00 pm
১৪০ কোটি ভাৰতীয়ৰ হৈ মোক আৰু মোৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে আপোনাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। ভাৰত আৰু জৰ্ডানৰ সম্পৰ্কক এক নতুন পৰ্য্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত আপুনি অতিশয় ইতিবাচক ধাৰণা আগবঢ়াইছে। আপোনাৰ বন্ধুত্ব আৰু ভাৰতৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাৰ বাবে আপোনালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।অৰবিন্দ পানাগাৰিয়াৰ নেতৃত্বত যোৱা ষোড়শ বিত্ত আয়োগৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীক
November 17th, 08:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ষোড়শ বিত্ত আয়োগৰ আয়োগৰ অধ্যক্ষ ড০ অৰবিন্দ পানাগাৰিয়াৰ নেতৃত্বত যোৱা আয়োগৰ সদস্যৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে।ভাৰত আৰু ফিলিপিনছ চৰকাৰৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ ঘোষণা-পত্ৰ
August 05th, 05:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ফাৰ্ডিনাণ্ড আৰ মাৰ্কছ জুনিয়ৰে ৪-৮ আগষ্ট, ২০২৫ চনৰলৈ ভাৰত ভ্ৰমণৰ বাবে আহিছে।ৰাষ্ট্ৰপতি মাৰ্কছৰ সৈতে তেওঁৰ পত্নী মেডাম লুইজ আৰানেটা মাৰ্কছ আৰু ফিলিপাইনছৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীকে ধৰি এক উচ্চ পৰ্যায়ৰ চৰকাৰী প্ৰতিনিধি আৰু ব্যৱসায়িক প্ৰতিনিধি দলো আহিছে।ফলাফলৰ তালিকাঃ ফিলিপাইনছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
August 05th, 04:31 pm
ভাৰত গণৰাজ্য আৰু ফিলিপাইনছ গণৰাজ্যৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ কথা ঘোষণাফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰোমুৱাল্ডেজ মাৰ্কছ জুনিয়ৰৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
August 05th, 03:45 pm
আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আজি আমাৰ দ্বি-পাক্ষিক সম্পৰ্কৰ বাবে এক ঐতিহাসিক দিন। আমি ভাৰত-ফিলিপাইনছৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছোঁ। ইয়াৰ ফলশ্ৰুতিত আমাৰ সম্পৰ্কই এক নতুন গতি লাভ কৰিব আৰু এই সম্পৰ্ক অধিক গভীৰ হ’ব। প্ৰতিৰক্ষা আৰু নিৰাপত্তা খণ্ডত আমাৰ সম্পৰ্ক সুদৃঢ় হ’ব। যোৱা কেইবছৰমানৰ পৰা আমাৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰতে অগ্ৰগতি হৈছে। ইয়াৰ ভিতৰত বাণিজ্য, প্ৰতিৰক্ষা, সামুদ্ৰিক, স্বাস্থ্য, নিৰাপত্তা, খাদ্য সুৰক্ষা, উন্নয়ন অংশীদাৰিত্ব আৰু জনতাৰ মাজৰ সম্পৰ্ক আদি অন্তৰ্ভুক্ত হৈছে। আজি আমি আগন্তুক পাঁচ বছৰৰ বাবে এক কাৰ্য্য পৰিকল্পনা যুগুত কৰা কাৰ্য্য পৰম সন্তোষৰ বিষয়।Delegation of Special Envoys from the Republic of Korea meets Prime Minister
July 17th, 06:40 pm
A delegation of Special Envoys from the Republic of Korea (ROK), led by Mr. Kim Boo Kyum, met the Prime Minister, Shri Narendra Modi in New Delhi today.ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
July 09th, 06:02 am
প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতি লুলাই সীমিত আৰু প্ৰতিনিধি পৰ্যায়ত আলোচনা কৰে তথা ভাৰত আৰু ব্ৰাজিলৰ মাজত বহুমুখী কৌশলগত অংশীদাৰিত্বৰ সকলো দিশত আলোকপাত কৰে। তেওঁলোকে ভাৰত-ব্ৰাজিলৰ উষ্ম আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আধাৰৰ লেখীয়া উমৈহতীয়া প্ৰমূল্যসমূহ পুনৰ নিশ্চিত কৰে। নেতাদ্বয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, স্বাস্থ্য আৰু ভেষজ, মহাকাশ, নৱীকৰণযোগ্য শক্তি, কৃষি আৰু খাদ্য সংসাধন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউপিআই, পৰম্পৰাগত ঔষধ, যোগ, ক্ৰীড়া সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, নতুন আৰু উদীয়মান প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ছুপাৰ কম্পিউটাৰ, ডিজিটেল সহযোগিতা আৰু গতিশীলতাৰ দৰে সহযোগিতাৰ নতুন ক্ষেত্ৰত উমৈহতীয়াভাৱে কাম কৰাৰ পথ অন্বেষণ কৰে।