ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ মূল পাঠ

December 17th, 09:12 am

ইথিঅ’পিয়া ভ্ৰমণ কৰাটো সঁচাকৈয়ে মোৰ বাবে এক অতি আনন্দৰ বিষয়। এইটো মোৰ প্ৰথম ইথিঅ’পিয়া ভ্ৰমণ। কিন্তু ইয়াত উপস্থিত হোৱাৰ লগে লগে মোৰ একাত্মতা আৰু গভীৰ ঘনিষ্ঠতাৰ এক অতি গভীৰ অভিজ্ঞতা হৈছে। ভাৰত আৰু ইথিঅ’পিয়াত হাজাৰ হাজাৰ বছৰ ধৰি নিৰন্তৰ যোগাযোগ, আলোচনা আৰু বিনিময় হৈ আহিছে। বহু ভাষা আৰু সমৃদ্ধ পৰম্পৰাৰে সমৃদ্ধ আমাৰ দুয়োখন দেশ বৈচিত্ৰ্যৰ মাজত একতাৰ প্ৰতীক। দুয়োখন দেশ শান্তি আৰু মানৱ কল্যাণৰ বাবে দায়বদ্ধ গণতান্ত্ৰিক শক্তি। আমি গোলকীয় দক্ষিণত সহযাত্রী আৰু অংশীদাৰো। আমি আন্তঃৰাষ্ট্ৰীয় মঞ্চতো কান্ধত কান্ধ মিলাই থিয় দিছো।

List of Outcomes Visit of Prime Minister to Jordan

December 15th, 11:52 pm

During the meeting between PM Modi and HM King Abdullah II of Jordan, several MoUs were signed. These include agreements on New and Renewable Energy, Water Resources Management & Development, Cultural Exchange and Digital Technology.

জৰ্ডানৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

December 15th, 11:00 pm

১৪০ কোটি ভাৰতীয়ৰ হৈ মোক আৰু মোৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে আপোনাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। ভাৰত আৰু জৰ্ডানৰ সম্পৰ্কক এক নতুন পৰ্য্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত আপুনি অতিশয় ইতিবাচক ধাৰণা আগবঢ়াইছে। আপোনাৰ বন্ধুত্ব আৰু ভাৰতৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাৰ বাবে আপোনালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

অৰবিন্দ পানাগাৰিয়াৰ নেতৃত্বত যোৱা ষোড়শ বিত্ত আয়োগৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীক

November 17th, 08:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ষোড়শ বিত্ত আয়োগৰ আয়োগৰ অধ্যক্ষ ড০ অৰবিন্দ পানাগাৰিয়াৰ নেতৃত্বত যোৱা আয়োগৰ সদস্যৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে।

ভাৰত আৰু ফিলিপিনছ চৰকাৰৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ ঘোষণা-পত্ৰ

August 05th, 05:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ফাৰ্ডিনাণ্ড আৰ মাৰ্কছ জুনিয়ৰে ৪-৮ আগষ্ট, ২০২৫ চনৰলৈ ভাৰত ভ্ৰমণৰ বাবে আহিছে।ৰাষ্ট্ৰপতি মাৰ্কছৰ সৈতে তেওঁৰ পত্নী মেডাম লুইজ আৰানেটা মাৰ্কছ আৰু ফিলিপাইনছৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীকে ধৰি এক উচ্চ পৰ্যায়ৰ চৰকাৰী প্ৰতিনিধি আৰু ব্যৱসায়িক প্ৰতিনিধি দলো আহিছে।

ফলাফলৰ তালিকাঃ ফিলিপাইনছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ

August 05th, 04:31 pm

ভাৰত গণৰাজ্য আৰু ফিলিপাইনছ গণৰাজ্যৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ কথা ঘোষণা

ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰোমুৱাল্ডেজ মাৰ্কছ জুনিয়ৰৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

August 05th, 03:45 pm

আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আজি আমাৰ দ্বি-পাক্ষিক সম্পৰ্কৰ বাবে এক ঐতিহাসিক দিন। আমি ভাৰত-ফিলিপাইনছৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছোঁ। ইয়াৰ ফলশ্ৰুতিত আমাৰ সম্পৰ্কই এক নতুন গতি লাভ কৰিব আৰু এই সম্পৰ্ক অধিক গভীৰ হ’ব। প্ৰতিৰক্ষা আৰু নিৰাপত্তা খণ্ডত আমাৰ সম্পৰ্ক সুদৃঢ় হ’ব। যোৱা কেইবছৰমানৰ পৰা আমাৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰতে অগ্ৰগতি হৈছে। ইয়াৰ ভিতৰত বাণিজ্য, প্ৰতিৰক্ষা, সামুদ্ৰিক, স্বাস্থ্য, নিৰাপত্তা, খাদ্য সুৰক্ষা, উন্নয়ন অংশীদাৰিত্ব আৰু জনতাৰ মাজৰ সম্পৰ্ক আদি অন্তৰ্ভুক্ত হৈছে। আজি আমি আগন্তুক পাঁচ বছৰৰ বাবে এক কাৰ্য্য পৰিকল্পনা যুগুত কৰা কাৰ্য্য পৰম সন্তোষৰ বিষয়।

Delegation of Special Envoys from the Republic of Korea meets Prime Minister

July 17th, 06:40 pm

A delegation of Special Envoys from the Republic of Korea (ROK), led by Mr. Kim Boo Kyum, met the Prime Minister, Shri Narendra Modi in New Delhi today.

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

July 09th, 06:02 am

প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতি লুলাই সীমিত আৰু প্ৰতিনিধি পৰ্যায়ত আলোচনা কৰে তথা ভাৰত আৰু ব্ৰাজিলৰ মাজত বহুমুখী কৌশলগত অংশীদাৰিত্বৰ সকলো দিশত আলোকপাত কৰে। তেওঁলোকে ভাৰত-ব্ৰাজিলৰ উষ্ম আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আধাৰৰ লেখীয়া উমৈহতীয়া প্ৰমূল্যসমূহ পুনৰ নিশ্চিত কৰে। নেতাদ্বয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, স্বাস্থ্য আৰু ভেষজ, মহাকাশ, নৱীকৰণযোগ্য শক্তি, কৃষি আৰু খাদ্য সংসাধন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউপিআই, পৰম্পৰাগত ঔষধ, যোগ, ক্ৰীড়া সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, নতুন আৰু উদীয়মান প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ছুপাৰ কম্পিউটাৰ, ডিজিটেল সহযোগিতা আৰু গতিশীলতাৰ দৰে সহযোগিতাৰ নতুন ক্ষেত্ৰত উমৈহতীয়াভাৱে কাম কৰাৰ পথ অন্বেষণ কৰে।

পেৰাগুৱেৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 02nd, 03:00 pm

ভাৰতলৈ আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক আমি অতি উষ্ম আদৰণি জনাইছো। পেৰাগুৱে দক্ষিণ আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। আমাৰ ভৈগলিক অৱস্থিতি বেলেগ হ’ব পাৰে, কিন্তু আমি একে গণতান্ত্ৰিক মূল্যবোধৰেই অংশীদাৰ আৰু মানুহৰ কল্যাণৰ বিষয়ত গুৰুত্ব দিও।

বিদ্যুৎ খণ্ডত কয়লা আৱণ্টনৰ বাবে সংশোধিত ‘শক্তি’ (ভাৰতত কয়ালাৰ স্বচ্ছ ব্যৱহাৰ আৰু আৱণ্টন আঁচনি) নীতিলৈ অনুমোদন জনাইছে কেবিনেটে

May 07th, 12:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক বিষয়ৰ কেবিনেট কমিটি’য়ে কেন্দ্ৰীয় খণ্ড/ৰাজ্যিক খণ্ড/ স্বতন্ত্ৰ শক্তি উৎপাদক (আইপিপি)ৰ তাপ বিদ্যুৎ প্ৰকল্পসমূহক নতুনকৈ কয়লা সংলগ্নীকৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। সংশোধিত শক্তি নীতিৰ অধীনত নিম্নলিখিত দুখন উইণ্ডো-ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে:

এংগোলাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিজ্ঞপ্তিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি

May 03rd, 01:00 pm

মই ৰাষ্ট্ৰপতি ল’ৰেঞ্চো আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এয়া এক ঐতিহাসিক মুহূৰ্ত। ৩৮ বছৰৰ পাছত, এংগোলাৰ ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণলৈ আহিছে। তেওঁৰ এই ভ্ৰমণে, কেৱল ভাৰত-এংগোলাৰ সম্পৰ্কক নতুন দিশ আৰু গতি প্ৰদান কৰাই নহয়, বৰং ভাৰত-আফ্ৰিকাৰ অংশীদাৰিত্বও শক্তিশালী কৰিছে।

দাউদী বোহৰা সম্প্ৰদায়ৰ প্ৰতিনিধি দলৰে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 17th, 08:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গস্থিত নিজা বাসগৃহত দাউদী বোহৰা সম্প্ৰদায়ৰ সদস্যৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে।

ভাৰত আৰু জাপানৰ মাজত অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ প্ৰসংগ আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ‘কেইজাই ডয়ুকাই’ৰ উচ্চ ক্ষমতাসম্পন্ন প্ৰতিনিধিদলক সাক্ষাৎ কৰে

March 27th, 08:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ ভাগত ‘৭, লোক কল্যাণ মাৰ্গ’ত ভাৰত আৰু জাপানৰ মাজত অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ প্ৰসংগত কেইজাই ডয়ুকাই (জাপান এছ'চিয়েশ্যন অব কৰ্পোৰেট এক্সিকিউটিভছ)ৰ মতামত আৰু অৱধাৰণাসমূহ শুনিবলৈ সংগঠনটোৰ অধ্যক্ষ শ্ৰীযুত তাকেশ্বি নিনামিৰ নেতৃত্বত অহা এটা কুৰিজনীয়া উচ্চ ক্ষমতাসম্পন্ন প্ৰতিনিধি দলৰ সৈতে মিলিত হয়।

স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা ‘ভাৰত-স্পেইনৰ যুটীয়া বিবৃতি’ (২৮-২৯ অক্টোবৰ, ২০২৪)

October 28th, 06:32 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতি শ্ৰী পেদ্ৰো ছানচেজে ২৮-২৯ অক্টোবৰ, ২০২৪ তাৰিখে চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিতত থাকে। এয়া আছিল ৰাষ্ট্ৰপতি ছানচেজৰ প্ৰথমটো ভাৰত ভ্ৰমণ আৰু ১৮ বছৰৰ পিছত স্পেইন চৰকাৰৰ কোনো এগৰাকী ৰাষ্ট্ৰপতিৰো প্ৰথমটো ভাৰত ভ্ৰমণ। তেওঁৰ সৈতে পৰিবহন আৰু বহনক্ষম গতিশীলতা দপ্তৰৰ মন্ত্ৰী, উদ্যোগ আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী আৰু এটা উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়া-বৰ্গ আৰু ব্যৱসায়িক প্ৰতিনিধিৰ দল উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে অনুসূচিত জাতি/জনজাতিৰ সাংসদসকলৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে

August 09th, 01:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অনুসূচিত জাতি/জনজাতিৰ সাংসদসকলৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰি অনুসূচিত জাতি/জনজাতি সম্প্ৰদায়ৰ কল্যাণ আৰু সৱলীকৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতা আৰু সংকল্পৰ কথা দোহাৰে।

‘শ্ৰীল প্ৰভুপাদজী’ৰ ১৫০ সংখ্যক বাৰ্ষিকীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 08th, 01:00 pm

হৰে কৃষ্ণ! হৰে কৃষ্ণ! হৰে কৃষ্ণ! আজি আপোনালোকে ইয়াত প্ৰৱেশ কৰাৰ লগে লগে ‘ভাৰত মণ্ডপম’ৰ ভব্যতা আৰু অধিক বৃদ্ধি পালে। এই ভৱনটোৰ ধাৰণা ‘ভগৱান বাসৱেশ্বৰ’ৰ ‘অনুভৱ মণ্ডপম’ৰ সৈতে সম্পৰ্কিত। প্ৰাচীন ভাৰতত ‘অনুভৱ মণ্ডপম’ আধ্যাত্মিক আলোচনাৰ কেন্দ্ৰ আছিল। ‘অনুভৱ মণ্ডপম’ জনকল্যাণৰ বাবে অনুভূতি আৰু সংকল্পৰ শক্তিকেন্দ্ৰ আছিল। আজি ‘শ্ৰীল ভক্তিসিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদ’ৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ‘ভাৰত মণ্ডপম’ত একে ধৰণৰ শক্তিকে দেখিবলৈ পোৱা গৈছে। আমি এইটোও কল্পনা কৰিছিলো যে এই ভৱনটো ভাৰতৰ আধুনিক সামৰ্থ্য আৰু ইয়াৰ প্ৰাচীন মূল্যবোধ দুয়োটাৰ কেন্দ্ৰ হৈ উঠক। মাত্ৰ কেইমাহমান আগতে, ‘জি-২০ সন্মিলন’ৰ জৰিয়তে ইয়াৰ পৰাই নতুন ভাৰতৰ সামৰ্থ্যৰ দৰ্শন হৈছিল। আৰু আজি 'বিশ্ব বৈষ্ণৱ সন্মিলন' অনুষ্ঠিত কৰিবলৈ এই কেন্দ্ৰই ইমান পবিত্ৰ সৌভাগ্য লাভ কৰিছে। আৰু এয়াইতো হৈছে নতুন ভাৰতৰ ছবি... য'ত বিকাশ আছে, আৰু ঐতিহ্যও আছে, দুয়োৰে সঙ্গম সমাৱেশিত হৈছে। য'ত আধুনিকতাক আদৰণি জনোৱা হৈছে, আৰু নিজৰ পৰিচিতিক লৈ গৌৰৱো কৰা হৈছে।

শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকীৰ কাৰ্যসূচীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

February 08th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰীল প্ৰভুপাদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায় আৰু তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰে। গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে বৈষ্ণৱ ধৰ্মৰ মৌলিক ধাৰণাবোৰ সংৰক্ষণ আৰু বিস্তাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰত-মালদ্বীপে প্ৰকাশ কৰা যুটীয়া বিবৃতি

August 02nd, 10:18 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ইব্ৰাহীম মহম্মেদ সলিহে এক আনুষ্ঠানিক ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হয়হি।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা প্ৰেছ বিবৃতি

August 02nd, 12:30 pm

সৰ্ব প্ৰথমে মই মোৰ মিত্ৰ ৰাষ্ট্ৰপতি সোলিহ আৰু তেওঁৰ সৈতে অহা প্ৰতিনিধিবৰ্গক আদৰণি জনাইছো। শেহতীয়া বছৰচেৰেকত ভাৰত আৰু মালদ্বীপৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত নতুন উদ্দীপনাৰ সৃষ্টি হৈছে, আমাৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে। মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ পিচতো আমাৰ সহযোগিতাই এক ব্যাপক অংশীদাৰিত্বৰ ৰূপ ধাৰণ কৰিবলৈ আগবাঢ়িছে।