আই এন এছ বিক্ৰান্তত সশস্ত্ৰ বাহিনীৰ সৈতে দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পূৰ্ণপাঠ

October 20th, 10:30 am

আজি এটা আচৰিত দিন, এই মুহূৰ্তটো স্মৰণীয়, এই দৃশ্য আচৰিত। আজি মোৰ এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতাৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। আজি মোৰ এফালে অসীম দিগন্ত, অন্তহীন আকাশ আৰু আনফালে অসীম শক্তিক মূৰ্ত কৰি তোলা এই বিশাল আই এন এছ বিক্ৰান্ত। সাগৰৰ পানীৰ ওপৰত সূৰ্য্যৰ ৰশ্মিৰ এই জিলিকনি এক প্ৰকাৰে সাহসী সৈনিকে জ্বলোৱা দীপাৱলীৰ প্ৰতিফলন। এইবোৰ আমাৰ ঐশ্বৰিক প্ৰদীপৰ মালা। আপোনালোক সকলো নৌসেনাৰ বীৰ জোৱানৰ মাজত এই পবিত্ৰ দীপাৱলী উৎসৱ উদযাপন কৰিবলৈ পাই মই সৌভাগ্যৱান।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উদযাপন কৰিলে আই এন এছ বিক্ৰান্তত

October 20th, 10:00 am

আজি আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীৰ বিষয়া-জোৱানক সম্বোধন কৰে। আজি এটা উল্লেখযোগ্য দিন, এটা উল্লেখযোগ্য মুহূৰ্ত আৰু এটা উল্লেখযোগ্য পৰিঘটনা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতৃৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। তেওঁ কয় যে এটা পক্ষই অসীম দিগন্ত আৰু সীমাহীন আকাশক উপস্থাপন কৰিলেও আনটো পক্ষই অসীম শক্তিক মূৰ্ত কৰি আই এন এছ বিক্ৰান্তৰ বিশাল শক্তিক প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে সাগৰৰ ওপৰত পৰা সূৰ্যৰ পোহৰৰ জিলিকনিয়ে দীপাৱলীৰ সময়ত বীৰ সৈনিকে জ্বলোৱা দীপৰ দৰে হৈ পোহৰৰ এক ঐশ্বৰিক মালাৰ সৃষ্টি কৰিছে। ভাৰতীয় নৌসেনাৰ সাহসী জোৱানসকলৰ মাজত এই দীপাৱলী উদযাপন কৰিবলৈ পোৱাৰ সৌভাগ্যৰ কথাও তেওঁ প্রকাশ কৰে৷

ৰাজস্থানৰ পোখৰাণত 'এক্সাৰচাইজ ভাৰত শক্তি' অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

March 12th, 02:15 pm

ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভজন লাল শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ ৰাজনাথ সিং জী, গজেন্দ্ৰ শেখাৱত জী, কৈলাশ চৌধুৰী জী, পিএছএৰ অধ্যাপক অজয় সুদ জী, প্ৰতিৰক্ষা মুৰব্বী, জেনেৰেল অনিল চৌহান, এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধাৰী, নৌসেনা প্ৰধান এডমিৰেল হৰি কুমাৰ, আৰ্মি চিফ জেনেৰেল মনোজ পাণ্ডে, জ্যেষ্ঠ বিষয়াসকল, তিনিওটা সেনাৰ সকলো বীৰ… আৰু ইয়াত উপস্থিত পোখৰাণৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল!

প্ৰধানমন্ত্ৰী 'ভাৰত শক্তি'ৰ সাক্ষী - ৰাজস্থানৰ পোখৰাণত সেনাৰ তিনিটা বাহিনীৰ টোপ অনুশীলন আৰু কৌশল প্ৰদৰ্শন

March 12th, 01:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ পোখৰাণত তিনিওটা বাহিনীৰ টোপৰ অনুশীলন আৰু কৌশল অনুশীলনৰ ৰূপত থলুৱা প্ৰতিৰক্ষা সামৰ্থ্যৰ এক সমন্বিত প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। 'ভাৰত শক্তি'ত দেশৰ অত্মনিৰ্ভৰ উদ্যোগৰ ওপৰত আধাৰিত দক্ষতাৰ প্ৰদৰ্শন হিচাপে বিভিন্ন থলুৱা অস্ত্ৰ প্ৰণালী আৰু মঞ্চ প্ৰদৰ্শন কৰা হ'ব।