
উত্তৰ-পূৱ দিল্লীৰ দয়ালপুৰ এলেকাত অট্টালিকা খহি ভালেমান লোকৰ শোকাবহ মৃত্যু : প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
April 19th, 09:02 pm
আজি উত্তৰ-পূৱ দিল্লীৰ দয়ালপুৰ অঞ্চলত এটা অট্টালিকা খহি পৰাৰ ফলত ভালেমান লোকৰ প্ৰাণহানি হোৱা শোকাবহ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।