উত্তৰ প্ৰদেশৰ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 28th, 05:30 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সহযোগী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নবীন জী, উত্তৰ প্ৰদেশৰ সংসদ সদস্য আৰু উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি শ্ৰীযুত পংকজ চৌধুৰী জী, জিলা পঞ্চায়তৰ অধ্যক্ষ ভগ্নী পুনম মৌৰ্য জী, কাশীৰ মহিলা কাউন্সিলাৰ আৰু গাওঁবুঢ়া সকলে আজিৰ মঞ্চত উপবিষ্ট অন্যান্য জনপ্ৰতিনিধিসকল আৰু ইয়ালৈ বৃহৎ সংখ্যাত অহা মোৰ মা, ভনী আৰু কন্যাসকল । আপোনালোক সকলোলৈ নমস্কাৰ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত অনুষ্ঠিত মহিলা সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় ৬,৩৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
April 28th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত অনুষ্ঠিত এক সন্মিলনত মহিলাৰ ব্যাপক সমাৱেশক উদ্দেশ্যি ভাষণ দিয়ে। লগতে তেওঁ হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলাও স্থাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় চীজ প্ৰস্তুতকৰ্তাসকলক মুণ্ডিয়াল ডো কুইজো ডু ব্ৰাজিল ২০২৬ত তেওঁলোকৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনাইছে
April 22nd, 09:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় পনিৰ আৰু দুগ্ধজাত সামগ্ৰীৰ প্ৰস্তুতকাৰীসকলক এক সজীৱ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা মুণ্ডিয়াল ডো কুইজো ডো ব্ৰাজিল ২০২৬ত তেওঁলোকৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। এই প্ৰতিযোগিতাত ভাৰতৰ চাৰিবিধ সামগ্ৰীয়ে পদক লাভ কৰিছে, য’ত ১টা ছুপাৰ গোল্ড, ২টা গোল্ড আৰু ১টা ৰূপৰ পদক আছে।৬ মাৰ্চত “কৃষি আৰু গ্ৰাম্য ৰূপান্তৰ” শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
March 05th, 06:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ মাৰ্চ, ২০২৬ৰ পুৱা ১১:১৫ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে “কৃষি আৰু গ্ৰাম্য ৰূপান্তৰ” শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়াব।প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’-ত এআই-ৰ সাফল্যসমূহৰ পৰা টি-২০ বিশ্বকাপলৈকে ভাৰতৰ উত্থানৰ কথা উল্লেখ কৰে
February 22nd, 11:30 am
চলিত মাহৰ ‘মন কী বাত’-ত দিল্লীত অনুষ্ঠিত ‘ইণ্ডিয়া এ আই ইমপেক্ট ছামিট’-ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কয়। ভাৰতীয় মূলৰ ক্ৰিকেটাৰ, অংগদান, নদী উৎসৱ, ডিজিটেল নিৰাপত্তা, ‘পৰীক্ষ পে’ চৰ্চা’ আদি বহু গুৰুত্বপূৰ্ণ বিষয় তেওঁ স্পৰ্শ কৰে। তেওঁ আলোকপাত কৰে যে অহা ২৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত ‘ৰাজাজী উৎসৱ’ উদযাপন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নাৰী শক্তিৰ সৈতে গভীৰ সম্পৰ্ক ৰখাৰ কথা উল্লেখ কৰি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতা জীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে।কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ
January 11th, 02:45 pm
গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সাংভী, গুজৰাট চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক, উদ্যোগসমূহৰ প্ৰতিনিধি, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰলোকসকল।ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 11th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ২০২৬ চনৰ আৰম্ভণিৰ পিছত এয়া তেওঁৰ প্ৰথম গুজৰাট ভ্ৰমণ। তেওঁ আলোকপাত কৰে যে ইয়াৰ পূৰ্বে পুৱা তেওঁৰ ভগৱান সোমনাথৰ ঐশ্বৰিক দৰ্শন হৈছিল আৰু এতিয়া ৰাজকোটত অনুষ্ঠিত হোৱা বৃহত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে “বিকাশ ভি, বিৰাসত ভি” মন্ত্ৰ সকলোতে প্ৰতিধ্বনিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো অংশগ্ৰহণকাৰীক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰে।অন্ধ্ৰপ্ৰদেশৰ পুট্টপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 19th, 11:00 am
মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰত মোৰ সতীৰ্থ ৰামমোহন নাইডু, জি. কিষাণ ৰেড্ডী, ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা, শচীন তেণ্ডুলকাৰ, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৰা লোকেশ, শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ পৰিচালন ন্যাসৰক্ষী আৰ. জে. ৰত্নাকৰ, উপাচাৰ্য্য কে. চক্ৰৱৰ্তী, ঐশ্বৰ্য্য, বাকী সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল, সাই ৰাম!অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 19th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ পুট্টাপৰ্থীত ভগৱান শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ‘সাই ৰাম’ৰে তেওঁৰ ভাষণ আৰম্ভ কৰে আৰু কয় যে পুট্টাপৰ্থীৰ পবিত্ৰ ভূমিত সকলোৰে মাজত উপস্থিত থকাটো এক আৱেগিক আৰু আধ্যাত্মিক অভিজ্ঞতা। তেওঁ কয় যে অলপ সময়ৰ পূৰ্বে তেওঁ বাবাৰ সমাধিত পুষ্পস্তবক অর্পণ কৰাৰ সুযোগ পাইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বাবাৰ চৰণত প্ৰণিপাত কৰা আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰাটোৱে সদায় গভীৰ আৱেগেৰে হৃদয় ভৰাই ৰাখে।মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
October 14th, 01:15 pm
ছবছৰৰ অন্তত মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ এক অতি বিশেষ অনুষ্ঠান। এই ভ্ৰমণ ভাৰত আৰু মংগোলিয়াই কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ আৰু কৌশলগত অংশীদাৰিত্বৰ ১০ বছৰ উদযাপন কৰাৰ সময়তে হৈছে। এই উপলক্ষে আমি আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্য, বৈচিত্ৰ্য আৰু গভীৰ সভ্যতামূলক সম্পৰ্কৰ প্ৰতীক হিচাপে এটা যৌথ ডাক ষ্টাম্প জাৰি কৰিছো।গুজৰাটৰ আহমেদাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
August 25th, 06:42 pm
আজি আপোনালোক সকলোৱে এটা পৰিৱেশৰ সৃষ্টি কৰিছে। বহু সময়ত মই ভাবোঁ যে কি সৌভাগ্য, এই লাখ লাখ মানুহৰ মৰম আৰু তেওঁলোকৰ আশীৰ্বাদ, মই আপোনালোক সকলোকে যিমানেই ধন্যবাদ নকৰোঁ কিয়, সিমানেই কম। চাওক, সেইফালে সৰু নৰেন্দ্ৰ এজন থিয় হৈছে।গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকাৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 25th, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশৰ উন্নয়নৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশ বৰ্তমান গণেসোৎসৱৰ আনন্দত নিমগ্ন হৈ আছে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে গণপতি বাপ্পাৰ আশীৰ্বাদত আজি গুজৰাটৰ অগ্ৰগতিৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ আৰম্ভণি কৰা হৈছে। তেওঁ ৰাইজৰ চৰণত একাধিক প্ৰকল্প উচৰ্গা কৰাৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰি এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে সকলো নাগৰিককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।২০০০ কোটি টকা ব্যয়ৰে কেন্দ্ৰীয় খণ্ডৰ আঁচনি “ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (এনচিডিচি)লৈ সাহায্য অনুদান”ত অনুমোদন জনালে কেবিনেটে
July 31st, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫-২৬ৰ পৰা ২০২৮- ২৯ চনলৈ (২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা প্ৰতি বছৰে ৫০০ কোটি টকা) চাৰি বছৰৰ বাবে ২০০০ কোটি টকা ব্যয়ৰে কেন্দ্ৰীয় খণ্ডৰ আঁচনি “ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমলৈ সাহায্য অনুদান”ত অনুমোদন জনায়।প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 11th, 11:00 am
মঞ্চত বিৰাজমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধিসকল, বানাস দুগ্ধ বিভাগৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰী আৰু ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিবলৈ অহা মোৰ সকলো পৰিয়ালৰ সদস্য,প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে
April 11th, 10:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সমাৱেশত ভাষণ দি কাশীৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি এই আশীৰ্বাদৰ বাবে তেওঁৰ পৰিয়াল আৰু অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁক আগবঢ়োৱা মৰম আৰু সমৰ্থন স্বীকাৰ কৰে। এই প্ৰেমৰ প্ৰতি তেওঁ ঋণী বুলি উল্লেখ কৰি কয় যে কাশী তেওঁৰ আৰু তেওঁ কাশীৰ। কাইলৈ হনুমান জন্মোৎসৱৰ শুভ উপলক্ষ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কাশীৰ সংকট মোচন মহাৰাজক সাক্ষাৎ কৰাৰ সুযোগ পোৱাতো তেওঁৰ সৌভাগ্য বুলি প্ৰকাশ কৰে। তেওঁ হনুমান জন্মোৎসৱৰ পূৰ্বে কেনেদৰে কাশীৰ জনসাধাৰণে উন্নয়নৰ উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হৈছে সেই বিষয়েও আলোকপাত কৰে।কেবিনেটে দুগ্ধ উন্নয়নৰ অৰ্থে সংশোধিত ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰমত (NPDD) অনুমোদন জনায়
March 19th, 04:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি দুগ্ধ উন্নয়নৰ অৰ্থে সংশোধিত ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰমত (NPDD) অনুমোদন জনাইছে।বিহাৰৰ ভাগলপুৰত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 24th, 02:35 pm
মহৰ্ষি মেহীৰ তপস্যাস্থলী, ভগৱান বাসুপুজ্যৰ ভূমি, য'ত বিশ্ববিখ্যাত বিক্ৰমশিলা মহাবিহাৰ অৱস্থিত, আৰু বাবা বুধনাথৰ পবিত্ৰ ভূমি অংগৰাজ দানবীৰ কৰ্ণৰ এই ভূমিৰ পৰা সকলো ভাই-ভনীলৈ মোৰ শুভেচ্ছা!পিএম কিষাণৰ ১৯তম কিস্তিৰ মুকলি, বিহাৰৰ ভগলপুৰৰ পৰা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 24th, 02:30 pm
কৃষকৰ কল্যাণ নিশ্চিত কৰাৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ভগলপুৰৰ পৰা পিএম কিষাণৰ ১৯সংখ্যক কিস্তি মুকলি কৰে। এই উপলক্ষে তেওঁ বহু উন্নয়নমূলক প্ৰকল্পও শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ভাৰ্চুৱেলী অনুষ্ঠানত যোগদান কৰা সকলো গণ্যমান্য ব্যক্তি আৰু ৰাইজক আদৰণি জনায়। মহাকুম্ভৰ পবিত্ৰ কালত মন্দাচল ভূমিত ভৰি দিয়াটো এক বৃহৎ সৌভাগ্যৰ কথা বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে এই স্থানত আধ্যাত্মিকতা, ঐতিহ্যৰ লগতে বিকশিত ভাৰতৰ সম্ভাৱনাও আছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ই শ্বহীদ তিলকা মাঝিৰ ভূমি হোৱাৰ লগতে ৰেচম চহৰ হিচাপেও বিখ্যাত। তেওঁ লগতে কয় যে বাবা আজগৈবিনাথৰ পবিত্ৰ ভূমিতো আগন্তুক মহা শিৱৰাত্ৰীৰ প্ৰস্তুতি চলি আছে। তেওঁ কয় যে এনে এক পূণ্য মুহূৰ্তত পিএম কিষাণৰ ১৯সংখ্যক কিস্তি মুকলি কৰাৰ সৌভাগ্য হৈছিল আৰু ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে প্ৰায় ২২,০০০ কোটি টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত জমা হৈছিল।শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
December 16th, 01:00 pm
মহামহিম ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়ক, দুয়োখন দেশৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ বন্ধুসকল, আটাইতকে শুভেচ্ছা জনাইছো!উত্তৰ প্ৰদেশৰ বাৰাণসীত এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন, দেশবাসীৰ প্ৰতি উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 23rd, 02:45 pm
মঞ্চত উপৱিষ্ট উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী মহেন্দ্ৰ নাথ পাণ্ডেজী, উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকজী, ‘বনাছ ডেইৰী’ৰ অধ্যক্ষ শংকৰভাই চৌধুৰী, ‘ভাৰতীয় জনতা পাৰ্টী’ৰ ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰীজী, ৰাজ্যখনৰ অন্যান্য মন্ত্ৰী, জনপ্ৰতিনিধি আৰু মোৰ কাশী পৰিয়ালৰ ভাই-ভনীসকল।