Participants of Viksit Vibrant Village Programme share their experiences with PM Modi
July 26th, 10:27 pm
PM Modi interacts with participants of the Viksit Vibrant Village Programme 2026, as MYBharat volunteers share inspiring stories from India's border villages. Participants recount how the journey transformed their perspectives through interactions with local communities, firsthand experiences of life in border villages and a deeper understanding of the spirit of Ek Bharat, Shreshtha Bharatশ্ৰীমতী ভাৱনাবেন পেটেলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
June 22nd, 01:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয়শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ প্ৰশাসক শ্ৰী প্ৰভুলভাই পেটেলৰ পত্নী শ্ৰীমতী ভাৱনাবেন পেটেলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।Daman has become a living example of Mini India: PM Modi
June 05th, 07:20 pm
Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।৫ জুনত চুৰাট আৰু দমন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 04th, 10:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৫ জুনত গুজৰাট আৰু ডমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া প্ৰায় দুই বাজি ত্ৰিশ মিনিটত চুৰাট জিলাৰ হাজিৰা ভ্ৰমণ কৰি চলি থকা ঔদ্যোগিক কাৰ্য্যকলাপ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিব। সন্ধিয়া প্ৰায় ৪ বাজি ১৫ মিনিটত প্ৰধানমন্ত্ৰীয়ে চুৰাটত প্ৰায় ১৮,৮০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা-নগৰ হাভেলী আৰু দমন-দিউৰ প্ৰশাসকে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
May 24th, 08:47 pm
কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা-নগৰ হাভেলী আৰু দমন-দিউৰ প্ৰশাসক শ্ৰী প্ৰফুল্ল কে পেটেলে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ছিলভাছাত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 07th, 03:00 pm
দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ প্ৰশাসক শ্ৰী প্ৰফুল্লভাই পেটেল, সংসদত মোৰ সতীৰ্থ শ্ৰীমতী কলবেন ডেলকাৰ, সকলো গণ্যমান্য ব্যক্তি, ভাই-ভনীসকল, সকলোকে নমস্কাৰ জনালোঁ।কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ছিলভাছাত ২,৫৮০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 07th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ছিলভাছাত ২,৫৮০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। কাৰ্যসূচীৰ পূৰ্বে তেওঁ ছিলভাছাত নমো হাস্পতাল উদ্বোধন কৰে। ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ নিষ্ঠাবান কৰ্মীসকলক অঞ্চলটোৰ সৈতে সাক্ষাৎ আৰু সংযোগ স্থাপনৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। জনসাধাৰণৰ সৈতে তেওঁৰ উষ্ণ আৰু দীৰ্ঘদিনীয়া সংগক স্বীকাৰ কৰি তেওঁ কয় যে অঞ্চলটোৰ সৈতে তেওঁৰ সম্পৰ্ক কেইবা দশক পুৰণি। ২০১৪ চনত তেওঁৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিভিন্ন খণ্ডৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ সম্ভাৱনাক আধুনিক আৰু প্ৰগতিশীল পৰিচয়লৈ ৰূপান্তৰিত কৰিছে।প্ৰধানমন্ত্ৰীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব
March 07th, 07:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব। তেওঁ ৭ মাৰ্চত চিলভাছা ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ২ বজাত তেওঁ ‘এনএএমঅ' হস্পিতাল’ (প্ৰথম পৰ্যায়) উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ২:৪৫ বজাত তেওঁ চিলভাছাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ২৫৮০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত তেওঁ চুৰাট ভ্ৰমণ কৰিব আৰু সন্ধিয়া প্ৰায় ৫ বজাত তেওঁ ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্ততা অভিযান’ আৰম্ভ কৰিব। ৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে নৱসাৰী ভ্ৰমণ কৰিব আৰু পুৱা প্ৰায় ১১:৩০ বজাত তেওঁ ‘লাখপতি দিদি’সকলৰ সৈতে বাৰ্তালাপ কৰিব যাৰ পিছত এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত হ'ব য'ত বিভিন্ন আঁচনিৰ শুভাৰম্ভ কৰা হ'ব।৪২ সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
June 28th, 07:49 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ সমন্বিত প্ৰ’-এক্টিভ গভৰ্নেন্স আৰু সময়মতে ৰূপায়ণৰ বাবে আইচিটি ভিত্তিক মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৪২ সংখ্যক সংস্কৰণৰ বৈঠক অনুষ্ঠিত হয়।দমনত নমো পথ, দেৱকা সমুদ্ৰ তীৰ দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
April 25th, 11:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত নমো পথ, দেৱকা সমুদ্ৰ তীৰ দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিৰ্মাণ শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ সৈতে এখন আলোকচিত্ৰৰ বাবেও প’জ দিয়ে। তেওঁ নয়া ভাৰত চেলফি পইণ্টো পৰিদৰ্শন কৰে।ছিলভাছাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 25th, 04:50 pm
মঞ্চত উপস্থিত শ্ৰীমান প্ৰফুল্ল পেটেল, সাংসদ শ্ৰী বিনোদ সোণকাৰ, সাংসদ ভগ্নী কালাবেন, জিলা পৰিষদৰ সভানেত্ৰী নিশা ভৱৰ জী, ভাই ৰাকেশ সিং চৌহান জী, চিকিৎসা জগতৰ বন্ধুসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল৷ কেম চো মাজা, সুখ মা, সন্তোষ মা, আনন্দ মা, প্ৰগতি মা, বিকাশ মা...ৱাহ। যেতিয়াই ইয়ালৈ আহোঁ তেতিয়াই মোৰ হৃদয় আনন্দৰে ভৰি পৰে। দমন, দিউ, দাদৰা আৰু নগৰ হাভেলীৰ উন্নয়ন যাত্ৰা দেখি মোৰ বহুত আনন্দ লাগিছে। আৰু এতিয়া ভিডিঅ’টো চোৱা কোনোৱেই কল্পনা কৰিব নোৱাৰে যে ইমান সৰু এলেকাত চাৰিফালে কিমান আধুনিক আৰু দ্ৰুত বিকাশ হৈছে, সেইটো আমি ভিডিঅ’টোত বহুত ভালকৈ দেখিছো।ছিলভাছা, দাদৰা আৰু নগৰ হাভেলীত ৪৮৫০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশলৈ উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
April 25th, 04:49 pm
আজি ছিলভাছা, দাদৰা আৰু নগৰ হাভেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৮৫০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ছিলভাছাৰ NAMO মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট মুকলি, আৰু চৰকাৰী বিদ্যালয়, দমনৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়, বিভিন্ন পথ সৌন্দৰ্য্যবৰ্ধন, শক্তিশালী আৰু বহল কৰা, মাছৰ বজাৰ, বজাৰ-সমাৰ আদি ৯৬টা প্ৰকল্পৰ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন আদি। প্ৰধানমন্ত্ৰীয়ে ডিউ আৰু ছিলভাছাৰ পৰা পিএমএৱাই আৰ্বানৰ হিতাধিকাৰীসকলক ঘৰৰ চাবিও প্ৰদান কৰে।২৪ আৰু ২৫ এপ্ৰিলত মধ্যপ্ৰদেশ, কেৰালা, দাদকা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 21st, 03:02 pm
২৪ এপ্ৰিলৰ পুৱা প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ ৰেৱাত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব, য’ত তেওঁ প্ৰায় ১৭,০০০ কোটি টকা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ প্ৰায় ৭১,০০০ নিযুক্তিপ্ৰাপ্তক নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণ পাঠ
November 22nd, 10:31 am
আপোনালোক সকলোকে বহুত অভিনন্দন। আজি দেশৰ ৪৫ খন চহৰত ৭১,০০০ তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আজি হাজাৰ হাজাৰ ঘৰত সুখ-সমৃদ্ধিৰ এক নতুন যুগ আৰম্ভ হৈছে। যোৱা মাহত, ধনতেৰাছৰ আজিৰ দিনটোতে, কেন্দ্ৰীয় চৰকাৰে ৭৫,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিছিল। চৰকাৰে চৰকাৰী চাকৰি প্ৰদানৰ বাবে কেনেদৰে মিছন মোডত কাম কৰি আছে সেয়া আজিৰ 'ৰোজগাৰ মেলা'ই প্ৰমাণ কৰে।প্ৰধানমন্ত্ৰীয়ে ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে
November 22nd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাই নিযুক্তি সৃষ্টিত সহায়ক হিচাপে কাম কৰিব আৰু যুৱসকলৰ সশক্তিকৰণৰ লগতে ৰাষ্ট্ৰীয় উন্নয়নত প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ইয়াৰ পূৰ্বে অক্টোবৰত, ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত কৰা নিযুক্তিপ্ৰাপ্ত সকলক ৭৫,০০০ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল।গোৱাৰ পানাজীৰ হৰ ঘৰ জল উৎসৱত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ অসমীয়া অনুবাদ
August 19th, 04:51 pm
নমস্কাৰ, গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্তজী, কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতজী, গোৱা চৰকাৰৰ অন্যান্য মন্ত্ৰী, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল, আজি এক অতি গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ দিন। শ্ৰী কৃষ্ণ জন্মাষ্টমী সমগ্ৰ দেশতে উদযাপন কৰা হয়। সমগ্ৰ বিশ্বতে বিয়পি পৰা ভগৱান কৃষ্ণৰ ভক্তসকলক সকলো দেশবাসীক বহুত অভিনন্দন জনাইছো। জয় শ্ৰী কৃষ্ণ।প্ৰধানমন্ত্ৰীয়ে এটা ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল জীৱন মিছনৰ অধীনত হৰ ঘৰ জল উৎসৱত সম্বোধন কৰে
August 19th, 12:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল জীৱন মিছনৰ অধীনত হৰ ঘৰ জল উৎসৱত ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানটো পানাজী গোৱাত অনুষ্ঠিত হৈছিল। অনুষ্ঠানত উপস্থিত থকা সকলৰ ভিতৰত গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱৎ অন্যতম আছিল। প্ৰধানমন্ত্ৰীয়ে পৱিত্ৰ জন্মাষ্টমী উপলক্ষে শ্ৰীকৃষ্ণৰ ভক্তসকলক শুভেচ্ছা জ্ঞাপন কৰে।হিমাচল প্ৰদেশত ক’ভিড টীকাকৰণ অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
September 06th, 11:01 am
হিমাচল প্ৰদেশত আজি এজন ‘প্ৰধান সেৱক’ হিচাপেই নহয় বৰং পৰিয়াল এগৰাকী সদস্য হিচাপেও মই গৌৰৱ কৰাৰ সুযোগ লাভ কৰিছো। মই সৰু সৰু সা-সুবিধাসমূহৰ বাবেও সংঘৰ্ষ কৰা হিমাচলখনক দেখিছো, আৰু আজি বিকাশ-গাঁথা লিখি থকা হিমাচলখনকো প্ৰত্যক্ষ কৰিছো। এয়া সকলো দেৱী-দেৱতাৰ আশীৰ্বাদ, হিমাচল চৰকাৰৰ কৰ্মকুশলতা আৰু হিমাচলৰ প্ৰতিগৰাকী ব্যক্তিৰ সজাগতাৰে সম্ভৱ হৈছে। মই আকৌ এবাৰ যিসকলৰ সৈতে কথা পতাৰ সুযোগ পালো আৰ যি দৰে সকলোৱে কথা পাতিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। মই গোটেই টীমটোকে ধন্যবাদ জনাইছো। হিমাচলে এটা টীমৰ ৰূপত কাম কৰি অদ্ভুত সাফল্য লাভ কৰিলে। মোৰ ফালৰ পৰা আপোনালোক আটাইকে বহুত বহুত শুভকামনা যাঁচিলো।হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
September 06th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শ্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী, শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ, বিধায়ক, পঞ্চায়ত নেতা তথা অন্যান্যসকল উপস্থিত থাকে।