উত্তৰ প্ৰদেশৰ নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
March 28th, 12:15 pm
উদ্বোধন হৈ গ'ল নেকি? উদ্বোধন হৈ গ'ল নেকি? নাই, এতিয়ালৈকে আধা কামহে কৰা হৈছে। মই কেৱল পৰ্দাখন উন্মোচন কৰিছো; কিন্তু মই বিচাৰিছো যে ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰক। গতিকে প্ৰত্যেকই মোবাইল ফোন উলিয়াই, টৰ্চ অন কৰক আৰু আপোনালোকেই উদ্বোধন কৰক। আপোনালোকৰ মোবাইল ফোনৰ লাইট জ্বলাৰ লগে লগেই —আজি ইয়াত উপস্থিত প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰিলে। এয়া আপোনালোকৰ সম্পদ; এয়া আপোনালোকৰ ভৱিষ্যত; এয়া আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যোগৰ ফল। ঠিক সেইবাবেই ইয়াৰ উদ্বোধনী আপোনালোকৰ হাতেৰেই কৰা হৈছে। হাত দুখন ওপৰলৈ তুলি কওক, ভাৰত মাতা কী জয় । আপোনালোকৰ টৰ্চবোৰ সকলোকে দেখাকৈ উজ্জ্বলভাৱে জিলিকিবলৈ দিয়ক! ভাৰত মাতা কী জয় !ভাৰত মাতা কী জয় ! ভাৰত মাতা কী জয় ! আপোনালোকক অশেষ ধন্যবাদ। এতিয়া—উদ্বোধন সম্পূর্ণ হ'ল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১১,২০০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰে
March 28th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ জেৱাৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। এই উপলক্ষ্যে গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিকশিত উত্তৰ প্ৰদেশৰ এক নতুন অধ্যায় আৰম্ভ হৈছে, বিকশিত ভাৰতৰ অভিযানতো এয়া এক নতুন অধ্যায়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন এতিয়া সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ লগতে কয় যে তেওঁ দুটা কথাত অধিক গৌৰৱ অনুভৱ কৰিছে , প্ৰথমতে, এই বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰাৰ বাবে আৰু এতিয়া ইয়াৰ উদ্বোধন কৰাৰ সুবিধা পোৱাৰ বাবে আৰু দ্বিতীয়তে, এই সুন্দৰ বিমানবন্দৰটিৰ নাম উত্তৰ প্ৰদেশৰ সৈতে জড়িত। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এইখনেই ৰাজ্য যিয়ে মোক নিজৰ প্ৰতিনিধি হিচাপে বাছি লৈ মোক সংসদৰ সদস্য কৰিছিল আৰু ইয়াৰ পৰিচয় এতিয়া এই সুন্দৰ বিমানবন্দৰৰ সৈতে জড়িত।পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ মূলপাঠ
March 24th, 02:05 pm
পশ্চিম এছিয়াত চলি থকা যুদ্ধ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে আমি সকলোৱে অৱগত। এই ভয়ংকৰ পৰিস্থিতিত চৰকাৰৰ স্থিতি ভাগ বাটোৱাৰা কৰিবলৈ মই আজি সংসদৰ উচ্চ সদনৰ সন্মুখত আৰু দেশবাসীসকলৰ সন্মুখত উপস্থিত হৈছো। পশ্চিম এছিয়াত এই যুদ্ধ তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি আছে। এই যুদ্ধই বিশ্বজুৰি এক গুৰুতৰ শক্তি সংকটৰ সৃষ্টি কৰিছে। এই পৰিস্থিতি ভাৰতৰ বাবেও উদ্বেগজনক। এই যুদ্ধই আমাৰ বাণিজ্য পথসমূহক প্ৰভাৱিত কৰিছে। ইয়াৰ ফলত পেট্ৰ’ল, ডিজেল, গেছ আৰু সাৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগানত প্ৰভাৱ পৰিছে। উপসাগৰীয় দেশসমূহত প্ৰায় ১ কোটি ভাৰতীয় বাস কৰে আৰু কাম কৰে। তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষা ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয়। সমগ্ৰ বিশ্বৰ পৰা অহা বহুতো জাহাজ বৃহৎ সংখ্যক ভাৰতীয় কৰ্মচাৰীক লৈ হৰমুজ জলপ্ৰণালীত আবদ্ধ হৈ আছে। এইটো ভাৰতৰ বাবেও এক বৃহৎ উদ্বেগৰ বিষয়। এনে এক ভয়ংকৰ পৰিস্থিতিত ভাৰতীয় সংসদৰ এই উচ্চ সদনৰ পৰা সমগ্ৰ বিশ্বতে শান্তি আৰু আলোচনাৰ বাবে এক ঐক্যবদ্ধ কণ্ঠ শুনাটো জৰুৰী।পশ্চিম এছিয়াত চলি থকা সংঘাতক লৈ ৰাজ্যসভাত ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
March 24th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ভাষণ দি পশ্চিম এছিয়াত চলি থকা সংঘাতৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ত চৰকাৰৰ স্থিতি স্পষ্ট কৰে। তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি থকা যুদ্ধই ভাৰতত বাবে গভীৰভাৱে উদ্বেগজনক প্ৰভাৱ পেলোৱাৰ লগতে বিশ্বত এক ভয়াৱহ শক্তি সংকটৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে এই সংঘাতে ভাৰতৰ বাণিজ্যিক পথত ব্যাঘাত জন্মাইছে আৰু পেট্ৰ’ল, ডিজেল, গেছ, সাৰ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগানত প্ৰভাৱ পেলাইছে। উপসাগৰীয় দেশসমূহত প্ৰায় এক কোটি ভাৰতীয়ই বাস কৰাৰ লগতে কাম কৰি থকাৰ বাবে তেওঁলোকৰ সুৰক্ষা আৰু জীৱিকাৰ বিষয় হৈয়েই আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে হৰমুজ জলদ্বীপত জাহাজত আবদ্ধ হৈ থকা বৃহৎ সংখ্যক ভাৰতীয় নাৱিকৰ বিষয়টোও উল্লেখ কৰে।অসমৰ গোলাঘাটত পলিপ্ৰপাইলিন প্লাণ্টৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 14th, 03:30 pm
ভাৰত মাতা কী জয়! অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, হৰদীপ সিং পুৰী জী, অসম চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ইয়াত অংশগ্ৰহণ কৰা মোৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গোলাঘাটত বায়'ইথানল প্ৰকল্প উদ্বোধন কৰাৰ লগতে পলিপ্ৰ'পাইলিন গোটৰ আধাৰশিলা স্থাপন কৰে
September 14th, 03:00 pm
স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু জীৱাশ্ম ইন্ধনৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গোলাঘাটৰ নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল)ত অসম বায়’ইথানল প্ৰকল্প উদ্বোধন কৰাৰ লগতে পলিপ্ৰ’পাইলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে শাৰদীয় দুৰ্গা পূজা উপলক্ষে সকলো নাগৰিক আৰু অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। মহান আধ্যাত্মিক ব্যক্তি শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বাৰ্ষিকীৰ তাৎপৰ্য স্বীকাৰ কৰি শ্ৰদ্ধাৰ গুৰুজনাৰ প্ৰতি তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।দিল্লীৰ যশোভূমিত আয়োজিত ছেমিকন ইণ্ডিয়া, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
September 02nd, 10:40 am
কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ অশ্বিনী বৈষ্ণৱ জী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি জী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদ জী, ছেমিৰ অধ্যক্ষ অজিত মনোচা জী, ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগী, ভিন্ন দেশৰ পৰা ইয়াত উপস্থিত হোৱা আমাৰ অতিথিসকল, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগীসকল, ভিন্ন ৰাজ্যৰ পৰা অহা মোৰ যুৱ-ছাত্ৰ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!নতুন দিল্লীত ছেমিকন ইণ্ডিয়া, ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 02nd, 10:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰক অনুঘটক হিচাপে কাম কৰাৰ লক্ষ্যৰে ‘ছেমিকন ইণ্ডিয়া-২০২৫’ উদ্বোধন কৰে। সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগীসকলৰ উপস্থিতি আদৰণি জনায়। তেওঁ বিভিন্ন দেশৰ বিশিষ্ট অতিথি, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগী আৰু দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যুৱ ছাত্ৰ-ছাত্ৰীসকলকো আদৰণি জনায়।ওড়িশাৰ ৰাজ্য চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে্য অনুষ্ঠিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 20th, 04:16 pm
ওড়িশাৰ ৰাজ্যপাল হৰি বাবু ডাঙৰীয়া , আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি ডাঙৰীয়া , কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱাল ওৰাম ডাঙৰীয়া , ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া , অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, ওড়িশাৰ উপ মুখ্যমন্ত্ৰী কনক বৰ্ধন সিং দেৱ ডাঙৰীয়া, প্ৰৱতী পৰিদা ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ওড়িশাৰ মোৰ সকলো ভাই-ভনী!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰে
June 20th, 04:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভুৱনেশ্বৰত ওড়িশা চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে আয়োজিত অনুষ্ঠানত সভাপতিত্ব কৰে। ওড়িশাৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে খোৱাপানী, জলসিঞ্চন, কৃষি আন্তঃগাঁথনি, স্বাস্থ্য আন্তঃগাঁথনি, গ্ৰাম্য পথ আৰু দলং, ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ, আৰু নতুন ৰে'লপথকে ধৰি জটিল খণ্ডসমূহ সামৰি ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 23rd, 11:00 am
কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে
May 23rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।ইথানল মিশ্ৰিত পেট্ৰল (ইবিপি) কাৰ্যসূচীৰ অধীনত ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে (অ’এমচি) ইথানল ক্ৰয়ৰ ব্যৱস্থা– ইথানল যোগান বছৰ (ইএছৱাই) ২০২৪-২৫ৰ বাবে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহক যোগান ধৰা ইথানলৰ মূল্য পুনৰীক্ষণত কেবিনেটৰ অনুমোদন
January 29th, 03:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীৰ বৈঠকত ২০২৪ৰ পৰা ২০২৫ চনৰ ৩১ অক্টোবৰলৈ ভাৰত চৰকাৰৰ ইথানল মিশ্ৰিত পেট্ৰ’ল (ইবিপি) কাৰ্যসূচীৰ অধীনত ১ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ইথানল যোগান বৰ্ষ (ইএছৱাই) ২০২৪-২৫ৰ বাবে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহৰ বাবে ইথানল ক্ৰয়ৰ মূল্য পুনৰীক্ষণত অনুমোদন জনোৱা হৈছে। সেই অনুসৰি ইথানল যোগান বৰ্ষ ২০২৪-২৫ (১ নৱেম্বৰ ২০২৪ৰ পৰা ৩১ অক্টোবৰ ২০২৫লৈ)ৰ বাবে চি হেভি গুৰ (চিএইচএম)ৰ পৰা আহৰণ কৰা ইবিপি কাৰ্যসূচীৰ বাবে ইথানলৰ প্ৰশাসনিক এক্স-মিল মূল্য প্ৰতি লিটাৰত ৫৬.৫৮ টকাৰ পৰা ৫৭.৯৭ টকা নিৰ্ধাৰণ কৰা হৈছে।ৱাৰ্ধা, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
September 20th, 11:45 am
মাত্ৰ দুদিন আগতে আমি সকলোৱে বিশ্বকৰ্মা পূজাৰ উৎসৱ পালন কৰিলোঁ। আৰু আজি, ৱাৰ্ধাৰ পৱিত্ৰ ভূমিত আমি পিএম বিশ্বকৰ্মা যোজনাৰ সফলতাৰ উৎসৱ উদযাপন কৰিছোঁ। আজি এই দিনটো এইবাবেও বিশেষ, কাৰণ ১৯৩২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত বিশ্বকৰ্মা যোজনাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই উদযাপন, বিনোৱা ভৱেৰ এই সাধনাস্থলী, মহাত্মা গান্ধীৰ এই কৰ্মস্থলী, ৱাৰ্ধাৰ এই ভূমি, এই অভিজ্ঞতা আৰু প্ৰেৰণাৰ এনে সংগম, যিয়ে বিকশিত ভাৰতৰ আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমি শ্ৰমৰ জৰিয়তে সমৃদ্ধি, ইয়াৰ দক্ষতাৰ জৰিয়তে উন্নত ভৱিষ্যতৰ যি সংকল্প লৈছোঁ, ৱাৰ্ধাত বাপুৰ প্ৰেৰণাই আমাৰ সেই সংকল্পবোৰক পূৰ্ণতালৈ লৈ যোৱাৰ মাধ্যম হৈ পৰিব। মই এই আঁচনিৰ সৈতে জড়িত সকলো লোককে, সমগ্ৰ দেশৰ সকলো হিতাধিকাৰীকে এই উপলক্ষে অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচী সম্বোধন
September 20th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচীত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে 'আচাৰ্য চাণক্য দক্ষতা বিকাশ' আঁচনি আৰু 'পুণ্যশ্লোক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি' মুকলি কৰে। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ প্ৰমাণপত্ৰ আৰু ঋণ মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাকটিকটো মুকলি কৰে। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত প্ৰদৰ্শিত প্ৰদৰ্শনীখনৰ কিছু অংশ পদব্ৰজে ভ্ৰমণ কৰে।অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত-বিকশিত উত্তৰ-পূব কাৰ্য্যসূচী সম্বোধনৰ পূৰ্ণপাঠ
March 09th, 11:09 am
অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ ৰাজ্যপালসকল আৰু মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থসকল, ৰাজ্যকেইখনৰ মন্ত্ৰীসকল, সতীৰ্থ সাংসদসকল, সকলো বিধায়ক, সকলো জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল!অৰুণাচল প্ৰদেশৰ ইটানগৰত বিকশিত ভাৰত বিকশিত উত্তৰ-পূব কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 09th, 10:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত বিকশিত ভাৰত বিকশিত উত্তৰ-পূব কাৰ্যসূচীত ভাষণ আগবঢ়ায়৷ শ্ৰী মোদীয়ে মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত প্ৰায় ৫৫,৬০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। তদুপৰি তেওঁ চেলা সুৰংগ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে প্ৰায় ১০ হাজাৰ কোটি টকাৰ উন্নতি আঁচনি মুকলি কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰে’ল, পথ, স্বাস্থ্য, গৃহ নিৰ্মাণ, শিক্ষা, সীমান্ত আন্তঃগাঁথনি, তথ্য প্ৰযুক্তি, শক্তি, তেল আৰু গেছ আদি খণ্ডক সামৰি লৈছে।বিহাৰৰ বেগুছৰাইত বিভিন্ন প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 02nd, 08:06 pm
বিহাৰৰ ৰাজ্যপাল শ্ৰীযুত ৰাজেন্দ্ৰ আৰ্লেকাৰ ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰীযুত নীতিশ কুমাৰ ডাঙৰীয়া, মন্ত্ৰীসভাত মোৰ সতীৰ্থ গিৰিৰাজ সিং ডাঙৰীয়া, হৰদীপ সিং পুৰী ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী বিজয় সিনহা ডাঙৰীয়া, সম্ৰাট চৌধুৰী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আন সকলো বিশিষ্ট ব্যক্তি আৰু বেগুছৰাইৰ পৰা অহা মোৰ প্ৰিয় উৎসাহী ভাতৃ আৰু ভগ্নীসকল।বিহাৰৰ বেগুচৰাইত একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
March 02nd, 04:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ বেগুচৰাইত সমগ্ৰ দেশতে প্ৰায় ১.৪৮ লাখ কোটি টকাৰ একাধিক তেল আৰু গেছ খণ্ডৰ প্ৰকল্প আৰু বিহাৰৰ ১৩,৪০০ টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে।পশ্চিমবংগৰ আৰামবাগত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 01st, 03:15 pm
পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসেজী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ শান্তনু ঠাকুৰজী, পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী, সাংসদ অপৰূপা পোদ্দাৰজী, সুকান্ত মজুমদাৰজী, সৌমিত্ৰ খান জী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু সুধীবৃন্দ।