আই বি এছ এৰ নেতা সভাত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

November 23rd, 12:45 pm

জোহান্সবাৰ্গৰ সজীৱ আৰু সুন্দৰ চহৰত অনুষ্ঠিত হোৱা আই বি এছ এৰ নেতা সভাত অংশগ্ৰহণ কৰাটো মোৰ বাবে এক বৃহৎ আনন্দৰ কথা। এই পদক্ষেপৰ বাবে আই বি এছ এৰ অধ্যক্ষ ৰাষ্ট্ৰপতি লুলালৈ আৰু তেওঁৰ উষ্ম আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

জোহান্সবাৰ্গত ইণ্ডিয়া-ব্ৰাজিল-ছাউথ আফ্ৰিকা (আই বি এছ এ)ৰ নেতাৰ সভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

November 23rd, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ইণ্ডিয়া-ব্ৰাজিল-ছাউথ আফ্ৰিকা (আই বি এছ এ)ৰ সভাত অংশগ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম চিৰিল ৰামাফোছাৰ আতিথ্যত আয়োজিত বৈঠকত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম লুইজ ইনাচিঅ’ লুলা ডা ছিলভায়ো ভাগ লয় ।

৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ আলোকপাত

August 15th, 03:52 pm

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰা, ভাৰতক আত্মনিৰ্ভৰ কৰা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতৃত্ব আহৰণ কৰা, সমাজৰ সকলো শ্ৰেণীৰ বাবে সামাজিক ন্যায় নিশ্চিত কৰা আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃঢ় সংকল্প আদি কেইবাটাও বিষয়ৰ ওপৰত ভৱিষ্যতৰ বিস্তৃত ৰূপৰেখা দাঙি ধৰে।

৭৯ তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

August 15th, 07:00 am

স্বাধীনতাৰ এই মহান উৎসৱ ১৪০ কোটি ভাৰতীয়ৰ সংকল্পৰ উদযাপন। এয়া হৈছে আমাৰ সামূহিক কৃতিত্ব প্ৰতিফলিত কৰা, গৌৰৱেৰে পৰিপূৰ্ণ, প্ৰতিখন হৃদয়লৈ অপৰিসীম আনন্দ কঢ়িয়াই অনা এক বিষ্ময়কৰ উৎসৱ। আমাৰ দেশখনে একতাৰ মনোভাৱ প্ৰতিনিয়ত শক্তিশালী কৰিছে। আজি দেশৰ ১৪০ কোটি নাগৰিক ত্ৰিৰংগাৰ ৰঙেৰে বিঢৌত হৈছে। ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ লহৰ চৌপাশে উঠিছে, সেয়া মৰুভূমিয়েই হওক, কিম্বা হিমালয়ৰ শৃংগই হওক, সাগৰতীৰতেই হওক, বা ঘন জনবসতিপূৰ্ণ অঞ্চলতেই হওক, সকলোতে এটাই প্ৰতিধ্বনি, এটাই উল্লাস: আমাৰ প্ৰাণৰো প্ৰাণৰ, আমাৰ দেশ, গৰিমাৰ বেশ আমাৰ দেশ।

India celebrates 79th Independence Day

August 15th, 06:45 am

PM Modi, in his address to the nation on the 79th Independence day paid tribute to the Constituent Assembly, freedom fighters, and Constitution makers. He reiterated that India will always protect the interests of its farmers, livestock keepers and fishermen. He highlighted key initiatives—GST reforms, Pradhan Mantri Viksit Bharat Rozgar Yojana, National Sports Policy, and Sudharshan Chakra Mission—aimed at achieving a Viksit Bharat by 2047. Special guests like Panchayat members and “Drone Didis” graced the Red Fort celebrations.

India is not a follower but a first mover: PM Modi in Bengaluru

April 20th, 04:00 pm

Prime Minister Narendra Modi addressed public meetings in Bengaluru, Karnataka. Speaking to a vibrant crowd, he highlighted the achievements of the NDA government and outlined plans for the future.

PM Modi addresses public meetings in Chikkaballapur & Bengaluru, Karnataka

April 20th, 03:45 pm

Prime Minister Narendra Modi addressed public meetings in Chikkaballapur and Bengaluru, Karnataka. Speaking to a vibrant crowd, he highlighted the achievements of the NDA government and outlined plans for the future.

শ্ৰীলংকা আৰু মৰিচাছত ইউপিআই সেৱা আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

February 12th, 01:30 pm

মহামহিম ৰাষ্ট্ৰপতি ৰনীল ৱিক্ৰমসিংহ ডাঙৰীয়া, মহামহিম প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগন্নাথ ডাঙৰীয়া, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰ ডাঙৰীয়া, শ্ৰীলংকা, মৰিচাছ আৰু ভাৰতৰ চেণ্ট্ৰেল বেংকৰ গৱৰ্ণৰসকল আৰু এই উল্লেখযোগ্য অনুষ্ঠানৰ সকলো সন্মানীয় অংশগ্ৰহণকাৰী!

প্ৰধানমন্ত্ৰীয়ে মৰিছাছৰ প্ৰধানমন্ত্ৰী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথভাৱে ইউপিআই সেৱা শুভাৰম্ভ কৰে

February 12th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তেশ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰী ৰনিল বিক্রমসিংহ আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী শ্ৰীপ্রবিন্দ জগন্নাথৰ সৈতে যৌথভাৱে শ্ৰীলংকা আৰু মৰিছাছত ইউনিফাইড পেমেন্ট ইন্টাৰফেচ (UPI) সেৱাৰলগতে মৰিছাছত ৰুপেকাৰ্ড সেৱাৰ শুভাৰম্ভণি কৰে।

জি-২০ ডিজিটেল অৰ্থনীতি মন্ত্ৰীসকলৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ পাঠ

August 19th, 11:05 am

যোৱা ৯ বছৰত ভাৰতৰ ডিজিটেল ৰূপান্তৰ অভূতপূৰ্ব। এই সকলোবোৰ ২০১৫ চনত আমাৰ ডিজিটেল ইণ্ডিয়া পদক্ষেপ আৰম্ভ হোৱাৰ পৰাই আৰম্ভ হৈছিল। ই উদ্ভাৱনৰ প্ৰতি আমাৰ অটল বিশ্বাসৰ দ্বাৰা চালিত। ইয়াক ক্ষিপ্ৰ ৰূপায়ণৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ দ্বাৰা পৰিচালিত কৰা হৈছে। আৰু, ই আমাৰ অন্তৰ্ভুক্তিৰ মনোভাৱেৰে প্ৰেৰিত, কাকো পিছুৱাই নাৰাখে। এই ৰূপান্তৰৰ পৰিসৰ, গতি আৰু কল্পনাৰ বাহিৰত। আজি ভাৰতত ৮৫ কোটিৰো অধিক ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে, যিয়ে বিশ্বৰ কিছুমান সস্তা ডাটা খৰচ উপভোগ কৰি আছে। আমি প্ৰযুক্তিৰ সহায় লৈছোঁ শাসন ব্যৱস্থাক ৰূপান্তৰিত কৰিবলৈ, ইয়াক অধিক কাৰ্যক্ষম, অন্তৰ্ভুক্ত, দ্ৰুত আৰু স্বচ্ছ কৰি তুলিবলৈ। আমাৰ অনন্য ডিজিটেল পৰিচয় মঞ্চ আধাৰে আমাৰ এক পইণ্ট তিনি বিলিয়নতকৈও অধিক লোকক সামৰি লৈছে। আমি ভাৰতত বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ JAM ত্ৰিত্বৰ শক্তি- জন ধন বেংক একাউণ্ট, আধাৰ, আৰু মোবাইল- ব্যৱহাৰ কৰিছোঁ। প্ৰতিমাহে আমাৰ তৎক্ষণাত পেমেণ্ট ব্যৱস্থা ইউপিআইত প্ৰায় ১০ বিলিয়ন লেনদেন হয়। বিশ্বব্যাপী ৰিয়েল টাইম পেমেণ্টৰ ৪৫%তকৈ অধিক ভাৰতত ঘটে। প্ৰত্যক্ষ লাভ চৰকাৰী সমৰ্থনৰ হস্তান্তৰে লিকেজ প্লাগ কৰি আছে, আৰু ৩৩ বিলিয়ন ডলাৰতকৈ অধিক ৰাহি কৰিছে। CoWIN পৰ্টেলে ভাৰতৰ Covid টীকাকৰণ অভিযানক সমৰ্থন কৰিছিল। ই ডিজিটেলভাৱে পৰীক্ষা কৰিব পৰা প্ৰমাণপত্ৰৰ লগতে ২ বিলিয়নতকৈ অধিক ভেকচিনৰ মাত্ৰা প্ৰদান কৰাত সহায় কৰিছিল। গাতি-শক্তি মঞ্চত আন্তঃগাঁথনি আৰু লজিষ্টিকছৰ মানচিত্ৰ নিৰ্মাণৰ বাবে প্ৰযুক্তি আৰু স্থানীয় পৰিকল্পনা ব্যৱহাৰ কৰা হয়। ই পৰিকল্পনা, খৰচ হ্ৰাস, আৰু ডেলিভাৰীৰ গতি বৃদ্ধি কৰাত সহায় কৰিছে। আমাৰ অনলাইন ৰাজহুৱা ক্ৰয় মঞ্চ- চৰকাৰী ই-বজাৰে- প্ৰক্ৰিয়াটোত স্বচ্ছতা আৰু সততা আনিছে। ডিজিটেল বাণিজ্যৰ বাবে মুকলি নেটৱৰ্কে ই-কমাৰ্চক গণতান্ত্ৰিক কৰি তুলিছে। সম্পূৰ্ণ ডিজিটেলাইজড কৰ ব্যৱস্থাই স্বচ্ছতা আৰু ই-গভৰ্নেন্সক প্ৰসাৰিত কৰিছে। আমি ভাষিনী, কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা চালিত ভাষা অনুবাদ মঞ্চ নিৰ্মাণ কৰি আছোঁ। ই ভাৰতৰ সকলো বৈচিত্ৰ্যপূৰ্ণ ভাষাত ডিজিটেল অন্তৰ্ভুক্তিক সমৰ্থন কৰিব।

‘জি-২০ ডিজিটেল অৰ্থনীতি সম্পৰ্কীয় মন্ত্ৰীমণ্ডলীৰ বৈঠক’ত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে

August 19th, 09:00 am

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগৰ মনোভাৱৰ গৃহ বাংগালুৰু চহৰলৈ বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায় আৰু কয় যে ‘ডিজিটেল অৰ্থনীতি’ৰ বিষয়ে আলোচনা কৰাৰ বাবে ইয়াতকৈ ভাল ঠাই আৰু থাকিব নোৱাৰে।

জি-২০ স্বাস্থ্যমন্ত্ৰীৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ পাঠ

August 18th, 02:15 pm

ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ হৈ মই দেশৰ লগতে মোৰ গৃহ ৰাজ্য গুজৰাটত থকা আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছো। ভাৰতৰ ২৪ লাখ চিকিৎসক, ৩৫ লাখ নাৰ্ছ, ১৩ লাখ পেৰামেডিকেল, ১৬ লাখ ফাৰ্মাচিষ্ট আৰু আন লাখ লাখ স্বাস্থ্যসেৱা পেছাদাৰীৰ সৈতে আপোনালোকক আদৰণি জনাইছো।

জি-২০ স্বাস্থ্যমন্ত্ৰীসকলৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ

August 18th, 01:52 pm

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ২১ লাখ চিকিৎসক, ৩৫ লাখ নাৰ্ছ, ১৩ লাখ পেৰামেডিকেল, ১৬ লাখ ফাৰ্মাচিষ্ট আৰু ভাৰতৰ স্বাস্থ্যসেৱাৰ সৈতে জড়িত কেইবালাখ লোকৰ হৈ উপস্থিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায়।

বিল গেটছক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে

March 04th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নতুন দিল্লীত বিল গেটছক সাক্ষাৎ কৰে।

'প্ৰযুক্তি ব্যৱহাৰ কৰি জীৱন যাপনৰ সহজতা' শীৰ্ষক পোষ্ট বাজেট ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ পাঠৰ অসমীয়া ৰূপান্তৰ

February 28th, 10:05 am

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আজিৰ বাজেট ৱেবিনাৰৰ বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ। একবিংশ শতিকাৰ পৰিৱৰ্তনশীল ভাৰতে ইয়াৰ নাগৰিকসকলক প্ৰযুক্তিৰ শক্তিৰে নিৰন্তৰ শক্তিশালী কৰি আহিছে। বিগত বছৰবোৰত আমাৰ চৰকাৰৰ প্ৰতিটো বাজেটত প্ৰযুক্তিৰ সহায়ত দেশবাসীৰ জীৱনধাৰণৰ সহজতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বাজেটতো, প্ৰযুক্তিবিদ্যা কিন্তু একে সময়তে, মানৱ স্পৰ্শও আমাৰ প্ৰচেষ্টা হিচাপে বিবেচিত হৈছে।

'প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সহজতৰ জীৱন যাপন' বিষয়ত বাজেট পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

February 28th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সহজতৰ জীৱন যাপন' বিষয়ত বাজেট পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে দিহা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২খন বাজেট-পৰৱৰ্তী ৱেবিনাৰ শৃংখলাৰ ভিতৰত এইখন পঞ্চম।

লোকসভাত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণৰ বাবে উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ পাঠ

February 08th, 04:00 pm

প্ৰথমতে, মই ৰাষ্ট্ৰপতি মহোদয়াক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাইছো, আৰু এয়া মোৰ সৌভাগ্য যে অতীতত ৰাষ্ট্ৰপতিৰ ভাষণৰ পিচত ৰাষ্ট্ৰপতিক কেইবাবাৰো ধন্যবাদ জনোৱাৰ সুযোগ মই পাইছো। কিন্তু এইবাৰ ধন্যবাদৰ লগতে মই ৰাষ্ট্ৰপতিক অভিনন্দনো জনাইছো। ৰাষ্ট্ৰপতিয়ে তেওঁৰ দূৰদৰ্শী ভাষণত আমাৰ সকলোকে, আৰু কোটি কোটি দেশবাসীক পথ প্ৰদৰ্শন কৰিছে। গণৰাজ্যৰ মুৰব্বী হিচাপে তেওঁৰ উপস্থিতিও ঐতিহাসিক আৰু দেশৰ কোটি কোটি ভগ্নী আৰু কন্যাৰ বাবে এক মহান অনুপ্ৰেৰণাৰো সুযোগ।

লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত ধন্যবাদসূচক মন্তব্য প্ৰধানমন্ত্ৰীৰ

February 08th, 03:50 pm

সংসদৰ উভয় সদনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক এক বক্তব্য আজি লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাঙি ধৰে।

কেৰেলাৰ জনসাধাৰণে এতিয়া বিজেপিক এক নতুন আশা হিচাপে দেখিছে: পি এম মোদী

September 01st, 04:31 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে। ওনম উপলক্ষে কেৰেলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণিতে পিএম মোদীয়ে কয়, ‘ওনমৰ বিশেষ উপলক্ষত কেৰেলালৈ অহাটো মোৰ বাবে সৌভাগ্যৰ কথা। আপোনালোক সকলোকে ওনমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে

September 01st, 04:30 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে। ওনম উপলক্ষে কেৰেলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণিতে পিএম মোদীয়ে কয়, ‘ওনমৰ বিশেষ উপলক্ষত কেৰেলালৈ অহাটো মোৰ বাবে সৌভাগ্যৰ কথা। আপোনালোক সকলোকে ওনমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”