Over its 100-year journey, SRCC has shaped generations and connected them with a bright future: PM Modi

September 05th, 07:30 pm

At the centenary celebrations of Shri Ram College of Commerce (SRCC), PM Modi reflected on India’s journey from policy paralysis to policy dynamism, highlighting economic growth, financial inclusion, Make in India and rising opportunities for youth. He also shared an ambitious vision for a Viksit and Aatmanirbhar Bharat driven by the strength and resolve of 140 crore Indians.

Prime Minister Shri Narendra Modi participates in Centenary Celebrations of Shri Ram College of Commerce

September 05th, 07:00 pm

At the centenary celebrations of Shri Ram College of Commerce (SRCC), PM Modi reflected on India’s journey from policy paralysis to policy dynamism, highlighting economic growth, financial inclusion, Make in India and rising opportunities for youth. He also shared an ambitious vision for a Viksit and Aatmanirbhar Bharat driven by the strength and resolve of 140 crore Indians.

৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ মূল অংশসমূহ

August 15th, 04:44 pm

আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত বিগত মোদীয়ে বিগত ১২টা বছৰত উৎপাদন, ডিজিটেলখণ্ডৰ উথ্থান আৰু নাগৰিকসকললৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ বিশদ প্ৰতিবেদন দাখিল কৰে। ৰাষ্ট্ৰীয় উচ্চাকাংক্ষা পূৰণৰ বাবে সাতটা মূলখণ্ডক সামৰি লোৱা ৰূপান্তৰণশীল 'সপ্ত ধৰা'-ও উন্মোচন কৰে।

১২ বছৰীয়া পৰিৱৰ্তনঃ স্বাধীনতা দিৱসৰ ভাষণত ভাৰতৰ অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

August 15th, 01:18 pm

স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১২ বছৰত সংঘটিত ভাৰতৰ পৰিৱৰ্তনৰ বিষয়ত আলোকপাত কৰি উৎপাদন, ডিজিটেল আন্তঃগাঁথনি, মৌলিক সুবিধা, শক্তি সুৰক্ষা, যুৱ সবলীকৰণ, উদ্ভাৱন, সামাজিক সুৰক্ষা আৰু অন্যান্য গুৰুত্বপূৰ্ণ খণ্ডসমূহত হোৱা অগ্ৰগতিৰ ৰূপৰেখা দাঙি ধৰে।

চণ্ডীগড়ত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

July 17th, 02:08 pm

চণ্ডীগড় কেৱল এখন চহৰ নহয়-ই ভাৰতৰ বাবে উন্নয়নৰ এক আদৰ্শ হৈ আহিছে। চণ্ডীগড় পৰিকল্পিত বিকাশৰ বাবে, উন্নত জীৱনশৈলী আৰু জীৱন ধাৰণৰ সূচলতাৰ চহৰ হিচাপে ইয়াৰ পৰিচয়ৰ বাবে জনাজাত। ই উন্নত চিকিৎসা সুবিধাৰ বাবে স্বীকৃত আৰু সৰ্বোপৰি, মা চণ্ডীৰ আশীৰ্বাদৰ বাবে। সেয়েহে এন ডি এ চৰকাৰৰ বাবে চণ্ডীগড়ৰ উন্নয়ন সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। আপোনালোকৰ মনত থাকিব পাৰে, প্ৰায় ডেৰ বছৰ পূৰ্বে দেশে ইয়াৰ ন্যায় ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছিল। আমি দণ্ডবিধিৰ ঠাইত শাস্তি-ভিত্তিক আইনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা-এক ন্যায়-ভিত্তিক আইনী পৰিকাঠামো স্থাপন কৰিছিলো আৰু ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ ইয়াতেই চণ্ডীগড়ত আৰম্ভ হৈছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়

July 17th, 01:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়। এই প্ৰকল্পবোৰে শৃংখলাবদ্ধ ৰাষ্ট্ৰীয় প্ৰগতিৰ আৰ্হি হিচাপে চহৰখনৰ অনন্য মাত্ৰাক আলোকপাত কৰি তেওঁ উন্নত জীৱনশৈলী আৰু জীৱন-যাপনৰ সহজতা নিশ্চিত কৰাৰ বাবে ইয়াৰ পৰিনামৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মা চণ্ডীৰ পৰা আশীৰ্বাদ বিচাৰি তেওঁ ইয়াৰ ধাৰাবাহিক আৰু পদ্ধতিগত উন্নয়নৰ প্ৰতি প্ৰশাসনৰ অটল দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে চণ্ডীগড়ৰ উন্নয়ন বৰ্তমানৰ চৰকাৰৰ বাবে সদায় শীৰ্ষ অগ্ৰাধিকাৰ হৈ আহিছে।

ছেচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্য

June 28th, 02:02 pm

তেখেতৰ দ্বাৰা গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন উপাধিৰে সন্মানিত হোৱাটো মোৰ লগতে ১৪০ কোটি ভাৰতীয়ৰ বাবে অপৰিসীম আনন্দৰ বিষয়। মই এই সন্মান কৃতজ্ঞতা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি অব্যাহত ৰখা আৰু পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি গণ্য কৰা সেই সকলো দেশৰ বাবে উৎসৰ্গা কৰিছোঁ।

"মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীষ্মকালীন তাপপ্ৰবাহৰ সৈতে মোকাবিলাৰ পৰামৰ্শ শ্বেয়াৰ কৰি নাগৰিকসকলক শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখিবলৈ আহ্বান জনাইছে

May 31st, 11:30 am

মোৰ প্ৰিয় দেশবাসী, 'মন কী বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থত এনে কিছুমান আচৰিত কাম কৰি আছে, সেইবোৰৰ কথা শুনিলে আমি এক নতুন প্ৰেৰণা অনুভৱ কৰোঁ। আজি মই এই কাৰ্যসূচী আৰম্ভ কৰিম এথলেটিকছত দেশৰ এনে এক কৃতিত্বৰ প্ৰসংগৰে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল নেচনেল ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা। সমগ্ৰ দেশৰ প্ৰায় ৮০০ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ সময়ত চাৰিটা ভিন্ন ইভেণ্টত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হয়। গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বীন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ আদিয়ে বিভিন্ন শিতানত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পোনপ্ৰথমে সকলোকে অভিনন্দন জনাইছোঁ।

পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষ সন্দৰ্ভত লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ

March 23rd, 02:15 pm

মই পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষ আৰু ইয়াৰ ফলত ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰিবলৈ সন্মানীয় সদনত উপস্থিত হৈছো। এই মুহূৰ্তত পশ্চিম এছিয়াৰ অৱস্থা উদ্বেগজনক। যোৱা দুসপ্তাহৰ ভিতৰত জয়শংকৰজী আৰু হৰদ্বীপ পুৰীয়ে সদনক এই বিষয়ত প্ৰয়োজনীয় তথ্য প্ৰদান কৰিছে। এই সংকট ৩ সপ্তাহৰো অধিক সময় ধৰি চলি আছে। সমগ্ৰ বিশ্বৰ অৰ্থনীতি, জনসাধাৰণৰ জীৱনৰ ওপৰত ইয়াৰ যথেষ্ট প্ৰতিকূল প্ৰভাৱ পৰিছে আৰু সেয়েহে সমগ্ৰ বিশ্বই সকলো পক্ষকে যিমান শীঘ্ৰে সম্ভৱ এই সংঘৰ্ষ অৱসানৰ বাবে আহ্বান জনাইছে।

পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত লোকসভাত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 23rd, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত পশ্চিম এছিয়াত চলি থকা সংঘাত আৰু ভাৰতৰ সন্মুখত দেখা দিয়া ইয়াৰ ব্যাপক প্ৰত্যাহ্বানৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে। এই সংকট তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৰিস্থিতিৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, সমগ্ৰ বিশ্বই এই সংকটৰ শীঘ্ৰে সমাধানৰ বাবে সকলো পক্ষকে আহ্বান জনাইছে।

গুৱাহাটী, অসমত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 13th, 05:30 pm

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল, উপস্থিত থকা ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, জনসাধাৰণৰ প্ৰতিনিধি, সমগ্ৰ দেশৰ পৰা প্ৰযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে জড়িত আমাৰ সকলো কৃষক সঙ্গী, চাহ বাগিচাত কাম কৰা মোৰ ভাই-ভনীসকল, মই দেখিছোঁ যে আজি আমাৰ কেইবাজনো জ্যেষ্ঠ মুখ্যমন্ত্ৰীয়েও দেশৰ প্ৰতিটো কোণৰ পৰা এই কাৰ্যসূচীত আমাৰ সৈতে জড়িত হৈ আছে, সকলোকে মোৰ শুভেচ্ছা জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গুৱাহাটীত ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে ; প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি মুকলি কৰি দেশৰ কোটি কোটি কৃষকক ১৮,০০০ কোটি টকাতকৈ অধিক ধন প্ৰেৰণ কৰিলে

March 13th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত প্ৰায় ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত অনুষ্ঠিত এক সমাৱেশত ভাষণ দি মহানগৰবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা কৃষকসকলৰ লগতে চাহ বাগিচাত কৰ্মৰত ভাই-ভনীসকলকো তেওঁ সম্ভাষণ জনায়। নৱৰাত্ৰিৰ প্ৰাকক্ষণত মা কামাখ্যাৰ পবিত্ৰ ভূমিত উপস্থিত হোৱাৰ সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে নৱৰাত্ৰি আৰম্ভ হোৱাৰ ঠিক আগতেই মা কামাখ্যাৰ এই পৱিত্ৰ ভূমি দৰ্শন কৰিব পৰাটো সৌভাগ্যৰ কথা।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰধানমন্ত্ৰীৰ উত্তৰৰ অসমীয়া অনুবাদ

February 05th, 05:35 pm

এই ধন্যবাদ প্ৰস্তাৱৰ সমৰ্থনত এই সদনত মোৰ আবেগ প্ৰকাশ কৰিব পৰাটো মই এক সৌভাগ্যৰ কথা বুলি বিবেচনা কৰিছো।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 05th, 05:00 pm

আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ধন্যবাদৰ প্ৰস্তাৱৰ সমৰ্থনত তেওঁৰ আবেগ ভাগ-বতৰা কৰিব পৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা। তেওঁ মন্তব্য কৰে যে বিগত বছৰটো উন্নত ভাৰতৰ যাত্ৰাত দ্ৰুত অগ্ৰগতিৰ বছৰ, প্ৰতিটো খণ্ডতে আৰু সমাজৰ সকলো শ্ৰেণীৰ মাজত ৰূপান্তৰ দৃশ্যমান হৈছে, কিয়নো দেশখনে সঠিক দিশত অতি দ্ৰুতগতিত আগবাঢ়িছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে ৰাষ্ট্ৰপতিয়ে এই বিষয়সমূহ সংবেদনশীলতা আৰু স্পষ্টতাৰে উপস্থাপন কৰিছিল।

নতুন দিল্লীত পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 19th, 08:11 pm

আজি পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি দিৱস। বিগত তিনিদিনত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈছে। মই এই উদ্দেশ্যে ভাৰতে এখনি শক্তিশালী মঞ্চ হিচাপে কাম কৰি থকাত সন্তোষ পাইছো। এই প্ৰক্ৰিয়াত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) সক্ৰিয় ভূমিকা পালন কৰিছে। এই সন্মিলনৰ সফল আয়োজনৰ বাবে মই ডব্লিউএইচঅ’, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আৰু উপস্থিত সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে

December 19th, 07:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত তিনিদিনত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈছে। তেওঁ এই উদ্দেশ্যে ভাৰতে এখনি শক্তিশালী মঞ্চ হিচাপে কাম কৰি থকাত সন্তোষ প্ৰকাশ কৰি উক্ত প্ৰক্ৰিয়াত বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সক্ৰিয় ভূমিকাৰ কথা উল্লেখ কৰে। এই সন্মিলনৰ সফল আয়োজনৰ বাবে তেওঁ ডব্লিউএইচঅ’, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আৰু উপস্থিত সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

পিএম ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি (পিএম স্বনিধি) আঁচনিৰ পুনৰ গঠন আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত ঋণৰ কাৰ্যকাল বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

August 27th, 02:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ‘প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি (পিএম স্বনিধি) আঁচনি’ৰ পুনৰ গঠন আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত ঋণৰ সময়সীমা বৃদ্ধিৰ বাবে অনুমোদন জনাইছে।এই ঋণৰ সময়সীমা এতিয়া ২০৩০ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে।এই আঁচনিৰ মুঠ ব্যয় হৈছে ৭,৩৩২ টকা কোটি টকা। পুনৰ গঠিত আঁচনিখনৰ জৰিয়তে ৫০ লাখ নতুন হিতাধিকাৰীকে ধৰি ১.১৫ কোটি হিতাধিকাৰীক উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে।

প্ৰধানমন্ত্ৰী মোদীৰ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ ভাষণঃ ২০৪৭ৰ ভিতৰত এখন বিকশিত ভাৰতৰ বাবে এক সপোন

August 15th, 11:58 am

৭৯সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ পৰা ১০৩ মিনিটৰ আটাইতকৈ দীঘলীয়া আৰু নিৰ্ণায়ক ভাষণ প্ৰদান কৰি ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ বাবে এক সাহসী ৰোডমেপ প্ৰদান কৰে।আত্মনিৰ্ভৰশীলতা, উদ্ভাৱন আৰু নাগৰিক সবলীকৰণৰ ওপৰত কঠোৰ মনোনিৱেশ কৰি প্ৰধানমন্ত্ৰীয়ে আনৰ ওপৰত নিৰ্ভৰশীল ৰাষ্ট্ৰৰ পৰা বৈশ্বিক আত্মবিশ্বাসী, প্ৰযুক্তিগতভাৱে উন্নত আৰু অৰ্থনৈতিকভাৱে সুস্থিৰ দেশ গঢ়াত গুৰুত্ব প্ৰদান কৰে।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ মন্তব্য

April 05th, 11:30 am

আজি ৰাষ্ট্ৰপতি দিছানায়কে মোক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানীত কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই বঁটাটোৱে কেৱল মোক নহয়, ১৪০ কোটি ভাৰতীয়কো সন্মান জনায়। ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজত থকা ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:07 am

১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।