কপাহ কৃষকসকলক প্ৰত্যক্ষ সহায়ৰ বাবে কপাহ ঋতু ২০২৩-২৪ৰ বাবে চি চি আইক এম এছ পি পুঁজি ১,৭১৮.৫৬ কোটি টকা প্ৰদানত কেবিনেটৰ অনুমোদন
March 18th, 04:08 pm
কৃষক কল্যাণ শক্তিশালী কৰা আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে কপাহ ঋতু ২০২৩-২৪ৰ বাবে ভাৰতীয় কপাহ নিগম (চি চি আই)ক নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ৰ পুঁজি ১,৭১৮.৫৬ কোটি টকা প্ৰদানত অনুমোদন জনাইছে। এই পুঁজিৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ কপাহ কৃষকসকলক প্ৰত্যক্ষ মূল্য সমৰ্থন প্ৰদান কৰা।