কমনৱেলথ দেশসমূহৰ লোকসভাৰ অধ্যক্ষ আৰু প্ৰিজাইডিং অফিচাৰসকলৰ ২৮সংখ্যক সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 15th, 11:00 am
সংসদীয় গণতন্ত্ৰত আপোনাৰ ভূমিকা অধ্যক্ষৰ। আমোদজনক কথাটো হ’ল অধ্যক্ষই বিশেষ কথা ক’বলৈ নাপায়। তেওঁৰ কাম হ’ল আনৰ কথা শুনা আৰু সকলোৱে সুযোগ পোৱাটো নিশ্চিত কৰা। অধ্যক্ষৰ এটা সাধাৰণ কথা হ’ল তেওঁৰ ধৈৰ্য্য। আনকি কোলাহলপূৰ্ণ আৰু অতি উৎসাহী সদস্যকো তেওঁলোকে হাঁহি এটা মাৰি চম্ভালে।সংবিধান সদনৰ কেন্দ্ৰীয় হলত কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 15th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সংসদ ভৱন চৌহদৰ সংবিধান সদনৰ কেন্দ্ৰীয় হলত কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সন্মিলন (চিএছপিঅ’চি) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে সংসদীয় গণতন্ত্ৰত অধ্যক্ষৰ ভূমিকা অনন্য। তেওঁ উল্লেখ কৰে যে অধ্যক্ষই বেছি কথা ক’ব নোৱাৰে, কিন্তু তেওঁলোকৰ দায়িত্ব হ’ল আনৰ কথা শুনা আৰু সকলোৱে যাতে নিজৰ মত প্ৰকাশ কৰাৰ সুযোগ পায় সেয়া নিশ্চিত কৰা। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ধৈৰ্য্য হৈছে অধ্যক্ষসকলৰ অন্যতম বৈশিষ্ট্য, যিসকলে আনকি কোলাহল আৰু অতি-উৎসাহী সদস্যসকলক হাঁহিৰে পৰিচালনা কৰে।১৫ জানুৱাৰীত ২৮ সংখ্যক কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াৰ সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
January 14th, 11:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ জানুৱাৰীৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ সংসদ ভৱন কমপ্লেক্সৰ সংবিধান সদনৰ চেন্ট্ৰেল হলত ২৮ সংখ্যক কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াৰ সন্মিলন (CSPOC) উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমবেতসকলক সম্বোধনো কৰিব।