PM Modi’s meeting with President of the European Council, and President of the European Commission on the sidelines of the G7 Summit
June 17th, 06:43 pm
PM Modi met European Council President António Costa and European Commission President Ursula von der Leyen on the sidelines of the G7 Summit in France. The leaders welcomed the conclusion of India-EU FTA negotiations and reaffirmed their commitment to advancing the Joint India-EU Comprehensive Strategic Agenda, strengthening trade, investment and strategic cooperation.জি-৭ সন্মিলনৰ সময়ত সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 17th, 12:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰে। ২০২৬ চনত দুয়োজন নেতাৰ মাজত এয়া তৃতীয়খন বৈঠক আছিল, যি শক্তিশালী আৰু প্ৰাণৱন্ত ভাৰত-ইউ এ ই ব্যাপক কৌশলগত অংশীদাৰিত্বক প্ৰতিফলিত কৰে।জি-৭ শীৰ্ষ সন্মিলনৰ সময়তে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 16th, 10:36 pm
২০২৬ চনৰ ১৬ জুনত ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ সময়তে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকত মিলিত হয়।শ্লভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
June 15th, 05:40 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ব্ৰাটিশ্লাভাৰ ঐতিহাসিক দুৰ্গত শ্লভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিৎচোৱে উষ্ম আদৰণি জনায়। ব্ৰাটিশ্লাভাত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে অভিবাদন জনোৱা হয়।ভাৰত-শ্ল’ভাকিয়াৰ যৌথ বিবৃতি
June 15th, 05:32 pm
শ্ল’ভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিৎচোৰ আমন্ত্ৰণ ক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৫ জুনত শ্ল’ভাক গণৰাজ্য ভ্ৰমণ কৰে।প্ৰধানমন্ত্ৰীৰ শ্লভাকিয়া ভ্ৰমণৰ মূল সাফল্য আৰু ঘোষণাসমূহৰ তালিকা
June 15th, 05:17 pm
শ্ৰম প্ৰব্ৰজনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বুজাবুজি চুক্তি।শ্লভাকিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্য
June 15th, 03:00 pm
আজি প্ৰধানমন্ত্ৰী আৰু মই আমাৰ পাৰস্পৰিক সহযোগিতাক এক নতুন দিশ আৰু নতুন শক্তি প্ৰদান কৰাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিলোঁ। আমাৰ দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত হোৱা প্ৰগতিত আমি সন্তোষ প্ৰকাশ কৰিছোঁ।চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা যুটীয়া বিবৃতি
May 22nd, 09:31 pm
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০-২৩ মে’ ২০২৬ তাৰিখে চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। ইউৰোপীয় সংঘৰ পৰিষদৰ চাইপ্ৰাছৰ অধ্যক্ষতাৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।তেওঁৰ এই ভ্ৰমণে ২০২৫ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চাইপ্ৰাছ ভ্ৰমণৰ আনি দিয়া ঐতিহাসিক গতিক অধিক শক্তি প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ যি ভ্ৰমণে এক কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল আৰু ভাৰত-চাইপ্ৰাছৰ সম্পৰ্কক ফলাফলমুখী তথা কাৰ্যকৰীকৰণ-চালিত পৰ্যায়লৈ লৈ গৈছিল। ৰাজনৈতিক আলোচনাৰ অগ্ৰগতি , ব্যৱসায়িক সংযোগ বৃদ্ধি, প্ৰতিৰক্ষা, যোগাযোগ বৃদ্ধি, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি ২০২৫ চনত জাৰি কৰা যৌথ ঘোষণাপত্ৰখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক দুয়োগৰাকী নেতাই আদৰণি জনায়। বিকশিত ভূ-ৰাজনৈতিক পৰিবেশ আৰু ভাৰত-চাইপ্ৰাছৰ অংশীদাৰিত্বৰ গভীৰতাক স্বীকৃতি দি নেতাদ্বয়ে দ্বিপাক্ষিক সৰ্বাংগীন অংশীদাৰিত্বক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ বিষয়ত সহমতত উপনীত হয়, যাতে নতুন বাস্তৱতা আৰু সুযোগসমূহৰ অন্বেষণ কৰিব পাৰি। ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডছক ২০২৬ চনৰ ২২ মে'ত ৰাষ্ট্ৰপতি ভৱনত উষ্ম আদৰণি জনায় ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ।তেওঁ ৰাজঘাটত মহা মানৱ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই চৰকাৰী ভোজৰো আয়োজন কৰে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে ২০২৬ চনৰ ২২ মে’ত নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়৷দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক সন্দর্ভত ব্যাপক আলোচনা কৰে আৰু বিভিন্ন খণ্ডত দ্বিপাক্ষিক সংযোগৰ নৱীকৃত গতিবেগক লৈ সন্তুষ্টি প্রকাশ কৰে৷ তেওঁলোকে ভাৰত আৰু চাইপ্ৰাছৰ মাজত ভাগ-বাটোৱাৰা কৰা গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসন আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি ঘনিষ্ঠ তথা বিশ্বাসযোগ্য অংশীদাৰিত্বৰ কথা পুনৰ দৃঢ় কৰে। ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক তথা বিশ্বজোৰা বিষয়সমূহতো তেওঁলোকে মত বিনিময় কৰে।ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
May 20th, 07:21 pm
নেতাদ্বয়ে দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ নৱীকৃত গতি, বৃদ্ধি পোৱা বিনিয়োগ আৰু দীৰ্ঘম্যাদী সহযোগিতা গঢ়ি তোলাৰ প্ৰচেষ্টাৰ কথা লক্ষ্য কৰে। এই প্ৰেক্ষাপটত তেওঁলোকে যোৱা বছৰ তিনিটা ব্যৱসায়িক মঞ্চৰ আদান-প্ৰদানক আদৰণি জনাইছিল। প্ৰতিৰক্ষা, ডিজিটেল, শক্তি পৰিৱৰ্তন, আন্তঃগাঁথনি আৰু লজিষ্টিক আদি খণ্ডক প্ৰতিনিধিত্ব কৰা নিৰ্বাচিত ইটালী আৰু ভাৰতীয় চিইঅ’সকলকো সাক্ষাৎ কৰে। ২০২৯ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন ইউৰোলৈ সম্প্ৰসাৰণৰ ভাগ-বতৰা লক্ষ্য লক্ষ্য কৰি দুয়োজন নেতাই ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ পৰা পোৱা সুযোগসমূহৰ লাভ উঠাবলৈ সন্মত হয় আৰু ইয়াক আগতীয়াকৈ কাৰ্যকৰী কৰাৰ আহ্বান জনায়।ইটালীৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
May 20th, 07:19 pm
প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইটালীৰ সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত ৰাষ্ট্ৰপতি মাটাৰেলাৰ সহায় আৰু নেতৃত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰত-ইটালীৰ কৌশলগত অংশীদাৰিত্বৰ উৰ্ধমুখী গতিৰ কথা উল্লেখ কৰি দুয়োগৰাকী নেতাই বাণিজ্য তথা বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, মহাকাশ, শক্তি, এআই আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তি, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ বিষয়ত সন্তুষ্টি প্ৰকাশ কৰে। উদীয়মান প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়তো তেওঁলোকে মত বিনিময় কৰে।ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া বিবৃতি
May 20th, 05:00 pm
ৰোমক বিশ্বজুৰি ‘চিৰন্তন চহৰ’ বুলি জনা যায়। ভাৰতবৰ্ষত মোৰ লোকসভা সমষ্টি—কাশী—ইয়াকো কোনো প্ৰাচীন আৰু চিৰন্তন নগৰ হিচাপে গণ্য কৰা হয়। দুটা সভ্যতা লগ হ’লে সংলাপ কেৱল আঁচনিৰ মাজতে সীমাবদ্ধ নাথাকে; বৰঞ্চ ই ঐতিহাসিক গভীৰতাৰ সংগম, ভৱিষ্যতৰ দৃষ্টিভংগী আৰু বন্ধুত্বৰ স্বাভাৱিক সহজতাক প্ৰতিফলিত কৰে।তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 19th, 06:42 pm
ডিজিটেলাইজেচন আৰু বহনক্ষমতাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সৈতে, দুয়োগৰাকী নেতাই উদ্যোগ, গৱেষণা প্ৰতিষ্ঠান আৰু শিক্ষাৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে ভৱিষ্যতৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নত বহনক্ষমতা তথা ডিজিটেলাইজেচনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। নেতাদ্বয়ে বাণিজ্য আৰু বিনিয়োগ, ডিজিটেলাইজেচন, এআই, 5জি/6জি, কোৱাণ্টাম প্ৰযুক্তি, মহাকাশ, বহনক্ষমতা, নৱীকৰণযোগ্য শক্তি, চক্ৰীয় অৰ্থনীতি, উদ্ভাৱন, শিক্ষা, গতিশীলতা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ বিষয়ে পৰ্যালোচনা কৰে।তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে ডেনমাৰ্কৰ অস্থায়ী প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 19th, 06:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে অছলোত ডেনমাৰ্কৰ অস্থায়ী প্ৰধানমন্ত্ৰী মাননীয়া মেটে ফ্ৰেডৰিকছেনক সাক্ষাৎ কৰে।.নেদাৰলেণ্ডত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা বক্তব্যৰ পূৰ্ণপাঠ
May 16th, 10:00 pm
আজি ইয়াত, বিশ্বৰ উদ্ভাৱনীমূলক কোম্পানীসমূহৰ বিশিষ্ট ব্যক্তিসকলৰ মাজত উপস্থিত থকাৰ কথাই মোক অপৰিসীম আনন্দ দিছে। আজি ৩০০ৰো অধিক ডাচ কোম্পানী ‘ইণ্ডিয়া ষ্ট’ৰী’ৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। আপোনালোকৰ দৃষ্টিভংগীৰ বাবেই—আৰু ভাৰতৰ প্ৰতি থকা আপোনালোকৰ আস্থাৰ বাবেই— ইউৰোপৰ পৰা নেদাৰলেণ্ডে ভাৰতৰ সৰ্ববৃহৎ বিনিয়োগকাৰী তথা ইয়াৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।সমাজতান্ত্ৰিক গণৰাজ্য ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা টো লামক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
April 07th, 12:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাজতান্ত্ৰিক গণৰাজ্য ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা টো লামক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।ফলাফলৰ তালিকাঃ ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণ
March 05th, 04:36 pm
ফিনলেণ্ড ভাৰতীয় পেছাদাৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিছে, বিশেষকৈ প্ৰযুক্তি আৰু উদ্ভাৱন খণ্ডৰ ক্ষেত্ৰত। প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্বৰ বুজাবুজি চুক্তিয়ে প্ৰতিভাৰ গতিশীলতাক সহজ কৰি তুলিব।ভাৰত - ইজৰাইলৰ যুটীয়া বিবৃতি
February 26th, 07:44 pm
ভাৰত আৰু ইজৰাইলৰ আন্তৰিকতা, সদিচ্ছা আৰু গভীৰ কৌশলগত অংশীদাৰিত্বক স্বীকৃতি দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু ডাঙৰীয়াৰ আমন্ত্ৰণত ২০২৬ চনৰ ২৫ চনৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ ইজৰাইল ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়ববীয়াৰে গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ইজৰাইললৈ যায়। ২০১৭ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজৰাইল ভ্ৰমণ আছিল এক ঐতিহাসিক ভ্ৰমণ । প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৮ চনত প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ভাৰত ভ্ৰমণৰ কথা স্মৰণ কৰে , যি ভ্ৰমণে অংশীদাৰিত্ব আৰু সহযোগিতাৰ নতুন যুগৰ ভেটি স্থাপন কৰিছিল। নেতাদ্বয়ে উদীয়মান প্ৰযুক্তি, চাইবাৰ, কৃষি, জল ব্যৱস্থাপনা, স্বাস্থ্য, উদ্যোগীকৰণ, প্ৰতিৰক্ষা, নিৰাপত্তা আদি বিষয়ত আলোচনা কৰিছিল । প্ৰধানমন্ত্ৰী নেতানিয়াহু আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাত সন্মতি প্ৰকাশ কৰি কৌশলগত অংশীদাৰিত্বক এক নতুন স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয় – ‘শান্তি, উদ্ভাৱন আৰু সমৃদ্ধিৰ বাবে এক বিশেষ কৌশলগত অংশীদাৰিত্ব।’ভাৰত এ আই ইমপেক্ট ছামিটৰ সময়তে মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
February 20th, 10:13 pm
নতুন দিল্লীত অনুষ্ঠিত ভাৰত এ আই ইমপেক্ট সন্মিলনৰ সময়তে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত কৰা ভ্ৰমণৰ পিছত বৰ্তমানৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী ৰামগুলামৰ এয়া হৈছে দ্বিতীয়বাৰৰ বাবে কৰা ভাৰত ভ্ৰমণ।এই বৈঠক ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীত দুয়োগৰাকী নেতাৰ শেহতীয়া টেলিফোনিক বাৰ্তালাপৰ পিছতো অনুষ্ঠিত হয়।মুম্বাইত ভাৰত-ফ্ৰান্স উদ্ভাৱন মঞ্চ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 18th, 12:07 pm
মোৰ মৰমৰ বন্ধু, সন্মানীয় ৰাষ্ট্ৰপতি মেক্ৰ’, দুয়োখন দেশৰ উদ্ভাৱকসকল, নমস্কাৰ! বনজৌৰ!ফলাফলৰ তালিকাঃ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
February 17th, 07:00 pm
ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক বিশেষ বিশ্ব কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা”