
চৌদি আৰৱলৈ চৰকাৰী ভ্ৰমণসূচী লৈ যোৱাৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বিবৃতি
April 22nd, 08:30 am
আজি মহামহিম যুৱৰাজ তথা প্ৰধানমন্ত্ৰী মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত মই চৌদিলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ যাত্ৰা আৰম্ভ কৰিছোঁ।
উত্তৰাখণ্ডৰ ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 28th, 09:36 pm
আজি দেৱভূমি যৌৱন শক্তিৰে অধিক উজলি উঠিছে। বাবা কেদাৰ, বদ্ৰীনাথজী আৰু মা গঙ্গাৰ আশীৰ্বাদত আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শভাৰম্ভ কৰা হৈছে। এই বছৰটো উত্তৰাখণ্ড গঠনৰ ২৫ সংখ্যক বছৰ। এই যুৱ ৰাজ্যখনত দেশৰ প্ৰতিটো কোণৰ পৰা অহা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এখন অতি সুন্দৰ ছবি ইয়াত দৃশ্যমান হৈছে। এইবাৰো বহুতো থলুৱা পৰম্পৰাগত খেল ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া এক প্ৰকাৰে ‘সেউজ খেল’ হিচাপে উদযাপিত হ’ব। ইয়াত পৰিৱেশ-অনুকূল বস্তুৰ যথেষ্ট ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিব লগা সকলো পদক আৰু ট্ৰফীও ‘ই-আৱৰ্জনা’ৰে নিৰ্মিত। পদক বিজয়ী খেলুৱৈসকলৰ নামত গছপুলি ৰোপণ কৰা হ'ব। এইটো এটা অতিকে ভাল পদক্ষেপ। মই সকলো খেলুৱৈক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে শুভকামনা জনাইছোঁ। এই আশ্চৰ্যকৰ অনুষ্ঠানটোৰ বাবে মই ধামীজী আৰু তেওঁৰ সমগ্ৰ দল, উত্তৰাখণ্ডৰ প্ৰতিগৰাকী নাগৰিকক অভিনন্দন জনাইছোঁ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে
January 28th, 09:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে উত্তৰাখণ্ড আজি যুৱক-যুৱতীসকলৰ শক্তিৰে উজ্জ্বল হৈ পৰিছে। তেখেতে লগতে কয় যে আজিৰেপৰা বাবা কেদাৰনাথ, বদ্ৰীনাথ আৰু মা গংগাৰ আশীৰ্বাদত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই ৰাজ্যখনত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। তেখেতে লগতে কয় যে এই অনুষ্ঠানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এখন সুন্দৰ ছবি প্ৰদৰ্শিত হৈছে। তেখেতে আৰু কয় যে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একাধিক স্থানীয় ক্ৰীড়া অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ‘সেউজ ক্ৰীড়া’ (Green Games), কিয়নো ইয়াত পৰিবেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। এই বিষয়বস্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আনকি ইয়াৰ ট্ৰফী আৰু পদকসমূহো ই-ৱাষ্টেৰে তৈয়াৰ কৰা হৈছে আৰু প্ৰতিগৰাকী পদক বিজয়ীৰ নামত এটাকৈ গছপুলি ৰোপণ কৰা হ’ব, যি এক বৃহৎ পদক্ষেপ। তেখেতে ইয়াত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উত্তৰাখণ্ড চৰকাৰ আৰু জনসাধাৰণক এনে এক বৃহৎ অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।বেটী বচাও, বেটী পঢ়াও আন্দোলনৰ ১০ বছৰ পূৰ্তিত প্ৰধানমন্ত্ৰীৰ মন্তব্য
January 22nd, 10:04 am
বেটী বচাও, বেটী পঢ়াও আন্দোলনৰ ১০ বছৰ উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে ই এক পৰিৱৰ্তনশীল, জনচালিত পদক্ষেপ হৈ পৰিছে আৰু সকলো ক্ষেত্ৰৰ লোকে ইয়াত অংশগ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে বেটী বচাও, বেটী পঢ়াও লিংগ পক্ষপাতিত্ব দূৰ কৰা আৰু ছোৱালী শিশুসকলক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ঐতিহাসিকভাৱে শিশুৰ নিম্ন লিংগ অনুপাত থকা জিলাসমূহে গুৰুত্বপূৰ্ণ উন্নতিৰ প্ৰতিবেদন আগবঢ়াইছে আৰু তেওঁ তৃণমূল পৰ্যায়ত এই আন্দোলনক জীৱন্ত কৰি তোলা সকলো অংশীদাৰক প্ৰশংসা কৰিছে।উৰিষ্যাৰ ভুৱনেশ্বৰত ‘অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 09th, 10:15 am
ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল! ‘ভগৱান জগন্নাথ’ আৰু ‘ভগৱান লিঙ্গৰাজ’ৰ এই পবিত্ৰ ভূমিত মই সমগ্ৰ বিশ্বৰ পৰা অহা মোৰ ভাৰতীয় প্ৰবাসী পৰিয়ালসমূহক আদৰণি জনাইছোঁ। আৰম্ভণিতে গোৱা আদৰণি গীতটো, সমগ্ৰ বিশ্বৰ য'তেই ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান অনুষ্ঠিত হ'ব এই আদৰণি গীতটো ভৱিষ্যতে বাৰে বাৰে বজোৱা হ'বই বুলি মই ন-দি ক’ব পাৰো। আপোনালোকক অভিনন্দন। আপোনালোকৰ দলে এগৰাকী প্ৰবাসী ভাৰতীয়ৰ আবেগ সুন্দৰভাৱে প্ৰকাশ কৰিছে, আপোনালোকক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে
January 09th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে। বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো প্ৰতিনিধি আৰু প্ৰবাসী লোকসকলক আদৰণি জনাই শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বতে ভৱিষ্যতে প্ৰবাসী ভাৰতীয়ৰ ভিন্ন অনুষ্ঠানত উদ্বোধনী গীতটো পৰিবেশন কৰা হ’ব বুলি আশা প্ৰকাশ কৰে। তেখেতে গ্ৰেমী বঁটা বিজয়ী শিল্পী ৰিকি কেজ আৰু তেওঁৰ টীমটোক প্ৰশংসাৰে কয় যে প্ৰবাসী ভাৰতীয়ৰ আৱেগ আৰু অনুভৱৰ অনুৰণন ঘটা গীতটি আশ্চৰ্য্যকৰ।স্বাভিমান এপাৰ্টমেণ্টৰ হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অনূদিত পাঠ
January 03rd, 08:30 pm
হয় ছাৰ, ঘৰটো পালো। আমি আপোনাৰ ওচৰত অতিশয় কৃতজ্ঞ, আপুনি আমাক জুপুৰিৰ পৰা উলিয়াই আনি এটা ৰাজপ্ৰসাদ দিলে। ইয়াতকৈ ডাঙৰ ঘৰ এটাৰ কথা মই সপোনতো ভবা নাছিলো, যি সপোন দেখিছিলো, আপুনি সেইটো বাস্তৱত পৰিণত কৰিলে.. ছাৰ।Prime Minister Interacts with the Beneficiaries of Swabhiman Apartments
January 03rd, 08:24 pm
In the heartwarming conversation with the beneficiaries moving into Swabhiman Apartments, Prime Minister Shri Narendra Modi expressed his joy at the transformation brought about by the Government's housing initiative. The interaction reflected the positive changes in the lives of families who had previously lived in slums and now have access to permanent homes.ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 19th, 05:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত এয়া প্ৰথম বৈঠক। প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক কাৰ্যভাৰ গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী ষ্টাৰমাৰেও প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ বাবে তেওঁক উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।লাও পিডিআৰৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ
October 10th, 02:35 pm
এদশক পূৰ্বে মই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি উন্মোচন কৰিছিলো। তেতিয়াৰ পৰাই এই পদক্ষেপে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত ঐতিহাসিক সংযোগক পুনৰ সজীৱ কৰি তুলিছে, আমাৰ সম্পৰ্কলৈ নতুন শক্তি, দিশ আৰু গতিশীলতা আনিছে।লাও পিডিআৰৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ
October 10th, 02:30 pm
এদশক পূৰ্বে মই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি উন্মোচন কৰিছিলো। তেতিয়াৰ পৰাই এই পদক্ষেপে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত ঐতিহাসিক সংযোগক পুনৰ সজীৱ কৰি তুলিছে, আমাৰ সম্পৰ্কলৈ নতুন শক্তি, দিশ আৰু গতিশীলতা আনিছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱাত ছাত্ৰ-ছাত্ৰীৰ সৈতে স্বচ্ছতা অভিযানত ভাগ লয়
October 02nd, 04:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত কণমানি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে আৰু স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱাত তেওঁলোকৰ সৈতে মত বিনিময় কৰে।PM Modi interacts with the Indian community in Paris
July 13th, 11:05 pm
PM Modi interacted with the Indian diaspora in France. He highlighted the multi-faceted linkages between India and France. He appreciated the role of Indian community in bolstering the ties between both the countries.The PM also mentioned the strides being made by India in different domains and invited the diaspora members to explore opportunities of investing in India.ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 13th, 11:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ জুলাই,২০২৩ তাৰিখে ফ্ৰান্সৰ নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী এলিজাবেথ বৰ্নৰ সৈতে বৈঠকত মিলিত হয়।‘এছ-টি সংগম’-য়ে গুজৰাট আৰু তামিলনাডুৰ মাজত শতিকা আগতে উদ্ভৱ হোৱা এক বন্ধন শক্তিশালী কৰি তুলিছে: প্ৰধানমন্ত্ৰী
March 26th, 10:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘তামিলনাডু আৰু সৌৰাষ্ট্ৰ সংগম’ (এছ টি সঙ্গম)য়ে গুজৰাট আৰু তামিলনাডুৰ মাজত শতিকা পূৰ্বে উদ্ভৱ হোৱা এক বন্ধন শক্তিশালী কৰি তুলিছে।৩ জুনত উত্তৰ প্ৰদেশলৈ যাব প্ৰধানমন্ত্ৰী
June 02nd, 03:40 pm
অহা ৩ জুন, ২০২২ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা দিনৰ ১১ বজাত তেওঁ লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত অনুষ্ঠিতব্য উত্তৰ প্ৰদেশ বিনিয়োগকাৰী শীৰ্ষ সন্মিলনৰ ‘ভূমি-পূজন সমাৰোহ ৩.০’-ত উপস্থিত থাকিব। দুপৰীয়া প্ৰায় ১.৪৫ বজাত তেওঁ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দৰ সৈতে পথ্ৰী মাতা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে কানপুৰৰ পৰৌনখ গাঁৱত উপস্থিত হ’বগৈ। দিনৰ প্ৰায় ২ বজাত তেওঁলোকে ড০ বি আৰ আম্বেডকাৰ ভৱন দৰ্শন কৰাৰ পিচত ২.১৫ বজাত তেওঁলোক ‘মিলন কেন্দ্ৰ’লৈ যাব। এয়া হৈছে মাননীয় ৰাষ্ট্ৰপতিৰ পৈতিক গৃহ ভৱন। ৰাজহুৱা ব্যৱহাৰৰ কাৰণে উচৰ্গা কৰা এই ভৱনটো ইতিমধ্যে সমূহীয়া কেন্দ্ৰ(মিলন কেন্দ্ৰ) হিচাপে গঢ়ি তোলা হৈছে। ইয়াৰ পিচত প্ৰায় ২.৩০ বজাত তেওঁলোকে এখন জন সমাৱেশত অংশ গ্ৰহণ কৰিব।ডাঙৰ চিন্তা কৰক, ডাঙৰ সপোন দেখক আৰু সেয়া সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰক: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
December 26th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ! এই সময়ত, আপোনালোকে ২০২১ চনৰ বিদায় আৰু ২০২২ চনৰ অভ্যৰ্থনাৰ বাবে প্ৰস্তুতিত ব্যস্ত। নতুন বছৰত, প্ৰতিজন ব্যক্তি, প্ৰতিটো প্ৰতিষ্ঠানে আগন্তুক বছৰত কিবা এটা ভাল কৰাৰ, উন্নত হোৱাৰ সংকল্প লৈছে। যোৱা সাত বছৰ ধৰি আমাৰ 'মন কী বাতে’ ব্যক্তি, সমাজ, দেশৰ ভাল কৰিবলৈ আৰু ভাল হ'বলৈ অনুপ্ৰাণিত কৰিছে। এই সাত বছৰত,'মন কী বাত'ৰ সময়ত, মই চৰকাৰৰ সাফল্যৰ বিষয়েও আলোচনা কৰিব পাৰিলোহেঁতেন। আপোনালোকেও এইটো ভাল পালেহেঁতেন, আপোনালোকেও ইয়াক প্ৰশংসা কৰিলেহেঁতেন, কিন্তু, এইটো মোৰ দশকৰ অভিজ্ঞতা যে সংবাদ মাধ্যমৰ চিকমিকনিৰ পৰা আঁতৰত, বাতৰি কাকতৰ শিৰোনামৰ পৰা আঁতৰত থাকি, বহুতো লোক আছে যিয়ে যথেষ্ট ভাল কাম কৰি আছে। তেওঁলোকে আজি দেশৰ কাইলৈৰ বাবে নিজকে জড়িত কৰি আছে। তেওঁলোকে আজি দেশৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে। এনে লোকসকলৰ কথাবোৰে অতিশয় সান্ত্বনা, গভীৰ অনুপ্ৰেৰণা প্ৰদান কৰে। মোৰ বাবে, 'মন কী বাত' সদায়ে এনে লোকসকলৰ প্ৰচেষ্টাৰে ভৰপূৰ এক সুন্দৰ উপবন স্বৰূপ হৈ আহিছে, প্ৰতিটো মাহত মোৰ এইটোৱেই প্ৰয়াস যে এই উপবনৰ কোনটো পাহি আপোনালোকৰ মাজলৈ লৈ আনিব পাৰো ৷ মই সুখী যে আমাৰ বহুৰত্ন বসুন্ধৰাৰ গুণী কাৰ্য্যৰ অবিচলিত প্ৰবাহ অব্যাহত আছে। আৰু আজি যেতিয়া দেশখনে 'অমৃত মহোৎসৱ' উদযাপন কৰি আছে, ই এক প্ৰকাৰে জনশক্তি, জন-জনৰ শক্তি, ইয়াৰ উল্লেখ, ইয়াৰ প্ৰচেষ্টা, ইয়াৰ কঠোৰ পৰিশ্ৰম, ভাৰত আৰু মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে নিশ্চিত কৰে।বাংলাদেশৰ ওড়াকান্দী ঠাকুৰবাৰীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ
March 27th, 12:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ ভ্ৰমণৰ দ্বিতীয় দিনা ওৰাকান্দিস্থিত হৰি মন্দিৰত আশীৰ্বাদ বিচাৰে আৰু ঠাকুৰ পৰিয়ালৰ লোকসকলৰ সৈতে মতবিনিময় কৰে।প্ৰধানমন্ত্ৰীয়ে ওৰাকান্দিস্থিত হৰি মন্দিৰ দৰ্শন কৰে আৰু সমূহীয়া আদৰণি অনুষ্ঠানত উপস্থিত থাকে
March 27th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ ভ্ৰমণৰ দ্বিতীয় দিনা ওৰাকান্দিস্থিত হৰি মন্দিৰত আশীৰ্বাদ বিচাৰে আৰু ঠাকুৰ পৰিয়ালৰ লোকসকলৰ সৈতে মতবিনিময় কৰে।বাংলাদেশৰ কমিউনিটি নেতৃবৃন্দক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
March 26th, 02:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ অংশ হিচাপে বাংলাদেশৰ সংখ্যালঘুসকলৰ প্ৰতিনিধি, বাংলাদেশী মুক্তিযোদ্ধা, ভাৰতৰ বন্ধু আৰু আদৰ্শ যুৱ প্ৰতিভাসমূহকে ধৰি কমিউনিটি নেতৃবৃন্দক সাক্ষাৎ কৰে।