পশ্চিম এছিয়াৰ সংকটৰ উদীয়মান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰস্তুতি পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

March 27th, 09:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপালসকলৰ সৈতে এখম বৈঠকত পশ্চিম এছিয়াৰ শেহতীয়া পৰিঘটনা আৰু ভাৰতত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰস্তুতিৰ পুনৰীক্ষণ কৰে।

শ্ৰী পীয়ুষ পাণ্ডেৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

October 24th, 11:29 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞাপন আৰু যোগাযোগ জগতৰ কিংবদন্তি ব্যক্তিত্ব শ্ৰী পীয়ুষ পাণ্ডেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এক হৃদয়স্পৰ্শী বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে শ্ৰী পাণ্ডেৰ অসাধাৰণ সৃষ্টিশীলতা আৰু ভাৰতৰ বিজ্ঞাপনৰ জগতখনলৈ তেওঁৰ বিশাল অৱদানক স্মৰণ কৰে।

দিল্লীৰ যশোভূমিত আয়োজিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 08th, 10:15 am

কেবিনেটত মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া, ৰাজ্যিক মন্ত্ৰী চন্দ্ৰ শেখৰ পেম্মাছানি ডাঙৰীয়া, ভিন্ন ৰাজ্যৰ প্ৰতিনিধি, বহিঃৰাষ্ট্ৰৰ পৰা অহা আমাৰ অতিথি, টেলিকম খণ্ডৰ লগত জড়িত সকলো গণ্যমান্য ব্যক্তি, ইয়াত উপস্থিত থকা ভিন্ন মহাবিদ্যালয়ৰ মোৰ যুৱ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!

ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২৫ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

October 08th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তি অনুষ্ঠান ইণ্ডিয়া ম’বাইল কংগ্ৰেছ (আই. এম. চি.) ২০২৫-ৰ নৱম সংস্কৰণ উদ্বোধন কৰে। ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ বিশেষ সংস্কৰণলৈ সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিত্তীয় জালিয়াতি প্ৰতিৰোধ, কোৱাণ্টাম কমিউনিকেশ্যন, ৫জি, অপ্টিকেল কমিউনিকেশ্যন আৰু ছেমিকণ্ডাক্টৰকে ধৰি বহুতো গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত ষ্টাৰ্টআপসমূহে কৌশল প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এনে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত দাঙি ধৰা উপস্থাপনৰ সাক্ষী হোৱাটোৱে ভাৰতৰ প্ৰযুক্তিগত উজ্জ্বল ভৱিষ্যত প্ৰতিফলিত কৰে। তেওঁ এই অনুষ্ঠান আৰু নতুন পদক্ষেপসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ২০২৪ বৰ্ষৰ প্ৰশিক্ষণৰত আইএফএছ বিষয়াসকলৰ

August 19th, 08:34 pm

ভাৰতীয় বৈদেশিক সেৱাৰ ২০২৪ বৰ্ষৰ প্ৰশিক্ষণৰত বিষয়াসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত সাক্ষাৎ কৰে। ২০২৪ বৰ্ষৰ বেটছত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৩জন আইএফএছ প্ৰশিক্ষাৰ্থী বিষয়া আছে।

প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপ সন্দৰ্ভত বৈদেশিক সচিবৰ বক্তব্যৰ অসমীয়া অনুবাদ

June 18th, 12:32 pm

জি-৭ শীৰ্ষ সন্মিলনৰ সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে হঠাতে আমেৰিকালৈ উভতি যাবলগীয়া হোৱা বাবে এই বৈঠক অনুষ্ঠিত নহ’ল।

আহমেদাবাদৰ দুৰ্ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, দ্ৰুত আৰু ফলপ্ৰসূ সহায়ৰ আশ্বাস

June 12th, 04:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত সংঘটিত শোকাৱহ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয় যে এই শোকাৱহ ঘটনাটোৱে ৰাষ্ট্ৰক স্তম্ভিত আৰু দুখিত কৰি তুলিছে। তেওঁ ইয়াক হৃদয় বিদাৰক বুলি বৰ্ণনা কৰে।

ভাৰত চৰকাৰৰ সচিবসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰী মোদীৰ

May 08th, 02:17 pm

প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সচিবসকলৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় শেহতীয়া ঘটনাৱলীক লৈ ৰাষ্ট্ৰীয় প্ৰস্তুতি আৰু আন্তঃমন্ত্ৰালয় সমন্বয় সম্পৰ্কে পৰ্যালোচনা কৰাৰ বাবে আজি এখন বৈঠকত অধ্যক্ষতা কৰে।

আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰৰ কমিচনিং অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 15th, 11:08 am

১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয়। মই দেশখনক ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ জোৱানক প্ৰণাম জনাইছোঁ, ভাৰত মাতাক ৰক্ষাৰ কামত নিয়োজিত প্ৰতিগৰাকী বীৰ পুৰুষ-মহিলাক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰন্টলাইন নেভেলকম্বাটেন্টআইএনএছচুৰাট, আইএনএছনীলগিৰিআৰুআইএনএছবঘশ্বীৰৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

January 15th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ নেভেল ডকয়াৰ্ডত তিনি ফ্ৰন্টলাইন নেভেলকম্বাটেন্ট আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয় আৰু ৰাষ্ট্ৰৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী সাহসী যোদ্ধালৈ প্ৰণাম জনোৱা হয়। এই উপলক্ষে তেখেতে সকলো বীৰ যোদ্ধাকে অভিনন্দন জ্ঞাপন কৰে।

‘কৰ্মযোগী সপ্তাহ’ - ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

October 19th, 06:57 pm

সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে মিছন কৰ্মযোগীৰ জৰিয়তে আমাৰ লক্ষ্য হৈছে মানৱ সম্পদ সৃষ্টি কৰা যিয়ে আমাৰ দেশৰ উন্নয়নৰ চালিকা শক্তি হিচাপে পৰিগণিত হ’ব। ইয়াৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যদি আমি এই আবেগেৰে কাম কৰি যাওঁ তেন্তে দেশৰ প্ৰগতিত কোনেও বাধা দিব নোৱাৰে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহত নতুন শিক্ষণ আৰু অভিজ্ঞতাই কৰ্ম ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত শক্তি আৰু সহায় আগবঢ়াব যিয়ে ২০৪৭ চনৰ ভিতৰত আমাৰ লক্ষ্য বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

দ্বিতীয় ভইচ অফ গ্ল’বেল ছাউথ ছামিটৰ সময়ত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্যৰ অসমীয়া অনুবাদ

November 17th, 04:03 pm

যোৱা বছৰৰ ডিচেম্বৰ মাহত যেতিয়া ভাৰতে জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়া আমি এই মঞ্চত গ্ল’বেল ছাউথৰ দেশসমূহৰ কণ্ঠ বৃদ্ধি কৰাটো আমাৰ দায়িত্ব বুলি বিবেচনা কৰিছিলোঁ। আমাৰ অগ্ৰাধিকাৰ আছিল জি-২০ক বিশ্ব সৰ্বাংগীন আৰু মানৱকেন্দ্ৰিক কৰি তোলা। আমাৰ প্ৰচেষ্টা এই যে জি-২০ৰ কেন্দ্ৰবিন্দু হ’ব লাগে-জনসাধাৰণৰ, জনসাধাৰণৰ দ্বাৰা আৰু জনসাধাৰণৰ বাবে উন্নয়ন। এই উদ্দেশ্যৰেই আমি চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে ভইচ অৱ গ্ল’বেল ছাউথ ছামিটৰ আয়োজন কৰিলোঁ। ভাৰতৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত ২০০ৰো অধিক জি-২০ বৈঠকত আমি গ্ল’বেল ছাউথৰ অগ্ৰাধিকাৰক প্ৰাধান্য দিলোঁ। ফলত আমি নতুন দিল্লী নেতাসকলৰ ঘোষণা পত্ৰত গ্ল’বেল ছাউথৰ বিষয়সমূহত সকলোৰে সন্মতি লাভ কৰাত সফল হ’লোঁ।

In the last eight years, government has worked on complete transformation of rail connectivity: PM

June 20th, 02:46 pm

The Prime Minister, Shri Narendra Modi inaugurated and laid the foundation stone of multiple rail and road infrastructure projects worth over Rs 27000 crore in Bengaluru today. Earlier, the Prime Minister inaugurated the Centre for Brain Research and laid the foundation Stone for Bagchi Parthasarathy Multispeciality Hospital at IISc Bengaluru.

PM inaugurates and lays the foundation stone of multiple rail and road infrastructure projects worth over Rs 27000 crore in Bengaluru

June 20th, 02:45 pm

The Prime Minister, Shri Narendra Modi inaugurated and laid the foundation stone of multiple rail and road infrastructure projects worth over Rs 27000 crore in Bengaluru today. Earlier, the Prime Minister inaugurated the Centre for Brain Research and laid the foundation Stone for Bagchi Parthasarathy Multispeciality Hospital at IISc Bengaluru.

প্ৰযুক্তি-সমৰ্থিত বিকাশৰ ওপৰত বাজেটৰ পিছত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

March 02nd, 10:49 am

আপোনালোক সকলোৱে জানে যে আমি যোৱা দুবছৰ ধৰি এটা নতুন পৰম্পৰা আৰম্ভ কৰিছো। এটা কথা, আমি এমাহ আগতে বাজেট প্ৰস্তুত কৰিছো। আৰু যদি বাজেট ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়, তেন্তে ইয়াৰ মাজতে আমি প্ৰস্তুতি চলাবলৈ দুমাহ সময় পাম। আৰু আমি চেষ্টা কৰি আছো যে বাজেটৰ পৰিপ্ৰেক্ষিতত, সকলো অংশীদাৰ ব্যক্তিগত, ৰাজহুৱা, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, চৰকাৰৰ বিভিন্ন বিভাগ একত্ৰিত হয়।

‘প্রযুক্তিভিত্তিক উন্নয়ন’ শীর্ষক ৱেবিনাৰত প্রধানমন্ত্রীৰ ভাষণ

March 02nd, 10:32 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি বাজেট পাছত সপ্তমখন ৱেবিনাৰত বক্তব্য আগবঢ়ায়৷ বাজেটত গৃহীত প্রস্তাৱসমূহ সংশ্লিষ্ট সকলোৰে সৈতে আলোচনাৰ মাধ্যমে উপযুক্তভাৱে ৰূপায়ণৰ বাবে ইয়াত আলোচনা কৰা হৈছে। এই ৱেবিনাৰসমূহ আয়োজনৰ উদ্দ্যেশ্য ব্যাখ্যা কৰি প্রধানমন্ত্রীয়ে কয়, “বাজেটৰ প্রস্তাৱসমূহৰ সৰ্বাধিক সুফল লাভ কৰা আৰু কিদৰে আমি সেয়া দ্রুতগতিত কার্যকৰী কৰিব পাৰো, সেয়া নিশ্চিত কৰিবলৈ এই ৱেবিনাৰৰ মাধ্যমে এক যুটীয়া প্ৰচেষ্টাৰ পৰিকল্পনা কৰা হ’ব৷”

কানপুৰ মেট্ৰো প্রকল্পৰ উদ্বোধনত প্রধানমন্ত্রীৰ ভাষণৰ পাঠ

December 28th, 01:49 pm

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, উত্তৰপ্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী হৰদীপ পুৰী জী, ইয়াৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্যা জী, সাধ্বী নিৰঞ্জন জ্যোতি জী, ভানুপ্ৰতাপ বাৰ্মা জী, ইউপি চৰকাৰৰ মন্ত্ৰী শ্ৰী সতীশ মহানা জী, নীলিমা কটিয়াৰ জী, ৰণবেন্দ্ৰ প্ৰতাপ জী, লখন সিংহ জী, অজীত পাল জী, ইয়াত উপস্থিত সকলো আদৰণীয় সাংসদগণ, সকলো আদৰণীয় বিধায়কগণ, আন সকলো জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল! ঋষি-মুনিসকলৰ তপোস্থলী, স্বতন্ত্ৰতা সেনানী আৰু ক্ৰান্তিবীৰৰ প্ৰেৰণা স্থলী, স্বাধীন ভাৰতৰ ঔদ্যোগিক সামৰ্থ্যক শক্তি দিয়া এই কানপুৰক মোৰ শত-শত নমন। এয়া কানপুৰেই যি পণ্ডিত দীনদয়াল উপাধ্যায়, সুন্দৰ সিংহ ভাণ্ডাৰী জী আৰু অটল বিহাৰী বাজপেয়ীৰ দৰে ভিজনেৰী নেতৃত্বক গঢ় দিয়াত মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আৰু আজি কেৱল কানপুৰেই আনন্দিত এনেকুৱা নহয়, বৰুণ দেৱতা জীৰো এই আনন্দত ভাগ ল'বৰ মন গ'ল।

PM inaugurates Kanpur Metro Rail Project

December 28th, 01:46 pm

PM Narendra Modi inaugurated Kanpur Metro Rail Project and Bina-Panki Multiproduct Pipeline Project. Commenting on the work culture of adhering to deadlines, the Prime Minister said that double engine government works day and night to complete the initiatives for which the foundation stones have been laid.

PM’s remarks at review meeting with districts having low vaccination coverage

November 03rd, 01:49 pm

ইটালী আৰু গ্লাছগ’ৰ ভ্ৰমণ সামৰি দেশলৈ উভতি অহাৰ পিচতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কম হাৰত টীকাকৰণ হোৱা দেশৰ জিলাসমূহৰে এক পৰ্যলোচনা সভাত মিলিত হয়। এই সভাত ক’ভিড-ৰ প্ৰথম পালি প্ৰতিষেধকৰ ক্ষেত্ৰত ৫০%তকৈ কম আৰু দ্বিতীয় পালি প্ৰতিষেধকৰ ক্ষেত্ৰত কম হাৰত টীকাকৰণ সম্পন্ন হোৱা জিলাসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। সভাত প্ৰধানমন্ত্ৰীয়ে কম হাৰত টীকাৰকৰণ হোৱা ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয় আৰু অন্যান্য ৪০খনৰো অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে বাৰ্তালাপ কৰে।

কম হাৰত টীকাকৰণ হোৱা জিলাসমূহৰে পৰ্যালোচনা সভাত মিলিত হ’ল প্ৰধানমন্ত্ৰী

November 03rd, 01:30 pm

ইটালী আৰু গ্লাছগ’ৰ ভ্ৰমণ সামৰি দেশলৈ উভতি অহাৰ পিচতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কম হাৰত টীকাকৰণ হোৱা দেশৰ জিলাসমূহৰে এক পৰ্যলোচনা সভাত মিলিত হয়। এই সভাত ক’ভিড-ৰ প্ৰথম পালি প্ৰতিষেধকৰ ক্ষেত্ৰত ৫০%তকৈ কম আৰু দ্বিতীয় পালি প্ৰতিষেধকৰ ক্ষেত্ৰত কম হাৰত টীকাকৰণ সম্পন্ন হোৱা জিলাসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। সভাত প্ৰধানমন্ত্ৰীয়ে কম হাৰত টীকাৰকৰণ হোৱা ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয় আৰু অন্যান্য ৪০খনৰো অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে বাৰ্তালাপ কৰে।