India-Australia Roadmap for Sports Collaboration

July 10th, 10:07 am

Sports is a powerful bridge between India and Australia, bringing communities together and opening new pathways for collaboration. Building on the 2023 MoU on Cooperation in Sports, the India-Australia Roadmap for Sports Collaboration sets out practical, future-focused priorities and opportunities to strengthen this cornerstone of our bilateral relationship.

Our guiding spirit is - Grow More, Achieve More: PM Modi at the community programme in Melbourne, Australia

July 09th, 03:22 pm

PM Modi and Australian PM Anthony Albanese participated in a community programme of the Indian diaspora in Melbourne. In his address, PM Modi elaborated on the rapid progress taking place in India and expressed appreciation for the contribution of the Indian diaspora in Australia to the bilateral relationship, describing them as a living bridge between the two countries.

Prime Minister addresses the Indian Diaspora in Australia

July 09th, 03:00 pm

PM Modi and Australian PM Anthony Albanese participated in a community programme of the Indian diaspora in Melbourne. In his address, PM Modi elaborated on the rapid progress taking place in India and expressed appreciation for the contribution of the Indian diaspora in Australia to the bilateral relationship, describing them as a living bridge between the two countries.

বাজেট-উত্তৰ ৱেবিনাৰত "সবকা সাথ, সবকা বিকাশ-জনসাধাৰণৰ আকাংক্ষা পূৰণ" শীৰ্ষক বিষয়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা বিশেষ ভাষণৰ মূল পাঠ

March 09th, 10:30 am

আজি হৈছে বাজেট-উত্তৰ ৱেবিনাৰৰ এই শৃংখলাৰ চতুৰ্থ আৰু গুৰুত্বপূৰ্ণ ৱেবিনাৰ। জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাটো কেৱল আলোচনাৰ বিষয় নহয়, ই হৈছে এই বাজেটৰ মূল লক্ষ্য আৰু লগতে এই চৰকাৰৰ সংকল্প। শিক্ষা, দক্ষতা, স্বাস্থ্য, পৰ্যটন, ক্ৰীড়া, সংস্কৃতিৰ দৰে মৌলিক খণ্ডসমূহ জনসাধাৰণৰ আকাংক্ষা পূৰণৰ আটাইতকৈ ডাঙৰ মাধ্যম। গতিকে এই ৱেবিনাৰত আমি এই গুৰুত্বপূৰ্ণ দিশবোৰ আলোচনা কৰিছো। বাজেট ঘোষণাৰ ৰূপায়ণৰ বাবে এই বিষয়সমূহৰ সৈতে জড়িত সকলো বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু পণ্ডিত, উদ্যমী আৰু মোৰ যুৱ বন্ধুসকলৰ ধাৰণা আৰু পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ। মই আপোনালোক সকলোকে চতুৰ্থ বাজেট ৱেবিনাৰৰ এই সত্ৰলৈ স্বাগতম জনাইছো।

"সবকা সাথ, সবকা বিকাশ-জনসাধাৰণৰ আকাংক্ষা পূৰণ" শীৰ্ষক বিষয়ত বাজেট-উত্তৰ ৱেবিনাৰত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 09th, 10:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সবকা সাথ, সবকা বিকাশ-জনসাধাৰণৰ আকাংক্ষা পূৰণ শীৰ্ষক বিষয়ত গুৰুত্ব আৰোপ কৰি বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ এক শৃংখলাৰ চতুৰ্থটো ভাষণ দিয়ে। এই লক্ষ্যসমূহত উপনীত হোৱাৰ বাবে শিক্ষা, দক্ষতা, স্বাস্থ্য, পৰ্যটন, ক্ৰীড়া আৰু সংস্কৃতি খণ্ডসমূহ প্ৰাথমিক বাহন বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে বিশেষজ্ঞ আৰু নীতি নিৰ্ধাৰকসকলক বাজেট ঘোষণাৰ ফলপ্ৰসূ ৰূপায়ণৰ সম্পৰ্কত আলোচনা কৰিবলৈ আদৰণি জনায়। জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাটো কেৱল এটা বিষয় নহয়; ই হৈছে এই বাজেটৰ মূল উদ্দেশ্য আৰু এই চৰকাৰৰ সংকল্প, শ্ৰী মোদীয়ে কয়।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 04th, 01:00 pm

উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক জী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল— ভাই ৰবীন্দ্ৰ জয়ছোৱাল জী, দয়াশংকৰ জী, গিৰীশ যাদৱ জী, বাৰাণসীৰ মেয়ৰ ভাই অশোক তিৱাৰী জী, আন-আন জনপ্ৰতিনিধি সকল, ভলীবল সন্থাৰ সকলো বিষয় ববীয়া, দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈ আৰু কাশীৰ মোৰ পৰিয়ালৰ সদস্য সকল— নমস্কাৰ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰে

January 04th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে বাৰাণসীৰ সাংসদ হিচাপে সকলো খেলুৱৈক আদৰণি আৰু অভিনন্দন জনাই তেওঁ সন্তোষ পাইছে। তেওঁ কয় যে আজিৰে পৰা বাৰাণসীত ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকল অসীম কষ্টৰ অন্তত এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উপনীত হৈছে আৰু অনাগত দিনত বাৰাণসীৰ খেলপথাৰত তেওঁলোকৰ প্ৰচেষ্টাৰ পৰীক্ষা হ’ব। তেওঁ উল্লেখ কৰে যে দেশৰ ২৮ খন ৰাজ্যৰ টীমসমূহ ইয়াত সমবেত হৈছে। এইদৰে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এখন সুন্দৰ ছবি প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ইয়াত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

Today, Sansad Khel Mahotsav has truly become a people’s movement: PM Modi

December 25th, 05:30 pm

PM Modi addressed the Sansad Khel Mahotsav via video conferencing and interacted with young athletes from across the country. Calling the initiative a people’s movement, he said the scale of participation reflects the growing sporting culture in India.

Our country is full of talent in every village and town: PM Modi

December 25th, 11:10 am

PM Modi interacted with young sportspersons from across the country during the Sansad Khel Mahotsav, listening to their journeys, aspirations and experiences. Encouraging them to balance sports with education, he lauded their discipline, dedication and confidence. The PM reaffirmed the government’s commitment to nurturing grassroots sporting talent and building a strong sporting ecosystem in India.

PM Modi addressed the Sansad Khel Mahotsav via video conferencing

December 25th, 11:09 am

PM Modi addressed the Sansad Khel Mahotsav via video conferencing and interacted with young athletes from across the country. Calling the initiative a people’s movement, he said the scale of participation reflects the growing sporting culture in India.

'মন কী বাত' জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট মঞ্চঃ প্ৰধানমন্ত্ৰী মোদী

November 30th, 11:30 am

চলিত মাহৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত আলোকপাত কৰে, য’ত সংবিধান দিৱস উদযাপন, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী, অযোধ্যাত ধৰ্মধ্বজ উত্তোলন, আইএনএছ ‘মাহে’ প্ৰৱৰ্তন আৰু কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আদিৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু যেনে অভিলেখ খাদ্য শস্য আৰু মৌ উৎপাদন, ভাৰতৰ ক্ৰীড়া সফলতা, সংগ্ৰহালয় আৰু প্ৰাকৃতিক কৃষি আদি দিশবোৰো সামৰি লয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী-তামিল সংগমমত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ভাৰতে শতবৰ্ষীয় কমনৱেলথ গেমছ ২০৩০ৰ নিবিদা লাভ কৰাৰ লগে লগে ৰাষ্ট্ৰক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

November 26th, 09:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৩০ চনত শতবাৰ্ষিক কমনৱেলথ গেমছ আয়োজনৰ বাবে ভাৰতে সুযোগ লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে।

উত্তৰাখণ্ডৰ ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

January 28th, 09:36 pm

আজি দেৱভূমি যৌৱন শক্তিৰে অধিক উজলি উঠিছে। বাবা কেদাৰ, বদ্ৰীনাথজী আৰু মা গঙ্গাৰ আশীৰ্বাদত আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শভাৰম্ভ কৰা হৈছে। এই বছৰটো উত্তৰাখণ্ড গঠনৰ ২৫ সংখ্যক বছৰ। এই যুৱ ৰাজ্যখনত দেশৰ প্ৰতিটো কোণৰ পৰা অহা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এখন অতি সুন্দৰ ছবি ইয়াত দৃশ্যমান হৈছে। এইবাৰো বহুতো থলুৱা পৰম্পৰাগত খেল ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া এক প্ৰকাৰে ‘সেউজ খেল’ হিচাপে উদযাপিত হ’ব। ইয়াত পৰিৱেশ-অনুকূল বস্তুৰ যথেষ্ট ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিব লগা সকলো পদক আৰু ট্ৰফীও ‘ই-আৱৰ্জনা’ৰে নিৰ্মিত। পদক বিজয়ী খেলুৱৈসকলৰ নামত গছপুলি ৰোপণ কৰা হ'ব। এইটো এটা অতিকে ভাল পদক্ষেপ। মই সকলো খেলুৱৈক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে শুভকামনা জনাইছোঁ। এই আশ্চৰ্যকৰ অনুষ্ঠানটোৰ বাবে মই ধামীজী আৰু তেওঁৰ সমগ্ৰ দল, উত্তৰাখণ্ডৰ প্ৰতিগৰাকী নাগৰিকক অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে

January 28th, 09:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে উত্তৰাখণ্ড আজি যুৱক-যুৱতীসকলৰ শক্তিৰে উজ্জ্বল হৈ পৰিছে। তেখেতে লগতে কয় যে আজিৰেপৰা বাবা কেদাৰনাথ, বদ্ৰীনাথ আৰু মা গংগাৰ আশীৰ্বাদত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই ৰাজ্যখনত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। তেখেতে লগতে কয় যে এই অনুষ্ঠানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এখন সুন্দৰ ছবি প্ৰদৰ্শিত হৈছে। তেখেতে আৰু কয় যে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একাধিক স্থানীয় ক্ৰীড়া অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ‘সেউজ ক্ৰীড়া’ (Green Games), কিয়নো ইয়াত পৰিবেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। এই বিষয়বস্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আনকি ইয়াৰ ট্ৰফী আৰু পদকসমূহো ই-ৱাষ্টেৰে তৈয়াৰ কৰা হৈছে আৰু প্ৰতিগৰাকী পদক বিজয়ীৰ নামত এটাকৈ গছপুলি ৰোপণ কৰা হ’ব, যি এক বৃহৎ পদক্ষেপ। তেখেতে ইয়াত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উত্তৰাখণ্ড চৰকাৰ আৰু জনসাধাৰণক এনে এক বৃহৎ অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।