বৰ্ধিত সংযোগৰ জৰিয়তে বহনক্ষমতা, অৰ্থনৈতিক বৃদ্ধি আৰু সুৰক্ষাৰ বাবে ভাৰত – ছিচেলছৰ যৌথ দৃষ্টিভংগী
February 09th, 03:28 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ছিচেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড° পেট্ৰিক হাৰ্মিনিয়ে ৫ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিছে ।ৰাষ্ট্ৰপতি হাৰ্মিনিৰ কাৰ্যভাৰ গ্ৰহণৰ প্ৰায় ১০০ দিনৰ পাছত কৰা এই ভ্ৰমণে দীৰ্ঘদিনীয়া আৰু বহুমুখী দ্বিপাক্ষিক অংশীদাৰিত্বক শক্তিশালী, সম্প্ৰসাৰিত আৰু গভীৰ কৰিব বুলি ভাৰত আৰু ছিচেলছৰ প্ৰতিশ্ৰুতিৰ সংকেত বহন কৰিছে। ছিচেলছৰ স্বাধীনতাৰ ৫০ বথছৰ সম্পূৰ্ণ হোৱা আৰু দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি কৰা ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ক সামৰি লৈ বিস্তৃত আৰু ইতিবাচক আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৰাষ্ট্ৰপতি হাৰ্মিনীয়ে লাভ কৰা সফলতাৰ বাবে অভিনন্দন জনায়।দুয়োগৰাকী নেতাই দৃঢ়তাৰে কয় যে ভাৰত আৰু ছিচেলছ, ঘনিষ্ঠ সামুদ্ৰিক প্ৰতিবেশী হিচাপে ঐতিহাসিক সম্পৰ্কৰে বান্ধ খাই আছে। দুয়োখন দেশে গণতন্ত্ৰ আৰু বহুত্ববাদৰ ভাগ-বতৰা কৰা মূল্যবোধৰ দ্বাৰা লালিত-পালিত এক বিশেষ তথা সময়-পৰীক্ষিত অংশীদাৰিত্ব লাভ কৰিছে। নেতাদ্বয়ে স্বীকাৰ কৰে যে ছিচেলছ-ভাৰতৰ মাজৰ সম্পৰ্ক জনকেন্দ্ৰিক আৰু ই পশ্চিম ভাৰত মহাসাগৰ অঞ্চলৰ নিৰাপত্তা তথা স্থিতিশীলতাক অধিক শক্তিশালী কৰিছে। ভাৰতৰ ভিজন মহাসাগৰ (মিউচুৱেল এণ্ড হোলিষ্টিক এডভান্সমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰ’থ এক্ৰছ ৰিজিঅ’নছ)ৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে ছিচেলছৰ ভূমিকাকো নেতাদ্বয়ে স্বীকাৰ কৰে।ছিচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
February 09th, 01:00 pm
ৰাষ্ট্ৰপতি হাৰ্মিনী আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জৱৃনাবলৈ পাই মই অপৰিসীম আনন্দ লাভ কৰিছো।মালদ্বীপৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 25th, 08:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি মালেস্থিত ৰাষ্ট্ৰপতি কাৰ্য্যালয়ত মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ মুহম্মদ মুইজ্জুৰ সৈতে এখনি বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে ৰিপাব্লিক স্কোৱাৰত প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি মুইজ্জুৱে সম্ভাষণ আৰু আনুষ্ঠানিকভাৱে আদৰণি জনায়। উক্ত বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বদ্ধমূল সম্পৰ্ক আৰু বন্ধুত্বৰ কথা দোহৰা হয়।মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
July 25th, 06:00 pm
প্ৰথমে সকলো ভাৰতীয়ৰ হৈ ৰাষ্ট্ৰপতি তথা মালদ্বীপৰ জনসাধাৰণলৈ স্বাধীনতাৰ ৬০ বছৰীয়া ঐতিহাসিক বৰ্ষপূৰ্তিত মোৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ।শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ মন্তব্য
April 05th, 11:30 am
আজি ৰাষ্ট্ৰপতি দিছানায়কে মোক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানীত কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই বঁটাটোৱে কেৱল মোক নহয়, ১৪০ কোটি ভাৰতীয়কো সন্মান জনায়। ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজত থকা ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।ভাৰত আৰু মালদ্বীপ : ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগী
October 07th, 02:39 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ড০ মহম্মদ মুইজ্জুৱে ২০২৪ চনৰ ৭ অক্টোবৰত মিলিত হয়। দুয়োগৰাকী নেতাই দেশ দুখনৰ ঐতিহাসিক ঘনিষ্ঠতা আৰু বিশেষ সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত অগ্ৰগতিৰ কথা উল্লেখ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসৰৰ বিষয়ে ব্যাপক পৰ্যালোচনা কৰে। এই সম্পৰ্কই দুয়োখন দেশৰ জনসাধাৰণৰ উন্নতিত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে।