শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 28th, 03:35 pm

শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ২৪ সংখ্যক মহন্ত শ্ৰীমদ বিদ্যাধীশ তীৰ্থ স্বামীজী, মাননীয় ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ভ্ৰাতৃ প্ৰমোদ সাৱন্ত জী, মঠ কমিটিৰ অধ্যক্ষ শ্ৰী শ্ৰীনিবাস ডেম্পো জী, উপাধ্যক্ষ শ্ৰী আৰ.আৰ. কামাত জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থসকল শ্ৰী শ্ৰীপদ নাইক জী আৰু দিগম্বৰ কামাত জী। আন-আন সকলো বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে

November 28th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ অনুষ্ঠানত ভাগ লৈ তেওঁৰ মন গভীৰ প্ৰশান্তিৰে ভৰি পৰিছে। তেওঁ কয় যে সন্তসকলৰ সান্নিধ্যত অৱস্থান কৰাটো এক আধ্যাত্মিক অভিজ্ঞতা। ইয়াত উপস্থিত থকা ভালে সংখ্যক ভক্তই এই মঠৰ শতিকা পুৰণি জীৱন্ত শক্তিক অধিক বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি এই অনুষ্ঠানত জনসাধাৰণৰ মাজত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়ালৈ অহাৰ আগতে তেওঁ ৰাম মন্দিৰ আৰু বীৰ বিঠাল মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ কয় যে তাৰ প্ৰশান্ত পৰিবেশে এই অনুষ্ঠানৰ আধ্যাত্মিকতাক গভীৰ কৰি তুলিছে।

কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 25th, 04:40 pm

আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। ৰাতিপুৱা মই ৰামায়ণৰ নগৰ অযোধ্যাত আছিলো আৰু এতিয়া মই গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছো। শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছো। মই এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 25th, 04:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। তেওঁ কয় যে ৰাতিপুৱা তেওঁ ৰামায়ণৰ নগৰ অযোধ্যাত আছিল আৰু এতিয়া তেওঁ গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছে। তেওঁ উল্লেখ কৰে যে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনায়।

প্ৰধানমন্ত্ৰীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব

November 18th, 11:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 14th, 10:45 am

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে

January 14th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।

‘শ্ৰীল প্ৰভুপাদজী’ৰ ১৫০ সংখ্যক বাৰ্ষিকীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 08th, 01:00 pm

হৰে কৃষ্ণ! হৰে কৃষ্ণ! হৰে কৃষ্ণ! আজি আপোনালোকে ইয়াত প্ৰৱেশ কৰাৰ লগে লগে ‘ভাৰত মণ্ডপম’ৰ ভব্যতা আৰু অধিক বৃদ্ধি পালে। এই ভৱনটোৰ ধাৰণা ‘ভগৱান বাসৱেশ্বৰ’ৰ ‘অনুভৱ মণ্ডপম’ৰ সৈতে সম্পৰ্কিত। প্ৰাচীন ভাৰতত ‘অনুভৱ মণ্ডপম’ আধ্যাত্মিক আলোচনাৰ কেন্দ্ৰ আছিল। ‘অনুভৱ মণ্ডপম’ জনকল্যাণৰ বাবে অনুভূতি আৰু সংকল্পৰ শক্তিকেন্দ্ৰ আছিল। আজি ‘শ্ৰীল ভক্তিসিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদ’ৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ‘ভাৰত মণ্ডপম’ত একে ধৰণৰ শক্তিকে দেখিবলৈ পোৱা গৈছে। আমি এইটোও কল্পনা কৰিছিলো যে এই ভৱনটো ভাৰতৰ আধুনিক সামৰ্থ্য আৰু ইয়াৰ প্ৰাচীন মূল্যবোধ দুয়োটাৰ কেন্দ্ৰ হৈ উঠক। মাত্ৰ কেইমাহমান আগতে, ‘জি-২০ সন্মিলন’ৰ জৰিয়তে ইয়াৰ পৰাই নতুন ভাৰতৰ সামৰ্থ্যৰ দৰ্শন হৈছিল। আৰু আজি 'বিশ্ব বৈষ্ণৱ সন্মিলন' অনুষ্ঠিত কৰিবলৈ এই কেন্দ্ৰই ইমান পবিত্ৰ সৌভাগ্য লাভ কৰিছে। আৰু এয়াইতো হৈছে নতুন ভাৰতৰ ছবি... য'ত বিকাশ আছে, আৰু ঐতিহ্যও আছে, দুয়োৰে সঙ্গম সমাৱেশিত হৈছে। য'ত আধুনিকতাক আদৰণি জনোৱা হৈছে, আৰু নিজৰ পৰিচিতিক লৈ গৌৰৱো কৰা হৈছে।

শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকীৰ কাৰ্যসূচীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

February 08th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰীল প্ৰভুপাদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায় আৰু তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰে। গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে বৈষ্ণৱ ধৰ্মৰ মৌলিক ধাৰণাবোৰ সংৰক্ষণ আৰু বিস্তাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

শ্ৰী অৰবিন্দৰ ১৫০তম জন্ম জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

December 13th, 06:52 pm

শ্ৰী অৰবিন্দৰ ১৫০তম জন্ম জয়ন্তী বৰ্ষৰ এই মহত্বপূৰ্ণ কাৰ্যক্ৰমত আপোনালোক সকলোকে মই হৃদয়ৰে অভিনন্দন জনাইছো। এই পূণ্য সময়ত মই সকলো দেশবাসীকো বহুত বহুত শুভকামনা জনাইছো। শ্ৰী অৰবিন্দৰ ১৫০তম জন্মবৰ্ষ সমগ্ৰ দেশৰ বাবে এটা ঐতিহাসিক উপলক্ষ। তেওঁৰ প্ৰেৰণা, তেওঁৰ বিচাৰসমূহ আমাৰ নতুন প্ৰজন্মলৈ লৈ যাবৰ বাবে দেশে এই সমগ্ৰ বছৰটো বিশেষভাৱে পালন কৰাৰ সংকল্প লৈছিল। ইয়াৰ বাবে এখন বিশেষ উচ্চ স্তৰীয় সমিতি গঠন কৰা হৈছিল। সংস্কৃতি মন্ত্ৰালয়ৰ নেতৃত্বত বহুত ভিন ভিন কাৰ্যক্ৰম হৈ আছে। এই ক্ৰমতে পুডুচেৰীৰ মাটিত, যি মহৰ্ষিৰ নিজৰ তপোস্থলীও, আজি ৰাষ্ট্ৰই তেওঁক আৰু এক কৃতজ্ঞ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰি আছে। আজি শ্ৰী অৰবিন্দৰ ওপৰত এটা স্মৃতি মুদ্ৰা আৰু পোষ্টেল ষ্টাম্পো জাৰি কৰা হৈছে। মোৰ বিশ্বাস যে শ্ৰী অৰবিন্দৰ জীৱন আৰু তেওঁৰ শিক্ষাৰ পৰা প্ৰেৰণা লৈ ৰাষ্ট্ৰৰ এই প্ৰয়াসে আমাৰ সংকল্পক এটা নতুন শক্তি দিব, নতুন বল দিব।

PM addresses programme commemorating Sri Aurobindo’s 150th birth anniversary via video conferencing

December 13th, 06:33 pm

The Prime Minister, Shri Narendra Modi addressed a programme celebrating Sri Aurobindo’s 150th birth anniversary via video conferencing today in Kamban Kalai Sangam, Puducherry under the aegis of Azadi ka Amrit Mahotsav. The Prime Minister also released a commemorative coin and postal stamp in honour of Sri Aurobindo.

১ ছেপ্টেম্বৰত শ্ৰীলা ভক্তিবেদান্ত স্বামী প্ৰভুপদ জীৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে এক বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

August 31st, 03:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলা ভক্তিবেদান্ত স্বামী প্ৰভুপদ জীৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে ১ ছেপ্টেম্বৰ ২০২১ তাৰিখে আবেলি ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ১২৫ টকাৰ এক বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰিব আৰু সমবেত লোকসকলক সম্বোধন কৰিব।

ৰাজমাতা বিজয়াৰাজে সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী পূৰ্তি উপলক্ষে ১০০টকীয়া মুদ্ৰা মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পা

October 12th, 11:01 am

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগীসকল, বেলেগ বেলেগ ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীসকল, দেশ-বিদেশেৰে জড়িত ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া জীৰ প্ৰশংসক তথা পৰিয়ালৰ সদস্য, তেওঁৰ স্নেহভাজন আৰু মোৰ মৰমৰ ভাই-ভনীসকল।

ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১০০টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰ

October 12th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ১০০টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ৰাজমাতালৈ তেওঁৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

দৃষ্টিহীনসকলৰ উপযোগী এলানি নতুন মুদ্রা মুকলি কৰিলে প্ৰধানমন্ত্রীয়ে

March 07th, 12:05 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আজি নতুন দিল্লীৰ ৭ লোককল্যাণ মার্গত আয়োজিত এক অনুষ্ঠানত দৃষ্টিহীনসকলৰ উপযোগী এলানি নতুন মুদ্রা মকুলি কৰে৷ আজি মুকলি কৰা মুদ্রাসমূহ হৈছে—১ টকা, ২ টকা, ৫ টকা, ১০ টকা আৰু ২০ টকাৰ মুদ্ৰা।

গুৰু গোৱিন্দ সিংজীৰ জন্মবাৰ্ষিকীত স্মাৰক মুদ্ৰা মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 13th, 11:00 am

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা আপোনালোক সকলো মহানুভৱক মই স্বাগতম জনাইছোঁ৷ আপোনালোক সকলোকে, সমগ্ৰ দেশকে লোহৰীৰ লক্ষ লক্ষ অভিনন্দন৷ বিশেষকৈ আমাৰ দেশৰ অন্নদাতা বন্ধুসকলৰ বাবে শস্য চপোৱাৰ এই বতৰে যাতে অনন্ত সুখ লৈ আহক, তাৰেই মংগল কামনা কৰিছো৷

গুৰু গোৱিন্দ সিংজীৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ ৩৫০ টকাৰ এক স্মাৰক মুদ্ৰা মুকলি গুৰু গোৱিন্দ সিঙৰ শিকনিয়ে মানৱতাক পথ প্ৰদৰ্শিত কৰে বুলি প্ৰধানমন্ত্ৰীয়ে কয়

January 13th, 11:00 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰু গোৱিন্দ সিংজীৰ জন্মবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰৰ ৰাজধানীত ৩৫০ টকাৰ এক স্মাৰক মুদ্ৰা মুকলি কৰে৷ তেওঁ গুৰু গোৱিন্দ সিংজীৰ আদৰ্শ- আত্মত্যাগ মনোভাৱেৰে দেশ সেৱা, উৎসৰ্গিত মনোভাৱ, নায়কত্ব আৰু ত্যাগক প্ৰশংসা কৰি দেশবাসীক গুৰুজীৰ পথেৰে অগ্ৰসৰ হ’বলৈ আহ্বান জনায়৷

গুৰু গোৱিন্দ সিং জীৰ জন্ম বাৰ্ষিকী উপলক্ষে স্মাৰক মুদ্ৰা মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

January 12th, 11:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ৭, লোক কল্যান মাৰ্গত ১৩ জানুৱাৰী, ২০১৯ত গুৰু গোৱিন্দ সিং জীৰ স্মৃতিত এটা স্মাৰক মুদ্ৰা মুকলি কৰিব৷ গুৰু গোৱিন্দ সিং জীৰ জন্ম বাৰ্ষিকী উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী একাংশ বিশিষ্ট লোকক সম্বোধি ভাষণ আগবঢ়াব৷

Today, people of the country are working towards creating a strong India, in line with Netaji's vision: PM Modi

December 30th, 05:01 pm

The Prime Minister, Shri Narendra Modi, visited Port Blair in the Andaman and Nicobar Islands today. In Port Blair, he laid a wreath at the Martyrs Column, and visited the Cellular Jail. At Cellular Jail, he visited the cells of Veer Savarkar, and other freedom fighters. He hoisted a high mast flag and offered floral tributes at the Statue of Netaji Subhas Chandra Bose.

আন্দামানত প্ৰধানমন্ত্ৰী;

December 30th, 05:00 pm

পোৰ্ট ব্লেয়াৰত তেওঁ শ্বহীদ স্তম্ভত পুষ্পমাল্য অৰ্পণ কৰাৰ লগতে চেলুলাৰ জে’লো পৰিদৰ্শন কৰে৷ চেলুলাৰ জে’লত বীৰ ছাভাৰকাৰ আৰু অন্যান্য মুক্তি যুঁজাৰুসকলৰ ৰখা কক্ষবোৰ পৰিদৰ্শন কৰে৷ তেওঁ তাত এখন সুউচ্চ পতাকা উত্তোলন কৰাৰ লগতে নেতাজী সুভাষ চন্দ্ৰ বসূৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে৷