দিল্লী-এনচিআৰ অঞ্চলত পুৰণি ট্ৰাক আৰু বাছ সলনি কৰাৰ বাবে এনচিআৰপিবিক সহায় আগবঢ়োৱা আঁচনিখনত কেবিনেটৰ অনুমোদন

June 03rd, 03:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে দিল্লী-এনচিআৰ অঞ্চলত বায়ু প্ৰদূষণ হ্ৰাস কৰা আৰু পৰিষ্কাৰ গতিশীলতাক উৎসাহিত কৰাৰ লক্ষ্যৰে দুবছৰীয়া ঐতিহাসিক আঁচনিখনত অনুমোদন জনাইছে। এই আঁচনিখনৰ বাবে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত থকা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিকল্পনা ব’ৰ্ডৰ (এনচিআৰপিবি) জৰিয়তে পুঁজি যোগান ধৰা হ’ব আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় (এমঅ’আৰটিএইচ) তথা পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় (এমঅ’পিএনজি)ৰ দ্বাৰা ৰূপায়ণ কৰা হ’ব। অংশগ্ৰহণকাৰী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ সহযোগিতাত ইয়াক ৰূপায়ণ কৰা হ’ব।

হায়দৰাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

May 10th, 03:45 pm

ৰাষ্ট্ৰীয় আৰু গোলকীয় দুয়োটা ক্ষেত্ৰতে চাইবেৰাবাদৰ শক্তি অটুট। তেলেংগানা আৰু দেশৰ দ্ৰুত উন্নয়নৰ বাবে ই এটা ডাঙৰ কেন্দ্ৰ। সেয়েহে আজি তেলেংগানাক দেশৰ এক বৃহৎ উৎপাদন শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ চাইবেৰাবাদৰ পৰা কেইবাটাও বৃহৎ প্ৰকল্প আৰম্ভ কৰা হৈছে। আজি যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে, সেইবোৰে হাজাৰ হাজাৰ নতুন চাকৰিৰ সৃষ্টি কৰিব আৰু তেলেংগানাৰ যোগাযোগ শক্তিশালী কৰিব। এই প্ৰকল্পসমূহৰ বাবে তেলেংগানাৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ হায়দৰাবাদত প্ৰায় ৯,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু জনসাধাৰণলৈ উৎসৰ্গা কৰে

May 10th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ হায়দৰাবাদত প্ৰায় ৯,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু জনসাধাৰণলৈ উৎসৰ্গা কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় আৰু বিশ্ব দুয়োটা পৰ্যায়তে হায়দৰাবাদৰ পৰিৱৰ্তনশীল গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেলেংগানা আৰু সমগ্ৰ দেশৰ দ্ৰুত উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ভূমিকাত গুৰুত্ব আৰোপ কৰি তেওঁ আজি আৰম্ভ হোৱা কেইবাটাও বৃহৎ পৰিসৰৰ প্ৰকল্পই তেলেংগানাক কেনেকৈ এক প্ৰধান উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব সেই বিষয়ে আলোকপাত কৰে। শ্ৰী মোদীয়ে কয় যে এই প্ৰকল্পসমূহৰ উদ্বোধনে হাজাৰ হাজাৰ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু আঞ্চলিক সংযোগ শক্তিশালী কৰিব। এই প্ৰকল্পসমূহৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

এন এক্স টি সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 10:47 pm

আজি, ১২ মাৰ্চ, এক অতি ঐতিহাসিক দিন। ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। এয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পৰিৱৰ্তন আছিল কাৰণ এই যাত্ৰাই দেশৰ প্ৰতিটো কোণক এটা লক্ষ্যৰ সৈতে সংযোগ কৰিছিলঃ ভাৰতৰ স্বাধীনতা। আজি, এই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পাছত, আমি ভাৰতীয়সকলে আন এক যাত্ৰা আৰম্ভ কৰিছো। এই যাত্ৰা হৈছে উন্নত ভাৰতৰ (বিকশিত ভাৰত) যাত্ৰা। আমাৰ লক্ষ্য এটা, আমাৰ গন্তব্য এক-উন্নত ভাৰত। আৰু এই লক্ষ্য প্ৰাপ্ত কৰাত, এনে শিখৰত হোৱা মন্থন আৰু সেইবোৰৰ পৰা আহৰণ কৰা অমৃতে এক ডাঙৰ ভূমিকা পালন কৰে। নেক্সট সন্মিলনলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ। দেশ আৰু বিশ্বৰ পৰা বহুতো সহকৰ্মী ইয়ালৈ আহিছে; কিছুমান পুৰণি পৰিচিতও। আপোনালোক সকলোকে মই শুভেচ্ছা জনাইছো।

এন এক্স টি সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

March 12th, 08:30 pm

প্ৰধানমন্ত্ৰীয়ে আজি আই টিভি নেটৱৰ্কৰ এন এক্স টি সন্মিলনত ভাষণ দাণ্ডি যাত্ৰাৰ ঐতিহাসিক বাৰ্ষিকী উপলক্ষে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ ক্ষেত্ৰত বৰ্তমানৰ অন্বেষণৰ মাজত এখন সমান্তৰাল চিত্ৰ দাঙি ধৰে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ১৯৩০ চনত দেশখনক স্বাধীনতাৰ দিশত একত্ৰিত কৰাৰ দৰে বৰ্তমানৰ ‘বিকশিত ভাৰত’ অভিযান হৈছে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক লক্ষ্য। ‘আজি সেই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পিছত আমি ভাৰতীয়সকলে পুনৰ এবাৰ ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ বাবে এক নতুন যাত্ৰা আৰম্ভ কৰিছো’, প্ৰধানমন্ত্ৰীয়ে কয়।

১১ মাৰ্চত কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

March 09th, 09:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১১ মাৰ্চত কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব।দুপৰীয়া প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে কেৰেলাৰ এৰ্নাকুলুমত প্ৰায় ১০,৮০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই কাৰ্যসূচী উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব। ইয়াৰ পিছত প্ৰায় ৫:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত দেশৰ বাবে প্ৰায় ৫,৬৫০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দিব।

We are moving towards an India where energy is cheap, clean and easily available: PM Modi in Alipurduar, West Bengal

May 29th, 01:30 pm

PM Modi laid the foundation stone of the City Gas Distribution project in Alipurduar, West Bengal. “As India moves towards becoming a developed nation, Bengal’s participation is both expected and essential”, emphasised the PM, highlighting the Central government's continuous efforts to accelerate infrastructure, innovation, and investment in the region. He praised West Bengal as a major center of India's culture, knowledge, and scientific advancements.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ আলিপুৰদুৱাৰত ১০১০ কোটি টকাৰো অধিক মূল্যৰ চিটি গেছ বিতৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

May 29th, 01:20 pm

ভাৰতৰ চিটি গেছ বিতৰণ (CGD) নেটৱৰ্কৰ সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ আলিপুৰদুৱাৰত চিজিডি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ঐতিহাসিক ভূমি আলিপুৰদুৱাৰৰ পৰা পশ্চিম বংগবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে অঞ্চলটোৰ চহকী সাংস্কৃতিক তাৎপৰ্য্যত আলোকপাতেৰে কয় যে কেৱল ইয়াৰ সীমাৰেখাৰ বাবেই নহয়, বৰঞ্চ ইয়াৰ বদ্ধমূল পৰম্পৰা আৰু সংযোগৰেও মহীয়ান হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আলিপুৰদুৱাৰে ভূটানৰ সৈতে নিজৰ সীমাৰেখা ভাগ কৰে, আনহাতে অসমে ইয়াক আদৰণি জনাইছে। বংগৰ ঐতিহ্য আৰু ঐক্যত ইয়াৰ ভূমিকাত আলোকপাতেৰে তেখেতে এই সমৃদ্ধিশালী ভূমি ভ্ৰমণ কৰিবলৈ পাই সন্তোষ প্ৰকাশ কৰে।

২৯ আৰু ৩০ মে’ত ছিকিম, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

May 28th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ আৰু ৩০ মে’ত ছিকিম, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব।

ছত্তীশগড়ৰ বিলাসপুৰত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 30th, 06:12 pm

ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকাজী; ৰাজ্যখনৰ জনপ্ৰিয় আৰু সদা সচেষ্ট মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণুদেও সাইজী; কেন্দ্ৰীয় কেবিনেটত মোৰ সন্মানীয় সহকৰ্মী মনোহৰ লালজী; এই অঞ্চলৰ সংসদ সদস্য আৰু কেন্দ্ৰীয় মন্ত্ৰী তোখন সাহুজী; ছত্তীশগড় বিধান সভাৰ অধ্যক্ষ আৰু মোৰ মৰমৰ বন্ধু ৰমন সিংজী; উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাজী; অৰুণ সাহু জী; ছত্তীশগড় চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল; আৰু দূৰদূৰণিৰ পৰা আহি ইয়াত সমবেত হোৱা মোৰ ভাই-ভনীসকল!

ছট্টিশগড়ৰ বিলাসপুৰত আধাৰশিলা স্থাপন তথা ৩৩,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 30th, 03:30 pm

আন্তঃগাঁথনি উন্নয়ন বৃদ্ধি আৰু বহনক্ষম জীৱিকাৰ প্ৰসাৰৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণেৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ বিলাসপুৰত কেবাটাও আধাৰশিলা স্থাপন কৰাৰ উপৰি বিভিন্ন প্ৰকল্পৰ কাম আৰম্ভ কৰে, আৰু ৩৩,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প দেশৰ প্ৰতি উৎসৰ্গা কৰে। নৱবৰ্ষৰ শুভক্ষণ আৰু নৱৰাত্ৰিৰ প্ৰথম দিনটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ছট্টিশগড়ৰ গভীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত বাখ্যা কৰি ইয়াক মা মহামায়াৰ ভূমি আৰু মা কৌশলৰ মাতৃগৃহ বুলি অভিহিত কৰে। তেওঁ এই শুভ দিনটোত ছট্টিশগড়ত উপস্থিত থাকিবলৈ পোৱাৰ সৌভাগ্য বুলি প্ৰকাশ কৰি নাৰী দেৱীত্বৰ প্ৰতি উৎসৰ্গিত নৱৰাত্ৰিৰ ন দিনৰ বিশেষ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। শেহতীয়াকৈ তেওঁ ভক্ত শিৰোমণি মাতা কৰ্মৰ সন্মানত শেহতীয়াকৈ ডাক টিকট জাৰি কৰা বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আৰু উল্লেখ কৰে যে সমগ্ৰ জীৱন ভগৱান ৰামৰ নাম জপতেই উৎসৰ্গা কৰা ৰামনামী সমাজৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাক আলোকপাত কৰি আড়ম্বৰপূৰ্ণতাৰে ৰাম নৱমী উদযাপনৰ দ্বাৰা ছট্টিশগড়ত নৱৰাত্ৰি উৎসৱৰ সমাপন হ’ব। তেওঁ ছট্টিশগড়বাসীক ভগৱান ৰামৰ মাতৃ পৰিয়াল বুলি অভিহিত কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

The situation of the Congress, which ruled for 60 years, is very worrying: PM Modi in Sabarkantha

May 01st, 04:15 pm

Prime Minister Narendra Modi addressed public meeting in Sabarkantha, Gujarat, marking the celebration of Gujarat's Foundation Day. PM Modi began his speech by expressing gratitude for the opportunity to seek blessings for his third term in the central government, emphasizing the significance of Gujarat in his political journey.

PM Modi addresses public meetings in Banaskantha and Sabarkantha, Gujarat

May 01st, 04:00 pm

Prime Minister Narendra Modi addressed public meetings in Banaskantha and Sabarkantha, Gujarat, marking the celebration of Gujarat's Foundation Day. PM Modi began his speech by expressing gratitude for the opportunity to seek blessings for his third term in the central government, emphasizing the significance of Gujarat in his political journey.

My duty is to work for the empowerment of all, and all the people of Odisha are Modi ka Parivar: PM Modi

March 05th, 04:55 pm

On his visit to Odisha, PM Modi addressed a jubilant crowd in Jajpur and paid his tributes to former CM Biju Pattnaik on his birth anniversary. He said, The presence of innumerable people here is a testimony to 400+ seats for the N.D.A. in 2024. He added, The vision for 400+ seats for N.D.A. will enable India to become the 3rd largest economy on the back of strong decision-making & robust policy implementation.

PM Modi addresses a jubilant crowd at Jajpur, Odisha

March 05th, 04:00 pm

On his visit to Odisha, PM Modi addressed a jubilant crowd in Jajpur and paid his tributes to former CM Biju Pattnaik on his birth anniversary. He said, The presence of innumerable people here is a testimony to 400+ seats for the N.D.A. in 2024. He added, The vision for 400+ seats for N.D.A. will enable India to become the 3rd largest economy on the back of strong decision-making & robust policy implementation.

বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

December 18th, 02:16 pm

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, গুজৰাট বিধানসভাৰ অধ্যক্ষ তথা বনাস ডেইৰীৰ অধ্যক্ষ আৰু আজি বিশেষভাৱে কৃষকসকলক উপহাৰ দিবলৈ অহা শ্ৰীমান শংকৰ ভাই চৌধুৰী, ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্য, বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু বাৰাণসীৰ মোৰ পৰিয়ালৰ সদস্যসকল।

উত্তৰ প্ৰদেশৰ বাৰাণসীত ১৯,১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে

December 18th, 02:15 pm

প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰায় ১০,৯০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নিউ পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ-নিউ ভৌপুৰ ডেডিকেটেড ফ্ৰেইট কৰিডৰ প্ৰকল্পৰ উদ্বোধন আৰু অন্যান্য ৰে’ল প্ৰকল্প। তেওঁ নতুনকৈ উদ্বোধন কৰা ডেডিকেটেড ফ্ৰেইট কৰিডৰত বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল, দোহৰীঘাট-মাউ মেমু ৰে’ল আৰু এযোৰ লং হ’ল গুডছ ৰে’লৰ ফ্লেগ অফ কৰে। বেনাৰস ইঞ্জিন ৱৰ্কছৰ দ্বাৰা নিৰ্মিত ১০,০০০ সংখ্যক ইঞ্জিনকো তেওঁ ফ্লেগ অফ কৰে। তেওঁ ৩৭০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে দুটা আৰ অ’ বিৰ সৈতে সেউজ ক্ষেত্ৰ শিৱপুৰ-ফুলৱাৰিয়া-লাহৰতৰা পথ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা আন মূল প্ৰকল্পসমূহৰ ভিতৰত আছে ২০টা পথ শক্তিশালী আৰু বহল কৰা; কাইঠি গাঁৱৰ সংগম ঘাট পথ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ত আৱাসিক ভৱন নিৰ্মাণ, পুলিচ লাইন আৰু পি এ চি ভুলনপুৰৰ দুটা ২০০ আৰু ১৫০ বিচনাযুক্ত বহুমহলীয়া বেৰেক বিল্ডিং, ৯টা স্থানত নিৰ্মাণ কৰা স্মাৰ্ট বাছ আশ্ৰয় শিবিৰ আৰু আলাইপুৰত নিৰ্মাণ কৰা ১৩২ কিলোৱাট চাবষ্টেচন নিৰ্মাণৰ কাম। তেওঁ স্মাৰ্ট চিটি মিছনৰ অধীনত ইউনিফাইড টুৰিষ্ট পাছ ছিষ্টেমো আৰম্ভ কৰে।

গুজৰাটৰ মহেচাণাত একাধিক উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

October 30th, 09:11 pm

পোন প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰক ধন্যবাদ জনাইছো যে মই আপোনালোকৰ মাজলৈ অহাৰ এক সুযোগ লাভ কৰিছোঁ। আপোনালোক সকলোৰে ওচৰলৈ আহি, আপোনালোক সকলোকে লগ পাই পুলকিত হৈছোঁ। আজি ৩০ অক্টোবৰ আৰু কাইলৈ ৩১ অক্টোবৰ, এই দুয়োটা দিন আমাৰ সকলোৰে বাবে অতি প্ৰেৰণাদায়ক দিন। আজি স্বাধীনতা সংগ্ৰামত জনজাতীয় লোকসকলক নেতৃত্ব প্ৰদানেৰে বৃটিছক বিৰক্ত কৰি তোলা গোবিন্দ গুৰুজীৰ মৃত্যু বাৰ্ষিকী। আৰু কাইলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী। আমাৰ প্ৰজন্মই সঁচা অৰ্থত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি স্থাপনেৰে চৰ্দাৰ চাহেবৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা প্ৰকাশ কৰিছে আৰু আগন্তুক প্ৰজন্মই চৰ্দাৰ চাহেবৰ প্ৰতিমূৰ্তি দেখা মাত্ৰেকে ৰোমাঞ্চিত হৈ উঠিব। গুৰু গোবিন্দজীয়ে সমগ্ৰ জীৱন ভাৰত মাতৃৰ স্বাধীনতাৰ সংগ্ৰামত আৰু জনজাতীয় সমাজৰ সেৱাত অতিবাহিত কৰিছিল, তেওঁৰ সেৱা আৰু দেশপ্ৰেমৰ মনোভাৱ ইমানেই গভীৰ আছিল যে ই ত্যাগৰ পৰম্পৰাৰ সৃষ্টি কৰিছিল। আৰু তেওঁ নিজেই ত্যাগৰ প্ৰতীক হৈ পৰিল।

গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

October 30th, 04:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ ৰেল, পথ, খোৱাপানী আৰু জলসিঞ্চনৰ দৰে একাধিক খণ্ডৰ অন্তৰ্গত।

কাশীত কাশী তেলেগু সংগমমত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 29th, 07:46 pm

আপোনালোক সকলোকে গংগা-পুষ্কৰালু উৎসৱৰ আন্তৰিক শুভাকামনা জ্ঞাপন কৰিছো৷ আপোনালোক কাশীলৈ আহিছে, সেইবাবে আপোনালোক ব্যক্তিগতভাৱে মোৰ অতিথিও আৰু আমাৰ ইয়াৰ কোৱা হয় যে অতিথি দেৱতাৰ সমান৷ মই কৰ্তব্যৰ খাতিৰত আপোনালোকক আদৰণি জনাবলৈ কাশীলৈ যাব পৰা নাই যদিও মোৰ মনটো আপোনালোকৰ মাজতে থকাৰ দৰে অনুভৱ হৈছে৷ মই এই অনুষ্ঠান আয়োজনৰ বাবে কাশী-তেলেগু সমিতি আৰু সংসদৰ মোৰ সতীৰ্থ বি এল নৰসিংহ ৰাও জীক অভিনন্দন জনাইছো৷ কাশীৰ ঘাটত এই গংগা-পুষ্কৰালু উৎসৱ, গংগা আৰু গোদাবৰীৰ সংগমৰ দৰে৷ এয়া ভাৰতৰ প্ৰাচীন সভ্যতা, সংস্কৃতি আৰু পৰম্পৰাৰ সংগমৰ উৎসৱ৷ আপোনালোকৰ নিশ্চয় মনত আছে, কেইমাহমান পূৰ্বে এই কাশী ভূমিত কাশী-তামিল সংগমম অনুষ্ঠিত কৰা হৈছিল৷ কেইদিনমান পূৰ্বে মই সৌৰাষ্ট-তামিল সংগমমত অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিছিলো৷ তেতিয়া মই কৈছিলো, আজাদীৰ এই অমৃতকাল দেশৰ বৈচিত্ৰতা, বিভিন্ন ধাৰাৰ সংগমকাল৷ বৈচিত্ৰতাৰ এই সংগমৰ জৰিয়তে ৰাষ্ট্ৰীয়তা অমৃত ওলাইছে, যি ভাৰতক অনন্ত ভৱিষ্যতলৈকে শক্তিশালী কৰি ৰাখিব৷