ভিচিৰ জৰিয়তে স্কাইৰুটৰ ইনফিনিটি কেম্পাছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 27th, 11:01 am
কেবিনেটত মোৰ সতীৰ্থ শ্ৰী জি. কিষাণ ৰেড্ডী জী; অন্ধ্ৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰী শ্ৰী টি. জি. ভাৰত জী; ইন-স্পেচৰ অধ্যক্ষ শ্ৰী পৱন গোৱেংকা জী; স্কাইৰুট টীম; আন-আন গণ্যমান্য ব্যক্তি; ভদ্ৰলোক আৰু মহিলাসকল!ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 27th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেলেংগানাৰ হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ৰাষ্ট্ৰই মহাকাশ খণ্ডত এক অভূতপূৰ্ব সুযোগ প্ৰত্যক্ষ কৰিছে আৰু ব্যক্তিগত খণ্ডই উৰা মৰাৰ লগে লগে ভাৰতৰ মহাকাশ পৰিবেশতন্ত্ৰই এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে স্কাইৰুটৰ ইনফিনিটি কেম্পাছে ভাৰতৰ নতুন চিন্তাধাৰা, উদ্ভাৱন আৰু যুৱ শক্তিক প্ৰতিফলিত কৰে আৰু দেশৰ যুৱক-যুৱতীসকলৰ উদ্ভাৱন, বিপদাশংকা গ্ৰহণৰ ক্ষমতা আৰু উদ্যমিতাই নতুন শিখৰত উপনীত হৈছে। শ্ৰী মোদীয়ে কয় যে আজিৰ কাৰ্যসূচীয়ে আগন্তুক সময়ত বিশ্বৰ উপগ্ৰহ উৎক্ষেপণ পৰিস্থিতিতন্ত্ৰত ভাৰত কেনেদৰে অগ্ৰণী হৈ উঠিব তাৰ প্ৰতিফলন। তেওঁ শ্ৰী পৱন কুমাৰ চন্দনা আৰু শ্ৰী নাগা ভাৰত ডাকাক শুভেচ্ছা জ্ঞাপন কৰি উল্লেখ কৰে যে দুয়োজন যুৱ উদ্যমীয়ে সমগ্ৰ দেশৰ অগণন যুৱ মহাকাশ উদ্যমীৰ বাবে অনুপ্ৰেৰণা। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে দুয়োজনে নিজকে বিশ্বাস কৰিছিল, বিপদাশংকা গ্ৰহণ কৰিবলৈ সংকোচ কৰা নাছিল আৰু ইয়াৰ ফলস্বৰূপে সমগ্ৰ ৰাষ্ট্ৰই আজি তেওঁলোকৰ সফলতা প্ৰত্যক্ষ কৰিছে, দেশখনে তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰিছে।জি-২০ সন্মিলনৰ দ্বিতীয় পৰ্বত প্ৰধানমন্ত্ৰীৰ বিবৃতি
November 22nd, 09:57 pm
প্ৰাকৃতিক দুৰ্যোগ মানৱতাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ আহিছে। এই বছৰো প্ৰাকৃতিক দুৰ্যোগে বিশ্বৰ বৃহৎ সংখ্যক লোকক প্ৰভাৱিত কৰিছে। এই কথা স্পষ্ট যে প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলাৰ বাবে আমি বৈশ্বিক সহযোগিতা শক্তিশালী কৰিব লাগিব।জোহান্সবাৰ্গত জি-২০ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 22nd, 09:35 pm
প্ৰধানমন্ত্ৰীয়ে আজি জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ আতিথ্যত অনুষ্ঠিত জি-২০ নেতৃবৃন্দৰ সন্মিলনত অংশগ্ৰহণ কৰে। এয়া আছিল জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ দ্বাদশ বাৰ্ষিক অংশগ্ৰহণ। প্ৰধানমন্ত্ৰীয়ে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ দুয়োটা পৰ্বত ভাষণ প্ৰদান কৰে। তেওঁ উষ্ণ আতিথ্য আৰু সন্মিলনখন সফলতাৰে আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে।দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত জি-২০ নেতৃবৰ্গৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
November 19th, 10:42 pm
প্ৰধানমন্ত্ৰী মোদীয়ে ২১-২৩ নৱেম্বৰ, ২০২৫ত জি-২০ নেতৃবৰ্গৰ সন্মিলনত অংশগ্ৰহণৰ বাবে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ ভ্ৰমণ কৰিব। সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে জি-২০ৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিব। সন্মিলনৰ সমান্তৰালভাৱে তেওঁ বিশ্ব নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু দক্ষিণ আফ্ৰিকাৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা (আইবিএছএ) নেতাসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব।তামিলনাডুৰ কইম্বাটুৰত আয়োজিত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 19th, 07:01 pm
মঞ্চত উপৱিষ্ট তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ এল মুৰুগান জী, তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ কে. ৰামাস্বামী জী, ভিন্ন কৃষি সংগঠনৰ সকলো গণ্যমান্য ব্যক্তি আৰু উপস্থিত থকা আন-আন জনপ্ৰতিনিধি, মোৰ মৰমৰ কৃষক ভাই-ভনীসকল তথা ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হোৱা সমগ্ৰ দেশৰ লক্ষ-লক্ষ কৃষকক মই ইয়াৰ পৰা বনাক্কম কৈছোঁ, তেওঁলোকক মই নমস্কাৰ জনাইছোঁ। প্ৰথমে আপোনালোকৰ ওচৰত আৰু দেশজুৰি সমবেত হোৱা মোৰ খেতিয়ক ভাই-ভনীসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আজি পুট্টপৰ্থীত আয়োজিত সত্য সাই বাবাৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ইয়ালৈ আহি পোৱাত প্ৰায় এঘন্টা পলম হ’ল। সেই অনুষ্ঠানটো অলপ দীঘলীয়া হ’ল, সেয়ে পলম হ’ল। মই আপোনালোকৰ বাবে সৃষ্টি কৰা অসুবিধাৰ বাবে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। দেশজুৰি বহুত লোক গোট খোৱা দেখিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 19th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫ উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কইম্বাটুৰৰ পবিত্ৰ ভূমিত মৰুধামলাইৰ ভগৱান মুৰুগানক প্ৰণাম জনাই ভাষণৰ আৰম্ভণি কৰে। তেওঁ কইম্বাটুৰক সংস্কৃতি, মমতা আৰু সৃষ্টিশীলতাৰ দেশ বুলি অভিহিত কৰে তথা ইয়াক দক্ষিণ ভাৰতৰ উদ্যমিতা শক্তিৰ কেন্দ্ৰ হিচাপে স্বীকৃতি জনায়। তেওঁ কয় যে ইয়াৰ বস্ত্ৰ খণ্ডই ৰাষ্ট্ৰীয় অৰ্থনীতিত এক প্ৰধান অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কইম্বাটুৰে এতিয়া অধিক সুখ্যাতি লাভ কৰিছে, কিয়নো ইয়াৰ প্ৰাক্তন সাংসদ শ্ৰী চি.পি. ৰাধাকৃষ্ণনে এতিয়া উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালনেৰে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰিছে।প্ৰধানমন্ত্ৰীয়ে ৩ নৱেম্বৰত উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন, ২০২৫ উদ্বোধন কৰিব
November 02nd, 09:29 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ নৱেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন (ESTIC), ২০২৫ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ইয়াত সমবেতসকলক সম্বোধনো কৰিব।মুম্বাইত সামূদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 29th, 04:09 pm
বিশ্ব সামুদ্ৰিক নেতা সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। এই অনুষ্ঠানটো ২০১৬ চনত মুম্বাইত আৰম্ভ কৰা হৈছিল আৰু আজি এই সন্মিলন বিশ্বজনীন অনুষ্ঠানত পৰিণত হোৱাটো আমাৰ সকলোৰে বাবে এক অতি আনন্দৰ বিষয়। আজি এই অনুষ্ঠানত ৮৫ খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। বৃহৎ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান আৰু সেইবোৰৰ চিইঅ’ৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে, নীতি নিৰ্ধাৰকৰ পৰা বিনিয়োগকাৰীলৈকে সকলোৱে ইয়াত উপস্থিত আছে। সৰু সৰু দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিও উপস্থিত থাকে। আপোনাৰ দৃষ্টিভংগীয়ে এই শীৰ্ষ সন্মিলনৰ সহযোগিতা আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰিছে।মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 29th, 04:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে বিশ্ব সামুদ্ৰিক চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব সামুদ্ৰিক নেতা সন্মিলনত অংশগ্ৰহণ কৰা সকলোকে আদৰণি জনায়। ২০১৬ চনত মুম্বাইত আৰম্ভ হোৱা এই অনুষ্ঠানটো এতিয়া বিশ্বৰ শীৰ্ষ সন্মিলনলৈ উন্নীত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনত ৮৫খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত তেওঁ সমবেত হোৱা প্ৰধান জাহাজ চলোৱা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰ্টআপ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ লগতে ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতি স্বীকাৰ কৰি কয় যে তেওঁলোকৰ সামূহিক দৃষ্টিভংগীয়ে সন্মিলনৰ সহযোগিতা আৰু শক্তি যথেষ্ট বৃদ্ধি কৰিছে।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
October 09th, 11:25 am
প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণৰ বাবে আজি মুম্বাইত আদৰণি জনাবলৈ পাই মই আনন্দিত হৈছো।নতুন দিল্লীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপনত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
October 01st, 10:45 am
মঞ্চত উপবিষ্ট ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সন্মানীয় সৰকাৰ্যবাহ, শ্ৰী দত্তত্ৰেয় হোছাবালে জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ শেখাৱত জী, দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো স্বেচ্ছাসেৱক, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু ভদ্ৰ মহোদয়গণ!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
October 01st, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ইয়াত সমবেতসকলক সম্বোধন কৰে। শ্ৰী মোদীয়ে নৱৰাত্ৰি উপলক্ষে সকলো নাগৰিককে শুভেচ্ছা জ্ঞাপনেৰে আজি মহানৱমী আৰু দেৱী সিদ্ধিদাত্ৰীৰ দিন বুলি উল্লেখ কৰে। তেখেতে কয় যে কাইলৈ বিজয়া দশমী, যিয়ে ভাৰতীয় সংস্কৃতিৰ কালজয়ী ঘোষণাক অভিহিত কৰে— অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়, মিছাৰ ওপৰত সত্য আৰু আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়। এনে এক পবিত্ৰ দিনত এশ বছৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা হৈছিল বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে কয় যে এয়া আছিল হাজাৰ-হাজাৰ বছৰ ধৰি অব্যাহত এক প্ৰাচীন পৰম্পৰাৰ পুনৰুদ্ধাৰ, য’ত প্ৰতিটো যুগৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ নতুন ৰূপত ৰাষ্ট্ৰীয় চেতনাৰ উন্মেষ ঘটে। এই যুগত তেখেতে দৃঢ়তাৰে কয় যে সংঘ সেই চিৰন্তন ৰাষ্ট্ৰীয় চেতনাৰ এক ৰূপ।পৰৱৰ্তী দশকৰ বাবে ভাৰত - জাপানৰ যৌথ দৃষ্টিভংগী: বিশেষ কৌশলগত আৰু বিশ্বজোৰা অংশীদাৰিত্ব পৰিচালনাৰ বাবে আঠটা দিশ
August 29th, 07:11 pm
ভাৰত আৰু জাপানৰ মাজত আইনগত প্ৰশাসনৰ ভেটিত থকা মুক্ত, স্বতন্ত্ৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। সম্পদ, প্ৰযুক্তি, আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ পৰিপূৰক শক্তি, আৰু বন্ধুত্ব তথা সদিচ্ছাৰ সুদীৰ্ঘ পৰম্পৰাৰে সৈতে, দুয়োখন ৰাষ্ট্ৰই অনাগত দশকত বিশ্বজোৰা উপলব্ধ পৰিৱৰ্তন আৰু সুযোগসমূহ যৌথভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিখন দেশৰ ঘৰুৱা লক্ষ্যক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মক পূৰ্বতকৈ অধিক ওচৰ চপাই অনা।ভাৰত-ফিজিৰ যৌথ বিবৃতিঃ ঘনিষ্ঠ বন্ধুত্বৰ মনোভাৱেৰে অংশীদাৰিত্ব
August 25th, 01:52 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ফিজি গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী চিটিবেনী ৰাবুকাই ২০২৫-ৰ ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী হিচাপে পোন-প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা ৰাবুকাৰ সৈতে তেওঁৰ পত্নী; স্বাস্থ্য আৰু চিকিৎসা সেৱা দপ্তৰৰ মন্ত্ৰী মাননীয় এন্টনিঅ’ লালাবালাভু আৰু ফিজি গণৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ এটা প্ৰতিনিধি দল নতুন দিল্লীত উপস্থিত হয়।ফিজিৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তিৰ পূৰ্ণপাঠ
August 25th, 12:30 pm
তেতিয়া আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতাৰ বাবে কাৰ্য্য-মুখী মঞ্চ অৰ্থাৎ ‘FIPIC’ আৰম্ভ কৰিছিলোঁ। এই পদক্ষেপে কেৱল ভাৰত-ফিজিৰ সম্পৰ্ককে নহয়, বৰঞ্চ সমগ্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে আমাৰ সংযোগকো এক নতুন শক্তি প্ৰদান কৰিছে। আৰু আজি প্ৰধানমন্ত্ৰী ৰাবুকাজীৰ এই ভ্ৰমণৰ জৰিয়তে আমি আমাৰ পাৰস্পৰিক সম্পৰ্কত এক নতুন অধ্যায়ৰ সংযোজন কৰিছোঁ।নতুন দিল্লীত আয়োজিত এম.এছ. স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
August 07th, 09:20 am
মোৰ কেবিনেট সতীৰ্থ শ্ৰী শিৱৰাজ সিং চৌহান; এম.এছ. স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেচনৰ অধ্যক্ষ ডঃ সৌম্য স্বামীনাথন; নিটি আয়োগৰ সদস্য ডঃ ৰমেশ চান্দ; মই স্বামীনাথনৰ পৰিয়ালৰ ভালে কেইজন সদস্যও ইয়াত উপস্থিত থকা দেখিবলৈ পাইছোঁ— মই তেওঁলোককো শ্ৰদ্ধাৰে শুভেচ্ছা জনাইছোঁ। সকলো বিজ্ঞানী, বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাক সম্ভাষণ জনালোঁ!এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 07th, 09:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আইচিএআৰ পিইউএছএত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন আৰু সম্বোধন কৰে। অধ্যাপক এম এছ স্বামীনাথনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক এজন দূৰদৰ্শী ব্যক্তি হিচাপে অভিহিত কৰে, যাৰ বৰঙণিয়ে এটা যুগৰ সূচনা কৰে। তেওঁ লগতে কয় যে অধ্যাপক স্বামীনাথন এগৰাকী মহান বিজ্ঞানী আছিল, যিয়ে বিজ্ঞানক জনসেৱাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অধ্যাপক স্বামীনাথনে দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। অধ্যাপক স্বামীনাথনে এনে এক চেতনা জাগ্ৰত কৰিলে যিয়ে আগন্তুক শতিকাজুৰি ভাৰতৰ নীতি আৰু অগ্ৰাধিকাৰক পথ প্ৰদৰ্শন কৰি থাকিব বুলি তেওঁ উল্লেখ কৰে। স্বামীনাথনৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।৭ আগষ্টত প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব
August 06th, 12:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ আগষ্টত নতুন দিল্লীৰ আইচিএআৰ পুছাত পুৱা ৯ বজাত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত সভাত তেওঁ ভাষণো প্ৰদান কৰিব।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ মালদ্বীপ ভ্ৰমণ
July 26th, 07:19 am
মালদ্বীপলৈ ৪,৮৫০ কোটি টকাৰ লাইন অৱ ক্ৰেডিট (এল অ’ চি) সম্প্ৰসাৰণ