ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

January 03rd, 12:00 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে

January 03rd, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।

‘মহাবীৰ জয়ন্তী’ত ‘ভগৱান’ মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

April 10th, 08:44 am

‘মহাবীৰ জয়ন্তী’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভগৱান’ মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ‘ভগৱান’ মহাবীৰে সদায় অহিংসা, সত্য আৰু সহানুভূতিত গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁৰ আদৰ্শই সমগ্ৰ বিশ্বৰ অগণন লোকক শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে যোৱা বছৰ চৰকাৰে ‘প্ৰাকৃত ভাষা’ক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা প্ৰদান কৰিছিল, যি সিদ্ধান্তই যথেষ্ট প্ৰশংসা লাভ কৰিছিল।

পালি ভাষাত যুগুতোৱা ‘তিপিতকা’-ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে

April 03rd, 05:43 pm

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামান্য শ্ৰীমতী পেটোংটাৰ্ণ চিনাৱাট্ৰাক পালি ভাষাত ‘তিপিতকা’ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু যিটো ভাষাই ভগৱান বুদ্ধৰ শিক্ষাৰ সাৰতত্ব বহন কৰে সেইটো ভাষাক এক সুন্দৰ ভাষা বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষা গৌৰৱ সপ্তাহ উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰে

November 03rd, 06:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাষা গৌৰৱ সপ্তাহ উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰে আৰু #ভাষা গৌৰৱ সপ্তাহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত, তেওঁ অলপতে অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে আনন্দ প্ৰকাশ কৰে, যি এই ক্ষেত্ৰখনত সমৃদ্ধ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্যক এক মহত্বপূৰ্ণ মান্যতা প্ৰদান কৰিছে।

ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্তই ভগৱান বুদ্ধৰ চিন্তাত বিশ্বাস কৰাসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে : প্ৰধানমন্ত্ৰী

October 24th, 10:43 am

ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনন্দ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যিসকলে ভগৱান বুদ্ধৰ চিন্তাত বিশ্বাস কৰে তেওঁলোকৰ মাজত ই উৎসাহৰ সৃষ্টি কৰিছে। শ্ৰী মোদীয়ে কলম্বোত আই চি চি আৰৰ দ্বাৰা আয়োজিত 'পালি এজ এ ক্লাছিকেল লেংগুৱেজ' সন্দৰ্ভত পেনেল আলোচনাত অংশগ্ৰহণ কৰা বিভিন্ন ৰাষ্ট্ৰৰ পণ্ডিত আৰু ভিক্ষুসকলকো ধন্যবাদ জ্ঞাপন কৰে।

আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱসৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 17th, 10:05 am

সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত জী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, ভদন্ত ৰাহুল বোধি মহাথেৰো জী, পূজনীয় ইয়াংচুক চোডেন জী, মহাসংঘৰ সকলো সন্মানীয় সদস্য, মহামহিম, কূটনৈতিক সমাজৰ সদস্য, বৌদ্ধ পণ্ডিত, ধৰ্ম অনুগামী, ভদ্ৰ পুৰুষ-মহিলাসকল।

আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 17th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। অভিধম্মা দিৱসত অভিধম্মা শিক্ষা দি ভগৱান বুদ্ধৰ আকাশী ক্ষেত্ৰৰ পৰা অৱতৰণ স্মৰণ কৰা হয়। শেহতীয়াকৈ পালিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱে এইবাৰৰ অভিধম্মা দিৱস উদযাপনৰ তাৎপৰ্য্য বৃদ্ধি কৰিছে কাৰণ অভিধম্মা সম্পৰ্কীয় ভগৱান বুদ্ধৰ শিক্ষা মূলতঃ পালি ভাষাত উপলব্ধ।

১৭ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

October 15th, 09:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ অক্টোবৰৰ পুৱা প্ৰায় ১০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ সময়ত তেওঁ ভাষণো আগবঢ়াব।