‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
December 05th, 07:31 am
অহা ২৮ ডিচেম্বৰ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।“জেনজেডে আগুৱাই নিছে কেটিএছ ৪.০ৰ সাংস্কৃতিক ৰথ ”
November 30th, 06:56 pm
২ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া কাশী তামিল সংগমম ৪.০ৰ বাবে সাজু হোৱাৰ সময়তে জেনজেডৰ মাজত উৎসাহৰ এক প্ৰবল ঢৌ বিয়পি পৰিছে।এই অনুষ্ঠানৰ লক্ষ্য হৈছে কাশী আৰু তামিলনাডুৰ মাজৰ প্ৰাচীন সাংস্কৃতিক তথা ভাষিক সম্পৰ্কক যুৱ প্ৰজন্মৰ সজীৱ শক্তিৰ সৈতে সংযোগ কৰা।'মন কী বাত' জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট মঞ্চঃ প্ৰধানমন্ত্ৰী মোদী
November 30th, 11:30 am
চলিত মাহৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত আলোকপাত কৰে, য’ত সংবিধান দিৱস উদযাপন, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী, অযোধ্যাত ধৰ্মধ্বজ উত্তোলন, আইএনএছ ‘মাহে’ প্ৰৱৰ্তন আৰু কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আদিৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু যেনে অভিলেখ খাদ্য শস্য আৰু মৌ উৎপাদন, ভাৰতৰ ক্ৰীড়া সফলতা, সংগ্ৰহালয় আৰু প্ৰাকৃতিক কৃষি আদি দিশবোৰো সামৰি লয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী-তামিল সংগমমত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।২০২৫ চনৰ ৩০ নৱেম্বৰত মন কী বাত শুনিবলৈ টিউন কৰক
November 29th, 09:04 am
ৰবিবাৰে দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানত ভালেমান বিষয় আৰু দিশ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নৰেন্দ্ৰ মোদী এপযোগে ‘মন কী বাত’ অনুষ্ঠানটো পোনপটীয়াকৈ শুনক৷অন্ধ্ৰপ্ৰদেশৰ পুট্টপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 19th, 11:00 am
মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰত মোৰ সতীৰ্থ ৰামমোহন নাইডু, জি. কিষাণ ৰেড্ডী, ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা, শচীন তেণ্ডুলকাৰ, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৰা লোকেশ, শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ পৰিচালন ন্যাসৰক্ষী আৰ. জে. ৰত্নাকৰ, উপাচাৰ্য্য কে. চক্ৰৱৰ্তী, ঐশ্বৰ্য্য, বাকী সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল, সাই ৰাম!অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 19th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ পুট্টাপৰ্থীত ভগৱান শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ‘সাই ৰাম’ৰে তেওঁৰ ভাষণ আৰম্ভ কৰে আৰু কয় যে পুট্টাপৰ্থীৰ পবিত্ৰ ভূমিত সকলোৰে মাজত উপস্থিত থকাটো এক আৱেগিক আৰু আধ্যাত্মিক অভিজ্ঞতা। তেওঁ কয় যে অলপ সময়ৰ পূৰ্বে তেওঁ বাবাৰ সমাধিত পুষ্পস্তবক অর্পণ কৰাৰ সুযোগ পাইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বাবাৰ চৰণত প্ৰণিপাত কৰা আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰাটোৱে সদায় গভীৰ আৱেগেৰে হৃদয় ভৰাই ৰাখে।এলএনজেপি চিকিৎসালয় পৰিদৰ্শন কৰি বিস্ফোৰণত আঘাতপ্ৰাপ্তসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 12th, 03:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ শেহতীয়া বিস্ফোৰণৰ ঘটনাত আহতসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে এলএনজেপি চিকিৎসালয়লৈ যায়। তেওঁ আহতসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ চিকিৎসাৰ বুজ লয় আৰু তেওঁলোকৰ দ্ৰুত তথা সম্পূৰ্ণ আৰোগ্যৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰে।ৰাষ্ট্ৰীয় গীত "বন্দে মাতৰম"ৰ ১৫০ বছৰীয়া স্মৃতিচাৰণৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
November 07th, 10:00 am
বন্দে মাতৰম, এই শব্দ হৈছে এটা মন্ত্ৰ, এটা শক্তি, এটা সপোন, এটা সংকল্প। বন্দে মাতৰম, এই এটা শব্দ হৈছে মা ভাৰতীৰ সাধনা, মা ভাৰতীৰ পূজা। বন্দে মাতৰম, এই এটা শব্দই আমাক ইতিহাসলৈ লৈ যায়। ই আমাৰ আত্মবিশ্বাস, আমাৰ বৰ্তমান, আত্মবিশ্বাসেৰে ভৰাই তোলে আৰু আমাৰ ভৱিষ্যতক এক নতুন সাহস প্ৰদান কৰে যে কোনো সংকল্প নাই, এনে কোনো সংকল্প নাই যাক পূৰণ কৰিব নোৱাৰি। আমি ভাৰতীয়সকলে প্ৰাপ্ত কৰিব নোৱাৰা কোনো লক্ষ্য নাই।ৰাষ্ট্ৰীয় গীত "বন্দে মাতৰম"ৰ ১৫০ বছৰীয়া স্মৃতিচাৰণ অনুষ্ঠানৰ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 07th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰীয়া স্মৃতিচাৰণ অনুষ্ঠান উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে বন্দে মাতৰম কেৱল এটা শব্দ নহয়-এয়া এক মন্ত্ৰ, এক শক্তি, এক সপোন আৰু এক গুৰুত্বপূৰ্ণ সংকল্প। বন্দে মাতৰম মা ভাৰতীৰ প্ৰতি ভক্তি আৰু আধ্যাত্মিক সমৰ্পণৰ প্ৰতীক বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই শব্দটোৱে আমাক আমাৰ ইতিহাসৰ সৈতে সংযোগ কৰে, আমাৰ বৰ্তমানক আত্মবিশ্বাসেৰে ভৰাই তোলে আৰু আমাৰ ভৱিষ্যতক এই বিশ্বাসৰ সাহসৰে অনুপ্ৰাণিত কৰে যে কোনো সংকল্পয়েই পূৰণ কৰাটো অসম্ভৱ নহয় আৰু কোনো লক্ষ্যই আমাৰ সামৰ্থ্যৰ আওতাৰ বাহিৰত নহয়।‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
November 05th, 09:44 am
অহা ৩০নৱেম্বৰ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।নৱ ৰায়পুৰত ছট্টিশগড় বিধানসভাৰ নতুন ভৱন উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
November 01st, 01:30 pm
আজি ছট্টিশগড়ৰ উন্নয়ন যাত্ৰাৰ এক সোণালী অধ্যায়। ব্যক্তিগতভাৱে এয়া মোৰ বাবেও অতি বিশেষ আৰু আনন্দৰ দিন। বহু দশক ধৰি এই ভূমিৰ সৈতে আৱেগিকভাৱে জড়িত হৈ আছো। এগৰাকী দলীয় কৰ্মী হিচাপে মই ছট্টিশগড়ত বহু সময় কটাইছো আৰু ইয়াৰ মানুহৰ পৰা বহু গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিছোঁ। মোৰ জীৱন গঢ় দিয়াত এই ৰাজ্যৰ জনসাধাৰণ আৰু পৰিৱেশে ডাঙৰ ভূমিকা লৈছে। ছট্টিশগড় গঠনৰ প্ৰাৰম্ভিক ধাৰণাৰ পৰা আৰম্ভ কৰি, ইয়াক ৰাজ্য হিচাপে অস্তিত্বলৈ অনালৈকে, আৰু তাৰ পিছৰ যি অগ্ৰগতি, এই যাত্ৰাৰ প্ৰতিটো পৰ্যায় মই দেখিছো। আৰু আজি ছট্টিশগড় গঠনৰ ২৫ বছৰ পূৰ্ণ হোৱা সময়ততে পুনৰবাৰ এই ঐতিহাসিক মুহূৰ্তৰ অংশ হ’বলৈ পাই মই সন্মানিত অনুভৱ কৰিছো। এই ৰূপালী জয়ন্তী উপলক্ষে ৰাজ্যবাসীৰ বাবে নতুন বিধানসভা ভৱন উদ্বোধন কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই স্মৰণীয় `দিৱসৰ বাবে ছট্টিশগড়বাসী আৰু ৰাজ্য চৰকাৰলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা ডাঙৰীয়া, লোকসভাৰ অধ্যক্ষ ওম বিৰলা ডাঙৰীয়া, ছট্টিশগড় বিধানসভাৰ অধ্যক্ষ ৰমন সিং ডাঙৰীয়া, মুখ্যমন্ত্ৰী বিষ্ণুদেও ছাই ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ টোখন চাহু ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মা ডাঙৰীয়া আৰু অৰুণ ছাও ডাঙৰীয়া, বিৰোধী দলৰ নেতা চৰণ দাস মহন্ত ডাঙৰীয়া, অন্যান্য সন্মানীয় মন্ত্ৰী, জনপ্ৰতিনিধি, আৰু ইয়াত উপস্থিত থকা সকলোকে মোৰ উষ্ম সম্ভাষণ ও শুভেচ্ছা!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ নৱ ৰায়পুৰত ৰাজ্য খনৰ বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰে
November 01st, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰত ছত্তীশগড় বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ছত্তীশগড়ৰ উন্নয়ন যাত্ৰাৰ বাবে এক সোণালী আৰম্ভণি। তেওঁ উল্লেখ কৰে যে ব্যক্তিগতভাৱে তেওঁৰ বাবে এয়া এটা অতি আনন্দময় আৰু উল্লেখযোগ্য দিন। কেইবা দশক ধৰি লালন-পালন কৰা এই ভূমিৰ সৈতে তেওঁৰ গভীৰ আৱেগিক বন্ধনক তেওঁ আলোকপাত কৰিছিল। দলীয় কৰ্মী হিচাপে থকা সময়ছোৱাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ ছত্তীশগড়ত যথেষ্ট সময় কটাইছিল আৰু বহু কথা শিকিছিল। তেওঁ ছত্তীশগড়ৰ দৃষ্টিভংগী, ইয়াৰ সৃষ্টিৰ সংকল্প আৰু সেই সংকল্প পূৰণৰ কথা মনত পেলাই কয় যে তেওঁ ছত্তীশগড়ৰ ৰূপান্তৰৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈ আহিছে। ৰাজ্যখনে ২৫ বছৰীয়া যাত্ৰাত এক বৃহৎ মাইলৰ খুঁটিত উপনীত হোৱাৰ লগে লগে এই মুহূৰ্তৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। ৰূপালী জয়ন্তী উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যবাসীৰ বাবে নতুন বিধানসভা ভৱন উদ্বোধন কৰাৰ সুবিধা পাইছো। এই উপলক্ষে তেওঁ ছত্তীশগড়বাসী আৰু ৰাজ্য চৰকাৰলৈ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে।নৱ ৰায়পুৰত শান্তি শিখৰ ব্ৰহ্মকুমাৰী ধ্যান কেন্দ্ৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 01st, 11:15 am
ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকা, ৰাজ্যখনৰ জনপ্ৰিয় তথা সক্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাই, ৰাজযোগিনী ভগ্নী জয়ন্তী, ৰাজযোগী মৃত্যুঞ্জয়, সকলো ব্ৰহ্মকুমাৰী ভগ্নী আৰু ইয়াত উপস্থিত অন্যান্য বিশিষ্ট অতিথিসকল!চত্তীশগড়ৰ নৱ ৰায়পুৰত শান্তি শিখৰ – ধ্যান কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত ব্ৰহ্ম কুমাৰীসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 01st, 11:00 am
আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰত আধ্যাত্মিক শিক্ষা, শান্তি, ধ্যান-ধাৰণাৰ আধুনিক কেন্দ্ৰ “শান্তি শিখৰ”ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্ম কুমাৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায় । এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ছত্তীশগড় গঠনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজিৰ দিনটো এক অতি বিশেষ দিন। ছত্তীশগড়, ঝাৰখণ্ড আৰু উত্তৰাখণ্ডতো প্ৰতিষ্ঠা হোৱাৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশৰ আন কেইবাখনো ৰাজ্যই আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। এই আটাইকেইখন ৰাজ্যৰ বাসিন্দালৈ প্ৰতিষ্ঠা দিৱসত শ্ৰীযুত মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। “ৰাজ্যৰ উন্নয়নে দেশৰ প্ৰগতিত ইন্ধন যোগায় নীতিৰ দ্বাৰা পৰিচালিত হৈ আমি উন্নত ভাৰত নিৰ্মাণৰ অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ আছো”, প্ৰধানমন্ত্ৰীয়ে কয় ।ষট্ পূজাৰ সন্ধ্যা অর্ঘ্য অনুষ্ঠান উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
October 27th, 02:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ষট্ পূজাৰ পৱিত্ৰ সন্ধ্যা অর্ঘ্য অনুষ্ঠান উপলক্ষে দেশৰ নাগৰিকসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।‘বন্দে মাতৰম’ৰ ভাৱনা ভাৰতৰ অমৰ চেতনাৰে বিজড়িত হৈ আছে: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী
October 26th, 11:30 am
চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ অক্টোবৰত ১৫০ সংখ্যক জয়ন্তী উপলক্ষে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ছঠপূজা উৎসৱ, পৰিৱেশ সুৰক্ষা, ভাৰতীয় জাতৰ কুকুৰ, ভাৰতীয় কফি, জনজাতীয় সম্প্ৰদায়ৰ নেতা আৰু সংস্কৃত ভাষাৰ গুৰুত্ব আদি আমোদজনক বিষয় সন্দৰ্ভতো আলোকপাত কৰে। ‘বন্দে মাতৰম’ গীতৰ ১৫০ সংখ্যক বৰ্ষৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰে।২৬ অক্টোবৰ, ২০২৫-ত ‘মন কী বাত’ শুনিবলৈ সাজু হওক
October 25th, 09:30 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।সমাগত ষট্ মহাপৰ্বৰ বাবে ভক্তিমূলক গীত ভাগ বাটোৱাৰা কৰিবলৈ নাগৰিকসকলক প্ৰধানমন্ত্ৰীৰ আহ্বান
October 24th, 10:39 am
ৰাষ্ট্ৰই পবিত্ৰ ষট্ উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ষট্ মাইয়াৰ প্ৰতি উৎসর্গীকৃত গীত ভাগ বাটোৱাৰা কৰি ভক্তি আৰু সাংস্কৃতিক একতাৰ মনোভাৱেৰে যোগদান কৰিবলৈ আহ্বান জনাইছে। এক্সত পোষ্ট কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে প্ৰকৃতি আৰু সংস্কৃতিৰ সৈতে ষটৰ গভীৰ সম্পৰ্ক আৰু সমগ্ৰ বিহাৰ তথা দেশত চলি থকা প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰে।গুজৰাটৰ জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ নৱবৰ্ষৰ শুভেচ্ছা
October 22nd, 08:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জনসাধাৰণক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে।দীপাৱলী উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
October 20th, 09:50 am
দীপাৱলী উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।