৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ মূল অংশসমূহ
August 15th, 04:44 pm
আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত বিগত মোদীয়ে বিগত ১২টা বছৰত উৎপাদন, ডিজিটেলখণ্ডৰ উথ্থান আৰু নাগৰিকসকললৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ বিশদ প্ৰতিবেদন দাখিল কৰে। ৰাষ্ট্ৰীয় উচ্চাকাংক্ষা পূৰণৰ বাবে সাতটা মূলখণ্ডক সামৰি লোৱা ৰূপান্তৰণশীল 'সপ্ত ধৰা'-ও উন্মোচন কৰে।আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
August 08th, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানটোত নিহিত হৈ থকা গভীৰ আবেগিক অনুৰণনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক প্ৰতিষ্ঠানটোৰ চৌহদৰ সজীৱতা, সপোনেৰে ভৰা পৰিৱেশৰ বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ সময়ত তেওঁৰ পূৰ্বৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্মৰণ কৰাৰ লগতে এতিয়া স্নাতকসকলৰ মাজত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে আজি এই চৌহদত আপোনালোকৰ সৈতে উপস্থিত থকাৰ এই অবিশ্বাস্য অভিজ্ঞতা মোৰ বাবে অতি বিশেষ।আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 08th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানটোত নিহিত হৈ থকা গভীৰ আবেগিক অনুৰণনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক প্ৰতিষ্ঠানটোৰ চৌহদৰ সজীৱতা, সপোনেৰে ভৰা পৰিৱেশৰ বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ সময়ত তেওঁৰ পূৰ্বৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্মৰণ কৰাৰ লগতে এতিয়া স্নাতকসকলৰ মাজত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে আজি এই চৌহদত আপোনালোকৰ সৈতে উপস্থিত থকাৰ এই অবিশ্বাস্য অভিজ্ঞতা মোৰ বাবে অতি বিশেষ।অষ্ট্ৰেলিয়াত প্ৰবাসী ভাৰতীয় লোকসকলৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 09th, 03:22 pm
ইয়াৰ আগতে মই ছিডনীত দুবাৰকৈ আপোনালোকক লগ পাইছিলোঁ, মেলবৰ্ণবাসীৰ সৈতে দেখা কৰিবলৈ ময়ো বাট চাই আছিলোঁ। সেয়ে ভাবিলোঁ এইবাৰ মেলবৰ্ণবাসীৰ সৈতে ফ্লেট হোৱাইট কফি খাম।অষ্ট্ৰেলিয়াত থকা প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ
July 09th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণৰ মাৰ্ভেল ষ্টেডিয়ামত অষ্ট্ৰেলিয়াত থকা ভাৰতীয় সমূদায়ৰ এক বৃহৎ সমাৱেশক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। এক বিশেষ সৌজন্যতা প্ৰদৰ্শন কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজেও প্ৰব্ৰাসী ভাৰতীয়সকলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।গুজৰাটৰ সানন্দত চিজি ছেমি অ’এছএটি প্ৰকল্প উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
July 04th, 05:15 pm
আপোনালোক সকলোৱে কেনে আছা, ভালেই আছা হয়নে? গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ, শক্তিশালী উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী, গুজৰাট চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, চিজি পাৱাৰৰ অধ্যক্ষ ভেল্লায়ন চুব্বাইয়া জী, ৰেনেছাছ ইলেক্ট্ৰনিকছৰ অধ্যক্ষ মালিনী জী, চিজি ছেমিৰ চেয়াৰমেন গিৰীশ জী, ইয়াত উপস্থিত থকা অন্যান্য উদ্যোগৰ নেতা, ভদ্ৰলোকগণ।গুজৰাটৰ সানন্দত চিজি ছেমি আউটচ’ৰ্চড ছেমিকণ্ডাক্টৰ এচেম্বলী এণ্ড টেষ্ট ফেচিলিটী উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
July 04th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত চিজি ছেমি আউটচ’ৰ্চড ছেমিকণ্ডাক্টৰ এচেম্বলী এণ্ড টেষ্ট প্ৰকল্প উদ্বোধন কৰে। এই অনুষ্ঠানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই শুভাৰম্ভণিক দেশৰ লক্ষ্যৰ প্ৰতি থকা অদম্য প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে অভিহিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে দেশে কোনো সংকোচ নোহোৱাকৈ ধাৰাবাহিকভাৱে নিজৰ দৃঢ় সংকল্পসমূহক বাস্তৱ ৰূপলৈ ৰূপান্তৰিত কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, আজিৰ এই অনুষ্ঠান প্ৰমাণ কৰে যে ভাৰতে যিয়েই কৰিবলৈ সংকল্প লয়, তাক দৃঢ়তাৰে সম্পূৰ্ণ কৰে।Congress has always compromised the interests of Assam: PM Modi in Biswanath
April 01st, 11:45 am
PM Modi addressed a massive public rally in Biswanath, Assam. In his speech, the PM launched a sharp attack on Congress, accusing it of being ‘anti-development’ and the ‘root of corruption in independent India.’ Highlighting the BJP-NDA government’s actions, PM Modi said thousands of bighas of land have been freed from illegal encroachment, restoring Assam’s heritage and ecology. Reaffirming BJP’s commitment to Sabka Saath, Sabka Vikas, he urged voters to ensure a record turnout.BJP-NDA blocked Congress’ ‘unfair’ communal violence bill in Parliament: PM Modi in Gogamukh, Assam
April 01st, 11:30 am
Campaigning for the upcoming Assembly elections, Prime Minister Narendra Modi addressed a massive public gathering in Gogamukh, marking his first rally in Assam after the announcement of polls. The event witnessed an overwhelming turnout, with enthusiastic participation from youth, women and local communities, signaling strong momentum for the BJP-led NDA.PM Modi sets the tone for Assam polls with high-energy rallies in Gogamukh and Biswanath
April 01st, 11:00 am
Campaigning for the upcoming Assembly elections, Prime Minister Narendra Modi addressed massive public gatherings in Gogamukh and Biswanath, marking his first rallies in Assam after the announcement of polls. The events witnessed an overwhelming turnout, with enthusiastic participation from youth, women and local communities, signaling strong momentum for the BJP-led NDA.গুজৰাটৰ সানন্দত কায়নেছ ছেমিকন প্লাণ্ট উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 31st, 01:05 pm
যোৱা মাহৰ শেষৰ দিনটোতো মই সানন্দত আছিলো, আৰু এই মাহৰ শেষৰ দিনটোতো মই সানন্দত আছো। ২৮ ফেব্ৰুৱাৰীত মাইক্ৰনৰ প্লাণ্টত উৎপাদন আৰম্ভ হৈছিল আৰু আজি ৩১ মাৰ্চত কায়নেছ টেকন’লজিৰ অৰ্ধপৰিবাহী প্লাণ্টত উৎপাদন আৰম্ভ হৈছে। এয়া কেৱল কাকতালীয় কথাই নহয়; ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ বিকাশৰ গতিবেগৰো এক প্ৰমাণ। কায়নেছ টেকন’লজিৰ সমগ্ৰ নেতৃত্বলৈ বহুত বহুত অভিনন্দন জনাইছো। ৰমেশ ৰঘু, অভিনন্দন। গুজৰাট চৰকাৰ আৰু এই উদ্যোগটোত কাম কৰা সকলো সহকৰ্মীলৈ বহুত বহুত অভিনন্দন জনাইছো।গুজৰাটৰ সানন্দত কেইনেছ ছেমিকন প্লান্ট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 31st, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত কেইনেছ টেকন'লজি অৰ্ধপৰিবাহী প্লাণ্ট উদ্বোধন কৰে। ২৮ ফেব্ৰুৱাৰীত তেওঁ মাইক্ৰন প্লাণ্টৰ উৎপাদন আৰম্ভ কৰাৰ বাবে সানন্দত উপস্থিত আছিল আৰু একেটা মাহতে কেয়েন্সৰ মাইলৰ খুঁটিত উপনীত হোৱাৰ পিছত পুনৰ উভতি আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ অৰ্ধপৰিবাহী যাত্ৰাৰ গতি সম্পৰ্কে আলোকপাত কৰে। এয়া কেৱল এটা কাকতালীয় ঘটনা নহয়, ই ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰৰ বিকাশৰ দ্ৰুততাৰ প্ৰমাণ, শ্ৰী মোদীয়ে এইদৰে কয়।গুজৰাটত মাইক্ৰন ছেমিকণ্ডাক্টৰ টেকন’লজি ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সুবিধা উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 28th, 02:45 pm
বিশ্বৰ সৰ্ববৃহৎ আৰু সফল এআই সন্মিলনৰ পিছত আজি আমি ইয়াত আন এক ঐতিহাসিক মাইলৰ খুঁটিৰ সাক্ষী হৈছো। এআই সন্মিলনে ভাৰতৰ এআই সম্ভাৱনাৰ সৈতে বিশ্বৰ সৈতে পৰিচয় কৰাই দিয়াৰ বিপৰীতে আজি প্ৰযুক্তিৰ নেতৃত্বৰ বিষয়ত ভাৰতৰ দায়বদ্ধতাৰ আন এক প্ৰমাণ দাঙি ধৰিছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ সানন্দত মাইক্ৰন প্ৰযুক্তিৰ অৰ্ধপৰিবাহী সমাবেশ, পৰীক্ষা আৰু পেকেজিং (এটিএমপি) সুবিধা উদ্বোধন কৰে
February 28th, 02:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত মাইক্ৰন এ টি এম পি (এছেম্বলি, টেষ্ট, মাৰ্কিং, এণ্ড পেকেজিং) সুবিধা উদ্বোধন কৰে। বাণিজ্যিক উৎপাদন আৰম্ভ হোৱা এই উল্লেখনীয় অনুষ্ঠানটোৱে ভাৰতৰ বিশ্ব প্ৰযুক্তিৰ নেতৃত্বৰ দিশত যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাবে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বৰ সৰ্ববৃহৎ আৰু সফল এআই সন্মিলনৰ পিছত আজি আমি আন এক ঐতিহাসিক মাইলৰ খুঁটিৰ সাক্ষী হৈছো। “এআই শীৰ্ষ সন্মিলনে বিশ্বক ভাৰতৰ এআইৰ দক্ষতাৰ সৈতে পৰিচয় কৰাই দিলে, এয়া প্ৰযুক্তিৰ নেতৃত্বৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰমাণ”, শ্ৰী মোদীয়ে মন্তব্য কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে কোৱালকম ইনকৰ্পৰেশ্যনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়াই
February 20th, 09:12 pm
কোৱালকম ইনকৰ্পৰেশ্যনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ক্ৰিষ্টিয়ানো আৰ আমনে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন ২০২৬ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
February 19th, 10:00 am
বিশ্বৰ সৰ্ববৃহৎ আৰু ঐতিহাসিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো। এই সন্মিলন অনুষ্ঠিত হোৱা ভাৰতে মানৱতাৰ এক ষষ্ঠাংশক প্ৰতিনিধিত্ব কৰে। বিশ্বৰ সৰ্ববৃহৎ যুৱ জনসংখ্যাৰ বাসস্থান ভাৰতত সৰ্ববৃহৎ প্ৰযুক্তিগত প্ৰতিভাৰ স্থান, যি সৰ্ববৃহৎ প্ৰযুক্তি-সক্ষম পৰিৱেশ-প্ৰণালীৰ উদাহৰণ। ভাৰতে নতুন প্ৰযুক্তিও সৃষ্টি কৰে আৰু অভূতপূৰ্ব দ্ৰুততাৰে ইয়াক গ্ৰহণ কৰে। নতুন প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী ১.৪০ কোটি ভাৰতীয়ৰ ফালৰ পৰা, মই চৰকাৰৰ মুৰব্বীসকল, বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তা পৰিৱেশ-প্ৰণালীৰ নেতাসকল আৰু উদ্ভাৱকসকলক এই সন্মিলনলৈ স্বাগতম জনাইছো।PM Modi inaugurates India AI Impact Summit 2026
February 19th, 09:40 am
PM Modi inaugurated the AI Impact Summit 2026 and remarked that the world’s largest AI Impact Summit is being held in India, a nation representing one-sixth of humanity. He highlighted that the core purpose of the summit is to deliberate on how AI can be made human-centric. He also presented India’s M.A.N.A.V. Vision for AI and extended an invitation to the world with the call: ‘Design and Develop in India. Deliver to the World. Deliver to Humanity’.নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত-ইউৰোপীয় ইউনিয়নৰ ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 27th, 04:32 pm
এয়া কৃতিত্ব কোনো আকস্মিক ঘটনা নহয়; বজাৰ অৰ্থনীতি হিচাপে আমাৰ উমৈহতীয়া মূল্যবোধ আছে। বিশ্বৰ সুস্থিৰতাৰ দিশত আমি অগ্ৰাধিকাৰ শ্বেয়াৰ কৰিছো আৰু মুক্ত সমাজ হিচাপে আমাৰ মানুহৰ মাজতো এক স্বাভাৱিক সংযোগ আছে। এই শক্তিশালী ভেটিৰ ওপৰত আমি আমাৰ অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ গৈছো। আমি ইয়াক বিশ্বৰ অন্যতম প্ৰভাৱশালী অংশীদাৰিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছো আৰু ইয়াৰ ফলাফল আমাৰ বাবে স্পষ্টভাৱে দেখা গৈছে। যোৱা ১০ বছৰত আমাৰ বাণিজ্য দুগুণ হৈছে, ১৮০ বিলিয়ন ইউৰো হৈছে। ভাৰতত ৬ হাজাৰৰো অধিক ইউৰোপীয় কোম্পানীয়ে কাম কৰি আছে। ইউৰোপীয় সংঘৰ পৰা ভাৰতত ১২০ বিলিয়ন ইউৰোতকৈ অধিক বিনিয়োগ হৈছে। ইউৰোপীয় সংঘত ১৫০০ ভাৰতীয় কোম্পানী উপস্থিত আছে, আৰু তাত ভাৰতীয় বিনিয়োগ প্ৰায় ৪০ বিলিয়ন ইউৰো হৈছেগৈ। আজি ভাৰতীয় আৰু ইউৰোপীয় কোম্পানীসমূহৰ মাজত অনুসন্ধান আৰু বিকাশ, উৎপাদন, আৰু সেৱাকে ধৰি প্ৰতিটো ক্ষেত্ৰতে গভীৰ সহযোগিতা আছে। আৰু আপোনালোকৰ দৰে ব্যৱসায়িক নেতাসকলেই ইয়াৰ কৰ্তা আৰু হিতাধিকাৰী দুয়োটাই।নতুন দিল্লীত ভাৰত-ইউৰোপীয় ইউনিয়নৰ ব্যৱসায়িক মঞ্চত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 27th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইউৰোপিয়ান সংঘ ব্যৱসায়িক মঞ্চত ভাষণ আগবঢ়ায়। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইউৰোপিয়ান সংঘ(ইইউ) ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰি সুখী হোৱা বুলি কয়। তেওঁ কয় যে ইউৰোপিয়ান সংঘ পৰিষদ আৰু আয়োগৰ অধ্যক্ষৰ ভাৰত ভ্ৰমণ কেৱল সাধাৰণ কূটনৈতিক ভ্ৰমণ হিচাপেই নহয়, বৰঞ্চ ভাৰত-ইউৰ সম্পৰ্কৰ এক নতুন যুগৰ আৰম্ভণি হৈছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে প্ৰথমবাৰলৈ ইইউ নেতৃত্বই ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে।নতুন দিল্লীত অনুষ্ঠিত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 17th, 11:09 pm
শ্ৰীলংকাৰ মহামন্ত্ৰী প্ৰধানমন্ত্ৰী হাৰিণী অমৰাসুৰিয়া জী, অষ্ট্ৰেলিয়াৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰ বন্ধু টনি এবোট জী, ব্ৰিটেইনৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক জী, বিশিষ্ট অতিথিসকল, ভদ্ৰলোকগণ আৰু ভদ্ৰমহিলাসকল, নমস্কাৰ!