২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 24th, 06:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সন্ধিয়া প্ৰায় ৬:১৫ বজাত বিশ্ব খাদ্য ভাৰত ২০২৫ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

September 12th, 04:54 pm

বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে

September 12th, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।

এছচিঅ’ সন্মিলনৰ আঁৰত ম্যানমাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু শান্তি আয়োগৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

August 31st, 04:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা সন্মিলনৰ আঁৰত ম্যানমাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু শান্তি আয়োগৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে এখনি বৈঠকত মিলিত হয়।

টিয়ানজিনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

August 31st, 11:06 am

আপোনাৰ উষ্ম আদৰণিৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যোৱা বছৰ কাজানত আমাৰ মাজত অতিশয় ফলপ্ৰসূ আলোচনা সম্পন্ন হৈছিল, যি আলোচনাই আমাৰ সম্পৰ্কক এক ইতিবাচক মাত্ৰা প্ৰদান কৰিছিল। সীমান্তত বিচ্ছিন্নতাৰ পিছত শান্তি আৰু সুস্থিৰতাৰ পৰিবেশ গঢ় লৈ উঠিছে। আমাৰ বিশেষ প্ৰতিনিধিসকলে সীমান্ত ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক বুজাবুজিত উপনীত হৈছে। কৈলাশ মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে আৰু দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান সেৱাও আৰম্ভ হৈছে। আমাৰ মাজৰ সহযোগিতা আমাৰ উভয় ৰাষ্ট্ৰৰ ২.৮ বিলিয়ন জনসাধাৰণৰ স্বাৰ্থৰে সম্পৰ্কীয়। ইয়াৰ জৰিয়তে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ পথো মুকলি হ’ব। আমি পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সংবেদনশীলতাৰ ভিত্তিত আমাৰ সম্পৰ্কক অধিক সুদৃঢ়কৰণৰ বাবে অংগীকাৰবদ্ধ।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক

August 31st, 11:00 am

আজি (৩১ আগষ্ট) টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ (SCO) নেতাসকলৰ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে মিলিত হয়।

চীনৰ টিয়ানজিনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

August 30th, 04:00 pm

কিছু সময়ৰ পূৰ্বে চীনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ আমন্ত্ৰণত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব

জাপান আৰু চীন ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি

August 28th, 08:40 pm

উক্ত ভ্ৰমণকালত আমি আমাৰ পৰৱৰ্তী পৰ্য্যায়ৰ বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব গঢ়াত গুৰুত্ব আৰোপ কৰিম, যিয়ে ইতিমধ্যে বিগত এঘাৰ বছৰত অবিৰত আৰু উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। আমি আমাৰ সহযোগিতাক নতুন প্ৰাণ দিবলৈ প্ৰয়াস গ্ৰহণ কৰিম, আমাৰ অৰ্থনৈতিক আৰু বিনিয়োগৰ সম্পৰ্কৰ পৰিসৰ আৰু আকাংক্ষা বৃদ্ধি কৰিম তথা এআই আৰু অৰ্ধপৰিবাহীকে প্ৰমুখ্য কৰি নতুন আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাক আগবঢ়াই নিবলৈ চেষ্টা কৰিম। এই ভ্ৰমণ হ’ব আমাৰ জনসাধাৰণক সংযোগ কৰা আমাৰ সভ্যতাবাদী বান্ধোন আৰু সাংস্কৃতিক সম্পৰ্কক সুদৃঢ়কৰণৰ সুযোগো।

প্ৰধানমন্ত্ৰীৰ জাপান আৰু চীন ভ্ৰমণ

August 22nd, 06:15 pm

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবা আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ আমন্ত্ৰণক্ৰমে ২৯–৩০ আগষ্ট, ২০২৫ৰ পৰা জাপান আৰু ৩১ আগষ্ট–১ ছেপ্টেম্বৰ, ২০২৫লৈ চীন ভ্ৰমণ কৰিব। জাপানত পঞ্চদশ ভাৰত–জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰি জাপানৰ প্ৰধানমন্ত্ৰী ইছিবাৰ সৈতে আলোচনাত মিলিত হ’ব। চীনত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ

August 19th, 07:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কমিউনিষ্ট পাৰ্টিৰ পলিটব্যুৰোৰ সদস্য তথা চীনৰ বৈদেশিক মন্ত্ৰী শ্ৰী ৱাং য়িক আদৰণি জনায়।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এএছপিআইৰ ক্ৰিটিকেল টেকন’লজি ট্ৰেকাৰত শীৰ্ষ পাঁচখন দেশৰ ভিতৰত ভাৰতৰ স্থানক প্ৰশংসা কৰে

October 03rd, 07:35 pm

এএছপিআই ক্ৰিটিকেল টেকন’লজি ট্ৰেকাৰ অনুসৰি ৬৪টা প্ৰযুক্তিৰ ভিতৰত ৪৫টা প্ৰযুক্তিত ভাৰত এতিয়া শীৰ্ষ পাঁচখন দেশৰ ভিতৰত স্থান লাভ কৰিছে। এই অধ্যয়নত বৈজ্ঞানিক আৰু গৱেষণামূলক অগ্ৰগতিৰ দৌৰ আৰু বিশ্ব প্ৰতিভা ধৰি ৰখাৰ ক্ষমতাকে ধৰি গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ বিকাশৰ তথ্য লাভ কৰা হৈছে। এই অধ্যয়নত বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰযুক্তিসমূহৰ বিকাশ আৰু নিয়ন্ত্ৰণৰ আধাৰত থকা গুৰুত্বপূৰ্ণ উপাদানসমূহ আৰু ইয়াক কেনেকৈ এখন দেশৰ অৰ্থনৈতিক দক্ষতাৰ সৈতে জুখিব পাৰি সেই দিশসমূহ নথিভুক্ত কৰা হৈছে৷

PM to interact with and address the contingent of Indian athletes who participated in the Asian Para Games on 1st November

October 31st, 05:04 pm

PM Modi will interact with and address India's Asian Para Games contingent on 1st November, 2023 at Major Dhyan Chand National Stadium, New Delhi. The programme will be attended by the athletes, their coaches, officials from the Paralympic Committee of India & Indian Olympic Association, representatives from National Sports Federations, and officials from the Ministry of Youth Affairs and Sports.

Prime Minister Narendra Modi lauds Indias extraordinary performance at Asian Para Games

October 28th, 11:13 pm

The Prime Minister, Shri Narendra Modi has lauded India’s extraordinary performance at Asian Para Games with the medal tally of 111. Shri Modi hailed the unwavering dedication and indomitable spirit of the athletes.

এছিয়ান পেৰা গেমছত দবাত ব্ৰঞ্জৰ পদক লাভৰ বাবে কিষাণ গাংগোলীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 28th, 08:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝু এছিয়ান পেৰা গেমছত পুৰুষৰ দবা বি২ শাখাত ব্ৰঞ্জৰ পদক লাভৰ বাবে কিষাণ গাংগোলীক অভিনন্দন জ্ঞাপন কৰে।

এছিয়ান পেৰা গেমছৰ দবাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে হিমন্তী ৰথী, সংস্কৃতি মোৰে, ব্ৰুতি জৈনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 28th, 08:45 pm

হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছৰ মহিলা দবাৰ বি ১ শাখাৰ দলত আজি ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাংশী ৰথী, সংস্কৃতি মোৰে আৰু ব্ৰুতি জৈনক অভিনন্দন জনায়।

‘এছিয়ান পেৰা গে’মছ’ত দবা খেল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰা কিষাণ গাংগোলী, আৰ্যন যোশী, সোমেন্দ্ৰক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে

October 28th, 08:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ ‘এছিয়ান পেৰা গেমছ’ত পুৰুষৰ ‘দবা বি-২’ শ্ৰেণীৰ দলত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে কিষাণ গাংগোলী, আৰ্যন যোশী আৰু সোমেন্দ্ৰক অভিনন্দন জ্ঞাপন কৰে।

এছিয়ান পেৰা গেমছৰ দবাত ব্ৰঞ্জৰ পদক জয়ৰ বাবে অশ্বিনী মাকৱানাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 28th, 08:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত পুৰুষৰ দবা বি-১ শাখাত ব্ৰঞ্জৰ পদক জয়ৰ বাবে অশ্বিনী মাকৱানাক অভিনন্দন জনাইছে।

এছিয়ান পেৰা গেমছত মহিলাৰ ১৫০০ মিটাৰ টি-২০ত ব্ৰঞ্জৰ পদক লাভ কৰা পূজাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

October 28th, 08:35 pm

চীনৰ হাংঝুত চলি থকা এছিয়ান পেৰা গেমছত মহিলাৰ ১৫০০ মিটাৰ টি-২০ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে পূজাক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এছিয়ান পেৰা গেমছৰ জেভলিন থ্ৰ’ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে টেকচান্দ মাহলাৱাটক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 28th, 08:32 pm

চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছৰ পুৰুষৰ জেভলাইন থ্ৰ’-এফ৫৫ ইভেণ্টত আজি ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টেকচান্দ মাহলাৱটক অভিনন্দন জনায়।

এছিয়ান পেৰা গেমছত দবাত সোণৰ পদক লাভ কৰা দৰ্পন ইনানীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

October 28th, 11:50 am

আজি হাংঝু এছিয়ান পেৰা গেমছত পুৰুষৰ দবাত স্বৰ্ণ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৰ্পন ইনানীক অভিনন্দন জনায়।