"মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীষ্মকালীন তাপপ্ৰবাহৰ সৈতে মোকাবিলাৰ পৰামৰ্শ শ্বেয়াৰ কৰি নাগৰিকসকলক শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখিবলৈ আহ্বান জনাইছে
May 31st, 11:30 am
মোৰ প্ৰিয় দেশবাসী, 'মন কী বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থত এনে কিছুমান আচৰিত কাম কৰি আছে, সেইবোৰৰ কথা শুনিলে আমি এক নতুন প্ৰেৰণা অনুভৱ কৰোঁ। আজি মই এই কাৰ্যসূচী আৰম্ভ কৰিম এথলেটিকছত দেশৰ এনে এক কৃতিত্বৰ প্ৰসংগৰে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল নেচনেল ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা। সমগ্ৰ দেশৰ প্ৰায় ৮০০ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ সময়ত চাৰিটা ভিন্ন ইভেণ্টত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হয়। গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বীন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ আদিয়ে বিভিন্ন শিতানত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পোনপ্ৰথমে সকলোকে অভিনন্দন জনাইছোঁ।অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে
April 26th, 11:30 am
‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।ছত্তীশগড়ৰ শক্তি জিলাৰ বিদ্যুৎ কেন্দ্ৰত সংঘটিত হোৱা দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
April 14th, 10:06 pm
ছত্তীশগড়ৰ শক্তি জিলাৰ এটা বিদ্যুৎ কেন্দ্ৰত সংঘটিত হোৱা দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ চত্তিছগড়ৰ মুখ্যমন্ত্ৰীৰ
April 07th, 02:07 pm
চত্তিছগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাইয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
March 29th, 11:30 am
চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা, ২০২৬-ৰ দ্বিতীয় খণ্ডত কইম্বাটুৰ, ছত্তীশগড়, গুজৰাট আৰু অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা কথোপকথনৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে
February 10th, 05:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা (PPC), ২০২৬-ৰ ৯ম সংস্কৰণত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা কথোপকথনৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে। পিপিচি, ২০২৬-ৰ দ্বিতীয় খণ্ডৰ সময়ত প্ৰধানমন্ত্ৰী কইম্বাটুৰ, ছত্তীশগড়, গুজৰাট আৰু অসমৰ পৰীক্ষা যোদ্ধাসকলৰ (Exam Warriors) সৈতে এক অনানুষ্ঠানিক মত-বিনিময়ত মিলিত হয়। ‘পৰীক্ষা পে চৰ্চা’ৰ এই বিশেষ সংস্কৰণলৈ ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে এইবাৰ দেশৰ ভিন্ন প্ৰান্তত উক্ত কাৰ্য্যসূচী অনুষ্ঠিত হৈছে।‘বাষ্টাৰ পাণ্ডুম’ মহোসৱৰ বিশেষ পৰ্ব উপলক্ষে ছত্তীশগড়ৰ জনসাধাৰণক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
February 10th, 10:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ ছত্তীশগড়ত 'বস্তৰ পাণ্ডুম' উৎসৱৰ বিশেষ পৰ্বৰ বাবে ছত্তীশগড়ৰ জনসাধাৰণক অভিনন্দন জনাইছে। এই উৎসৱত বাষ্টাৰৰ সমৃদ্ধিশালী সংস্কৃতি, পৰম্পৰা আৰু জনজাতীয় ঐতিহ্যক এক সুন্দৰ ৰূপত প্ৰদৰ্শন কৰা হয়। শ্ৰী মোদীয়ে কয় যে এনে অনুষ্ঠানসমূহে আমাৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু স্থানীয় জনগোষ্ঠীসমূহক সৱলীকৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।“পৰীক্ষা পে চৰ্চা ২০২৬” অনুষ্ঠানৰ দ্বিতীয় খণ্ডত ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা পাৰস্পৰিক মত-বিনিময়ৰ অসমীয়া অনুবাদ
February 09th, 10:30 am
মোৰ মৰমৰ বন্ধুসকল, পৰীক্ষ পে চৰ্চাৰ এই গুৰুত্বপূৰ্ণ সংস্কৰণলৈ স্বাগতম জনাইছো। এইবাৰ অলপ বেলেগ, অলপ বিশেষ। বহু ছাত্ৰ-ছাত্ৰীয়ে পৰামৰ্শ দিছিল যে দেশৰ বিভিন্ন প্ৰান্ততো পৰীক্ষা পে চৰ্চা অনুষ্ঠিত কৰিব লাগে। গতিকে এইবাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বহি এই আলোচনা কৰিবলৈ লৈছো। এই বিশেষ খণ্ডটোত তোমালোকে ঠিক সেয়াই দেখিবা।আৰম্ভ কৰোঁ তামিলনাডুৰ কইম্বাটুৰৰ পৰা।তামিলনাডুৰ ছাত্ৰ-ছাত্ৰীসকলৰ শক্তি আৰু কৌতূহলে মোক বহুত আপ্লুত কৰিলে। এবাৰ চাওঁ আহা৷পৰীক্ষা পে চৰ্চা ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 09th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা (পি পি চি) ২০২৬ৰ নৱম সংস্কৰণৰ অংশ হিচাপে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে পি পি চি ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ পৰীক্ষা যোদ্ধাসকলৰ সৈতে এক অনানুষ্ঠানিক মত বিনিময় কৰিছিল। ‘পৰীক্ষা পে চৰ্চা’ৰ বিশেষ সংস্কৰণলৈ শিক্ষাৰ্থীসকলক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে এইবাৰ কাৰ্যসূচীটো দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল। কোইম্বাট’ৰৰ সংস্কৰণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে তামিলনাডুৰ শিক্ষাৰ্থীসকলৰ শক্তি আৰু কৌতূহলে তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছে। তেওঁলোকক ‘ৱনক্কম’ বুলি অভিবাদন জনাই তেওঁ সাধাৰণ বাৰ্তালাপত মিলিত হৈছিল। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ উত্তেজনা প্ৰকাশ কৰি কয় যে তেওঁক দেখা পোৱাৰ লগে লগে তেওঁলোকে নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল। এক নাটকীয় প্ৰৱেশৰ আশা কৰিছিল কিন্তু তেওঁক সৰল, নম্র আৰু মাটিৰ ওপৰত থকা যেন অনুভৱ কৰিছিল। এজন শিক্ষাৰ্থীয়ে মনৰ ভাব প্ৰকাশ কৰি কয় যে তেওঁৰ আগমনত গাৰ নোম শিয়ৰি উঠিছিল।ৰায়পুৰত ৬০ সংখ্যক সৰ্বভাৰতীয় সঞ্চালক প্ৰধান/আৰক্ষী মহাপৰিদৰ্শক সন্মিলনৰ সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 30th, 05:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰায়পুৰৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত অনুষ্ঠিত ৬০ সংখ্যক সৰ্বভাৰতীয় সঞ্চালক প্ৰধান/আৰক্ষী মহাপৰিদৰ্শক সন্মিলনত অংশগ্ৰহণ কৰে। তিনিদিনীয়া এই সন্মিলনৰ মূল বিষয় হৈছে ‘বিকশিত ভাৰত: নিৰাপত্তাৰ মাত্ৰা’।২৯-৩০ নৱেম্বৰত ৰায়পুৰত আৰক্ষী সঞ্চালকপ্ৰধান/মহাপৰিদৰ্শকসকলৰ ৬০ সংখ্যক সৰ্বভাৰতীয় সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 27th, 12:45 pm
প্ৰধানমন্ত্ৰীয়ে ২০২৫ চনৰ ২৯-৩০ নৱেম্বৰত চত্তিছগড়ৰ ৰায়পুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত অনুষ্ঠিত হ’বলগীয়া আৰক্ষী সঞ্চালকপ্ৰধান/মহাপৰিদৰ্শসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰিব।নতুন দিল্লীত ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
November 17th, 08:30 pm
আজি আমি সকলোৱে ইয়াত সমবেত হৈ ভাৰতীয় গণতন্ত্ৰত সাংবাদিকতা, প্ৰকাশভংগী, জনআন্দোলনৰ শক্তিক নতুন উচ্চতা প্ৰদান কৰা এজন ব্যক্তিত্বক সন্মান জনাইছো। দূৰদৰ্শী হিচাপে, প্ৰতিষ্ঠান নিৰ্মাতা হিচাপে, জাতীয়তাবাদী হিচাপে, সংবাদ মাধ্যমৰ নেতা হিচাপে ৰামনাথ জীয়ে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপক কেৱল বাতৰি কাকত হিচাপেই নহয়, ভাৰতবাসীৰ মাজত মিছন হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ নেতৃত্বত এই গোটটো ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আৰু জাতীয় স্বাৰ্থৰ কণ্ঠস্বৰ হৈ পৰিছিল। গতিকে একবিংশ শতিকাৰ এই যুগত যেতিয়া ভাৰতে উন্নত জাতি হোৱাৰ সংকল্প লৈ আগবাঢ়িছে, তেতিয়া ৰামনাথ জীৰ দায়বদ্ধতা, তেওঁৰ প্ৰচেষ্টা, তেওঁৰ দৃষ্টিভংগী আমাৰ বাবে এক বৃহৎ প্ৰেৰণাৰ উৎস। এই বক্তৃতাত মোক আমন্ত্ৰণ জনোৱাৰ বাবে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আপোনালোক সকলোকে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান কৰে
November 17th, 08:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ উদ্যোগত আয়োজিত ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আজি আমি ভাৰতত গণতন্ত্ৰ, সাংবাদিকতা, প্ৰকাশভংগী, আৰু ৰাজহুৱা আন্দোলনৰ শক্তিক উন্নীত কৰা এজন বিশিষ্ট ব্যক্তিক সন্মান জনোৱাৰ বাবে একত্ৰিত হৈছো। তেওঁ আলোকপাত কৰে যে শ্ৰী ৰামনাথ গোৱেংকা এজন দূৰদৰ্শী, এজন প্ৰতিষ্ঠান নিৰ্মাতা, এজন জাতীয়তাবাদী আৰু এজন সংবাদ মাধ্যমৰ নেতা হিচাপে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপক কেৱল বাতৰি কাকত হিচাপে নহয়, ভাৰতৰ জনসাধাৰণৰ মাজত এক অভিযান হিচাপে প্ৰতিষ্ঠা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ নেতৃত্বত এই গোটটো ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আৰু জাতীয় স্বাৰ্থৰ কণ্ঠস্বৰ হৈ পৰিছিল। তেওঁ কয় যে একবিংশ শতিকাৰ এই যুগত ভাৰতে উন্নত হোৱাৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ লগে লগে শ্ৰী ৰামনাথ গোৱেংকাৰ দায়বদ্ধতা, প্ৰচেষ্টা, দৃষ্টিভংগীয়ে প্ৰেৰণাৰ এক বৃহৎ উৎস হিচাপে কাম কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁক এই বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 15th, 03:15 pm
দৰাচলতে আপোনালোকৰ সন্মুখত গুজৰাটী ভাষাত কথা ক’ব লাগে যদিও বৰ্তমান দেশৰ ভিন্ন প্ৰান্তৰ লোক আমাৰ অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ আছে। সেয়েহে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু অনুমতি সাপেক্ষে মই হিন্দীত ক’বলৈ আগবাঢ়িছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 15th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে তেওঁ ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মা নৰ্মদাৰ পবিত্ৰ ভূমি আজি আন এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ পৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৩১ অক্টোবৰত ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে একেটা স্থানতে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বিশাল উদযাপনৰ লগে-লগে আমি ভাৰত পৰ্বৰ শিখৰত উপনীত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত তেওঁ ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানলৈ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু সমগ্ৰ জনজাতীয় বেল্টত স্বাধীনতাৰ মনোভাৱক জাগ্ৰত কৰা গোবিন্দ গুৰুৰ আশীৰ্বাদো আছে। তেওঁ মঞ্চৰ পৰাই গোবিন্দ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আৰু কয় যে কিছু সময়ৰ পূৰ্বে তেওঁ দেৱমোগৰা মাতাৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁৰ চৰণত প্ৰণাম জনাইছিল।নৱ ৰায়পুৰত ছত্তীশগড় ৰজত মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
November 01st, 03:30 pm
ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, ৰাজ্যৰ জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী বিষ্ণু দেৱ সাই, কেন্দ্ৰীয় কেবিনেটত মোৰ জ্যেষ্ঠ সহযোগী জুৱেল ওৰাং, দুৰ্গাজী সাহাছ, টা উ ৰাজ্য বিধানসভাৰ অধ্যক্ষ ৰমন সিং, উপ-মুখ্যমন্ত্ৰী অৰুণ সাহু, দুৰ্গা দাস উইকে, টোখান সাহু, ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ ৰমন সিং, উপ-মুখ্যমন্ত্ৰী অৰুণ সাহু, বিজয় শৰ্মা ,উপস্থিত মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু ছত্তীশগড়ৰ অসংখ্যক ভাই-ভনীসকলকপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড় ৰজত মহোৎসৱৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 01st, 03:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন ৰায়পুৰত ৰাজ্য হিচাপে ছত্তীশগড়ৰ প্ৰতিষ্ঠাৰ ২৫ বছৰ পূৰ্তি উপলক্ষে ছত্তীশগড় ৰজত মহোৎসৱৰ কাৰ্য্যসূচী সম্বোধন কৰে। তেওঁ ১৪,২৬০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক আৰু ৰূপান্তৰশীল প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে পথ, উদ্যোগ, স্বাস্থ্যসেৱা আৰু শক্তিৰ দৰে মূল খণ্ডসমূহক সামৰি লৈছে। প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়বাসীক সম্ভাষণ জনাই কয় যে আজি ৰাজ্য হিচাপে ছত্তীশগড়ৰ প্ৰতিষ্ঠাৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে তেওঁ সমূহ ছত্তীশগড়বাসীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।নৱ ৰায়পুৰত ছট্টিশগড় বিধানসভাৰ নতুন ভৱন উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
November 01st, 01:30 pm
আজি ছট্টিশগড়ৰ উন্নয়ন যাত্ৰাৰ এক সোণালী অধ্যায়। ব্যক্তিগতভাৱে এয়া মোৰ বাবেও অতি বিশেষ আৰু আনন্দৰ দিন। বহু দশক ধৰি এই ভূমিৰ সৈতে আৱেগিকভাৱে জড়িত হৈ আছো। এগৰাকী দলীয় কৰ্মী হিচাপে মই ছট্টিশগড়ত বহু সময় কটাইছো আৰু ইয়াৰ মানুহৰ পৰা বহু গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিছোঁ। মোৰ জীৱন গঢ় দিয়াত এই ৰাজ্যৰ জনসাধাৰণ আৰু পৰিৱেশে ডাঙৰ ভূমিকা লৈছে। ছট্টিশগড় গঠনৰ প্ৰাৰম্ভিক ধাৰণাৰ পৰা আৰম্ভ কৰি, ইয়াক ৰাজ্য হিচাপে অস্তিত্বলৈ অনালৈকে, আৰু তাৰ পিছৰ যি অগ্ৰগতি, এই যাত্ৰাৰ প্ৰতিটো পৰ্যায় মই দেখিছো। আৰু আজি ছট্টিশগড় গঠনৰ ২৫ বছৰ পূৰ্ণ হোৱা সময়ততে পুনৰবাৰ এই ঐতিহাসিক মুহূৰ্তৰ অংশ হ’বলৈ পাই মই সন্মানিত অনুভৱ কৰিছো। এই ৰূপালী জয়ন্তী উপলক্ষে ৰাজ্যবাসীৰ বাবে নতুন বিধানসভা ভৱন উদ্বোধন কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই স্মৰণীয় `দিৱসৰ বাবে ছট্টিশগড়বাসী আৰু ৰাজ্য চৰকাৰলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা ডাঙৰীয়া, লোকসভাৰ অধ্যক্ষ ওম বিৰলা ডাঙৰীয়া, ছট্টিশগড় বিধানসভাৰ অধ্যক্ষ ৰমন সিং ডাঙৰীয়া, মুখ্যমন্ত্ৰী বিষ্ণুদেও ছাই ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ টোখন চাহু ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মা ডাঙৰীয়া আৰু অৰুণ ছাও ডাঙৰীয়া, বিৰোধী দলৰ নেতা চৰণ দাস মহন্ত ডাঙৰীয়া, অন্যান্য সন্মানীয় মন্ত্ৰী, জনপ্ৰতিনিধি, আৰু ইয়াত উপস্থিত থকা সকলোকে মোৰ উষ্ম সম্ভাষণ ও শুভেচ্ছা!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ নৱ ৰায়পুৰত ৰাজ্য খনৰ বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰে
November 01st, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰত ছত্তীশগড় বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ছত্তীশগড়ৰ উন্নয়ন যাত্ৰাৰ বাবে এক সোণালী আৰম্ভণি। তেওঁ উল্লেখ কৰে যে ব্যক্তিগতভাৱে তেওঁৰ বাবে এয়া এটা অতি আনন্দময় আৰু উল্লেখযোগ্য দিন। কেইবা দশক ধৰি লালন-পালন কৰা এই ভূমিৰ সৈতে তেওঁৰ গভীৰ আৱেগিক বন্ধনক তেওঁ আলোকপাত কৰিছিল। দলীয় কৰ্মী হিচাপে থকা সময়ছোৱাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ ছত্তীশগড়ত যথেষ্ট সময় কটাইছিল আৰু বহু কথা শিকিছিল। তেওঁ ছত্তীশগড়ৰ দৃষ্টিভংগী, ইয়াৰ সৃষ্টিৰ সংকল্প আৰু সেই সংকল্প পূৰণৰ কথা মনত পেলাই কয় যে তেওঁ ছত্তীশগড়ৰ ৰূপান্তৰৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈ আহিছে। ৰাজ্যখনে ২৫ বছৰীয়া যাত্ৰাত এক বৃহৎ মাইলৰ খুঁটিত উপনীত হোৱাৰ লগে লগে এই মুহূৰ্তৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। ৰূপালী জয়ন্তী উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যবাসীৰ বাবে নতুন বিধানসভা ভৱন উদ্বোধন কৰাৰ সুবিধা পাইছো। এই উপলক্ষে তেওঁ ছত্তীশগড়বাসী আৰু ৰাজ্য চৰকাৰলৈ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে।নৱ ৰায়পুৰত শান্তি শিখৰ ব্ৰহ্মকুমাৰী ধ্যান কেন্দ্ৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 01st, 11:15 am
ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকা, ৰাজ্যখনৰ জনপ্ৰিয় তথা সক্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাই, ৰাজযোগিনী ভগ্নী জয়ন্তী, ৰাজযোগী মৃত্যুঞ্জয়, সকলো ব্ৰহ্মকুমাৰী ভগ্নী আৰু ইয়াত উপস্থিত অন্যান্য বিশিষ্ট অতিথিসকল!