ফিডে ৱৰ্ল্ড ব্লিটজ দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয়ী অৰ্জুন এৰিগাইক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
December 31st, 09:04 am
ডোহাত অনুষ্ঠিত ফিডে ৱৰ্ল্ড ব্লিটজ দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাইক আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায়। ফিডে ৰেপিড দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছতে তেওঁ এই কৃতিত্ব অৰ্জন কৰে, এয়া বিশ্ব দবা জগতত ভাৰতৰ বাবে আন এক গৌৰৱৰ মুহূৰ্ত হিচাপে চিহ্নিত হৈছে।২০২৫ চনৰ ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা অৰ্জুন এৰিগাইছিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
December 29th, 03:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডোহাত অনুষ্ঠিত ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত মুকলি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অৰ্জুন এৰিগাইছিক অভিনন্দন জনাইছে। ‘তেওঁৰ দৃঢ়তা লক্ষণীয়। তেওঁৰ ভৱিষ্যৎ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছো’, শ্ৰী মোদীয়ে কয়।২০২৫ চনৰ ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা কোনেৰু হাম্পীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
December 29th, 03:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডোহাত অনুষ্ঠিত ২০২৫ চনৰ ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত শক্তিশালীভাৱে সমাপ্ত কৰি মহিলা শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা কোনেৰু হাম্পীক অভিনন্দন জনাইছে। ‘খেলৰ প্ৰতি তেওঁৰ উৎসৰ্গা প্ৰশংসনীয়। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো’, শ্ৰী মোদীয়ে কয়।ফিডে বিশ্ব কাপৰ ভাৰতলৈ প্ৰত্যাৱৰ্তনক প্ৰধানমন্ত্ৰীৰ আদৰণি
August 26th, 11:30 pm
দুই দশকতকৈও অধিক সময়ৰ পিছত সন্মানীয় ফিডে বিশ্ব কাপ ২০২৫ অনুষ্ঠিত কৰিবলৈ ভাৰত সাজু হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ আৰু উৎসাহ প্ৰকাশ কৰিছে।গ্ৰেণ্ডমাষ্টাৰ দিব্যা দেশমুখক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
July 29th, 06:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিব্যা দেশমুখক কেৱল ২০২৫ চনৰ ফিডে মহিলা বিশ্বকাপ জয় কৰাৰ লগতে গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ বাবেও অভিনন্দন জনাইছে। তেওঁৰ সাফল্যই বহু লোকক অনুপ্ৰাণিত কৰিব আৰু যুৱক-যুৱতীসকলৰ মাজত দবা খেল অধিক জনপ্ৰিয় হোৱাত অৰিহণা যোগাব, শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰীয়ে দিব্যা দেশমুখক এফআইডিই মহিলা বিশ্ব দবা চেম্পিয়ন, ২০২৫ হোৱাৰ বাবে অভিনন্দন জনায়
July 28th, 06:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিব্যা দেশমুখক এফআইডিই মহিলা বিশ্ব দবা চেম্পিয়ন, ২০২৫ হোৱাৰ বাবে অভিনন্দন জনাইছে। “কোনেৰু হাম্পীয়েও সমগ্ৰ প্ৰতিযোগিতাখনিত অসীম দক্ষতা প্ৰদৰ্শন কৰিছে। দুয়োগৰাকী খেলুৱৈকে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰাজিৰ বাবে শুভেচ্ছা জনাইছোঁ”, শ্ৰী মোদীয়ে এইদৰে কয়।লণ্ডনত অনুষ্ঠিত বিশ্ব টিম ব্লিটজ চেম্পিয়নশ্বিপত ব্লিটজ ছেমিফাইনেলত চমকপ্ৰদ জয়ৰ বাবে দিব্য দেশমুখক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
June 19th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লণ্ডনত অনুষ্ঠিত বিশ্ব টিম ব্লিটজ চেম্পিয়নশ্বিপত ব্লিটজ ছেমিফাইনেলৰ দ্বিতীয় লেগত বিশ্বৰ শীৰ্ষ বাছনিৰ হৌ য়িফানৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ বাবে ভাৰতীয় দবাৰ বিস্ময়কৰ প্ৰতিভা দিব্য দেশমুখক অভিনন্দন জনায়।২০২৫ চনৰ নৰ'ৱে দবা প্ৰতিযোগিতাত মেগনাছ কাৰ্লছেনৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে জয়লাভ কৰা গুকেশক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
June 02nd, 08:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৰ'ৱে দবা প্ৰতিযোগিতা২০২৫ৰ ষষ্ঠ ৰাউণ্ডত মেগনাছ কাৰ্লছেনৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে জয়ী হোৱাৰ বাবে গুকেশক অভিনন্দন জনাইছে।প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় , বিশ্বৰ ১ নং দবা খেলুৱৈৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে তেওঁক অভিনন্দন।উত্তৰাখণ্ডৰ ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 28th, 09:36 pm
আজি দেৱভূমি যৌৱন শক্তিৰে অধিক উজলি উঠিছে। বাবা কেদাৰ, বদ্ৰীনাথজী আৰু মা গঙ্গাৰ আশীৰ্বাদত আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শভাৰম্ভ কৰা হৈছে। এই বছৰটো উত্তৰাখণ্ড গঠনৰ ২৫ সংখ্যক বছৰ। এই যুৱ ৰাজ্যখনত দেশৰ প্ৰতিটো কোণৰ পৰা অহা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এখন অতি সুন্দৰ ছবি ইয়াত দৃশ্যমান হৈছে। এইবাৰো বহুতো থলুৱা পৰম্পৰাগত খেল ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া এক প্ৰকাৰে ‘সেউজ খেল’ হিচাপে উদযাপিত হ’ব। ইয়াত পৰিৱেশ-অনুকূল বস্তুৰ যথেষ্ট ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিব লগা সকলো পদক আৰু ট্ৰফীও ‘ই-আৱৰ্জনা’ৰে নিৰ্মিত। পদক বিজয়ী খেলুৱৈসকলৰ নামত গছপুলি ৰোপণ কৰা হ'ব। এইটো এটা অতিকে ভাল পদক্ষেপ। মই সকলো খেলুৱৈক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে শুভকামনা জনাইছোঁ। এই আশ্চৰ্যকৰ অনুষ্ঠানটোৰ বাবে মই ধামীজী আৰু তেওঁৰ সমগ্ৰ দল, উত্তৰাখণ্ডৰ প্ৰতিগৰাকী নাগৰিকক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে
January 28th, 09:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে উত্তৰাখণ্ড আজি যুৱক-যুৱতীসকলৰ শক্তিৰে উজ্জ্বল হৈ পৰিছে। তেখেতে লগতে কয় যে আজিৰেপৰা বাবা কেদাৰনাথ, বদ্ৰীনাথ আৰু মা গংগাৰ আশীৰ্বাদত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই ৰাজ্যখনত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। তেখেতে লগতে কয় যে এই অনুষ্ঠানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এখন সুন্দৰ ছবি প্ৰদৰ্শিত হৈছে। তেখেতে আৰু কয় যে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একাধিক স্থানীয় ক্ৰীড়া অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ‘সেউজ ক্ৰীড়া’ (Green Games), কিয়নো ইয়াত পৰিবেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। এই বিষয়বস্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আনকি ইয়াৰ ট্ৰফী আৰু পদকসমূহো ই-ৱাষ্টেৰে তৈয়াৰ কৰা হৈছে আৰু প্ৰতিগৰাকী পদক বিজয়ীৰ নামত এটাকৈ গছপুলি ৰোপণ কৰা হ’ব, যি এক বৃহৎ পদক্ষেপ। তেখেতে ইয়াত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উত্তৰাখণ্ড চৰকাৰ আৰু জনসাধাৰণক এনে এক বৃহৎ অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।Chess champion Koneru Humpy meets Prime Minister
January 03rd, 08:42 pm
Chess champion Koneru Humpy met the Prime Minister, Shri Narendra Modi today. Lauding her for bringing immense pride to India, Shri Modi remarked that her sharp intellect and unwavering determination was clearly visible.২০২৪ চনৰ ফিডে মহিলা বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত জয়লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে হাম্পী কনেৰুক অভিনন্দন জনাইছে
December 29th, 03:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৪ চনৰ ফিডে মহিলা বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত জয়লাভ কৰা হাম্পী কনেৰুক অভিনন্দন জনায়। তেওঁ কনেৰুৰ দৃঢ়তা আৰু চমকপ্ৰদ প্ৰদৰ্শনক প্ৰশংসা কৰে, যিয়ে লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ এক্স হেণ্ডেলৰ এটা পোষ্টৰ উত্তৰত তেওঁ লিখিছে, “২০২৪ চনৰ FIDE মহিলা বিশ্ব ৰেপিড চেম্পিয়নশ্বিপ জয় কৰাৰ বাবে @humpy_koneru লৈ অভিনন্দন! তেওঁৰ দৃঢ়তা আৰু চমকপ্ৰদ প্ৰদৰ্শনে লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছে। এই জয় আৰু অধিক ঐতিহাসিক কাৰণ ই তেওঁৰ দ্বিতীয়টো বিশ্ব ৰেপিড চেম্পিয়নশ্বিপ খিতাপ, যাৰ ফলত তেওঁ এই অবিশ্বাস্য কৃতিত্ব অৰ্জন কৰা একমাত্ৰ ভাৰতীয় হিচাপে পৰিগণিত হৈছে।”দবা চেম্পিয়ন গুকেশ ডিয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
December 28th, 06:34 pm
দবা চেম্পিয়ন গুকেশ ডিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে তেওঁৰ দৃঢ়তা আৰু নিষ্ঠাৰ প্ৰশংসা কৰে আৰু কয় যে তেওঁৰ আত্মবিশ্বাস সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। তেওঁ মন্তব্য কৰি কয় যে তেওঁলোকৰ কথোপকথন আজি যোগ আৰু ধ্যানৰ ৰূপান্তৰণশীল সম্ভাৱনাক লৈ চলিছিল।বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হিচাপে পৰিগণিত হোৱাৰ বাবে গুকেশ ডিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
December 12th, 07:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হিচাপে পৰিগণিত হোৱাৰ বাবে গুকেশ ডিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ তেওঁৰ এই কৃতিত্বক ঐতিহাসিক আৰু আদৰ্শমূলক বুলি প্ৰশংসা কৰে।PM Modi congratulates Arjun Erigaisi for crossing 2800 mark in live chess ratings
October 27th, 11:08 am
The Prime Minister Shri Narendra Modi today congratulated Indian Chess Grandmaster Arjun Erigaisi for crossing the 2800 mark in live chess ratings.৪৫ তম দবা অলিম্পিয়াডৰ মুকলি আৰু মহিলা দুয়োটা শ্ৰেণীতে স্বৰ্ণ জয় কৰা ভাৰতীয় দলক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
September 23rd, 01:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৪৫ সংখ্যক দবা অলিম্পিয়াডৰ মুকলি আৰু মহিলা দুয়োটা শ্ৰেণীতে স্বৰ্ণ জয় কৰাৰ বাবে ভাৰতীয় দলটোক প্ৰশংসা কৰে। তেওঁ উল্লেখযোগ্য সাফল্যৰ বাবে পুৰুষ আৰু মহিলা দবা দলক অভিনন্দন জনায়।সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰাপকসকলৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
January 23rd, 06:01 pm
আজি আগবেলা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ লোক কল্যাণ মাৰ্গস্থিত তেখেতৰ বাসগৃহত প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (PMRBP) প্ৰাপকসকলৰ সৈতে মত-বিনিময় কৰে।তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত খেল’ ইণ্ডিয়া ইয়ুথ গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 19th, 06:33 pm
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবি জী, মুখ্যমন্ত্ৰী শ্ৰী এম. কে. ষ্টেলিন জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ অনুৰাগ ঠাকুৰ, এল. মুৰুগান আৰু তামিলনাডু চৰকাৰৰ মন্ত্ৰী উধয়ানিধি ষ্টেলিন আৰু ভাৰতৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল।PM inaugurates opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu
January 19th, 06:06 pm
Prime Minister Narendra Modi inaugurated the opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu. Addressing the gathering, the Prime Minister welcomed everyone to the 13th Khelo India Games and said that it is a great way to begin 2024. He said that the people gathered on the occasion represent a young India, a new India whose energy is taking the country to new heights in the world of sports. He extended his best wishes to all athletes and sports lovers who have arrived in Chennai from across the country.