তামিলনাডুৰ মাদুৰাইত বিভিন্ন আন্তঃগাঁথনিমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 01st, 03:30 pm
পবিত্ৰ আৰু ঐতিহাসিক চহৰ মাদুৰাইত উপস্থিত হৈ মই নিজে সন্মানিত অনুভৱ কৰিছো। মই মীনাক্ষী আম্মান আৰু ভগৱান সুন্দৰেশ্বৰক প্ৰণাম জনাইছো। তামিলনাডুৰ উন্নয়নৰ যাত্ৰাত আজিৰ এই অনুষ্ঠান এক গৌৰৱৰ অধ্যায় হিচাপে চিহ্নিত হৈছে। আমি আজি চাৰি হাজাৰ চাৰিশ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গাও কৰিছো। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰাৰ লগতে অৰ্থনীতিৰ বিকাশ, নিয়োগৰ সুযোগ সৃষ্টি আৰু লাখ লাখ লোকৰ জীৱনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিব। কৃষকসকলৰ বাবে তেওঁলোকৰ উৎপাদিত শস্য লৈ বজাৰত উপনীত হোৱাৰ উন্নত পথ লাভ কৰিছে। তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে যাত্ৰা সহজ কৰাটো হৈ পৰিছে। ব্যৱসায়ৰ বাবে দ্ৰুত পৰিবহণ সম্ভৱ হৈছে। উচ্চ মানৰ আন্তঃগাঁথনি নিৰ্মাণৰ অৰ্থ হৈছে জনসাধাৰণক সৱলীকৰণ কৰা।মাদুৰাইত ৪,৪০০ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ মাদুৰাইত ৪,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পৱিত্ৰ চহৰ মাদুৰাইত উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তামিলনাডুৰ উন্নয়নৰ যাত্ৰাত এক গৌৰৱোজ্জ্বল অধ্যায়ৰ সূচনা হৈছে। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাত পৰিৱৰ্তন আনিব, অৰ্থনীতিৰ বিকাশ ঘটাব, যুৱক-যুৱতীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু ৰাজ্যখনৰ লাখ লাখ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে উচ্চ মানৰ আন্তঃগাঁথনি নিৰ্মাণৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণক সৱলীকৰণ কৰা। শ্ৰী মোদীয়ে কয় যে এই উন্নয়নসমূহৰ অৰ্থ হৈছে কৃষকসকলৰ সামগ্ৰী উলিয়াই বজাৰলৈ যোৱাৰ বাবে উন্নত পথ, তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে সুগম যাত্ৰা আৰু ব্যৱসায়ৰ বাবে দ্ৰুত পৰিবহণ।১ মাৰ্চত তামিলনাডু আৰু পুডুচেৰী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 27th, 04:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ১ মাৰ্চত তামিলনাডু আৰু পুডুচেৰী ভ্ৰমণ কৰিব। ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী ২৮ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৯ বজাত চেন্নাইত উপস্থিত হ'ব।প্ৰধানমন্ত্ৰীয়ে 'ব্লু বীচ'ৰ সন্মানীয় তালিকাত মিনিকয়, থুণ্ডি বীচ আৰু কদমত বীচক স্থান দিয়াৰ বাবে লাক্ষাদ্বীপৰ লোকসকলক অভিনন্দন জনায়
October 26th, 07:05 pm
মিনিকয়, থুণ্ডি বীচ আৰু কদমত বীচে বিশ্বৰ আটাইতকৈ পৰিষ্কাৰ সমুদ্ৰ তীৰসমূহক প্ৰদান কৰা এক পৰিৱেশ-সন্মান 'ব্লু বীচ'ৰ সন্মানীয় তালিকাত স্থান লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাক্ষাদ্বীপৰ লোকসকলক অভিনন্দন জনায়া। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উল্লেখযোগ্য উপকূলীয় অঞ্চলৰ কথা উল্লেখ কৰে আৰু উপকূলীয় অনাময় ব্যৱস্থাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতীয়সকলৰ উৎসাহক প্ৰশংসা কৰে।চেন্নাইত বিভিন্ন প্ৰকল্পৰ উদঘাটন/হস্তান্তৰকৰণ/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 14th, 11:31 am
এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, “ আমি আজি চেন্নাইলৈ আহি অতি আনন্দিত। এই চহৰৰ মানুহখিনিয়ে মোক ইয়াত উষ্ম অভ্যৰ্থনা জনাইছে, তাৰ বাবে মই তেওঁলোকক অশেষ ধন্য়বাদ জনাইছো। এই চহৰ উৎসাহ আৰু উদ্দীপনাৰে ভৰপুৰ। এই চহৰ জ্ঞান আৰু সৃজনশীলতাৰ চহৰ। আজিৰ পৰা চেন্নাইত আমি দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভ কৰিছো। এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পবোৰে তামিলনাডুৰ বিকাশক আৰু অধিক আগুৱাই লৈ যাব।”তামিলনাডুত এলানি গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন আৰু শিলান্য়াস কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 14th, 11:30 am
এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, “ আমি আজি চেন্নাইলৈ আহি অতি আনন্দিত। এই চহৰৰ মানুহখিনিয়ে মোক ইয়াত উষ্ম অভ্যৰ্থনা জনাইছে, তাৰ বাবে মই তেওঁলোকক অশেষ ধন্য়বাদ জনাইছো। এই চহৰ উৎসাহ আৰু উদ্দীপনাৰে ভৰপুৰ। এই চহৰ জ্ঞান আৰু সৃজনশীলতাৰ চহৰ। আজিৰ পৰা চেন্নাইত আমি দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভ কৰিছো। এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পবোৰে তামিলনাডুৰ বিকাশক আৰু অধিক আগুৱাই লৈ যাব।”প্রধানমন্ত্রীয়ে ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব
February 12th, 06:10 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে, ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব। তেওঁ পুৱা ১১টা ১৫ মিনিটত চেন্নাইত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব আৰু সেনাবাহিনীৰ হাতত অর্জুন মেইন বেটেল টেঙ্ক (এমকে -১এ)তুলি দিব। শ্রী মোদীয়ে, বিয়লি ৩টা ৩০ মিনিটত কোচিত জাতিৰ উদ্দেশ্যে এলানি প্রকল্প উদ্বোধন আৰু শিলান্যাস কৰিব। এই প্রকল্পবিলাকে সংশ্লিষ্ট ৰাজ্যৰ উন্নয়নক ত্বৰান্বিত কৰিব আৰু উন্নয়নৰ সম্ভাৱনাক বাস্তবায়িত কৰিব।