"মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীষ্মকালীন তাপপ্ৰবাহৰ সৈতে মোকাবিলাৰ পৰামৰ্শ শ্বেয়াৰ কৰি নাগৰিকসকলক শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখিবলৈ আহ্বান জনাইছে

May 31st, 11:30 am

মোৰ প্ৰিয় দেশবাসী, 'মন কী বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থত এনে কিছুমান আচৰিত কাম কৰি আছে, সেইবোৰৰ কথা শুনিলে আমি এক নতুন প্ৰেৰণা অনুভৱ কৰোঁ। আজি মই এই কাৰ্যসূচী আৰম্ভ কৰিম এথলেটিকছত দেশৰ এনে এক কৃতিত্বৰ প্ৰসংগৰে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল নেচনেল ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা। সমগ্ৰ দেশৰ প্ৰায় ৮০০ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ সময়ত চাৰিটা ভিন্ন ইভেণ্টত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হয়। গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বীন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ আদিয়ে বিভিন্ন শিতানত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পোনপ্ৰথমে সকলোকে অভিনন্দন জনাইছোঁ।

Tiruchirappalli turns out in huge numbers for PM Modi’s public meeting

March 11th, 06:00 pm

At a massive public meeting in Tamil Nadu’s Tiruchirappalli, Prime Minister Narendra Modi hailed Tiruchirappalli as a land of courage and faith, recalling the bravery of the Marudu Brothers and paying tribute to Major M. Saravanan for his sacrifice during the Kargil War. “Trichy is a land of courage and faith,” he said, adding that the Centre proudly honours Tamil Nadu’s culture and heritage. He also highlighted that C. P. Radhakrishnan, a son of the state, serves as the Vice President of India.

তামিলনাডুৰ তিৰুচিৰাপল্লীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

March 11th, 05:45 pm

আজিৰ এই কাৰ্য্যসূচী তামিলনাডুৰ ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। ইয়াৰ সৈতে পাঁচ হাজাৰ ছশ কোটি টকাৰ প্ৰকল্প জড়িত হৈ আছে। এই প্ৰকল্পসমূহ হৈছে স্বচ্ছ শক্তিৰ বাবে আন্তঃগাঁথনি, পেট্ৰলিয়াম সম্পৰ্কীয় উৎপাদন, ঘাইপথ, ৰেলপথ আৰু গ্ৰামীণ পথেৰে সম্পৰ্কীয়। ইয়াৰ দ্বাৰা শক্তিৰ সুবিধা, যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ লগতে তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ চাকৰিৰ সৃষ্টি হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত প্ৰায় ৫,৬৫০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু ফ্লেগ অফ কৰে

March 11th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক চহৰ ত্ৰিচি ভ্ৰমণ কৰি তামিলনাডুৰ আন্তঃগাঁথনি আৰু অৰ্থনীতিক শক্তিশালী কৰাৰ লক্ষ্যৰে এলানি ৰূপান্তৰশীল উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। মুঠ পাঁচ হাজাৰ ছশ কোটি টকা বিনিয়োগ সাপেক্ষে এই পদক্ষেপসমূহে স্বচ্ছ শক্তি, পেট্ৰলিয়াম-সম্পৰ্কীয় উৎপাদন আৰু ঘাইপথ, ৰেলপথ তথা গ্ৰামীণ পথৰ জৰিয়তে মাল্টি-মডেল সংযোগ বৃদ্ধিক সামৰি লৈছে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীয়ে কয়, “এই প্ৰকল্পসমূহে শক্তি লাভ, যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব আৰু তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ নিয়োগ সৃষ্টি কৰিব।”

১১ মাৰ্চত কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

March 09th, 09:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১১ মাৰ্চত কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব।দুপৰীয়া প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে কেৰেলাৰ এৰ্নাকুলুমত প্ৰায় ১০,৮০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই কাৰ্যসূচী উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব। ইয়াৰ পিছত প্ৰায় ৫:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত দেশৰ বাবে প্ৰায় ৫,৬৫০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দিব।

পুডুচেৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 01st, 12:00 pm

পুডুচেৰীৰ মুখ্যমন্ত্ৰী শ্ৰী এন ৰংগস্বামী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱিয়া, পুডুচেৰীৰ উপ-ৰাজ্যপাল শ্ৰীযুত কে কৈলাসনাথন, ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ শ্ৰী আৰ চেলভাম, গৃহমন্ত্ৰী শ্ৰীযুত এ নমছিৱায়ম, অন্যান্য নেতৃবৃন্দ, মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল।

পুডুচেৰীত ২,৭০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 01st, 11:45 am

অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, পুডুচেৰী হ'ল সিদ্ধাৰ, সাধু, কবি আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ভূমি, য'ত মহাকবি সুব্ৰমনিয়া ভাৰতীয়ে জাতীয়তাবাদৰ অগ্নিশিখা প্ৰজ্বলন কৰাৰ লগতে শ্ৰী অৰবিন্দ আৰু তেওঁৰ মাতৃয়ে বিশ্বক আধ্যাত্মিক দৃষ্টি প্ৰদান কৰিছিল।

মহাৰাষ্ট্ৰত বিঅ’টি (টোল) মোডত ১৯,১৪২ কোটি টকাৰ ৩৭৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পৰ সৈতে ৬ লেনযুক্ত গ্ৰীণফিল্ড প্ৰৱেশ-নিয়ন্ত্ৰিত নাছিক-চোলাপুৰ-আক্কালকোট কৰিডৰ নিৰ্মাণত কেবিনেটৰ অনুমোদন

December 31st, 03:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি মুঠ মূলধন ব্যয় ১৯,১৪২ কোটি টকাৰে মহাৰাষ্ট্ৰত বিঅ’টি (টোল) মোডত ৩৭৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬ লেনযুক্ত গ্ৰীণফিল্ড প্ৰৱেশ-নিয়ন্ত্ৰিত নাছিক-চোলাপুৰ-আক্কালকোট কৰিড’ৰ নিৰ্মাণত অনুমোদন জনাইছে। এই প্ৰকল্পটোৱে মানচিত্ৰত উল্লেখ কৰা অনুসৰি নাছিক, অহিল্যানগৰ, চোলাপুৰৰ দৰে গুৰুত্বপূৰ্ণ আঞ্চলিক চহৰসমূহক কুৰ্ণুলৰ সৈতে সংযোগ কৰিব। এই আন্তঃগাঁথনি প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন নীতিৰ অধীনত সংহত পৰিবহণ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

তামিলনাডুৰ চেন্নাইত এটা অট্টালিকা ভাঙি প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

September 30th, 09:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ চেন্নাইত এটা অট্টালিকা ভাঙি পৰি প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাটোত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

তামিলনাডিৰ তুতিকোড়িত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 26th, 08:16 pm

ৱনক্কম! তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, মোৰ কেবিনেট সতীৰ্থ কিঞ্জাৰাপু ৰামমোহন নাইডু জি, ড° এল মুৰুগান জী, তামিলনাডুৰ মন্ত্ৰী থাংগম টেন্নাৰছু জী, ড° টি.আৰ.বি. ৰাজা জী, পি গীতা জীৱন জী, অনিতা আৰ ৰাধাকৃষ্ণন জি, সাংসদ কানিমোজি জী, তামিলনাডু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা আমাৰ বিধায়ক নয়নাৰ নগেন্দ্ৰন জী আৰু মোৰ তামিলনাডুৰ ভাই-ভনীসকল!

তামিলনাডুৰ থুথুকুড়িত ৪৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ এলানি উন্নয়ণমূলক প্ৰকল্পৰ উদ্বোধন তথা উৎসৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

July 26th, 07:47 pm

তামিলনাডুৰ থুথুকুড়িত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৮০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এয়া হৈছে একাধিক খণ্ডত যুগান্তকাৰী প্ৰকল্পৰ শৃংখলা যিয়ে আঞ্চলিক সংযোগ যথেষ্ট বৃদ্ধি কৰিব, লজিষ্টিক দক্ষতা বৃদ্ধি কৰিব, স্বচ্ছ শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰিব, আৰু সমগ্ৰ তামিলনাডুৰ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰিব। ‘কাৰ্গিল বিজয় দিৱস’ উপলক্ষে শ্ৰীযুত মোদীয়ে কাৰ্গিলৰ বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বীৰ যোদ্ধাসকলক প্ৰণাম জনাই ৰাষ্ট্ৰৰ বাবে চূড়ান্ত ত্যাগ কৰা শ্বহীদসকললৈ আন্তৰিক শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে।

‘ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (আইটিআই)ৰ উন্নীতকৰণ আৰু দক্ষতা বৰ্দ্ধনৰ বাবে পাঁচটা ‘ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপন’ৰ প্ৰস্তাৱলৈ কেবিনেটে অনুমোদন জনাইছে

May 07th, 02:07 pm

ভাৰতত বৃত্তিমূলক শিক্ষাৰ পৰিৱৰ্তনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি হিচাপে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই)সমূহৰ উন্নীতকৰণ আৰু দক্ষতা বৰ্দ্ধনৰ বাবে পাঁচটা (৫) ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

Serving the people of Andhra Pradesh is our commitment: PM Modi in Visakhapatnam

January 08th, 05:45 pm

PM Modi laid foundation stone, inaugurated development works worth over Rs. 2 lakh crore in Visakhapatnam, Andhra Pradesh. The Prime Minister emphasized that the development of Andhra Pradesh was the NDA Government's vision and serving the people of Andhra Pradesh was the Government's commitment.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ২ লাখ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে

January 08th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত আজি ২ লাখ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। ভগৱান সিমহাচলম বৰাহা লক্ষ্মী নৰসিংহ স্বামীক যথাযথ সন্মান জনাই, শ্ৰী মোদীয়ে কয় যে ৬০ বছৰৰ ব্যৱধানৰ অন্তত ৰাইজৰ আশীৰ্বাদত দেশত একেৰাহে তৃতীয়বাৰৰ বাবে এখন কেন্দ্ৰীয় চৰকাৰ নিৰ্বাচিত হৈছে। তেওঁ লগতে কয় যে চৰকাৰ গঠনৰ পিছত অন্ধ্ৰ প্ৰদেশত এয়া তেওঁৰ প্ৰথম আনুষ্ঠানিক কাৰ্যসূচী। শ্ৰী মোদীয়ে, অনুষ্ঠানৰ পূৰ্বে ৰোডশ্ব’ৰ সময়ত তেওঁক জনোৱা এক বৃহৎ আদৰণিৰ বাবে ৰাইজক ধন্যবাদ জনায়। তেওঁ লগতে কয় যে শ্ৰী চন্দ্ৰবাবু নাইডুৰ ভাষণৰ সময়ত তেওঁৰ প্ৰতিটো শব্দ আৰু অনুভূতিৰ ভাবনাক তেওঁ সন্মান জনায়। প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশ আৰু ভাৰতৰ জনসাধাৰণৰ সহযোগত শ্ৰী নাইডুৱে নিজৰ ভাষণত উল্লেখ কৰা সকলো লক্ষ্যত উপনীত হ’ব বুলি বিশ্বাস ব্যক্ত কৰে।

Cabinet approves Chennai Metro Rail Project Phase II

October 03rd, 09:25 pm

Union Cabinet chaired by Prime Minister Narendra Modi has approved the proposal of the Ministry of Housing & Urban Affairs for Chennai Metro Rail Project Phase-II comprising three corridors. The total length of the approved lines will be 118.9 km with 128 stations. The project completion cost is Rs.63,246 crore and is planned to be completed by 2027.

‘দবা অলিম্পিয়াড’ৰ বিজয়ীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পাঠ

September 26th, 12:15 pm

ছাৰ এই প্ৰথমবাৰৰ বাবে ভাৰতে দুয়োটা সোণৰ পদকেই জিকিবলৈ সক্ষম হৈছে, আৰু দলটোৱে যিধৰণে প্ৰদৰ্শন কৰিলে সেয়া বহুতেই উন্নত আছিল, অৰ্থাৎ, ল’ৰাহঁতে ২২ ৰ ভিতৰত ২১ পইণ্ট আৰু ছোৱালীহঁতে ২২ পইণ্টৰ ভিতৰত ১৯ পইণ্ট লাভ কৰিছিল, আমি ৪৪ৰ ভিতৰত মুঠ ৪০ পইণ্ট লাভ কৰিছিলোঁ। ইমান বৃহত্, সুন্দৰ প্ৰদৰ্শন আগতে কেতিয়াও সম্ভৱ হোৱা নাছিল।

PM Modi meets and encourages our Chess Champions

September 26th, 12:00 pm

PM Modi spoke with India's chess team after their historic dual gold wins. The discussion highlighted their hard work, the growing popularity of chess, AI's impact on the game, and the importance of determination and teamwork in achieving success.

তিনিখন বন্দে ভাৰত ট্ৰেইনক সেউজীয়া পতাকা প্ৰদৰ্শন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

August 31st, 12:16 pm

কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ জী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল জী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলট, ইউপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ আন সহযোগীসকল, ৰাজ্যসমূহৰ উপ-মুখ্যমন্ত্ৰীসকল, মন্ত্ৰীগণ, সাংসদগণ... দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অন্যান্য জনপ্ৰতিনিধিসকল... ভদ্ৰমহিলা আৰু সজ্জনসকল,

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে তিনিখন ‘বন্দে ভাৰত ৰে'ল’ৰ ‘ফ্লেগ অফ’ কৰে

August 31st, 11:55 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে তিনিখন ‘বন্দে ভাৰত ৰে'ল’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ 'মে’ক ইন ইণ্ডিয়া' আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগী উপলব্ধি কৰা অত্যাধুনিক ‘বন্দে ভাৰত এক্সপ্ৰেছ’-য়ে তিনিটা পথত যোগাযোগ উন্নত কৰিব: ‘মিৰাট-লক্ষ্ণৌ’, ‘মাদুৰাই-বেংগালুৰু’, আৰু ‘চেন্নাই-নাগৰকইল’। এই ৰে'লকেইখনে উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকত পথ-যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিব।

YSR Congress got 5 years in Andhra Pradesh, but they wasted these 5 years: PM Modi in Rajahmundry

May 06th, 03:45 pm

Continuing his election campaigning spree, Prime Minister Narendra Modi addressed a massive public meeting in Rajahmundry, Andhra Pradesh, today. Beginning his speech, PM Modi said, “On May 13th, you will begin a new chapter in the development journey of Andhra Pradesh with your vote. NDA will certainly set records in the Lok Sabha elections as well as in the Andhra Pradesh Legislative Assembly. This will be a significant step towards a developed Andhra Pradesh and a developed Bharat.”