West Bengal continues to suffer under corruption and “cut money” culture: PM Modi in Medinipur
April 19th, 11:30 am
In Medinipur rally, PM Modi contrasted India’s rapid progress with Bengal’s stagnation under TMC, citing corruption, unemployment and migration. Calling for a “loot-free Bengal,” he emphasised the need for change - “Paltaano Dorkar!” He also highlighted Bengal’s untapped fisheries potential, promising a “Blue Revolution”.TMC syndicates will be removed from mandis so that exploitation stops: PM Modi in Jhargram, West Bengal
April 19th, 11:20 am
Jhargram rally witnessed PM Modi raise concerns over infiltration and its impact on Bengal’s identity, while warning against pisive politics. He also exposed issues of high electricity bills and shortages, promising relief through clean and affordable energy under PM Surya Ghar. He further outlined key guarantees for farmers, tribals and youth, higher MSP, expanded welfare schemes, improved schools, healthcare and freedom from syndicate control.PM Modi’s enthusiastic rallies across West Bengal in Bishnupur, Purulia, Jhargram & Medinipur
April 19th, 11:00 am
PM Modi addressed massive and energetic public gatherings across Bishnupur, Purulia, Jhargram and Medinipur, delivering a strong and consistent message of women empowerment, development and decisive change in West Bengal.'মন কী বাত' জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট মঞ্চঃ প্ৰধানমন্ত্ৰী মোদী
November 30th, 11:30 am
চলিত মাহৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত আলোকপাত কৰে, য’ত সংবিধান দিৱস উদযাপন, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী, অযোধ্যাত ধৰ্মধ্বজ উত্তোলন, আইএনএছ ‘মাহে’ প্ৰৱৰ্তন আৰু কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আদিৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু যেনে অভিলেখ খাদ্য শস্য আৰু মৌ উৎপাদন, ভাৰতৰ ক্ৰীড়া সফলতা, সংগ্ৰহালয় আৰু প্ৰাকৃতিক কৃষি আদি দিশবোৰো সামৰি লয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী-তামিল সংগমমত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।ৰাষ্ট্ৰীয় গীত "বন্দে মাতৰম"ৰ ১৫০ বছৰীয়া স্মৃতিচাৰণৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
November 07th, 10:00 am
বন্দে মাতৰম, এই শব্দ হৈছে এটা মন্ত্ৰ, এটা শক্তি, এটা সপোন, এটা সংকল্প। বন্দে মাতৰম, এই এটা শব্দ হৈছে মা ভাৰতীৰ সাধনা, মা ভাৰতীৰ পূজা। বন্দে মাতৰম, এই এটা শব্দই আমাক ইতিহাসলৈ লৈ যায়। ই আমাৰ আত্মবিশ্বাস, আমাৰ বৰ্তমান, আত্মবিশ্বাসেৰে ভৰাই তোলে আৰু আমাৰ ভৱিষ্যতক এক নতুন সাহস প্ৰদান কৰে যে কোনো সংকল্প নাই, এনে কোনো সংকল্প নাই যাক পূৰণ কৰিব নোৱাৰি। আমি ভাৰতীয়সকলে প্ৰাপ্ত কৰিব নোৱাৰা কোনো লক্ষ্য নাই।ৰাষ্ট্ৰীয় গীত "বন্দে মাতৰম"ৰ ১৫০ বছৰীয়া স্মৃতিচাৰণ অনুষ্ঠানৰ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 07th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰীয়া স্মৃতিচাৰণ অনুষ্ঠান উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে বন্দে মাতৰম কেৱল এটা শব্দ নহয়-এয়া এক মন্ত্ৰ, এক শক্তি, এক সপোন আৰু এক গুৰুত্বপূৰ্ণ সংকল্প। বন্দে মাতৰম মা ভাৰতীৰ প্ৰতি ভক্তি আৰু আধ্যাত্মিক সমৰ্পণৰ প্ৰতীক বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই শব্দটোৱে আমাক আমাৰ ইতিহাসৰ সৈতে সংযোগ কৰে, আমাৰ বৰ্তমানক আত্মবিশ্বাসেৰে ভৰাই তোলে আৰু আমাৰ ভৱিষ্যতক এই বিশ্বাসৰ সাহসৰে অনুপ্ৰাণিত কৰে যে কোনো সংকল্পয়েই পূৰণ কৰাটো অসম্ভৱ নহয় আৰু কোনো লক্ষ্যই আমাৰ সামৰ্থ্যৰ আওতাৰ বাহিৰত নহয়।উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 03rd, 11:00 am
দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং জী, ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ সুদ, ন'বেল বঁটা বিজয়ী ছাৰ আন্দ্ৰে গেইম, আমাৰ মাজত উপস্থিত সকলো বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ, দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ পুৰুষ-মহিলাসকল!উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 03rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (এছটিআইচি) ২০২৫ত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশ-বিদেশৰ বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট অতিথিসকলক আদৰণি জনায়। আইচিচি মহিলা বিশ্বকাপ ২০২৫ত ভাৰতৰ উল্লেখনীয় বিজয়ৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতীয় ক্ৰিকেট দলৰ সফলতাত সমগ্ৰ দেশবাসী উৎফুল্লিত হৈছে। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিশ্বকাপ বিজয়ৰ কথা উল্লেখ কৰি মহিলা ক্ৰিকেট দলটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশবাসী তেওঁলোকৰ বাবে গৌৰৱান্বিত আৰু তেওঁলোকৰ সাফল্যই দেশৰ লাখ লাখ যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 04th, 05:35 pm
আমাৰ পৰম্পৰাত শিক্ষকৰ প্ৰতি স্বাভাৱিকভাবেই সন্মান আছে আৰু তেওঁলোক সমাজৰ এক বৃহৎ শক্তিও। শিক্ষকসকলক আশীৰ্বাদ লাভৰ বাবে থিয় হ’ব লৈ দিয়াটো ভুল হ’ব। মই এনে পাপ কৰিব নিবিচাৰো। কিন্তু আপোনালোকৰ সৈতে বাৰ্তালাপ কৰিব পাৰে মই নিশ্চয়কৈ ভাল পাম। মোৰ বাবে আপোনালোক সকলোকে লগ পোৱাটো এক সুন্দৰ অভিজ্ঞতা হৈ ৰ’ব। আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ কাহিনী থাকিব লাগিব, কাৰণ ইয়াৰ অবিহনে আপোনালোকে এই পৰ্যায়ত উপনীত নহ’লহেঁতেন। সেই সকলোবোৰ কাহিনী জানিবলৈ যথেষ্ট সময় পোৱাটো কঠিন, কিন্তু আপোনালোকৰ পৰা যিখিনি শিকিব পাৰিলোঁ সেয়া সঁচাকৈয়ে প্ৰেৰণাদায়ক আৰু তাৰ বাবে মই আপোনালোক সকলোকে আন্তৰিকতাৰে অভিনন্দন জনাইছো। ৰাষ্ট্ৰীয় বঁটা লাভ কৰাটো নিজৰ বাবেই শেষ কথা নহয়। এতিয়া এই বঁটা লাভৰ পিছতে সকলোৰে দৃষ্টি আপোনালোকৰ ওপৰতে নিবদ্ধ থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰসাৰ বহু পৰিমাণে বৃদ্ধি পাইছে। আগতে আপোনালোকৰ প্ৰভাৱ বা আদেশৰ ক্ষেত্ৰখন সীমিত আছিল যদিও এতিয়া এই স্বীকৃতিৰ পিছত ই বহু পৰিমাণে বিশাল হৈ পৰিল। । মোৰ বিশ্বাস এয়াই আৰম্ভণি, আৰু এই সুযোগটো গ্ৰহণ কৰিব লাগিব। আপোনালোকৰ ভিতৰত যি আছে, যিমান পাৰে সেয়া ভাগ-বতৰা কৰা উচিত। তেনে কৰাৰ লগে লগে আপোনালোকৰ সন্তুষ্টিৰ ভাব বাঢ়িব আৰু সেই দিশত আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগে। এই বঁটাৰ বাবে আপোনালোকক নিৰ্বাচন কৰাটো আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু অহৰহ নিষ্ঠাৰ সাক্ষ্য। তাৰ বাবেইহে এয়া সম্ভৱ হৈছে। এজন শিক্ষকে কেৱল বৰ্তমানেই নহয়, দেশ খনৰ ভৱিষ্যত প্ৰজন্মকো গঢ় দিয়ে, ভৱিষ্যতক উজ্জ্বল কৰে আৰু মই বিশ্বাস কৰোঁ যে এয়া আন যিকোনো কামতকৈ কম নহয়। আজি আপোনালোকৰ দৰে কোটি কোটি শিক্ষকে একে ভক্তি, আন্তৰিকতা, নিষ্ঠাৰে দেশৰ সেৱাত নিয়োজিত হৈ আছে। সকলোৱে ইয়ালৈ অহাৰ সুযোগ নাপায়। হয়তো বহুতে চেষ্টাও কৰা নাছিল, বা কিছুমানে লক্ষ্যও স্থিৰ কৰা নাছিল। এনে সামৰ্থ্য থকা মানুহ অগণন। তেওঁলোকৰ সকলোৰে সামূহিক প্ৰচেষ্টাই দেশ খনৰ অগ্ৰগতি অব্যাহত থকাটো নিশ্চিত কৰে, নতুন প্ৰজন্মক লালন-পালন কৰে, যিসকলে দেশৰ বাবে জীয়াই থাকে আৰু তাত সকলোৰে অৱদান আছে।ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকসকলক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
September 04th, 05:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকসকলক সম্বোধন কৰে । শ্ৰী মোদীয়ে ভাৰতীয় সমাজে শিক্ষকসকলৰ প্ৰতি থকা স্বাভাৱিক সন্মানক প্ৰশংসা কৰি তেওঁলোকক ৰাষ্ট্ৰ নিৰ্মাণৰ এক শক্তিশালী শক্তি বুলি অভিহিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে শিক্ষকসকলক সন্মান জনোৱাটো কেৱল এটা অনুষ্ঠানেই নহয়, বৰঞ্চ এয়া তেওঁলোকৰ আজীৱন নিষ্ঠা আৰু প্ৰভাৱৰ স্বীকৃতি।জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তিৰ অসমীয়া অনুবাদ
August 29th, 03:59 pm
আজি আমি আমাৰ বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্বৰ এক নতুন আৰু সোণালী অধ্যায়ৰ বাবে এটি শক্তিশালী ভেটি স্থাপন কৰিছোঁ। আমি আগন্তুক দশকৰ বাবে ৰোডমেপ নিৰ্ধাৰণ কৰিছোঁ। আমাৰ দৃষ্টিভংগীয়ে বিনিয়োগ, উদ্ভাৱন, অৰ্থনৈতিক সুৰক্ষা, পৰিবেশ, প্ৰযুক্তি, স্বাস্থ্য, গতিশীলতা, জনসাধাৰণৰ মাজৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে। আমি আগন্তুক দহ বছৰত ভাৰতত জাপানৰ ১০ ট্ৰিলিয়ন য়েন বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। দুয়োখন দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্ট-আপক সংযোগ কৰাৰ ক্ষেত্ৰতো আমি বিশেষ গুৰুত্ব প্ৰদান কৰিম।গুজৰাটৰ আহমেদাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
August 25th, 06:42 pm
আজি আপোনালোক সকলোৱে এটা পৰিৱেশৰ সৃষ্টি কৰিছে। বহু সময়ত মই ভাবোঁ যে কি সৌভাগ্য, এই লাখ লাখ মানুহৰ মৰম আৰু তেওঁলোকৰ আশীৰ্বাদ, মই আপোনালোক সকলোকে যিমানেই ধন্যবাদ নকৰোঁ কিয়, সিমানেই কম। চাওক, সেইফালে সৰু নৰেন্দ্ৰ এজন থিয় হৈছে।গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকাৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 25th, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশৰ উন্নয়নৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশ বৰ্তমান গণেসোৎসৱৰ আনন্দত নিমগ্ন হৈ আছে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে গণপতি বাপ্পাৰ আশীৰ্বাদত আজি গুজৰাটৰ অগ্ৰগতিৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ আৰম্ভণি কৰা হৈছে। তেওঁ ৰাইজৰ চৰণত একাধিক প্ৰকল্প উচৰ্গা কৰাৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰি এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে সকলো নাগৰিককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 23rd, 11:00 am
ৰাষ্ট্ৰীয় মহাকাশ দিৱসত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবাৰ মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে ‘আৰ্য্যভট্টৰ পৰা গগনযানলৈ: প্ৰাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ’। ইয়াত অতীতৰ আত্মবিশ্বাসৰ লগতে ভৱিষ্যতৰ সংকল্পও সন্নিৱিষ্ট কৰা হৈছে। আজি আমি প্ৰত্যক্ষ কৰিছোঁ যে কেনেকৈ ইমান কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস আমাৰ যুৱক-যুৱতীসকলৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ অনুষ্ঠানত পৰিণত হৈছে। এইটো সঁচাকৈয়ে দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। মহাকাশ খণ্ডৰ সৈতে জড়িত আমাৰ সকলো বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱসত মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শেহতীয়াকৈ ভাৰতে ‘জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড’ আয়োজন কৰিছিল। এই প্ৰতিযোগিতাত সমগ্ৰ বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰে। এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান নেতৃত্বৰ প্ৰতীক।২০২৫ চনৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 23rd, 10:30 am
আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি এইবাৰৰ বিষয়বস্তু “আৰ্য্যভটৰ পৰা গগনযানলৈ” ভাৰতৰ অতীতৰ আত্মবিশ্বাস আৰু ভৱিষ্যতৰ সংকল্প দুয়োটাকে প্ৰতিফলিত কৰে বুলি আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে, যিটো জাতীয় গৌৰৱৰ বিষয়। তেওঁ মহাকাশ খণ্ডৰ সৈতে জড়িত সকলো ব্যক্তিকে ধৰি বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বৰ্তমান জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড আয়োজন কৰি আছে, য’ত ষাঠিখনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱকে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে এই অনুষ্ঠানত বহু ভাৰতীয় অংশগ্ৰহণকাৰীয়ে পদক লাভ কৰাত সুখ প্ৰকাশ কৰে। তেওঁ কয় যে এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান বিশ্ব নেতৃত্বৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে যুৱক-যুৱতীসকলৰ মাজত মহাকাশৰ প্ৰতি অধিক আগ্ৰহ জগাই তুলিবলৈ ইছৰোৱে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে।শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ ইংৰাজীৰ পৰা অনুবাদ
August 19th, 09:43 am
তাতোকৈ ভাল, মহাশয়। কিন্তু এবাৰ আমি তাত গৈ পোৱাৰ পিছত কেইবাটাও পৰিবৰ্তন ঘটে। উদাহৰণস্বৰূপে, হৃদস্পন্দন কমি যায়। এই পৰিবৰ্তনবোৰ ঘটে, কিন্তু চাৰিৰ পৰা পাঁচ দিনৰ ভিতৰত শৰীৰটোৱে ইয়াৰ সৈতে অভ্যস্ত হৈ পৰে আৰু আপুনি তাত স্বাভাৱিক হৈ পৰে। আৰু যেতিয়া আপুনি ঘূৰি আহে, তেতিয়া আকৌ একে পৰিবৰ্তনবোৰ ঘটে। আপুনি যিমানেই সুস্থ নহওক কিয়, ঘূৰি অহাৰ লগে লগে আপুনি তৎক্ষণাৎ খোজ কাঢ়িব নোৱাৰে। ব্যক্তিগতভাৱে মই অসুস্থ অনুভৱ কৰা নাছিলো, মই ভালে আছিলো, তথাপিও যেতিয়া মই মোৰ প্ৰথম খোজটো দিছিলো, মোৰ পৰি যোৱাৰ উপক্ৰম হৈছিল আৰু মানুহে মোক ধৰি ৰাখিব লগা হৈছিল। তাৰ পিছত দ্বিতীয় আৰু তৃতীয় খোজ। যদিও মনটোৱে জানে যে খোজকাঢ়িব লাগিব, মগজুৱে বুজিবলৈ সময় লয় এইটো এটা নতুন পৰিবেশ বুলি।মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
August 19th, 09:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় কৰে। মহাকাশ ভ্ৰমণৰ পৰিবৰ্তনশীল অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এনে এক গুৰুত্বপূৰ্ণ যাত্ৰা কৰাৰ পিছত মানুহে নিশ্চয় এক পৰিবৰ্তন অনুভৱ কৰে আৰু তেওঁ মহাকাশচাৰীসকলে এই পৰিবৰ্তন কেনেদৰে অনুভৱ কৰে সেই বিষয়ে বুজিবলৈ চেষ্টা কৰে। প্ৰধানমন্ত্ৰীৰ উত্তৰত শুভাংশু শুক্লাই কয় যে মাধ্যাকৰ্ষণৰ অনুপস্থিতি এটা অন্যতম কাৰক হোৱাৰ পৰিপ্ৰেক্ষিতত মহাকাশৰ পৰিবেশ যথেষ্ট পৃথক।জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 12th, 04:34 pm
৬৪খন দেশৰ তিনি শতাধিক উজ্জ্বল নক্ষত্ৰৰ সৈতে সংযোগ স্থাপন কৰাটো আনন্দৰ কথা। জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে মই আপোনালোকক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। ভাৰতত পৰম্পৰাই উদ্ভাৱনক, আধ্যাত্মিকতাই বিজ্ঞান আৰু কৌতুহলে সৃষ্টিশীলতাৰ সৈতে সমাযোজন ঘটায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ পৰ্যবেক্ষণ কৰি ডাঙৰ ডাঙৰ প্ৰশ্ন কৰি আহিছে। উদাহৰণস্বৰূপে, পঞ্চম শতিকাত আৰ্যভট্টই শূন্য আৱিষ্কাৰ কৰিছিল। তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 12th, 04:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৬৪খন দেশৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰীৰ সৈতে সংযোগ স্থাপন কৰি আনন্দ প্ৰকাশ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে ভাৰতলৈ তেওঁলোকক উষ্ম আদৰণি জনায়। “ভাৰতত পৰম্পৰাই উদ্ভাৱনক লগ পায়, আধ্যাত্মিকতাই বিজ্ঞানক লগ পায় আৰু কৌতুহলে সৃষ্টিশীলতাক লগ পায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ নিৰীক্ষণ কৰি আহিছে আৰু ডাঙৰ ডাঙৰ প্ৰশ্ন সুধি আহিছে”, শ্ৰী মোদীয়ে কয়। পঞ্চম শতিকাত শূন্য আৱিষ্কাৰ কৰা আৰ্যভট্টৰ উদাহৰণ দি তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। “আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!” প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰিলে।তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত অনুষ্ঠিত আদী তিৰুভথিৰাই মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
July 27th, 12:30 pm
চিন্ময়া মিছনৰ স্বামী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেবিনেটত মোৰ সহকৰ্মী ড° এল মুৰুগান জী, স্থানীয় সাংসদ থিৰুমা-ভালাৱন জী, মঞ্চত উপস্থিত তামিলনাডুৰ মন্ত্ৰীসকল, সংসদত মোৰ সহযোগী সন্মানীয় শ্ৰী ইলায়াৰাজা জী, সকলো অডুভাৰ, ভক্ত, ছাত্ৰ, সাংস্কৃতিক ইতিহাসবিদসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল!