ইজৰাইলৰ টেল আভিভত উপস্থিত হৈছেগৈ প্ৰধানমন্ত্ৰী মোদী

February 25th, 04:43 pm

কিছু সময়ৰ পূৰ্বে ইজৰাইলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰীয়ে ২০২৬ চনৰ ২৫ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ ইজৰাইললৈ চৰকাৰী ভ্ৰমণসূচী লৈ যাত্ৰা কৰিছে। তেওঁক প্ৰধানমন্ত্ৰী নেতান্যাহুৱে উষ্ম সম্ভাষণ জনোৱাৰ লগতে বিমানবন্দৰত আনুষ্ঠানিকভাৱে আদৰণি জনায়।

ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা

December 17th, 12:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আদ্দিছ আবাবা ৰাষ্ট্ৰীয় প্ৰসাদত ইথিঅ’পিয়াৰ ফেডাৰেল ডেম’ক্ৰেটিক ৰিপাব্লিকৰ প্ৰধানমন্ত্ৰী মাননীয় ড0 আবি আহমেদক সাক্ষাৎ কৰে। প্ৰসাদত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী ড0 আবি আহমেদে আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনায়।

ইথিওপিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক বিশেষ আদৰণি

December 16th, 06:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ইথিওপিয়াৰ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ উপলক্ষে আজি আদিছ আবাবাত উপস্থিত হয়। বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আৰু বিশেষ অনুষ্ঠানেৰে তেওঁক ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড° আবি আহমেদ আলীয়ে উষ্ম আৰু বৰ্ণাঢ্য আদৰণি জনায়।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

July 25th, 08:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি মালেস্থিত ৰাষ্ট্ৰপতি কাৰ্য্যালয়ত মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ মুহম্মদ মুইজ্জুৰ সৈতে এখনি বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে ৰিপাব্লিক স্কোৱাৰত প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি মুইজ্জুৱে সম্ভাষণ আৰু আনুষ্ঠানিকভাৱে আদৰণি জনায়। উক্ত বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বদ্ধমূল সম্পৰ্ক আৰু বন্ধুত্বৰ কথা দোহৰা হয়।