ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ছিকিমৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 16th, 01:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰেছ ছিকিমে ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চলিত বৰ্ষত ৫০ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতৰ উন্নয়ন যাত্ৰাত ছিকিমৰ অৱদান অত্যন্ত মূল্যৱান আৰু শলাগিবলগীয়া ।১০-১১ মে’ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 09th, 11:19 am
২০২৬ চনৰ ১০-১১ মে’ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।১০ মে’ৰ নিশা গুজৰাটৰ জামনগৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । ১১ মে’ৰ পুৱা প্ৰায় ১০:১৫ বজাত সোমনাথ মন্দিৰত অনুষ্ঠিত হ’বলগীয়া সোমনাথ অমৰুত মহোৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে বদোদৰালৈ যাত্ৰা কৰিব, য’ত তেওঁ সন্ধিয়া প্ৰায় ৬ বজাত চৰ্দাৰধাম হোষ্টেল উদ্বোধন কৰিব। লগতে দুয়োটা অনুষ্ঠানতে জনসভাক সম্বোধন কৰিব।১০ মে’ত কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 09th, 11:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১০ মে, ২০২৬ ত কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব।সিদিনা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দ্য আৰ্ট অৱ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব আৰু এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদলৈ যাত্ৰা কৰিব আৰু প্ৰায় ৩ বজাত প্ৰায় ৯,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰিব। লগতে এই উপলক্ষ্যে আয়োজিত সভাত তেওঁ ভাষণ দিব। প্ৰায় ৩:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদৰ সিন্ধু হাস্পতাল দেশৰ বাবে উৎসৰ্গা কৰিব।গুজৰাট দিৱস উপলক্ষ্যে গুজৰাটবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 01st, 09:14 am
গুজৰাট দিৱস উপলক্ষ্যে গুজৰাটৰ জনসাধাৰণলৈ উষ্ম শুভেচ্ছা জনাইছো। এই দিৱসটো গুজৰাটৰ চহকী ইতিহাস, সজীৱ সংস্কৃতি আৰু উল্লেখযোগ্য মনোভাৱৰ উদযাপন। ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত ৰাজ্যখনে অসাধাৰণ অৱদান আগবঢ়াইছে। জনসাধাৰণৰ গতিশীল আৰু উদ্যমী মনোভাব সঁচাকৈয়ে লক্ষ্যণীয়। আগন্তুক সময়ত গুজৰাটে প্ৰগতিৰ নতুন উচ্চতাত উপনীত হওক ।অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে
April 26th, 11:30 am
‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।ইষ্টাৰৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
April 05th, 09:02 am
ইষ্টাৰ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।গুজৰাটৰ পোৰবন্দৰত মাধৱপুৰ মেলাৰ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
March 29th, 10:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ পোৰবন্দৰত মাধৱপুৰ মেলাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই উজ্জীৱিত উৎসৱে আমাৰ গৌৰৱময় সংস্কৃতিৰ উজ্জ্বলতা আৰু গুজৰাট আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজৰ সাংস্কৃতিক সম্পৰ্কক অধিক শক্তিশালী কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই উৎসৱে বিভিন্ন পৰম্পৰাক একত্ৰিত কৰে, যি 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ প্ৰকৃত ভাবনা প্ৰতিফলিত কৰে। মই সকলোকে এই মেলালৈ আমন্ত্ৰণ জনাইছো।কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
January 28th, 02:39 pm
আজিৰ এই মৰ্য্যাদাপূৰ্ণ অনুষ্ঠানত আপোনালোক সকলোৰে সৈতে মিলিত হোৱাটো মোৰ বাবে এক আনন্দৰ উপলক্ষ। আয়ুৰ্বেদৰ সংৰক্ষণ, সুৰক্ষা আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আৰ্য বৈদ্যশালাৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। ১২৫ বছৰৰ যাত্ৰাত এই প্ৰতিষ্ঠানে আয়ুৰ্বেদক এক শক্তিশালী চিকিৎসা পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছে। আজি এই উপলক্ষে মই আৰ্য বৈদ্যশালাৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ভেৰিয়াৰৰ অৱদানক স্মৰণ কৰিছো। আয়ুৰ্বেদৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু জনকল্যাণৰ প্ৰতি তেওঁৰ উৎসৰ্গাই আজিও আমাক অনুপ্ৰাণিত কৰে।কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 28th, 02:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সকলোৰে সৈতে সংযোগ স্থাপন কৰাটো তেওঁৰ বাবে আনন্দৰ বিষয়। তেওঁ উল্লেখ কৰে যে আয়ুৰ্বেদৰ সংৰক্ষণ, সুৰক্ষা আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আৰ্য বৈদ্যশালাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইয়াৰ ১২৫ বছৰীয়া যাত্ৰাত প্ৰতিষ্ঠানটোৱে আয়ুৰ্বেদক এক শক্তিশালী চিকিৎসা পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁ আর্য বৈদ্যশালাৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ভেৰিয়াৰৰ অৱদানৰ কথা স্মৰণ কৰি গুৰুত্ব আৰোপ কৰি কয় যে আয়ুৰ্বেদৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু জনকল্যাণৰ প্ৰতি তেওঁৰ উৎসৰ্গাৰ মনোভাৱে অনুপ্ৰেৰণা যোগাই আহিছে।উৎসাহ আৰু ৰাষ্ট্ৰীয় গৌৰৱেৰে গণৰাজ্য দিৱস উদযাপন কৰাক লৈ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
January 26th, 04:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে অতি উৎসাহ আৰু গৌৰৱেৰে গণৰাজ্য দিৱস উদযাপন কৰে।ভগৱান স্বামীনাৰায়ণৰ শিক্ষাপত্ৰীৰ দ্বিশতবাৰ্ষিকী উদযাপন মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 23rd, 02:12 pm
আজি আমি সকলোৱে এটা বিশেষ অনুষ্ঠানৰ সাক্ষী হোৱাৰ সৌভাগ্য লভিছো। আমাৰ সকলোৰে বাবে এক সৌভাগ্যৰ বিষয় যে ভগৱান স্বামীনাৰায়ণৰ ২০০ বছৰীয়া শিক্ষাপত্রীৰ দ্বিশতবাৰ্ষিকী উদযাপনৰ এই পবিত্ৰ উৎসৱত আমি সকলোৱে অংশগ্ৰহণকাৰী হৈ পৰিছো। এই পুণ্যকালত সকলো সাধুকে প্ৰণাম জনাইছো। ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত অভিনন্দন জনাইছো।শিক্ষাপত্রী দ্বিশতাব্দী মহোৎসৱত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 23rd, 02:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষাপত্রী দ্বিশতাব্দী মহোৎসৱত ভিডিঅ’ বাৰ্তাৰ যোগেদি ভাষণ প্ৰদান কৰে। এই উপলক্ষ্যে ভাষণ আগবঢ়াই শ্ৰী মোদীয়ে কয় যে আজি সকলোৱে ভগৱান স্বামীনাৰায়ণৰ শিক্ষাপত্ৰীৰ ২০০ বছৰ পূৰ্ণ হোৱা উপলক্ষ্যে আজিৰ এই বিশেষ অনুষ্ঠানৰ সাক্ষী হৈছে। তেওঁ দৃঢ়তাৰে কয় যে দ্বিশতিবাৰ্ষিকী উদযাপনৰ এই পবিত্ৰ অনুষ্ঠানৰ অংশ হ’বলৈ পোৱাটো সকলোৰে বাবে এক সৌভাগ্যৰ মুহূৰ্ত। এই পূণ্য মুহূৰ্তত সকলো সাধুক প্ৰণাম জনাই শ্ৰী মোদীয়ে ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত শুভেচ্ছা জনায়।২৬ নৱেম্বৰত সংবিধান সদনৰ কেন্দ্ৰীয় হলত সংবিধান দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 25th, 04:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ নৱেম্বৰত পুৱা প্ৰায় ১১ বজাত সংবিধান সদনৰ কেন্দ্ৰীয় হলত সংবিধান দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই বছৰ সংবিধান গ্ৰহণৰ ৭৬ সংখ্যক বাৰ্ষিকী উদযাপন কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব
November 18th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব।দিল্লীৰ চিত্তৰঞ্জন পাৰ্কত দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 30th, 09:24 pm
শুভ মহা অষ্টমী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চিত্তৰঞ্জন পাৰ্কত আয়োজিত দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰে।ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
August 07th, 03:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে আজি আমাৰ জনসাধাৰণৰ সৃষ্টিশীলতাক প্ৰতিফলিত কৰা আমাৰ চহকী বয়ন পৰম্পৰা উদযাপনৰ দিন। তেওঁ লগতে কয় যে ভাৰতৰ হস্ততাঁত বৈচিত্ৰ্য আৰু জীৱিকা তথা সমৃদ্ধিৰ প্ৰসাৰৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক লৈ আমি গৌৰৱান্বিত।মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
July 26th, 06:47 pm
মালে ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপনত ‘সন্মানীয় অতিথি’ হিচাপে অংশগ্ৰহণ কৰে। মালদ্বীপৰ স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি মুইজ্জুৱে আতিথ্য প্ৰদান কৰা ৰাষ্ট্ৰপতি বা চৰকাৰৰ মুৰব্বী পৰ্যায়ৰ প্ৰথমজন বিদেশী নেতা হিচাপেও পৰিগণিত হয় প্ৰধানমন্ত্ৰী মোদী।২৪ জুনত প্ৰধানমন্ত্ৰীয়ে নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ কথোপকথনৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী উদ্বোধন কৰিব
June 23rd, 05:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জুনৰ দিনৰ প্ৰায় ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুগৰাকী শ্ৰেষ্ঠ আধ্যাত্মিক আৰু নীতিবান ব্যক্তিত্ব নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজৰ ঐতিহাসিক কথোপকথনৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী উদ্বোধন কৰিব। তেখেতে লগতে ইয়াত সমবেতসকলক সম্বোধন কৰিব।মৰিচাছ ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
March 10th, 06:18 pm
মোৰ বন্ধু প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামৰ আমন্ত্ৰণ ক্ৰমে মৰিচাছৰ ৫৭সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ মই দুদিনীয়া কাৰ্যসূচীৰে মৰিচাছ ভ্ৰমণলৈ যাম।National Voters' Day is about celebrating our vibrant democracy: PM Modi
January 25th, 08:45 am
The Prime Minister Shri Narendra Modi today remarked that National Voters' Day is about celebrating our vibrant democracy and empowering every citizen to exercise their right to vote.