ভাৰত-নিউজিলেণ্ড ব্যৱসায়িক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
July 11th, 08:20 am
আপোনালোক সকলোৰে সৈতে অকলেন্ডত উপস্থিত হৈ মই অতি আনন্দিত হৈছো। মই প্ৰধানমন্ত্ৰী লাক্সনৰ ইতিবাচক চিন্তা আৰু ভাৰতৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাৰ বাবে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।Prime Minister addresses business leaders in New Zealand
July 11th, 08:16 am
PM Modi interacted with leading CEOs and business leaders from India and New Zealand, highlighting the vast opportunities for trade, investment and innovation. He invited New Zealand businesses to partner India's growth story and help achieve the shared goal of doubling bilateral trade to NZD 7 billion by 2030.Cabinet approves Upgradation and Modernisation of Nagpur International Airport through long term license involving Private Partner under Public Private Partnership (PPP)
May 13th, 03:41 pm
The Union Cabinet, chaired by PM Modi, has approved the upgradation and modernisation of Dr. Babasaheb Ambedkar International Airport under the PPP model. The project is expected to transform Nagpur Airport into a major aviation and cargo hub in Central India, with phased development aimed at handling up to 30 million passengers annually while boosting connectivity, infrastructure and cargo capabilities in the Vidarbha region.TMC government is run either by goons or only after High Court and Supreme Court orders: PM Modi in Arambagh, West Bengal
April 26th, 01:50 pm
Addressing a Vijay Sankalp rally in Arambagh, West Bengal, PM Modi remarked that after 15 years of intimidation, the people of Bengal are now determined to defeat injustice. He noted that the TMC government acts only after the court intervention. He concluded by urging people to vote decisively for BJP, stating that only a government free from fear, corruption and syndicate control can unlock Bengal’s true potential.The expiry date of this 15-year syndicate TMC raj is 4 May: PM Modi in Bangaon, West Bengal
April 26th, 01:30 pm
Addressing a massive public rally in Bangaon, West Bengal, PM Modi delivered a sharp message against TMC’s corruption, syndicate raj and fear politics. Stating that “Nari Shakti” has been the worst affected under TMC rule, he called upon women to lead the change. He also outlined BJP’s roadmap for development, security and prosperity in West Bengal and recalled the legacy of Syama Prasad Mookerjee.PM Modi’s impactful rallies in Bangaon and Arambagh, West Bengal
April 26th, 01:24 pm
PM Modi addressed massive public gatherings in Bangaon and Arambagh, delivering a sharp message against TMC’s corruption, syndicate raj and fear politics, while presenting BJP’s roadmap for development, security and prosperity in West Bengal.পশ্চিম বংগৰ কলকাতাত উন্নয়নমূলক কাম আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 14th, 02:15 pm
ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শান্তনু ঠাকুৰ জী, সুকান্ত মজুমদাৰ জী, পশ্চিম বংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী জী, মোৰ সতীৰ্থ সংসদ সদস্য শমিক ভট্টাচাৰ্য জী, অন্যান্য জনপ্ৰতিনিধি, ভদ্ৰলোক-ভদ্ৰ মহিলাসকল,পশ্চিমবংগৰ কলকাতাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰে
March 14th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ কলকাতাত ১৮ হাজাৰ কোটিতকৈ অধিক টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, আজি কলকাতাৰ ভূমিৰ পৰা পশ্চিম বংগ আৰু পূব ভাৰতৰ বাবে উন্নয়নৰ এক নতুন অধ্যায় লিখা হৈছে।প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই অনুষ্ঠানত পথ, ৰে’লৱে, আৰু বন্দৰৰ আন্তঃগাঁথনিৰ সৈতে জড়িত ১৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰা হৈছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে পশ্চিম বংগ আৰু পূব ভাৰতক নতুন গতি প্ৰদান কৰিব, বাণিজ্য আৰু উদ্যোগক উন্নীত কৰিব, আৰু লাখ লাখ লোকক নতুন সুযোগ প্ৰদান কৰি তেওঁলোকৰ জীৱন সহজ কৰি তুলিব। কিছুমান মূল প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খড়গপুৰ–মৰেগ্ৰাম এক্সপ্ৰেছৱে’ৰ কাম সম্পূৰ্ণ হ’লে পশ্চিম বংগৰ বহু ঠাইত অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হ’ব। তেওঁ দুবৰাজপুৰ বাইপাছ আৰু কংসাবতী আৰু শিলাবটি নদীৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰধান দলংসমূহৰ কথাও উল্লেখ কৰে, যাৰ ফলত সংযোগ আৰু অধিক উন্নত হ’ব। শ্ৰী মোদীয়ে মন্তব্য কয়- এই পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ বাবে পশ্চিম বংগৰ জনসাধাৰণ আৰু সমগ্ৰ পূব ভাৰতক অভিনন্দন জনাইছো।হায়দৰাবাদত অনুষ্ঠিত উইংছ ইণ্ডিয়া ২০২৬ কাৰ্যসূচীত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 28th, 06:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী ৰাম মোহন নাইডু জী, মুৰলীধৰ মোহল জী, সমগ্ৰ বিশ্বৰ সন্মানীয় মন্ত্ৰীসকল, বিশ্ব বিমান উদ্যোগৰ নেতা, আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিসকল, বিশিষ্ট প্ৰতিনিধিসকল, ভদ্ৰলোক আৰু ভদ্ৰ মহিলাসকল!হায়দৰাবাদত অনুষ্ঠিত উইংছ ইণ্ডিয়া ২০২৬ কাৰ্যসূচীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 28th, 05:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ হায়দৰাবাদত অনুষ্ঠিত হোৱা উইংছ ইণ্ডিয়া ২০২৬ কাৰ্যসূচীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উদ্যোগৰ নেতা, বিশেষজ্ঞ আৰু বিনিয়োগকাৰীক আদৰণি জনাই কয় যে বিমান উদ্যোগৰ পৰৱৰ্তী যুগ আকাংক্ষাৰে ভৰি আছে আৰু এইক্ষেত্ৰত ভাৰতে এক প্ৰধান খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ বিমান নিৰ্মাণ, পাইলটৰ প্ৰশিক্ষণ, বিমানৰ উন্নত গতিশীলতা আৰু বিমান লিজিঙৰ ক্ষেত্ৰত ভাৰতে উপস্থাপন কৰা বিশাল সুযোগসমূহৰ বিষয়ত আলোকপাত কৰি সকলো অংশীদাৰৰ বাবে উইংছ ইণ্ডিয়া সন্মিলনৰ গুৰুত্বৰ বিষয়ে কয়। শ্ৰী মোদীয়ে কয় যে বিগত দশকত ভাৰতৰ বিমান পৰিবহণ খণ্ডত এক ঐতিহাসিক পৰিৱৰ্তন সংঘটিত হৈছে। তেওঁ স্মৰণ কৰে যে এসময়ত বিমান যাত্ৰা একচেটিয়া ক্লাবতে সীমাবদ্ধ আছিল যদিও আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ঘৰুৱা বিমান পৰিবহনৰ বজাৰত পৰিণত হৈছে। তেওঁ আঙুলিয়াই দিয়ে যে যাত্ৰীৰ যাতায়াত দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ভাৰতীয় বিমান সংস্থাসমূহে নিজৰ বহৰ সম্প্ৰসাৰণ কৰিছে, শেহতীয়া বছৰবোৰত ১৫০০ৰো অধিক বিমানৰ ফৰমাইচ দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে চৰকাৰৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ বাবেই এই বিকাশ সম্ভৱ হৈছে, প্ৰতিজন নাগৰিকক বিমানযোগে সহজে যাত্ৰা কৰিবলৈ সক্ষম কৰাৰ লক্ষ্যৰেবিমান যাত্ৰাক একচেটিয়া নহয়, সৰ্বাংগীন কৰি তোলা হৈছে । তেওঁ টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহ বিমানবন্দৰৰ সৈতে সংযুক্ত হৈ থকাৰ কথাত গুৰুত্ব আৰোপ কৰি কয় যে ২০১৪ চনত ভাৰতত ৭০টা বিমানবন্দৰ আছিল, আনহাতে আজি এই সংখ্যা ১৬০টাতকৈও অধিক হৈছে। অৰ্থাৎ দেশখনে মাত্ৰ এটা দশকতে দুগুণতকৈও অধিক বিমানবন্দৰ নিৰ্মাণ কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে ১০০ৰো অধিক বিমানবন্দৰ সক্ৰিয় কৰা হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে চৰকাৰে সুলভ ভাড়া প্ৰদানৰ বাবে উড়ান আঁচনি আৰম্ভ কৰিছে। তেওঁ উল্লেখ কৰে যে উড়ানৰ ফলত ডেৰ কোটি যাত্ৰীয়ে যাত্ৰা কৰিছে, তেওঁলোকৰ বহুতেই হয়তো আগতে এনেদৰে যাত্ৰা কৰা নাছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে বিমান সংযোগৰ সম্প্ৰসাৰণ বহুগুণে বৃদ্ধি হোৱাটো নিশ্চিত। তেওঁ আলোকপাত কৰে যে ২০৪৭ চনৰ ভিতৰত ভাৰতত ৪০০ৰো অধিক বিমানবন্দৰ নিৰ্মাণৰ আশা কৰা হৈছে, যাৰ ফলত এক বিশাল নেটৱৰ্কৰ সৃষ্টি হ’ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশৰ প্ৰতিটো কোণত সংযোগ উন্নত কৰাৰ লক্ষ্যৰে সাগৰীয় বিমান পৰিচালনাৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে আঞ্চলিক আৰু সুলভ মূল্যৰ বিমান সংযোগক অধিক শক্তিশালী কৰিব পৰাকৈ উড়ান আঁচনিৰ পৰৱৰ্তী পৰ্যায়ৰ কাম চৰকাৰে কৰি আছে।চৰকাৰে পৰ্যটন খণ্ডৰ উন্নয়নৰ বিষয়তো শক্তিশালীভাৱে মনোনিৱেশ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে দেশজুৰি পৰ্যটনস্থলীসমূহ উন্নীত কৰা হৈছে আৰু বিমান যাত্ৰা বৃহৎ সংখ্যক লোকৰ বাবে পছন্দৰ বিষয় হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে অনাগত বছৰবোৰত বিমান যাত্ৰাৰ চাহিদা অভূতপূৰ্বভাবে বৃদ্ধি পাব, যাৰ ফলত অধিক বিনিয়োগৰ সুযোগ সৃষ্টি হ’ব।পশ্চিমবংগৰ ছিংগুৰত একাধিক উন্নয়নমূলক প্ৰকল্প মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
January 18th, 03:30 pm
কালি মই মালদাত আছিলো আৰু আজি ইয়াত হুগলীত আপোনালোক সকলোৰে মাজলৈ অহাৰ সৌভাগ্য লাভ কৰিছো। উন্নত ভাৰতৰ বাবে পূব ভাৰতৰ উন্নয়ন অপৰিহাৰ্য—কেন্দ্ৰীয় চৰকাৰে এই লক্ষ্যৰে অবিৰতভাৱে কাম কৰি আছে। কালি আৰু আজিৰ কাৰ্যসূচীয়ে এই সংকল্পক আৰু অধিক শক্তিশালী কৰিবলৈ গৈ আছে। এই সময়ছোৱাত মই শ শ কোটি টকাৰে ৰূপায়ণ কৰা পশ্চিম বংগৰ সৈতে জড়িত উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰাৰ সুযোগ পাইছো। কালি পশ্চিমবংগৰ পৰা দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল আৰম্ভ কৰা হয়। বংগই লাভ কৰিছে প্ৰায় ডেৰ ডজন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল। আজি আৰু তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল আৰম্ভ হৈছে। ইয়াৰে এখন ৰে’লে মোৰ সংসদীয় সমষ্টি কাশী বাৰানসীৰ সৈতে বংগৰ সংযোগক আৰু অধিক শক্তিশালী কৰিব৷ ইয়াৰ উপৰি দিল্লী আৰু তামিলনাডুলৈও অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল আৰম্ভ হৈছে। অৰ্থাৎ পশ্চিমবংগৰ ৰে’ল সংযোগৰ ক্ষেত্ৰত যোৱা ২৪ ঘন্টা অভূতপূৰ্ব হৈ পৰিছে। হয়তো যোৱা ১০০ বছৰৰ ভিতৰত ২৪ ঘন্টাত ইমান কাম হোৱা নাছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ ছিংগুৰত ৮৩০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে শুভাৰম্ভ কৰে
January 18th, 03:00 pm
আজি পশ্চিমবংগৰ হুগলী জিলাৰ ছিংগুৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮৩০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ আগবঢ়াই শ্ৰী মোদীয়ে মন্তব্য কৰে যে কালি তেওঁ মালদাত আছিল আৰু আজি তেওঁ হুগলীত জনসাধাৰণৰ মাজত থকাৰ সৌভাগ্য লভিছে। তেওঁ কয় যে এখন উন্নত ভাৰতৰ বাবে পূব ভাৰতৰ উন্নয়ন অতি প্ৰয়োজনীয় আৰু এই লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে অহৰহ কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে কালি আৰু আজিৰ কাৰ্যসূচীয়ে এই সংকল্পক অধিক শক্তিশালী কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সময়ছোৱাত তেওঁ পশ্চিমবংগৰ উন্নয়নৰ সৈতে জড়িত শ শ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰাৰ সুযোগ পাইছে।মুম্বাইত সামূদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 29th, 04:09 pm
বিশ্ব সামুদ্ৰিক নেতা সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। এই অনুষ্ঠানটো ২০১৬ চনত মুম্বাইত আৰম্ভ কৰা হৈছিল আৰু আজি এই সন্মিলন বিশ্বজনীন অনুষ্ঠানত পৰিণত হোৱাটো আমাৰ সকলোৰে বাবে এক অতি আনন্দৰ বিষয়। আজি এই অনুষ্ঠানত ৮৫ খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। বৃহৎ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান আৰু সেইবোৰৰ চিইঅ’ৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে, নীতি নিৰ্ধাৰকৰ পৰা বিনিয়োগকাৰীলৈকে সকলোৱে ইয়াত উপস্থিত আছে। সৰু সৰু দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিও উপস্থিত থাকে। আপোনাৰ দৃষ্টিভংগীয়ে এই শীৰ্ষ সন্মিলনৰ সহযোগিতা আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰিছে।মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 29th, 04:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে বিশ্ব সামুদ্ৰিক চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব সামুদ্ৰিক নেতা সন্মিলনত অংশগ্ৰহণ কৰা সকলোকে আদৰণি জনায়। ২০১৬ চনত মুম্বাইত আৰম্ভ হোৱা এই অনুষ্ঠানটো এতিয়া বিশ্বৰ শীৰ্ষ সন্মিলনলৈ উন্নীত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনত ৮৫খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত তেওঁ সমবেত হোৱা প্ৰধান জাহাজ চলোৱা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰ্টআপ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ লগতে ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতি স্বীকাৰ কৰি কয় যে তেওঁলোকৰ সামূহিক দৃষ্টিভংগীয়ে সন্মিলনৰ সহযোগিতা আৰু শক্তি যথেষ্ট বৃদ্ধি কৰিছে।পৰৱৰ্তী দশকৰ বাবে ভাৰত - জাপানৰ যৌথ দৃষ্টিভংগী: বিশেষ কৌশলগত আৰু বিশ্বজোৰা অংশীদাৰিত্ব পৰিচালনাৰ বাবে আঠটা দিশ
August 29th, 07:11 pm
ভাৰত আৰু জাপানৰ মাজত আইনগত প্ৰশাসনৰ ভেটিত থকা মুক্ত, স্বতন্ত্ৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। সম্পদ, প্ৰযুক্তি, আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ পৰিপূৰক শক্তি, আৰু বন্ধুত্ব তথা সদিচ্ছাৰ সুদীৰ্ঘ পৰম্পৰাৰে সৈতে, দুয়োখন ৰাষ্ট্ৰই অনাগত দশকত বিশ্বজোৰা উপলব্ধ পৰিৱৰ্তন আৰু সুযোগসমূহ যৌথভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিখন দেশৰ ঘৰুৱা লক্ষ্যক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মক পূৰ্বতকৈ অধিক ওচৰ চপাই অনা।অন্ধ্ৰপ্ৰদেশ (তিৰুপতি), ছত্তীশগড় (ভিলাই), জম্মু আৰু কাশ্মীৰ (জম্মু), কৰ্ণাটক (ধাৰৱাড়) আৰু কেৰালা (পালাক্কাড়) ত স্থাপিত পাঁচখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (আই আই টি) শৈক্ষিক আৰু আন্তঃগাঁথনিৰ ক্ষমতা সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন
May 07th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অন্ধ্ৰপ্ৰদেশ (আই আই টি তিৰুপতি), কেৰালা (আই আই টি পালাক্কাড়), ছত্তীশগড় (আই আই টি ভিলাই), জম্মু-কাশ্মীৰ (আই আই টি জম্মু) আৰু কৰ্ণাটক (আই আই টি ধাৰৱাড়)ত স্থাপন কৰা পাঁচখন নতুন আই আই টিৰ শৈক্ষিক আৰু আন্তঃগাঁথনি ক্ষমতা (পৰ্যায়-'বি' নিৰ্মাণ) সম্প্ৰসাৰণত অনুমোদন জনাইছে।ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 26th, 11:23 am
আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে
April 26th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰৰ কমিচনিং অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 15th, 11:08 am
১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয়। মই দেশখনক ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ জোৱানক প্ৰণাম জনাইছোঁ, ভাৰত মাতাক ৰক্ষাৰ কামত নিয়োজিত প্ৰতিগৰাকী বীৰ পুৰুষ-মহিলাক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰন্টলাইন নেভেলকম্বাটেন্টআইএনএছচুৰাট, আইএনএছনীলগিৰিআৰুআইএনএছবঘশ্বীৰৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
January 15th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ নেভেল ডকয়াৰ্ডত তিনি ফ্ৰন্টলাইন নেভেলকম্বাটেন্ট আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয় আৰু ৰাষ্ট্ৰৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী সাহসী যোদ্ধালৈ প্ৰণাম জনোৱা হয়। এই উপলক্ষে তেখেতে সকলো বীৰ যোদ্ধাকে অভিনন্দন জ্ঞাপন কৰে।