জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ: অধিৱেশন ৩
November 23rd, 04:05 pm
প্ৰযুক্তিৰ উন্নতি অব্যাহত থকাৰ লগে লগে সুযোগ আৰু সম্পদ উভয়ে ক্ৰমান্বয়ে কিছুসংখ্যকৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছে। সমগ্ৰ বিশ্বতে জটিল প্ৰযুক্তিৰ ওপৰত প্ৰতিযোগিতা তীব্ৰতৰ হৈ পৰিছে। এয়া মানৱতাৰ বাবে চিন্তাৰ বিষয়, আৰু ই উদ্ভাৱনৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰে। ইয়াৰ সমাধানৰ বাবে আমি আমাৰ দৃষ্টিভংগীত এক মৌলিক পৰিৱৰ্তন আনিব লাগিব।“সকলোৰে বাবে এক স্বচ্ছ আৰু ন্যায্য ভৱিষ্যত” শীৰ্ষক বিষয়ত জি-২০ অধিৱেশনত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 23rd, 04:02 pm
প্ৰধানমন্ত্ৰীয়ে আজি জি-২০ শীৰ্ষ সন্মিলনৰ তৃতীয় অধিৱেশনত সকলোৰে বাবে এক স্বচ্ছ আৰু ন্যায়সংগত ভৱিষ্যত - জটিল খনিজ; মান্য কাম; কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত জটিল প্ৰযুক্তিৰ প্ৰচাৰৰ ধৰণত মৌলিক পৰিৱৰ্তন আনিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে প্ৰযুক্তিৰ প্ৰয়োগ ‘বিত্তকেন্দ্ৰিক’তকৈ ‘মানৱকেন্দ্ৰিক’, ‘ৰাষ্ট্ৰীয়’তকৈ ‘গোলকীয়’ হ’ব লাগিব আৰু ‘একচেটিয়া’ আৰ্হিৰ পৰিৱৰ্তে ‘মুক্ত উৎস’ৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব। তেওঁ কয় যে এই দৃষ্টিভংগী ভাৰতৰ প্ৰযুক্তিগত পৰিৱেশ তন্ত্ৰৰ সৈতে সংযুক্ত কৰা হৈছে আৰু ইয়াৰ ফলত উল্লেখযোগ্য ফলাফল দেখিবলৈ পোৱা গৈছে, সেয়া মহাকাশৰ ক্ষেত্ৰত কৰা প্ৰয়োগেই হওক, এআইয়েই হওক বা ডিজিটেল পেমেণ্টৰ বিষয়তেই হওক।মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
October 14th, 01:15 pm
ছবছৰৰ অন্তত মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ এক অতি বিশেষ অনুষ্ঠান। এই ভ্ৰমণ ভাৰত আৰু মংগোলিয়াই কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ আৰু কৌশলগত অংশীদাৰিত্বৰ ১০ বছৰ উদযাপন কৰাৰ সময়তে হৈছে। এই উপলক্ষে আমি আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্য, বৈচিত্ৰ্য আৰু গভীৰ সভ্যতামূলক সম্পৰ্কৰ প্ৰতীক হিচাপে এটা যৌথ ডাক ষ্টাম্প জাৰি কৰিছো।কেন্দ্ৰীয় কেবিনেটে ২০২৫-২৬ ৰ পৰা ২০৩০-৩১ লৈ মাহত আত্মনিৰ্ভৰতা অভিযানত অনুমোদন জনায়
October 01st, 03:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি মাহৰ ঘৰুৱা উৎপাদন বৃদ্ধি আৰু ইয়াত আত্ম-নিৰ্ভৰতা অৰ্জনৰ লক্ষ্যৰে গ্ৰহণ কৰা এক বিশেষ পদক্ষেপ- মাহত আত্মনিৰ্ভৰতা অভিযানত অনুমোদন জনাইছে। ২০২৫-২৬ ৰ পৰা ২০৩০-৩১ লৈ ছবছৰ সময়ছোৱাত ১১,৪৪০ কোটি টকা আৰ্থিক ব্যয় সাপেক্ষে এই অভিযান কাৰ্য্যকৰী কৰা হ’ব।ফলাফলৰ তালিকাঃ ফিজিৰ প্ৰধানমন্ত্ৰী চিটিবেনী ৰাবুকাৰ ভাৰত ভ্ৰমণ
August 25th, 01:58 pm
. ফিজিত এখন ছুপাৰ-স্পেচিয়েলিটি হাস্পতালৰ ডিজাইন, নিৰ্মাণ, কাৰ্য্যক্ষম, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে ভাৰত চৰকাৰ আৰু ফিজি চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি।ভাৰত-ফিজিৰ যৌথ বিবৃতিঃ ঘনিষ্ঠ বন্ধুত্বৰ মনোভাৱেৰে অংশীদাৰিত্ব
August 25th, 01:52 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ফিজি গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী চিটিবেনী ৰাবুকাই ২০২৫-ৰ ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী হিচাপে পোন-প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা ৰাবুকাৰ সৈতে তেওঁৰ পত্নী; স্বাস্থ্য আৰু চিকিৎসা সেৱা দপ্তৰৰ মন্ত্ৰী মাননীয় এন্টনিঅ’ লালাবালাভু আৰু ফিজি গণৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ এটা প্ৰতিনিধি দল নতুন দিল্লীত উপস্থিত হয়।The best days of India–Namibia relations are ahead of us: PM Modi in the parliament of Namibia
July 09th, 08:14 pm
PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.Prime Minister addresses the Namibian Parliament
July 09th, 08:00 pm
PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ আঁৰত বলিভিয়াৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
July 07th, 09:19 pm
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী বলিভিয়াৰ ৰাষ্ট্ৰপতি মহামহিম লুইছ আৰ্চে কাটাকোৰাৰ সৈতে মিলিত হয়।ৰিঅ' ডি জেনেৰিঅ' ঘোষণা- অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ
July 07th, 06:00 am
আমি ব্ৰিকছ দেশসমূহৰ নেতাসকল ৬-৭ জুলাই, ২০২৫-ত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'-ত XVII ব্ৰিকছ সন্মিলনৰ বাবে সমবেত হওঁ। এই সন্মিলনৰ বিষয়বস্তু হৈছে অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ।ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ মাজতে কিউবাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 07th, 05:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ মাজতে কিউবাৰ ৰাষ্ট্ৰপতি মাননীয় মিগুৱেল ডিয়াজ-কানেল বাৰ্মুডেজক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনত জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ৰাষ্ট্ৰপতি ডায়েজ-কানেলক সাক্ষাৎ কৰিছিল, য’ত কিউবা আছিল বিশেষ আমন্ত্ৰিত ৰাষ্ট্ৰ।PM Modi holds official talks with the Prime Minister of Trinidad & Tobago
July 04th, 11:51 pm
At the historic Red House in Port of Spain, PM Modi held official talks with Trinidad & Tobago PM Kamla Persad-Bissessar. The leaders discussed collaboration in agriculture, healthcare, digital tech, culture, and people-to-people ties. They also exchanged views on global issues like climate change, disaster response, and cyber security, calling for deeper cooperation.ত্ৰিনিদাদ আৰু ট’বেগোৰ সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ
July 04th, 09:30 pm
এখন গৌৰৱপূৰ্ণ গণতন্ত্ৰ আৰু এখন বন্ধুত্বপূৰ্ণ দেশৰ নিৰ্বাচিত প্ৰতিনিধি, আপোনালোকৰ সন্মুখত থিয় দি মই নিজকে অতি সন্মানিত অনুভৱ কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোৰ সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰে
July 04th, 09:00 pm
চিনেটৰ অধ্যক্ষ মহামহিম ৱেড মাৰ্ক আৰু সদনৰ অধ্যক্ষ মহামহিম জগদেও সিঙৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিনিদাদ আৰু টোবাগোৰ [T&T] সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰে। ইয়াৰ জৰিয়তে তেখেত দেশখনৰ সংসদত ভাষণ প্ৰদান কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় আৰু এই কাৰ্য্য ভাৰত-ত্ৰিনিদাদ আৰু টোবাগোৰ দ্বিপাক্ষিক সম্পৰ্কত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়।PM Modi conferred with highest national award, the ‘Order of the Republic of Trinidad & Tobago
July 04th, 08:20 pm
PM Modi was conferred Trinidad & Tobago’s highest national honour — The Order of the Republic of Trinidad & Tobago — at a special ceremony in Port of Spain. He dedicated the award to the 1.4 billion Indians and the historic bonds of friendship between the two nations, rooted in shared heritage. PM Modi also reaffirmed his commitment to strengthening bilateral ties.ঘানাৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 03rd, 01:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ঘানাৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ জন ড্ৰামানী মহামাৰ সৈতে বৈঠকত মিলিত হয়। জুবিলী হাউচত উপস্থিত হোৱাৰ লগে-লগে তেখেতক ৰাষ্ট্ৰপতি মহামাই আদৰণি জনায়। প্ৰধানমন্ত্ৰীৰ ঘানালৈ এই চৰকাৰী ভ্ৰমণ হৈছে তিনিটা দশকৰ পিছত প্ৰথমটো এনে ভ্ৰমণ।চেনাব ৰে’ল সেতুৰ ওপৰত উৰিছে ত্ৰিৰংগাঃ প্ৰধানমন্ত্ৰী
June 06th, 02:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱৰ প্ৰতীকস্বৰূপ চেনাব ৰে’ল দলঙত ত্ৰিৰংগা পতাকা উত্তোলন উদযাপন কৰি ইয়াক এক অপৰিসীম ৰাষ্ট্ৰীয় গৌৰৱৰ মুহূৰ্ত আৰু আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ডত ভৱিষ্যতৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ সাক্ষ্য হিচাপে বৰ্ণনা কৰে।এংগোলাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিজ্ঞপ্তিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি
May 03rd, 01:00 pm
মই ৰাষ্ট্ৰপতি ল’ৰেঞ্চো আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এয়া এক ঐতিহাসিক মুহূৰ্ত। ৩৮ বছৰৰ পাছত, এংগোলাৰ ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণলৈ আহিছে। তেওঁৰ এই ভ্ৰমণে, কেৱল ভাৰত-এংগোলাৰ সম্পৰ্কক নতুন দিশ আৰু গতি প্ৰদান কৰাই নহয়, বৰং ভাৰত-আফ্ৰিকাৰ অংশীদাৰিত্বও শক্তিশালী কৰিছে।ইণ্ডিয়া ষ্টীল ২০২৫ অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 02:00 pm
আজি আৰু অহা ২ দিনত আমি ভাৰতৰ উদিত খণ্ড, তীখা খণ্ডৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিস্তৃত আলোচনা কৰিবলৈ ওলাইছো। যিটো খণ্ড ভাৰতৰ প্ৰগতিৰ আধাৰ, যিটো উন্নত ভাৰতৰ শক্তিশালী ভেটি আৰু যিয়ে ভাৰতত বৃহৎ পৰিৱৰ্তনৰ নতুন কাহিনী লিখিছে। মই আপোনালোক সকলোকে ইণ্ডিয়া ষ্টীল ২০২৫ লৈ আদৰণি জনাইছো। মই নিশ্চিত যে এই অনুষ্ঠানে নতুন ধাৰণা ভাগ-বতৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে এক নতুন সুযোগৰ থলী হিচাপে কাম কৰিব। ইয়াৰ দ্বাৰা তীখা খণ্ডত নতুন অধ্যায়ৰ আৰম্ভণিৰ আধাৰ হিচাপে গঢ় লৈ উঠিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীত ভাষণ দিয়ে
April 24th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে মুম্বাইত ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীৰ সময়ত তেওঁৰ মন্তব্য আগবঢ়ায়। সমবেত সকলক সম্বোধন কৰি তেওঁ কয় যে অহা দুদিনৰ আলোচনাত ভাৰতৰ ‘সূৰ্যোদয় খণ্ড’- তীখা উদ্যোগৰ সম্ভাৱনা আৰু সুযোগ সন্দৰ্ভত গুৰুত্ব দিয়া হ'ব। তেওঁ মন্তব্য কৰে যে এই খণ্ডই ভাৰতৰ প্ৰগতিৰ ভেটি গঢ়ি তুলিছে, উন্নত ভাৰতৰ আধাৰ শক্তিশালী কৰিছে আৰু দেশত ৰূপান্তৰৰ এক নতুন অধ্যায় ৰচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’লৈ সকলোকে আদৰণি জনায় আৰু বিশ্বাস ব্যক্ত কৰে যে এই অনুষ্ঠানটোৱে নতুন ধাৰণা সহভাগ কৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক উদগণি দিয়াৰ বাবে এক উত্ক্ষেপন মঞ্চ হিচাপে কাম কৰিব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই অনুষ্ঠানটোৱে তীখা খণ্ডত এক নতুন অধ্যায়ৰ ভেটি স্থাপন কৰিব।