PM Modi’s fiery speech electrifies Coimbatore
April 18th, 06:00 pm
Prime Minister Narendra Modi today delivered a high-energy and politically charged address in Coimbatore, Tamil Nadu, drawing an enthusiastic response from the public. Addressing a large gathering, Prime Minister Modi said the people of Tamil Nadu are sending a clear message ahead of the upcoming polls: “NDA is in, DMK is out.”ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 14th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰি পুথাণ্ডুৰ উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে।Tiruchirappalli turns out in huge numbers for PM Modi’s public meeting
March 11th, 06:00 pm
At a massive public meeting in Tamil Nadu’s Tiruchirappalli, Prime Minister Narendra Modi hailed Tiruchirappalli as a land of courage and faith, recalling the bravery of the Marudu Brothers and paying tribute to Major M. Saravanan for his sacrifice during the Kargil War. “Trichy is a land of courage and faith,” he said, adding that the Centre proudly honours Tamil Nadu’s culture and heritage. He also highlighted that C. P. Radhakrishnan, a son of the state, serves as the Vice President of India.উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
February 16th, 09:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া উপৰাষ্ট্ৰপতি ভৱনত উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণন জীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াত ভাৰতীয় সমাজক সম্বোধন কৰে
February 07th, 03:59 pm
সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
February 07th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে শুভেচ্ছাৰ উষ্মতাই উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। তেওঁ তেওঁৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু নিজৰ গাড়ীৰে এই কাৰ্য্যসূচীলৈ আনিছে। “এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।সম্ৰাট পেৰুম্বিডুগু মুথাৰাইয়াৰ দ্বিতীয়ক সন্মান জনাই স্মাৰক ডাকটিকট মুকলি কৰাৰ পদক্ষেপক আদৰণি জনালে প্ৰধানমন্ত্ৰীয়ে
December 14th, 10:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্ৰাট পেৰুম্বিডুগু মুথাৰাইয়াৰ দ্বিতীয়ৰ (সুৱৰণ মাৰাণ)ৰ সন্মানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি থিৰু চি.পি. ৰাধাকৃষ্ণণে স্মাৰক ডাকটিকট মুকলি কৰাৰ পদক্ষেপক আদৰণি জনায়।ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি পি ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
December 01st, 11:15 am
সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। আৰু আজি আমাৰ সদনৰ সন্মানীয় সকলো সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আপোনাক আদৰণি জনোৱা আৰু আপোনাৰ নিৰ্দেশনাত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা আৰু সদনৰ জৰিয়তে দেশখনক প্ৰগতিৰ পথত আগবঢ়াই নিবলৈ আপোনাৰ বহুমূলীয়া পথ-প্ৰদৰ্শন কাৰ্য্য আমাৰ সকলোৰে বাবে এক ব্যাপক সুযোগ। সদনৰ হৈ আপোনালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু এই সদনত সমবেত সকলো সন্মানীয় সদস্যই উচ্চ সদনৰ মৰ্য্যাদা অক্ষুণ্ণ ৰাখি সদায় আপোনাৰ মৰ্য্যাদাৰ প্ৰতিও সচেষ্ট হৈ থাকিব বুলিও মই আপোনাক আশ্বাস প্ৰদান কৰিব খুজিছো।ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি. পি. ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
December 01st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথমবাৰৰ বাবে ৰাজ্যসভাত অধ্যক্ষতা কৰা উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক ৰাজ্যসভাৰ সকলো মাননীয় সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। অধ্যক্ষ গৰাকীক উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “সদনৰ হৈ আৰু মোৰ ফালৰপৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো, শুভেচ্ছা আৰু শুভকামনা জনাইছো। লগতে আপোনাক আশ্বস্ত কৰিব খুজিছো যে উচ্চ সদনৰ সকলো মাননীয় সদস্যই এই সন্মানীয় প্ৰতিষ্ঠানৰ মৰ্য্যাদা সদায় অক্ষুণ্ণ ৰাখিব আৰু একেদৰে আপোনাৰ মৰ্য্যাদা অক্ষুণ্ণ ৰখাৰ প্ৰতি সদায় সচেষ্টতা অৱলম্বন কৰিব। এয়াই হৈছে আপোনাৰ প্ৰতি মোৰ গভীৰ আশ্বাস।”সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত সংবাদ মাধ্যমত প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ পূৰ্ণপাঠ
December 01st, 10:15 am
এই শীতকালীন অধিৱেশন কেৱল এক অনুষ্ঠান নহয়। বৰঞ্চ ই ৰাষ্ট্ৰৰ প্ৰগতিক ত্বৰান্বিতকৰণৰ বাবে অব্যাহত প্ৰচেষ্টাৰাজিক শক্তিশালী কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ভাৰতে গণতন্ত্ৰৰ জীৱন-যাপন কৰি আহিছে আৰু গণতন্ত্ৰৰ প্ৰতি বিশ্বাস দৃঢ় কৰি তোলা ধৰণেৰে নিজৰ উদ্যম আৰু উৎসাহ বাৰে-বাৰে প্ৰদৰ্শন কৰি আহিছে। শেহতীয়া বিহাৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটাৰৰ ভোটদান কাৰ্য্যই গণতন্ত্ৰৰ সৰ্বাধিক শক্তিকে প্ৰতিফলিত কৰিছে। ইয়াত মাতৃ-ভগ্নীসকলৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণে নতুন আশা আৰু আত্মবিশ্বাসৰ সৃষ্টি কৰে। এই গণতান্ত্ৰিক ব্যৱস্থাৰ ভিতৰত গণতন্ত্ৰৰ শক্তি আৰু শক্তিশালী অৰ্থনীতিক বিশ্বই গভীৰভাৱে নিৰীক্ষণ কৰি আছে। গণতন্ত্ৰই যে প্ৰদান কৰিব (Deliver) পাৰে, সেই কথা ভাৰতে প্ৰমাণ কৰিছে। এখনি উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত ভাৰতৰ অৰ্থনীতিয়ে যি গতিৰে নতুন শিখৰত আৰোহণ কৰিছে, যি দৰে আমাৰ মাজত নতুন আত্মবিশ্বাস আৰু সামৰ্থ্যৰ বীজ সিঁচিছে, এয়াই কেৱল নতুন আত্মবিশ্বাসৰ প্ৰেৰণা যোগোৱাই নহয়, বৰঞ্চ নতুন শক্তিও প্ৰদান কৰিছে।২০২৫-ৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
December 01st, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনৰ চৌহদত ২০২৫-ৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত সংবাদ মাধ্যমক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অধিৱেশন কেৱল এক অনুষ্ঠান নহয়, বৰঞ্চ ৰাষ্ট্ৰখনৰ দ্ৰুত অগ্ৰগতিৰ দিশত অব্যাহত থকা যাত্ৰাৰ বাবে নৱীকৃত শক্তিৰ এক গুৰুত্বপূৰ্ণ উৎস। শ্ৰী মোদীয়ে লগতে কয়, “এই শীতকালীন অধিৱেশনে ৰাষ্ট্ৰখনক অধিক দ্ৰুতগতিত আগুৱাই নিবলৈ আমাৰ প্ৰচেষ্টাত নতুন শক্তিৰ সঞ্চাৰ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস।“তামিলনাডুৰ কইম্বাটুৰত আয়োজিত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 19th, 07:01 pm
মঞ্চত উপৱিষ্ট তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ এল মুৰুগান জী, তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ কে. ৰামাস্বামী জী, ভিন্ন কৃষি সংগঠনৰ সকলো গণ্যমান্য ব্যক্তি আৰু উপস্থিত থকা আন-আন জনপ্ৰতিনিধি, মোৰ মৰমৰ কৃষক ভাই-ভনীসকল তথা ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হোৱা সমগ্ৰ দেশৰ লক্ষ-লক্ষ কৃষকক মই ইয়াৰ পৰা বনাক্কম কৈছোঁ, তেওঁলোকক মই নমস্কাৰ জনাইছোঁ। প্ৰথমে আপোনালোকৰ ওচৰত আৰু দেশজুৰি সমবেত হোৱা মোৰ খেতিয়ক ভাই-ভনীসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আজি পুট্টপৰ্থীত আয়োজিত সত্য সাই বাবাৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ইয়ালৈ আহি পোৱাত প্ৰায় এঘন্টা পলম হ’ল। সেই অনুষ্ঠানটো অলপ দীঘলীয়া হ’ল, সেয়ে পলম হ’ল। মই আপোনালোকৰ বাবে সৃষ্টি কৰা অসুবিধাৰ বাবে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। দেশজুৰি বহুত লোক গোট খোৱা দেখিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 19th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫ উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কইম্বাটুৰৰ পবিত্ৰ ভূমিত মৰুধামলাইৰ ভগৱান মুৰুগানক প্ৰণাম জনাই ভাষণৰ আৰম্ভণি কৰে। তেওঁ কইম্বাটুৰক সংস্কৃতি, মমতা আৰু সৃষ্টিশীলতাৰ দেশ বুলি অভিহিত কৰে তথা ইয়াক দক্ষিণ ভাৰতৰ উদ্যমিতা শক্তিৰ কেন্দ্ৰ হিচাপে স্বীকৃতি জনায়। তেওঁ কয় যে ইয়াৰ বস্ত্ৰ খণ্ডই ৰাষ্ট্ৰীয় অৰ্থনীতিত এক প্ৰধান অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কইম্বাটুৰে এতিয়া অধিক সুখ্যাতি লাভ কৰিছে, কিয়নো ইয়াৰ প্ৰাক্তন সাংসদ শ্ৰী চি.পি. ৰাধাকৃষ্ণনে এতিয়া উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালনেৰে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰিছে।দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জনাবলৈ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 20th, 07:52 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণ জীক সাক্ষাৎ কৰি দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনায়।জনসেৱাত ২৪ বছৰ সম্পূৰ্ণ কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতিয়ে জনোৱা শুভেচ্ছাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন
October 09th, 01:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৪ বছৰৰ অবিৰত সেৱা সম্পূৰ্ণ কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
September 28th, 09:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে।জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে
September 17th, 09:22 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি. ৰাধাকৃষ্ণনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। আপোনাৰ শুভেচ্ছাই সমৰ্পণৰ মনোভাৱেৰে ৰাষ্ট্ৰ সেৱাৰ সংকল্পক অধিক সুদৃঢ় কৰিছে, শ্ৰী মোদীয়ে কয়।ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে থিৰু চি পি ৰাধাকৃষ্ণনৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
September 12th, 12:16 pm
ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে থিৰু চি পি ৰাধাকৃষ্ণনৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰী ৰাধাকৃষ্ণনলৈ ৰাইজৰ সেৱাৰ হকে উৎসৰ্গিত, উপ-ৰাষ্ট্ৰপতি পদৰ সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে
September 09th, 11:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে তেওঁক অভিনন্দন জনায়।প্ৰধানমন্ত্ৰীয়ে ২০২৫-ৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে শ্ৰী চিপি ৰাধাকৃষ্ণনক অভিনন্দন জনায়
September 09th, 08:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৫-ৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে শ্ৰী চিপি ৰাধাকৃষ্ণনক অভিনন্দন জ্ঞাপন কৰে।