গুজৰাটৰ সানন্দত চিজি ছেমি অ’এছএটি প্ৰকল্প উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
July 04th, 05:15 pm
আপোনালোক সকলোৱে কেনে আছা, ভালেই আছা হয়নে? গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ, শক্তিশালী উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী, গুজৰাট চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, চিজি পাৱাৰৰ অধ্যক্ষ ভেল্লায়ন চুব্বাইয়া জী, ৰেনেছাছ ইলেক্ট্ৰনিকছৰ অধ্যক্ষ মালিনী জী, চিজি ছেমিৰ চেয়াৰমেন গিৰীশ জী, ইয়াত উপস্থিত থকা অন্যান্য উদ্যোগৰ নেতা, ভদ্ৰলোকগণ।গুজৰাটৰ সানন্দত চিজি ছেমি আউটচ’ৰ্চড ছেমিকণ্ডাক্টৰ এচেম্বলী এণ্ড টেষ্ট ফেচিলিটী উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
July 04th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত চিজি ছেমি আউটচ’ৰ্চড ছেমিকণ্ডাক্টৰ এচেম্বলী এণ্ড টেষ্ট প্ৰকল্প উদ্বোধন কৰে। এই অনুষ্ঠানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই শুভাৰম্ভণিক দেশৰ লক্ষ্যৰ প্ৰতি থকা অদম্য প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে অভিহিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে দেশে কোনো সংকোচ নোহোৱাকৈ ধাৰাবাহিকভাৱে নিজৰ দৃঢ় সংকল্পসমূহক বাস্তৱ ৰূপলৈ ৰূপান্তৰিত কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, আজিৰ এই অনুষ্ঠান প্ৰমাণ কৰে যে ভাৰতে যিয়েই কৰিবলৈ সংকল্প লয়, তাক দৃঢ়তাৰে সম্পূৰ্ণ কৰে।মন কি বাতৰ ১৩৫ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ (২৮.০৬.২০২৬)
June 28th, 11:30 am
'মন কি বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। ২০২৬ চনৰ অৰ্ধেক সময় পাৰ হ’বলৈ ওলাইছে। এই ছমাহত আমি ‘মন কি বাত’ৰ ওপৰত আমাৰ দেশবাসীৰ বহু কৃতিত্বৰ বিষয়ে আলোচনা কৰিছো। জুন মাহতো দেশখনে এনে কিছুমান মাইলৰ খুঁটি অৰ্জন কৰিছিল যিয়ে প্ৰতিজন নাগৰিকক গৌৰৱেৰে ভৰাই তোলে। এই সফলতাসমূহ দেশখনৰ নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। শেহতীয়াকৈ কলকাতাত নৌসেনাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰেক ভাৰতীয় নৌসেনাৰ জাহাজ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এই জাহাজবোৰৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলোখিনি থলুৱা।