প্ৰধানমন্ত্ৰী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিয়ে চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰে মত-বিনিময় কৰে
June 16th, 02:17 am
, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে আজি লিমাছলত চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে মত-বিনিময় কৰে। ইয়াত অংশগ্ৰহণকাৰীসকলে বেংকিং, বিত্তীয় প্ৰতিষ্ঠান, উৎপাদন, প্ৰতিৰক্ষা, লজিষ্টিক, সামুদ্ৰিক, জাহাজ, প্ৰযুক্তি, উদ্ভাৱন, ডিজিটেল প্ৰযুক্তি, এআই, আইটি সেৱা, পৰ্যটন আৰু ম’বিলিটি আদি একাধিক খণ্ডক প্ৰতিনিধিত্ব কৰে।চাইপ্ৰাছত অনুষ্ঠিত ভাৰত-চাইপ্ৰাছ বিজনেছ ৰাউণ্ডটেবুল মিটিঙত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
June 15th, 11:10 pm
প্ৰথমে ৰাষ্ট্ৰপতি মহোদয়লৈ আজি মোক বিমানবন্দৰত নিজে আদৰিবলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে ইমান ডাঙৰ ৰাউণ্ড টেবুল আয়োজনৰ বাবে তেওঁক মই গভীৰ কৃতজ্ঞতা জনালোঁ। লগতে মোৰ আৰু আমাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত তেওঁৰ ইতিবাচক চিন্তাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।