The party governing Punjab today has neither clean intentions nor honesty: PM Modi in Jalandhar

July 17th, 04:31 pm

PM Modi addressed a massive public rally in Jalandhar, Punjab, where he highlighted the transformation of India's railway infrastructure, outlined the BJP's vision for a Viksit Punjab and called for a double-engine government to unlock the state's full potential. He also spoke about the growing opportunities for Punjab's youth through India's emerging sports economy.

PM addresses an energy-packed public rally in Jalandhar, Punjab

July 17th, 04:30 pm

PM Modi addressed a massive public rally in Jalandhar, Punjab, where he highlighted the transformation of India's railway infrastructure, outlined the BJP's vision for a Viksit Punjab and called for a double-engine government to unlock the state's full potential. He also spoke about the growing opportunities for Punjab's youth through India's emerging sports economy.

বিশাল দুপৰীয়াৰ আহাৰৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ

July 11th, 12:32 pm

মোক আৰু মোৰ প্ৰতিনিধি দলক আগবঢ়োৱা উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী লাক্সনৰ ওচৰত আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। তেওঁলোকৰ উষ্ণ স্বাগতমে অকলেণ্ডৰ শীতকালটোও আজি কিছু পৰিমাণে শান্ত কৰি তুলিছে। এই ভ্ৰমণৰ সময়ত নিউজিলেণ্ডৰ জনসাধাৰণৰ পৰা আমি লাভ মৰম সদায় আমাৰ হৃদয়ত থাকিব।

''ভাৰত-নিউজিলেণ্ড: এক বিজয়ী অংশীদাৰিত্ব'' শীৰ্ষক নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

July 11th, 12:30 pm

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে আয়োজন কৰা ভাৰত-নিউজিলেণ্ড: এটা বিজয়ী অংশীদাৰিত্ব শীৰ্ষক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে । এই বিশেষ অনুষ্ঠানত ৰাজনীতি, ব্যৱসায়, উদ্যোগ, শিক্ষা, প্ৰযুক্তি, ক্ৰীড়া, আৰু কলা ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আদৰণি ভাষণত প্ৰধানমন্ত্ৰী লাক্সনে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত গভীৰ তথা চিৰস্থায়ী হৈ থকা সম্পৰ্কৰ বিষয়ত আলোকপাত কৰে । লগতে তেওঁ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰা আৰু পাৰস্পৰিক সমৃদ্ধি আগুৱাই নিয়াৰ বাবে এক ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাডজত থকা সম্পৰ্কৰ কথাও উল্লেখ কৰে। তেওঁ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ বিষয়ক আদৰণি জনায় আৰু ইয়াৰ দ্বাৰা সহযোগিতা অধিক গভীৰ হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে অভিলেখ সময়ত সমাপ্ত হোৱা ভাৰত-নিউজিলেণ্ড এফ টি এয়ে দুয়োখন দেশৰ ব্যৱসায়ী, যুৱক-যুৱতী আৰু কৃষকৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব আৰু ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

ভাৰত-নিউজিলেণ্ড ব্যৱসায়িক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

July 11th, 08:20 am

আপোনালোক সকলোৰে সৈতে অকলেন্ডত উপস্থিত হৈ মই অতি আনন্দিত হৈছো। মই প্ৰধানমন্ত্ৰী লাক্সনৰ ইতিবাচক চিন্তা আৰু ভাৰতৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাৰ বাবে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

Prime Minister addresses business leaders in New Zealand

July 11th, 08:16 am

PM Modi interacted with leading CEOs and business leaders from India and New Zealand, highlighting the vast opportunities for trade, investment and innovation. He invited New Zealand businesses to partner India's growth story and help achieve the shared goal of doubling bilateral trade to NZD 7 billion by 2030.

অৰ্থনৈতিক পৰিকল্পনা ব্যৱসায়িক সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

July 09th, 06:15 am

এতিয়া বিনিয়োগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনে ইয়াৰ সুযোগতে ডেউকা মেলিবলৈ সাজু হৈছে। আৰু আপোনালোক সকলোৱে ইয়াক নতুন উচ্চতালৈ লৈ যাব লাগিব।

Prime Minister addresses Australia-India CEOs Forum and Economic Roadmap Business event

July 09th, 06:00 am

PM Modi participated in the Australia-India CEOs Forum and the Economic Roadmap Business event in Melbourne. Addressing the CEOs Forum, he highlighted India's strong economic growth, policy reforms, digital transformation and expanding innovation ecosystem. Addressing the Economic Roadmap Business event, he expressed satisfaction at the growth of trade and investment ties based on ECTA and called for early conclusion of the proposed CECA.

ৰাজস্থানৰ বালোত্ৰাত উন্নয়নমূলক প্ৰকল্পসমূহৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

July 04th, 12:50 pm

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগদে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিঙ পুৰী, উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী জী, প্ৰেমচান্দ বৈৰৱা জী, ৰাজস্থান চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ তথা বিধায়কসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল,

PMৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

July 04th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিশাল জনসভাক সম্বোধন কৰি তেওঁ উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে এক সহযোগিতাপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে। প্ৰচণ্ড গৰম নেওচি সভালৈ অহা জনসাধাৰণক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বৃহৎ উপস্থিতিক বৰ্তমানৰ শাসন ব্যৱস্থাৰ প্ৰতি এক আশীৰ্বাদ স্বৰূপ বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয়, মই ৰাজস্থানবাসীৰ ওচৰত চিৰকৃতজ্ঞ, এই অপাৰ সমৰ্থনে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি আপোনালোকৰ থকা গভীৰ বিশ্বাসকে প্ৰদৰ্শন কৰিছে।

ভাৰত-জাপান ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ ইংৰাজী অনুবাদ

July 02nd, 03:35 pm

আমাৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ সফলতাৰ বহুতো উৎকৃষ্ট উদাহৰণ আছে।

কলকাতাত আই এন এছ অগ্ৰে, আই এন এছ দুনাগিৰি আৰু আই এন এছ সংশোধকৰ ত্ৰি-অন্তৰ্ভুক্তিকৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

June 21st, 12:51 pm

আজিৰ দিনটো বহুকেইটা দিশত বিশেষ দিন। আজি সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিছে। এই উপলক্ষে বংগৰ এই মহান ভূমি উপস্থিত থকাৰ সুযোগ পাই মই নথৈ আনন্দিত হৈছোঁ। এইখনেই সেই ভূমি, যি ভাৰতক নতুন দিশ দিছে, ভাৰতৰ নৱজাগৰণক ইন্ধন যোগাইছে আৰু যুগ যুগ ধৰি ভাৰতক সাগৰৰ মাজেৰে বিশ্বৰ সৈতে সংযোগ কৰি ৰাখিছে। আজি ঠিক এই ভূমিতে আত্মনিৰ্ভৰ ভাৰত, সুৰক্ষিত ভাৰত আৰু বিকশিত ভাৰতৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছে। কিছু সময়ৰ আগতে আই এন এছ অগ্ৰে, আই এন এছ দুনাগিৰি আৰু আই এন এছ সংশোধকক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল। ক'বলৈ গ'লে আজি ২১ জুন তাৰিখটো বিশ্ব জলৰাশি বিজ্ঞান দিৱস হিচাপেও পালন কৰা হয়। আৰু এইটো এটা আচৰিত কাকতালীয় সংযোগ যে আজিৰ দিনটোতে আমি ভাৰতৰ আটাইতকৈ উন্নত হাইড্ৰ'গ্ৰাফী জাহাজ আই এন এছ সংশোধক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰিলোঁ। ভাৰতীয় নৌসেনালৈ, এই প্ৰকল্পসমূহৰ সৈতে জড়িত সকলো বিজ্ঞানী, অভিযন্তা, কৰ্মচাৰী আৰু মোৰ মৰমৰ দেশবাসীলৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা আৰ্হিৰে নিৰ্মাণ কৰা নৌসেনাৰ জাহাজ– আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰে মুকলি কৰে

June 21st, 12:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা আৰ্হিৰে নিৰ্মিত নৌসেনাৰ জাহাজ– এডভান্সড ষ্টেলথ ফ্ৰিগেট ‘আইএনএছ দুনাগিৰি’, বৃহৎ জৰীপ জাহাজ ‘আইএনএছ সংশোধক’ আৰু এখন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্ব’ল’ ৱাটাৰ ক্ৰাফ্ট ‘আইএনএছ অগ্ৰে’ ভাৰতীয় নৌসেনালৈ উছৰ্গা কৰে। এই জাহাজসমূহৰ প্ৰৱেশে দেশৰ কাৰ্যকৰী ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব, সামুদ্ৰিক আধিপত্যত নিৰীক্ষণৰ উন্নতি সাধন কৰিব আৰু ভূ-ৰাজনৈতিক ভাবুকিৰ বিৰুদ্ধে আমাৰ উপকূলীয় জলসীমাৰ নিৰাপত্তা শক্তিশালী কৰিব। ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইন ব্যুৰোৰ আৰ্হি আৰু কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ (জি আৰ এছ ই)ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে এই তিনিখন জাহাজ। ২০০ৰো অধিক এমএছএমইকে ধৰি ভাৰতীয় উদ্যোগসমূহে এই নিৰ্মাণত অংশগ্ৰহণ কৰে। ৭৫ শতাংশতকৈ অধিক থলুৱা সামগ্ৰীৰে পৰিপূৰ্ণ এই জাহাজসমূহো ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ।

নতুন দিল্লীত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত উদগনিমূলক ধন বিতৰণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

June 19th, 05:15 pm

মোৰ কেবিনেট সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱীয়া জী, ভগ্নী শোভা জী, দেশৰ বিভিন্ন প্ৰান্তৰ তথা প্ৰযুক্তিৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তিসকল আৰু অলপ আগতে সঞ্চালকে উল্লেখ কৰাৰ দৰে এই মুহূৰ্তত প্ৰায় ২০০টা স্থানত দুই লাখ লোক এই কাৰ্যসূচীৰ সৈতে সংযোজিত হৈ আছে, মই দূৰৈৰ পৰা হ’লেও তেওঁলোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। মই আজি উদ্যোগ জগতৰ বহু বিশিষ্ট ব্যক্তিকো ইয়াত উপস্থিত থকা দেখা পাইছো আৰু নিশ্চিতভাৱে, ইমান বৃহৎ সংখ্যক যুৱ সতীৰ্থৰ উৎসাহ স্পষ্টভাৱে দৃশ্যমান হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ৰ অধীনত প্ৰায় ২৪০০ কোটি টকাৰ উদগনিমূলক সাহাৰ্য প্ৰদান কৰে

June 19th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা'ৰ সৈতে জড়িত হিতাধিকাৰী, উদ্যোগ প্ৰতিনিধি আৰু অংশীদাৰসকলক সম্বোধন কৰে। তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণ আৰু সমগ্ৰ দেশতে চাকৰি সৃষ্টিৰ গতি ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বিকাশশীল ভাৰত ৰোজগাৰ যোজনাৰ (PM-VBRY)ৰ অধীনত প্ৰায় ২৪০০ কোটি মূল্যৰ উদগনিমূলক আঁচনি মুকলি কৰে। ভাৰত চৰকাৰৰ ধ্বজাবাহী নিয়োগ-সংলগ্ন উদগনি আঁচনি (পিএম-ভিবিআৰৱাই) ৰূপায়ণ আৰু বিভিন্ন খণ্ডত সামাজিক সুৰক্ষাৰ কভাৰেজ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই উদগনিয়ে সমগ্ৰ দেশতে ১৫ লাখ চাকৰিৰ সৃষ্টি কৰাত সহায় কৰিব।

শ্লোভাক ব্যৱসায়িক ক্ষেত্ৰৰ কৰ্ণধাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

June 15th, 09:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৱে ৰে’লৱে, প্ৰতিৰক্ষা, অটোমোটিভ, শক্তি, তথ্য প্ৰযুক্তি, স্বাস্থ্যসেৱাকে ধৰি শ্লোভাকিয়াৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰধান ব্যৱসায়িক আৰু উদ্যোগ জগতৰ নেতৃবৰ্গৰ সৈতে মত বিনিময় কৰে।

ভাৰত-শ্ল’ভাকিয়াৰ যৌথ বিবৃতি

June 15th, 05:32 pm

শ্ল’ভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিৎচোৰ আমন্ত্ৰণ ক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৫ জুনত শ্ল’ভাক গণৰাজ্য ভ্ৰমণ কৰে।

শ্লভাকিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্য

June 15th, 03:00 pm

আজি প্ৰধানমন্ত্ৰী আৰু মই আমাৰ পাৰস্পৰিক সহযোগিতাক এক নতুন দিশ আৰু নতুন শক্তি প্ৰদান কৰাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিলোঁ। আমাৰ দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত হোৱা প্ৰগতিত আমি সন্তোষ প্ৰকাশ কৰিছোঁ।

ফ্ৰান্সত অনুষ্ঠিত ‘ভাৰত ইনোভেটছ্ ২০২৬’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 14th, 04:36 pm

এই সম্পৰ্কৰ ভেটিৰ ওপৰত ভিত্তি কৰিয়েই বিগত বৰ্ষবোৰত আমি যৌথভাৱে নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ, নতুন চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰিছোঁ আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছোঁ।

ভাৰত ইনোভেটছ ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

June 14th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে আজি নাইচৰ পেলা ডে এক্সপ'জিচনছত যুটীয়াভাৱে ভাৰত ইনোভেটছ ২০২৬ উদ্বোধন কৰে। তিনিদিনীয়া এই অনুষ্ঠান 'ভাৰত ইনোভেটছ'-এ ভাৰতীয় ডিপ-টেক, ষ্টাৰ্ট-আপ, উদ্ভাৱক, গৱেষক আৰু বিনিয়োগকাৰীসকলক গোলকীয় উদ্ভাৱন পুঁজি আৰু প্ৰভাৱৰ সৈতে একত্ৰিত কৰিছে। ই বিশ্ব দৰবাৰত ভাৰতৰ আগশাৰীৰ গভীৰ প্ৰযুক্তি প্ৰদৰ্শন কৰে, য'ত গোলকীয় গুৰুত্বৰ ১৩টা গুৰুত্বপূৰ্ণ প্ৰযুক্তি স্তম্ভৰ বিপৰীতে ১২০টা যুগান্তকাৰী ষ্টাৰ্ট-আপ আৰু ২০টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উপস্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ ৩৫০জনতকৈও অধিক শীৰ্ষ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।