TMC is Anti-North Bengal, Anti-tribal, Anti-tea garden, Anti-women & Anti-youth: PM Modi in Siliguri
April 12th, 01:15 pm
Ahead of the West Bengal Assembly elections, Prime Minister Narendra Modi today turbocharged the BJP’s campaign with a high-energy address in Siliguri, drawing massive public support. Addressing a packed rally in North Bengal, the PM launched a scathing attack on the ruling All India Trinamool Congress (TMC), accusing it of corruption, neglect and fostering a climate of fear.PM Modi’s high-energy speech electrifies the Siliguri crowd
April 12th, 01:00 pm
Ahead of the West Bengal Assembly elections, Prime Minister Narendra Modi today turbocharged the BJP’s campaign with a high-energy address in Siliguri, drawing massive public support. Addressing a packed rally in North Bengal, the PM launched a scathing attack on the ruling All India Trinamool Congress (TMC), accusing it of corruption, neglect and fostering a climate of fear.Cabinet approves Nutrient Based Subsidy (NBS) rates for Kharif Season, 2026 (from 01.04.2026 to 30.09.2026) on Phosphatic and Potassic (P&K) fertilizers
April 08th, 04:18 pm
The Union Cabinet chaired by PM Modi has approved proposal of the Department of Fertilizers for fixing the Nutrient Based Subsidy (NBS) rates for KHARIF Season, 2026 on Phosphatic and Potassic (P&K) fertilizers. The tentative budgetary requirement for Kharif season 2026 would be around Rs.41,533.81 crore. This will ensure availability of fertilizers to farmers at subsidized, affordable and reasonable prices.মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
March 29th, 11:30 am
চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।“কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তন” বিষয়ক বাজেট-উত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
March 06th, 01:14 pm
বাজেট ৱেবিনাৰ ছিৰিজৰ তৃতীয়খন ৱেবিনাৰলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ইয়াৰ পূৰ্বে দুখন ৱেবিনাৰত প্ৰযুক্তি, সংস্কাৰ আৰু অৰ্থনৈতিক বিকাশৰ দৰে মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। আজি আমি গ্ৰাম্য অৰ্থনীতি আৰু কৃষিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ বিষয়ে আলোচনা কৰিম। আপোনালোক সকলোৱে আপোনালোকৰ মূল্যৱান পৰামৰ্শৰে বাজেট প্ৰণয়নত অপৰিসীম অৰিহণা যোগাইছিল, আৰু আপোনালোকে আপোনালোকৰ পৰামৰ্শ বাজেটত প্ৰতিফলিত হোৱা দেখিছে, যিটো অতি সহায়ক বুলি প্ৰমাণিত হৈছে। যিহেতু বাজেট দাখিল হৈ গল, এতিয়া দেশখনে নিজৰ সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰাটো নিশ্চিত কৰিবলৈ আপোনালোকৰ অভিজ্ঞতা, পৰামৰ্শ আৰু এটা সহজ পন্থা অতি গুৰুত্বপূৰ্ণ। বাজেটৰ প্ৰতিটো পইচা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাটো আমি কেনেকৈ নিশ্চিত কৰিম ? আমি যিমান পাৰো সোনকালে এইখিনি কেনেকৈ লাভ কৰিম ? সেয়েহে এই ৱেবিনাৰৰ বাবে আপোনালোকৰ পৰামৰ্শসমূহ অতি গুৰুত্বপূৰ্ণ।কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তনৰ ওপৰত বাজেট-উত্তৰ ৱেবিনাৰত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 06th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাজেটৰ পিছৰ তৃতীয় ৱেবিনাৰত ভাষণ দিয়ে। প্ৰযুক্তি আৰু অৰ্থনৈতিক বিকাশৰ সন্দৰ্ভত পূৰ্বৰ অধিৱেশনসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বাজেট প্ৰস্তুত কৰাৰ সময়ত অংশীদাৰসকলে মূল্যৱান সহযোগিতা আগবঢ়াইছিল। এতিয়া বাজেটৰ পিছত দেশখনে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাৰ সুবিধা গ্ৰহণ কৰাটো সমানেই গুৰুত্বপূৰ্ণ আৰু এই দিশত আপোনালোকৰ পৰামৰ্শ আৰু এই ৱেবিনাৰ সেয়েহে গুৰুত্বপূৰ্ণ, শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে।"বহনক্ষম আৰু শক্তিশালী অৰ্থনৈতিক বিকাশ" বিষয়ক বাজেট-উত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
March 03rd, 11:30 am
যোৱা সপ্তাহত বাজেট ৱেবিনাৰ ছিৰিজৰ প্ৰথমখন ৱেবিনাৰ অনুষ্ঠিত হয়। মোক কোৱা হৈছিল যে ই এক বৃহৎ সফলতা, বাজেটৰ বিধানসমূহ কাৰ্যকৰী কৰাৰ সন্দৰ্ভত সকলোৱে উৎকৃষ্ট পৰামৰ্শ আগবঢ়াইছিল। সকলোৰে সক্ৰিয় অংশগ্ৰহণক আদৰণি জনাইছোঁ। আজি এই ছিৰিজৰ দ্বিতীয়খন ৱেবিনাৰ অনুষ্ঠিত হৈছে। মোক কোৱা হৈছে যে বিস্তৃত বিষয়ত হাজাৰ হাজাৰ লোকে নিজৰ পৰামৰ্শ আগবঢ়াব। বিষয় বিশেষজ্ঞসকলেও আমাৰ সৈতে অংশগ্ৰহণ কৰিব। ইমান বৃহৎসংখ্যক বাজেটৰ বিষয়ে আলোচনা কৰাটো নিজৰ বাবেই এক অতি সফল পৰীক্ষা। এই ৱেবিনাৰত যোগদান কৰিবলৈ সময় দিয়াৰ বাবে আপোনালোক সকলোকে অভিনন্দন আৰু আদৰণি জনাইছোঁ। এই ৱেবিনাৰৰ বিষয়বস্তু হৈছে দেশৰ অৰ্থনৈতিক বিকাশক অবিৰতভাৱে শক্তিশালী কৰা। আজি যেতিয়া ভাৰতৰ শক্তিশালী অৰ্থনীতি সমগ্ৰ বিশ্বৰ বাবে আশাৰ উৎস হৈ পৰিছে, আৰু যেতিয়া বিশ্বৰ যোগান শৃংখলে নতুন ৰূপ লৈছে, তেতিয়াই দ্ৰুত অৰ্থনৈতিক অগ্ৰগতি হৈছে। এখন বিকশিত ভাৰতৰ বাবে ই এক প্ৰধান ভেটি। আমাৰ দিশ স্পষ্ট, আমাৰ সংকল্প স্পষ্ট : অধিক নিৰ্মাণ কৰক, অধিক উৎপাদন কৰক, অধিক সংযোগ কৰক আৰু এতিয়া প্ৰয়োজন হৈছে অধিক ৰপ্তানিৰ। আৰু নিশ্চিতভাৱে, আজি আপোনালোকৰ মাজত যি মানসিক চিন্তাৰ উদয় হৈছে, এই চিন্তাৰ পৰা ওলোৱা পৰামৰ্শবোৰে ইয়াত মুখ্য ভূমিকা পালন কৰিব।'বহনক্ষম আৰু শক্তিশালী অৰ্থনৈতিক বিকাশ ' শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 03rd, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বহনক্ষম আৰু শক্তিশালী অৰ্থনৈতিক বিকাশশীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰ শৃংখলাৰ দ্বিতীয় সত্ৰত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে বিগত সপ্তাহৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি কয় যে প্ৰথমখন ৱেবিনাৰ অত্যন্ত সফল হয় আৰু বাজেটৰ প্ৰস্তাৱসমূহ ৰূপায়ণৰ ক্ষেত্ৰত উৎকৃষ্ট পৰামৰ্শ লাভ কৰা হৈছিল।ভাৰত-কানাডা চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
March 02nd, 02:30 pm
দুয়োখন দেশৰ ব্যৱসায়িক নেতা, ভদ্ৰলোক-ভদ্ৰমহিলা আৰু সন্মানীয় প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীক শুভেচ্ছা জনাইছো!পুডুচেৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 01st, 12:00 pm
পুডুচেৰীৰ মুখ্যমন্ত্ৰী শ্ৰী এন ৰংগস্বামী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱিয়া, পুডুচেৰীৰ উপ-ৰাজ্যপাল শ্ৰীযুত কে কৈলাসনাথন, ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ শ্ৰী আৰ চেলভাম, গৃহমন্ত্ৰী শ্ৰীযুত এ নমছিৱায়ম, অন্যান্য নেতৃবৃন্দ, মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল।পুডুচেৰীত ২,৭০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 11:45 am
অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, পুডুচেৰী হ'ল সিদ্ধাৰ, সাধু, কবি আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ভূমি, য'ত মহাকবি সুব্ৰমনিয়া ভাৰতীয়ে জাতীয়তাবাদৰ অগ্নিশিখা প্ৰজ্বলন কৰাৰ লগতে শ্ৰী অৰবিন্দ আৰু তেওঁৰ মাতৃয়ে বিশ্বক আধ্যাত্মিক দৃষ্টি প্ৰদান কৰিছিল।উত্তৰ প্ৰদেশৰ মীৰাটত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 22nd, 01:30 pm
বাবা ঔঘৰনাথৰ এই পবিত্ৰ ভূমিত, মীৰাটৰ ভূমিত আজি উন্নত উত্তৰ প্ৰদেশ, উন্নত ভাৰতৰ বাবে এক নতুন বিপ্লৱৰ শক্তি উজ্জীৱিত কৰা হৈছে। আজি প্ৰথমবাৰৰ বাবে নমো ভাৰত ৰেপিড ৰেল আৰু মেট্ৰ’ সেৱা একেদিনাই, এটা প্লেটফৰ্মৰ পৰা আৰম্ভ কৰা হৈছে। উন্নত ভাৰতৰ যোগাযোগ কেনেকুৱা হ’ব তাৰ এক উল্লেখযোগ্য আভাস এয়া। মই সন্তুষ্ট যে এই কাম উত্তৰ প্ৰদেশত কৰা হৈছে, চহৰৰ ভিতৰৰ ভ্ৰমণৰ বাবে মেট্ৰ’ আৰু টুইন চিটীৰ দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰতৰ দৰে আধুনিক ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমখন নমো ভাৰত আৰ আৰ টি এছ উদ্বোধন কৰে আৰু দিল্লী–মীৰাট নমো ভাৰত কৰিডৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
February 22nd, 01:12 pm
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই প্ৰকল্পই উন্নত ভাৰতত যোগাযোগ ব্যৱস্থা কেনেকুৱা হ’ব তাৰ এক গুৰুত্বপূৰ্ণ আভাস দিয়ে। সংহত ব্যৱস্থাটোৱে চহৰৰ ভিতৰত ভ্ৰমণৰ বাবে মেট্ৰ' আৰু টুইন চিটী দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰত ৰে'ল ব্যৱহাৰ কৰিছে। ডাবল ইঞ্জিনৰ চৰকাৰৰ কৰ্ম সংস্কৃতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰকল্পসমূহ এতিয়া অনিশ্চয়তাত ওলমি নাথাকে। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁৰ চৰকাৰে যিটো কামৰ বাবে আধাৰশিলা স্থাপন কৰে, ব্যক্তিগতভাৱে এই সেৱাসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী দুয়োটা কামৰ নেতৃত্ব দি সেই কাম সম্পূৰ্ণ কৰে।ই টি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 13th, 08:30 pm
গ্ল’বেল বিজনেছ ছামিটলৈ আপোনালোক সকলোকে স্বাগতম; আপোনালোক প্ৰত্যেককে মই শুভেচ্ছা জনাইছো। আমি ইয়াত “বিঘিনিৰ এটা দশক, পৰিৱৰ্তনৰ এটা শতিকা” বিষয়টো আলোচনা কৰিবলৈ আহিছো। বিনীতজীৰ ভাষণ শুনাৰ পাছত অনুভৱ কৰোঁ মোৰ কামটো বহুত সহজ হৈ পৰিছে৷ কিন্তু এটা সৰু অনুৰোধ কৰিম : যিহেতু আপুনি ইমানখিনি জানে, গতিকে আপুনি অন্ততঃ কেতিয়াবা ইটিত উপস্থিত হোৱা উচিত।ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
February 13th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ল’বেল বিজনেছ ছামিটত উপস্থিত থকা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি, ‘এটা দশক প্ৰতিবন্ধকতা, পৰিৱৰ্তনৰ এটা শতক’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত মন্তব্য কৰে। তেওঁ আলোকপাত কৰে যে একবিংশ শতিকাৰ বিগত দশকত গোলকীয় মহামাৰী, বিভিন্ন অঞ্চলত উত্তেজনা আৰু যুদ্ধ তথা যোগান শৃংখলৰ বিচ্ছিন্নতাই বিশ্বৰ ভাৰসাম্য কঁপাই তোলাকে ধৰি অভূতপূৰ্ব বিঘিনি ঘটিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে সংকটে এখন ৰাষ্ট্ৰৰ প্ৰকৃত শক্তি উন্মোচন কৰে আৰু তেওঁ গৌৰৱ প্ৰকাশ কৰে যে এই প্ৰত্যাহ্বানসমূহৰ মাজতো ভাৰত এই দশকটোত উল্লেখযোগ্য উন্নয়ন, অসাধাৰণ ডেলিভাৰী আৰু গণতন্ত্ৰৰ শক্তিশালীকৰণৰ দ্বাৰা চিহ্নিত হৈছে। শ্ৰী মোদীয়ে স্মৰণ কৰে যে যেতিয়া যোৱা দশক আৰম্ভ হৈছিল তেতিয়া ভাৰত একাদশ বৃহত্তম অৰ্থনীতি আছিল আৰু অস্থিৰতাৰ মাজত ইয়াৰ অৱনতি ঘটাৰ আশংকা আছিল। কিন্তু আজি ভাৰত দ্ৰুতগতিত আগবাঢ়ি গৈ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। পৰিৱৰ্তিত শতিকাৰ বাবে ভাৰত এক প্ৰধান ভেটি হ’ব বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতে বিশ্বৰ উন্নয়নত ষোল্ল শতাংশতকৈ অধিক অৰিহণা যোগাইছে আৰু এই অৱদান বছৰৰ পিছত বছৰ ধৰি বৃদ্ধি পাই থাকিব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে বিশ্বৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰসৰ হব আৰু বিশ্ব অৰ্থনীতিৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব।বাজেটে আমাৰ দেশৰ অৰ্থনৈতিক ৰূপান্তৰত কেনেদৰে অৰিহণা যোগাব, তাৰ বিস্তৃত ছবি বিত্ত মন্ত্ৰীগৰাকীয়ে দাঙি ধৰেঃ প্ৰধানমন্ত্ৰী
February 12th, 02:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ জীয়ে আজি লোকসভাত তেওঁৰ ভাষণত এই বছৰৰ বাজেটে আমাৰ দেশৰ অৰ্থনৈতিক ৰূপান্তৰত কেনেদৰে অৰিহণা যোগাব তাৰ বিস্তৃত ছবি দাঙি ধৰে। ‘তেওঁ ৰিফৰ্ম এক্সপ্ৰেছ, এমএছএমইসমূহক সমৰ্থন, দক্ষতা, পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, শিক্ষা আৰু অন্যান্য খণ্ডৰ উন্নীতকৰণ প্ৰচেষ্টা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে’, শ্ৰী মোদীয়ে কয়।কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ অসমীয়া অনুবাদ
February 01st, 01:38 pm
আজিৰ বাজেটখন ঐতিহাসিক; ই দেশৰ নাৰী শক্তিৰ এক কথা প্ৰতিফলিত কৰিছে। এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা জীয়ে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। এই বাজেটখন অপৰিসীম সুযোগৰ এক পথ। এই বাজেটে বৰ্তমানৰ সপোন বাস্তৱায়িত কৰিব আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰিব। এই বাজেট ২০৪৭ চনৰ এখন উন্নত ভাৰত (বিকশিত ভাৰত)ৰ দিশত আমাৰ যাত্ৰাৰ এক শক্তিশালী ভিত্তি।২০২৬ৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 01st, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেন্দ্ৰীয় বাজেট ২০২৬ সন্দৰ্ভত তেওঁৰ মন্তব্য শ্বেয়াৰ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ বাজেটখন ঐতিহাসিক আৰু ই দেশৰ মহিলাসকলৰ সৱল মনোভাৱক প্ৰতিফলিত কৰে। তেওঁ আলোকপাত কৰে যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বাজেট হৈছে অপৰিসীম সুযোগৰ মুল পথ, যিয়ে বৰ্তমানৰ সপোন পূৰণ কৰে আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰে। তেওঁ দৃঢ়তাৰে কয় যে বাজেটখনে ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ভাৰতৰ উচ্চ উৰণৰ ভিত্তি হিচাপে কাম কৰে।গুজৰাটৰ ভাৱনগৰত সমুদ্ৰ ছে সমৃদ্ধি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 20th, 11:00 am
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল, চি আৰ পাটিল, মনসুখভাই মাণ্ডবিয়া, শান্তনু ঠাকুৰ, নিমুবেন বম্বানীয়া, দেশৰ বিভিন্ন প্ৰান্তৰ ৪০ টাতকৈও অধিক স্থানৰ পৰা এই কাৰ্যসূচীত যোগদান কৰা লোকসকল, প্ৰধান বন্দৰৰ সৈতে জড়িত লোকসকল, বিভিন্ন ৰাজ্যৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, অন্যান্য বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল, আপোনালোক সকলোকে অভিনন্দন।‘সমুদ্ৰ ছে সমৃদ্ধি’ অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, গুজৰাটৰ ভাৱনগৰত ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন
September 20th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভাৱনগৰত ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ‘সমুদ্ৰ ছে সমৃদ্ধি’ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তি আৰু ৰাইজক আদৰণি জনায়। ১৭ ছেপ্টেম্বৰত তেওঁলৈ প্ৰেৰণ কৰা জন্মদিনৰ শুভেচ্ছা স্বীকাৰ কৰি জনসাধাৰণৰ পৰা পোৱা মৰম শক্তিৰ এক বৃহৎ উৎস বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বকৰ্মা জয়ন্তীৰ পৰা গান্ধী জয়ন্তীলৈকে অৰ্থাৎ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ সেৱা পখৱাড়া পালন কৰা বুলি আলোকপাত কৰে। তেওঁ কয় কৰে যে বিগত ২–৩ দিনত গুজৰাটত কেইবাটাও সেৱামুখী কাৰ্যসূচী পালন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শ শ স্থানত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে, এতিয়ালৈকে এক লাখ ব্যক্তিয়ে ৰক্তদান কৰিছে। তেওঁ লগতে কয় যে অসংখ্য চহৰত স্বচ্ছতা অভিযান চলোৱা হৈছে, য’ত লাখ লাখ নাগৰিকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে জনায় যে ৰাজ্যজুৰি ৩০ হাজাৰৰো অধিক স্বাস্থ্য শিবিৰ স্থাপন কৰা হৈছে, য’ত জনসাধাৰণ আৰু বিশেষকৈ মহিলাসকলক চিকিৎসা পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ দেশতে সেৱাৰ কাম-কাজৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ তেওঁ কৃতজ্ঞতা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।