ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 07th, 11:47 pm
ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!জাৰ্কাৰ্টাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 07th, 05:30 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক এজন মহান নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এক জীৱন্ত সেতু হিচাপে সেৱা আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলক প্ৰশংসা কৰে। তেওঁ পাৰস্পৰিক বিশ্বাস, অংশীদাৰী ঐতিহ্য আৰু সামুদ্ৰিক সম্পৰ্কৰ ভিত্তিত ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বালি যাত্ৰা, ভেছাক তীৰ্থযাত্ৰা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আধুনিক যুগৰ সংযোগৰ দৰে পৰম্পৰাই জনসাধাৰণৰ মাজত বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সম্পৰ্ক গঢ়ি তুলিছে।জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ যুটীয়া প্ৰেছ বিবৃতি
July 02nd, 01:30 pm
মাত্ৰ কেইদিনমান পূৰ্বে জি৭ সন্মিলনত মই কৈছিলো যে আজিৰ গোলকীয় অস্থিৰতাৰ পৰিৱেশত পাৰস্পৰিক বিশ্বাস হৈছে আমাৰ আটাইতকৈ ডাঙৰ কৌশলগত সম্পদ। মই গৌৰৱান্বিত যে ভাৰত-জাপানৰ অংশীদাৰিত্বই এই চৰ্তটো সম্পূৰ্ণৰূপে পূৰণ কৰিছে।বিশিষ্ট বৌদ্ধ পণ্ডিত ৰবাৰ্ট এ এফ থাৰমেনৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
June 18th, 05:30 am
ৰবাৰ্ট এ এফ থাৰমেনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।ভগৱান মহাবীৰৰ বাৰ্তাত এক আচৰিত প্ৰেৰণা নিহিত হৈ আছে বুলি এক সংস্কৃত হিতোপ্ৰদেশ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে
March 31st, 10:41 am
প্ৰধানমন্ত্ৰীয়ে কয় যে সত্য, সম্প্ৰীতি, সদ্ভাৱ আৰু সমতাৰ ওপৰত আধাৰিত ভগৱান মহাবীৰৰ বাৰ্তাসমূহত এক সুন্দৰ প্ৰেৰণা আছে। তেওঁৰ মহান চিন্তাধাৰা সদায়েই মানৱতাৰ পথ প্ৰদৰ্শক হৈ থাকিব, শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত পিপ্ৰহৱাৰ অৱশেষ দৰ্শন কৰিবলৈ আহ্বান জনায়
January 02nd, 06:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ৩ জানুৱাৰীত দিনৰ ১১ বজাত নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লটাছঃ ৰেলিক্স অৱ দ্য এৱেকেণ্ড ওৱান” শীৰ্ষক পবিত্ৰ পিপ্ৰহৱাৰ অৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰিব।'মন কী বাত' জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট মঞ্চঃ প্ৰধানমন্ত্ৰী মোদী
November 30th, 11:30 am
চলিত মাহৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত আলোকপাত কৰে, য’ত সংবিধান দিৱস উদযাপন, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী, অযোধ্যাত ধৰ্মধ্বজ উত্তোলন, আইএনএছ ‘মাহে’ প্ৰৱৰ্তন আৰু কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আদিৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু যেনে অভিলেখ খাদ্য শস্য আৰু মৌ উৎপাদন, ভাৰতৰ ক্ৰীড়া সফলতা, সংগ্ৰহালয় আৰু প্ৰাকৃতিক কৃষি আদি দিশবোৰো সামৰি লয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী-তামিল সংগমমত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।ভূটানৰ ৰজাৰ জন্মদিন উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
November 11th, 12:00 pm
কিন্তু আজি মই এটা গধুৰ মনেৰে ইয়ালৈ আহিছোঁ। কালি সন্ধিয়া দিল্লীত সংঘটিত হোৱা ভয়ানক ঘটনাই আমাক সকলোকে গভীৰভাৱে বিচলিত কৰিছে। ইয়াত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ মৰ্মবেদনা উপলব্ধি কৰিছোঁ। সমগ্ৰ ৰাষ্ট্ৰ আজি তেওঁলোকৰ শোকৰ সমভাগী হৈছে।ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
November 11th, 11:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ থিম্পুৰ চাংলিমেথাং উদযাপন খেলপথাৰত ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু চতুৰ্থ ৰজা জিগমে সিংগিয়ে ৱাংচুকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাজপৰিয়ালৰ সন্মানীয় সদস্যসকল, ভূটানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত শ্বেৰিং ট'বগে আৰু উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলকো সন্মান জনায়।মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
October 14th, 01:15 pm
ছবছৰৰ অন্তত মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ এক অতি বিশেষ অনুষ্ঠান। এই ভ্ৰমণ ভাৰত আৰু মংগোলিয়াই কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ আৰু কৌশলগত অংশীদাৰিত্বৰ ১০ বছৰ উদযাপন কৰাৰ সময়তে হৈছে। এই উপলক্ষে আমি আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্য, বৈচিত্ৰ্য আৰু গভীৰ সভ্যতামূলক সম্পৰ্কৰ প্ৰতীক হিচাপে এটা যৌথ ডাক ষ্টাম্প জাৰি কৰিছো।জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য
August 30th, 08:00 am
আজি আপোনালোক সকলোৰে সৈতে মিলিত হৈ আনন্দিত হৈছো। আপোনালোক সকলোৱে জাপানৰ বৈচিত্ৰ্য আৰু শক্তিৰ এক জীৱন্ত উদাহৰণ।শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ মন্তব্য
April 05th, 11:30 am
আজি ৰাষ্ট্ৰপতি দিছানায়কে মোক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানীত কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই বঁটাটোৱে কেৱল মোক নহয়, ১৪০ কোটি ভাৰতীয়কো সন্মান জনায়। ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজত থকা ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।Prime Minister’s visit to Wat Pho
April 04th, 03:36 pm
PM Modi with Thai PM Paetongtarn Shinawatra, visited Wat Pho, paying homage to the Reclining Buddha. He offered ‘Sanghadana’ to senior monks and presented a replica of the Ashokan Lion Capital. He emphasized the deep-rooted civilizational ties between India and Thailand, strengthening cultural bonds.থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
April 03rd, 03:01 pm
২৮ মাৰ্চত অহা ভূমিকম্পত হোৱা প্ৰাণহানিৰ বাবে মই ভাৰতবাসীৰ হৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ। আৰু, আমি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।প্ৰধানমন্ত্ৰীয়ে অহা ২০ অক্টোবৰত বাৰাণসী ভ্ৰমণ কৰিব
October 19th, 05:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ অক্টোবৰত বাৰাণসী ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ২ বজাত তেওঁ আৰ জে শংকৰ চকু চিকিৎসালয় উদ্বোধন কৰিব। ইয়াৰ পিছত, বিয়লি প্ৰায় ৪:১৫ বজাত তেওঁ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।Today's 21st century India is moving ahead on the path of development, proud of its old values and heritage : PM Modi in Poland
August 21st, 11:45 pm
Prime Minister Narendra Modi addressed the Indian Diaspora in Warsaw, Poland. The PM expressed that India's current global strategy emphasizes building strong international relationships and fostering peace. India’s approach has shifted to actively engaging with each nation. The focus is on enhancing global cooperation and leveraging India’s historical values of unity and compassion.পোলেণ্ডত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে
August 21st, 11:30 pm
প্ৰবাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰীক পৰম উচ্ছ্বাসেৰে উষ্ণ আদৰণি জনায়। এই উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ পোলেণ্ড ভ্ৰমণ সুদীৰ্ঘ ৪৫ বছৰৰ পিছত হৈছে আৰু তেওঁ ভাৰত-পোলেণ্ড সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি আন্দ্ৰজেজ ডুডা আৰু প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কক সাক্ষাৎ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁ কয় যে ‘গণতন্ত্ৰৰ মাতৃ’ হিচাপে ভাৰত আৰু পোলেণ্ডৰ সৈতে ইয়াৰ অংশীদাৰী মূল্যবোধে দুয়োখন দেশক ঘনিষ্ঠ কৰি আহিছে।ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতি (০১ আগষ্ট, ২০২৪)
August 01st, 12:30 pm
মই প্ৰধানমন্ত্ৰী ফাম মিং চিং আৰু তেওঁৰ প্ৰতিনিধিবৰ্গক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। আৰম্ভণিতে, সকলো ভাৰতীয়ৰ হৈ, সঞ্চালক প্ৰধান ন্যুয়েন ফু চোঙৰ মৃত্যুত মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো।২৭.০৮.২০২৩ত ‘মন কী বাত’ৰ ১০৪সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 27th, 11:30 am
মন কী বাতৰ আগষ্ট মাহৰ খণ্ডলৈ আপোনালোকক পুনৰবাৰ আদৰণী জনাইছো৷ কেতিয়াবা এনেকুৱা হৈছিল যদিও মোৰ মনত নাই যে শাওন মাহত দুবাৰকৈ ‘মন কী বাত’ অনুষ্ঠান অনুষ্ঠিত হৈছে, কিন্তু এইবাৰ এনেকুৱাই হৈছে৷ শাওন অৰ্থাৎ মহাশিৱৰ মাহ, উৎসৱ আৰু উল্লাসৰ মাহ৷ চন্দ্ৰযানৰ সফলতাই উৎসৱৰ এই আনন্দ কেইবাগুণ বৃদ্ধি কৰিলে৷ চন্দ্ৰযান চন্দ্ৰমাত উপস্থিত হোৱা তিনিদিনতকৈ বেছি হ’ল৷ এই সফলতা ইমানেই বেছি যে ইয়াৰ যিমানেই আলোচনা নকৰক কিয় সিমানেই কম হ’ব৷ আপোনালোকৰ সৈতে কথা পাতি থকাৰ সময়তে মোৰ এটা পুৰণি কবিতা মনত পৰিছে...অৰুণাচল প্ৰদেশৰ গাংখাৰত শাৰ নিমা তোশো চুম নাময়িগ লাখাং (গনপা)ৰ উদ্বোধনত প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
April 17th, 10:03 am
অৰুণাচল প্ৰদেশৰ গাংখাৰত মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে শাৰ নিমা তোশো চুম নাময়িগ লাখাং (গনপা) উদ্বোধন কৰাক লৈ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।