ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
June 01st, 08:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙৰ সৈতে বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙে ৰাষ্ট্ৰপতি হিচাপে বিদেশ ভ্ৰমণৰ বাবে প্ৰথমে ভাৰতক বাছি লোৱাত ভাৰতে সন্মানিত বোধ কৰিছে । লগতে তেওঁ ভগৱান বুদ্ধৰ আশীৰ্বাদত ৰাষ্ট্ৰপতিয়ে বোধগয়াৰ পৰা ভাৰতত নিজৰ কাৰ্যসূচী আৰম্ভ কৰাত আনন্দ প্ৰকাশ কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই ভাৰত-ম্যানমাৰ সম্পৰ্কৰ বিষয়ে পৰ্যালোচনা কৰি দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে চৰ্চা কৰে। বৈঠকত দুয়োগৰাকী নেতাই বাণিজ্য, ৰেয়াৰ আৰ্থ খনিজ, স্বাস্থ্যসেৱা, সংযোগ, ঐতিহ্যৰ পুনৰুদ্ধাৰ আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ পথসমূহৰ অন্বেষণ কৰে। সামুদ্ৰিক সুৰক্ষা, চাইবাৰ নিৰাপত্তা আৰু অন্যান্য পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰতো ঘনিষ্ঠভাৱে কাম কৰি যাবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম ’, ‘এক্ট ইষ্ট’ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় নীতিৰ বাবে ম্যানমাৰৰ ভূমিকা অতি প্ৰয়োজনীয় বুলি আলোকপাত কৰি ম্যানমাৰৰ সৈতে থকা ভাৰতৰ সম্পৰ্কৰ কথা পুনৰবাৰ দৃঢ়তাৰে প্ৰকাশ কৰে।লেহত ‘তথাগতাৰ পবিত্ৰ ধ্বংসাৱশেষৰ পবিত্ৰ প্ৰদৰ্শন’ উদ্বোধন কৰি আনন্দিত প্ৰধানমন্ত্ৰী
May 02nd, 06:59 pm
বুদ্ধ পূৰ্ণিমা উপলক্ষে কালি লেহত অনুষ্ঠিত ‘তথাগতাৰ পবিত্ৰ ধ্বংসাৱশেষৰ পবিত্ৰ প্ৰদৰ্শন’ উদ্বোধন কৰি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অপৰিসীম আনন্দ প্ৰকাশ কৰে।বুদ্ধ পূৰ্ণিমা উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
May 01st, 09:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বুদ্ধ পূৰ্ণিমা উপলক্ষ্যে সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে। ভগৱান বুদ্ধৰ আদৰ্শ বাস্তৱায়িত কৰাৰ দিশত এক দৃঢ় দায়বদ্ধতাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে বুদ্ধৰ চিন্তাই সমাজত আনন্দ আৰু একত্ৰিততাৰ মনোভাৱ গভীৰ কৰি তুলিব। তেওঁ লগতে সকলোকে এইবুলি আহ্বান জনায়- শান্তি, মমতা, সদিচ্ছাৰ পথত খোজ দিবলৈ অনুপ্ৰাণিত কৰা এই পবিত্ৰ অনুষ্ঠানত ভগৱান বুদ্ধৰ জীৱন মূল্যবোধ গ্ৰহণ কৰাৰ সংকল্প পুনৰাবৃত্তি কৰক।অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে
April 26th, 11:30 am
‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত নেতাসকলৰ পূৰ্ণাংগ অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া মন্তব্যৰ মূল পাঠ
February 19th, 01:00 pm
কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনৰ বাবে আপোনালোক সকলোকে ভাৰতলৈ পুনৰ স্বাগতম জনাই মই অতি আনন্দিত হৈছো। মই আত্মবিশ্বাসী যে এই সন্মিলনখনে মানৱ-কেন্দ্ৰিক, সংবেদনশীল গোলকীয় কৃত্ৰিম বুদ্ধিমত্তা পৰিবেশতন্ত্ৰ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।ভাৰত এ আই ইমপেক্ট ছামিট ২০২৬ৰ সময়ত নেতাসকলৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 19th, 12:39 pm
নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ভাৰত এ আই ইমপেক্ট ছামিট ২০২৬ৰ নেতাসকলৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বক্তব্য আগবঢ়ায়। ভাৰতত অনুষ্ঠিত এআই ইমপেক্ট ছামিটৰ অংশগ্ৰহণকাৰীসকলক পুনৰবাৰ আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই সন্মিলনে মানৱকেন্দ্ৰিক আৰু প্ৰতিক্ৰিয়াশীল বিশ্ব এ আই পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিব। তেওঁ কয় যে ইতিহাসে দেখুৱাইছে যে মানৱতাই সদায় প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰি আহিছে আৰু আজি প্ৰত্যাহ্বানক মানৱতাৰ বাবে উত্তম সুযোগলৈ ৰূপান্তৰিত কৰাৰ এক মুহূৰ্ত।পবিত্ৰ দেৱনিমোৰিৰ অৱশিষ্টসমূহৰ প্ৰদৰ্শনী উদ্বোধন কৰাৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা প্ৰধানমন্ত্ৰীৰ
February 05th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলম্বোৰ গংগাৰামায়া মন্দিৰত পবিত্ৰ দেৱনিমোৰিৰ অৱশিষ্টসমূহৰ প্ৰদৰ্শনী উদ্বোধন কৰাৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 03rd, 12:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে
January 03rd, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত পিপ্ৰহৱাৰ অৱশেষ দৰ্শন কৰিবলৈ আহ্বান জনায়
January 02nd, 06:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ৩ জানুৱাৰীত দিনৰ ১১ বজাত নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লটাছঃ ৰেলিক্স অৱ দ্য এৱেকেণ্ড ওৱান” শীৰ্ষক পবিত্ৰ পিপ্ৰহৱাৰ অৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰিব।৩ জানুৱাৰীত ভগৱান বুদ্ধ সম্পৰ্কীয় পবিত্ৰ পিপ্ৰহোৱা ধ্বংসাৱশেষৰ গ্ৰেণ্ড আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
January 01st, 05:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৩ জানুৱাৰী তাৰিখে পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “ দ্য লাইট এণ্ড দ্য লোটাছঃ ৰেলিকছ অব দ্য ৱাকেণ্ড ৱান ” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পবিত্ৰ পিপ্ৰহোৱা ধ্বংসাৱশেষৰ গ্ৰেণ্ড আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰিব।প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজাৰ সৈতে দৰ্শকক সম্ভাষণ জনায়
November 11th, 06:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ মহামহিম ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুকৰ সৈতে দৰ্শক ৰাইজক সম্ভাষণ জনায়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ অধিক বৰ্ধন আৰু সুদৃঢ়কৰণৰ উপায় সম্পৰ্কে মত-বিনিময় কৰে। তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজনিত আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহতো আলোচনাত মিলিত হয়। মহামহিমে দিল্লীত সংঘটিত শোকাৱহ ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰে।ভূটানলৈ যাত্ৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
November 11th, 07:28 am
মই ২০২৫ চনৰ ১১-১২ নৱেম্বৰত ভূটান ভ্ৰমণ কৰিম।প্ৰধানমন্ত্ৰীয়ে ভগৱান বুদ্ধৰ পবিত্ৰ অৱশিষ্টসমূহক শ্ৰদ্ধাৰে আদৰণি জনোৱাৰ বাবে ভূটানৰ জনসাধাৰণ আৰু নেতৃত্বক প্ৰশংসা কৰে
November 09th, 03:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান বুদ্ধৰ পবিত্ৰ অৱশিষ্টসমূহক শ্ৰদ্ধাৰে আদৰণি জনোৱাৰ বাবে ভূটানৰ জনসাধাৰণ আৰু নেতৃত্বক আন্তৰিক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয় যে এই ধ্বংসাৱশেষবোৰ শান্তি, সহানুভূতি আৰু সম্প্ৰীতিৰ কালজয়ী বাৰ্তাৰ প্ৰতীক। ‘ভগৱান বুদ্ধৰ শিক্ষা আমাৰ দুয়োখন ৰাষ্ট্ৰৰ আধ্যাত্মিক ঐতিহ্যৰ মাজত এক পবিত্ৰ যোগসূত্ৰ’, শ্ৰী মোদীয়ে কয়।২০২৫ চনৰ ১১ আৰু ১২ নৱেম্বৰত চৰকাৰী ভ্ৰমণসূচী লৈ ভূটানলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
November 09th, 09:59 am
দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে ২০২৫ চনৰ ১১ আৰু ১২ নৱেম্বৰত চৰকাৰী ভ্ৰমণসূচী লৈ ভূটানলৈ যাব প্ৰধানমন্ত্ৰী মোদী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেক সাক্ষাৎ কৰিব। ভূটানৰ চতুৰ্থ ৰজা মহামহিম জিগমে চিংগ্যে ৱাংচুকৰ ৭০ সংখ্যক জয়ন্তী উদযাপন আৰু ‘বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱ’তো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
September 12th, 04:54 pm
বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে
September 12th, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য
August 30th, 08:00 am
আজি আপোনালোক সকলোৰে সৈতে মিলিত হৈ আনন্দিত হৈছো। আপোনালোক সকলোৱে জাপানৰ বৈচিত্ৰ্য আৰু শক্তিৰ এক জীৱন্ত উদাহৰণ।বিহাৰৰ গয়াজীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
August 22nd, 12:00 pm
বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খান ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ জিতন ৰাম মাঝি ডাঙৰীয়া, ৰাজীৱ ৰঞ্জন সিং, চিৰাগ পাছোৱান ডাঙৰীয়া, ৰাম নাথ ঠাকুৰ ডাঙৰীয়া, নিত্যানন্দ ৰায় ডাঙৰীয়া, সতীশ চন্দ্ৰ ডুবে ডাঙৰীয়া, ৰাজ ভূষণ চৌধাৰী ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী ডাঙৰীয়া, বিজয় কুমাৰ সিনহা ডাঙৰীয়া, বিহাৰ চৰকাৰৰ মন্ত্ৰীসকল, সংসদত মোৰ সতীৰ্থ উপেন্দ্ৰ কুশৱাহা ডাঙৰীয়া, আন-আন সাংসদসকল আৰু মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ গয়াত ১৩,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
August 22nd, 11:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ গয়াত ১৩,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান আৰু মুক্তিৰ পবিত্ৰ নগৰী গয়া জীক প্ৰণাম জনাই বিষ্ণুপদ মন্দিৰৰ গৌৰৱময় ভূমিৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে গয়া জীৰ ভূমি আধ্যাত্মিকতা আৰু শান্তিৰ ক্ষেত্ৰ। তেখেতে কয় যে এই পবিত্ৰ ভূমিতে ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিল। “গয়া জীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক উভয় ঐতিহ্যই প্ৰাচীন আৰু অসীম চহকী”, শ্ৰী মোদীয়ে কয়। অঞ্চলটোৰ জনসাধাৰণে চহৰখনক কেৱল “গয়া” বুলিয়েই নহয়, সন্মান সহকাৰে “গয়া জী” বুলি অভিহিত হোৱাটো কামনা কৰিছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আৱেগক সন্মান জনোৱাৰ বাবে বিহাৰ চৰকাৰক অভিনন্দন জনায়। কেন্দ্ৰ আৰু বিহাৰত তেওঁলোকৰ চৰকাৰে গয়া জীৰ দ্ৰুত বিকাশৰ দিশত ধাৰাবাহিকভাৱে কাম কৰি থকাত তেখেতে সন্তোষ প্ৰকাশ কৰে।