বি এছ এফৰ প্ৰতিষ্ঠা দিৱসত বাহিনীটোৰ জোৱানসকলক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

December 01st, 06:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বি এছ এফৰ জোৱানসকলক তেওঁলোকৰ বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে । শ্ৰী মোদীয়ে কয় যে বি এছ এফ ভাৰতৰ অটল সংকল্প আৰু পৰম পেছাদাৰিত্বৰ প্ৰতীক।

প্ৰধানমন্ত্ৰীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব

October 29th, 10:58 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অক্টোবৰ মাহত গুজৰাট ভ্ৰমণ কৰিব। ৩০ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়াৰ একতা নগৰলৈ যাত্ৰা কৰিব আৰু সন্ধিয়া প্ৰায় ৫.১৫ বজাত ই-বাছৰ শুভাৰম্ভ কৰিব। সন্ধিয়া প্ৰায় ৬.৩০ বজাত তেওঁ একতা নগৰত ১,১৪০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

‘বন্দে মাতৰম’ৰ ভাৱনা ভাৰতৰ অমৰ চেতনাৰে বিজড়িত হৈ আছে: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী

October 26th, 11:30 am

চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ অক্টোবৰত ১৫০ সংখ্যক জয়ন্তী উপলক্ষে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ছঠপূজা উৎসৱ, পৰিৱেশ সুৰক্ষা, ভাৰতীয় জাতৰ কুকুৰ, ভাৰতীয় কফি, জনজাতীয় সম্প্ৰদায়ৰ নেতা আৰু সংস্কৃত ভাষাৰ গুৰুত্ব আদি আমোদজনক বিষয় সন্দৰ্ভতো আলোকপাত কৰে। ‘বন্দে মাতৰম’ গীতৰ ১৫০ সংখ্যক বৰ্ষৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰে।

আই এন এছ বিক্ৰান্তত সশস্ত্ৰ বাহিনীৰ সৈতে দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পূৰ্ণপাঠ

October 20th, 10:30 am

আজি এটা আচৰিত দিন, এই মুহূৰ্তটো স্মৰণীয়, এই দৃশ্য আচৰিত। আজি মোৰ এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতাৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। আজি মোৰ এফালে অসীম দিগন্ত, অন্তহীন আকাশ আৰু আনফালে অসীম শক্তিক মূৰ্ত কৰি তোলা এই বিশাল আই এন এছ বিক্ৰান্ত। সাগৰৰ পানীৰ ওপৰত সূৰ্য্যৰ ৰশ্মিৰ এই জিলিকনি এক প্ৰকাৰে সাহসী সৈনিকে জ্বলোৱা দীপাৱলীৰ প্ৰতিফলন। এইবোৰ আমাৰ ঐশ্বৰিক প্ৰদীপৰ মালা। আপোনালোক সকলো নৌসেনাৰ বীৰ জোৱানৰ মাজত এই পবিত্ৰ দীপাৱলী উৎসৱ উদযাপন কৰিবলৈ পাই মই সৌভাগ্যৱান।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উদযাপন কৰিলে আই এন এছ বিক্ৰান্তত

October 20th, 10:00 am

আজি আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীৰ বিষয়া-জোৱানক সম্বোধন কৰে। আজি এটা উল্লেখযোগ্য দিন, এটা উল্লেখযোগ্য মুহূৰ্ত আৰু এটা উল্লেখযোগ্য পৰিঘটনা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতৃৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। তেওঁ কয় যে এটা পক্ষই অসীম দিগন্ত আৰু সীমাহীন আকাশক উপস্থাপন কৰিলেও আনটো পক্ষই অসীম শক্তিক মূৰ্ত কৰি আই এন এছ বিক্ৰান্তৰ বিশাল শক্তিক প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে সাগৰৰ ওপৰত পৰা সূৰ্যৰ পোহৰৰ জিলিকনিয়ে দীপাৱলীৰ সময়ত বীৰ সৈনিকে জ্বলোৱা দীপৰ দৰে হৈ পোহৰৰ এক ঐশ্বৰিক মালাৰ সৃষ্টি কৰিছে। ভাৰতীয় নৌসেনাৰ সাহসী জোৱানসকলৰ মাজত এই দীপাৱলী উদযাপন কৰিবলৈ পোৱাৰ সৌভাগ্যৰ কথাও তেওঁ প্রকাশ কৰে৷

ভূপালত অনুষ্ঠিত ‘দেৱী অহিল্যাবাঈ মহিলা সাৱলীকৰণ মহাসন্মিলন’ত এলানি প্ৰকল্পৰ শুভাৰম্ভণি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

May 31st, 11:00 am

মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান মোহন যাদৱ জী, প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত কেন্দ্ৰীয় মন্ত্ৰীসকল, ইন্দোৰৰ পৰা তোখন সাহু জী, দতিয়াৰ পৰা ৰাম মোহন নাইডু জী, সতনাৰ পৰা মুৰালীধৰ মোহল জী, ইয়াত মঞ্চত উপস্থিত ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱড়া জী, ৰাজেন্দ্ৰ শুক্লাজী, লোকসভাৰ মোৰ সহকৰ্মী ভি ডি শৰ্মা জী, অন্য মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু ইয়াত বৃহৎ সংখ্যাত উপস্থিত থকা মোৰ প্ৰিয় ভাই-ভনীসকল।

মধ্য প্ৰদেশৰ ভূপালত লোকমাতা দেৱী অহিল্যা বাই হোলকাৰৰ ৩০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে মহিলা সশক্তিকৰণ মহাসমিলনত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

May 31st, 10:27 am

আজি মধ্যপ্ৰদেশৰ ভূপালত লোকমাতা দেৱী অহিল্য বাই হোলকাৰৰ ৩০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকমাতা দেৱী অহিল্যবাই মহিলা শক্তিকৰণ মহাসভাত ভাষণ প্ৰদান কৰে। ভূপালত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ ‘মা ভাৰতী’ক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ভাৰতৰ মহিলাসকলৰ শক্তিক স্বীকাৰ কৰি আৰম্ভ কৰে। অনুষ্ঠানটোক আশীৰ্বাদ দিবলৈ অহা ভগ্নী-কন্যাসকলৰ বৃহৎ সমাৱেশৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁলোকৰ উপস্থিতিৰ বাবে তেওঁ সন্মানিত অনুভৱ কৰা বুলি উল্লেখ কৰে।

আদমপুৰ বিমান ঘাটিত সাহসী বায়ু যোদ্ধা আৰু সৈনিকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ

May 13th, 03:45 pm

কেইদিনমান পূৰ্বে এই শ্ল’গানৰ শক্তি বিশ্বই প্ৰত্যক্ষ কৰিছে। ভাৰত মাতা কী জয় কেৱল এক শ্ল’গানেই নহয়, বৰঞ্চ এয়া ভাৰত মাতাৰ সন্মান আৰু মৰ্য্যাদা অক্ষুণ্ণ ৰাখিবলৈ নিজৰ প্ৰাণো বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা দেশৰ প্ৰতিগৰাকী জোৱানৰ সংকল্পও। এয়া হৈছে দেশখনৰ বাবে জীয়াই থাকিব বিচৰা, কিবা এটা সাধন কৰিব বিচৰা প্ৰতিগৰাকী নাগৰিকৰ কণ্ঠ। সকলো ক্ষেত্ৰতে ভাৰত মাতা কী জয়ৰ অনুৰণন ঘটে। ভাৰতৰ সৈন্যসকলে ভাৰত মাতা কী জয় বুলি কোৱা মাত্ৰেকে শত্ৰুৰ অন্তৰ কঁপি উঠে। আমাৰ ড্ৰোনে শত্ৰুৰ দুৰ্গ ধ্বংস কৰোঁতে, আমাৰ মিছাইলে লক্ষ্যত উপনীত হওঁতে শত্ৰুৱে ভাৰত মাতা কী জয় ধ্বনি শুনিবলৈ পায়! ৰাতিৰ আন্ধাৰতো যেতিয়া আমাৰ সূৰ্য্য উদয় হয়, তেতিয়া শত্ৰুৱে শুনে - ভাৰত মাতা কী জয়! আমাৰ বাহিনীসমূহে পাৰমাণৱিক ভাবুকিক বিফল কৰোঁতে আকাশৰ পৰা পাতাললৈ মাথোঁ এটা ধ্বনিয়েই গুঞ্জৰিত হয় – সেয়া হৈছে ভাৰত মাতা কী জয়!

আদমপুৰ বায়ু সেনা ষ্টেচনত সাহসী বায়ু যোদ্ধা আৰু জোৱানসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 13th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আদমপুৰস্থিত বায়ুসেনা ষ্টেচনত সাহসী বায়ু যোদ্ধা আৰু জোৱানসকলৰ সৈতে পৰিদৰ্শন কৰি মত বিনিময় কৰে। সেনা জোৱানসকলক সম্বোধন কৰি তেওঁ ‘ভাৰত মাতা কি জয়’ শ্লোগানৰ শক্তিৰ ওপৰত আলোকপাত কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে বিশ্বই মাত্ৰ ইয়াৰ শক্তিৰ সাক্ষী হৈছে। এয়া কেৱল এটা শ্লোগান নহয় বৰঞ্চ ভাৰত মাতৃৰ মৰ্যাদা ৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰা প্ৰতিজন জোৱানৰ গম্ভীৰ শপত বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই শ্লোগান হৈছে দেশৰ বাবে জীয়াই থাকিব বিচৰা আৰু অৰ্থপূৰ্ণ অৱদান আগবঢ়াব বিচৰা প্ৰতিজন নাগৰিকৰ কণ্ঠ। তেওঁ দৃঢ়তাৰে কয় যে ‘ভাৰত মাতা কি জয়’ যুদ্ধক্ষেত্ৰ আৰু গুৰুত্বপূৰ্ণ অভিযান দুয়োটাতে প্ৰতিধ্বনিত হয়। তেওঁ দৃঢ়তাৰে কয় যে ‘ভাৰত মাতা কি জয়’ যুদ্ধক্ষেত্ৰত আৰু গুৰুত্বপূৰ্ণ অভিযানৰ সময়ত দুয়োটাতে প্ৰতিধ্বনিত হয়। ভাৰতীয় জোৱানে ভাৰত মাতা কি জয় শ্লোগান চিঞৰিলে শত্ৰুৰ মেৰুদণ্ডত কঁপনি উঠে বুলিও তেওঁ কয়। ভাৰতৰ সামৰিক শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে যেতিয়া ভাৰতীয় ড্ৰোনে শত্ৰুৰ দুৰ্গ ধ্বংস কৰে আৰু যেতিয়া ক্ষেপণাস্ত্ৰই নিখুঁত আক্ৰমণ কৰে তেতিয়া শত্ৰুৱে মাত্ৰ এটা বাক্যহে শুনে-‘ভাৰত মাতা কি জয়’। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে আন্ধাৰ ৰাতিতো আকাশ পোহৰাই তোলাৰ ক্ষমতা ভাৰতত আছে, যাৰ ফলত শত্ৰুৱে দেশৰ অদম্য মনোভাৱ উপলব্ধি কৰে। তেওঁ কয় যে যেতিয়া ভাৰতীয় সেনাই পাৰমাণৱিক ব্লেকমেইলৰ ভাবুকি নষ্ট কৰে, তেতিয়া আকাশ আৰু পৃথিৱীত মাত্ৰ এটা বাৰ্তাহে প্ৰতিধ্বনিত হয়-‘ভাৰত মাতা কি জয়’।

সীমান্ত নিৰাপত্তা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

December 01st, 08:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সীমান্ত নিৰাপত্তা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ বিএছএফক সাহস, নিষ্ঠা আৰু ব্যতিক্ৰমী সেৱাৰ প্ৰতীক হিচাপে প্ৰতিৰক্ষাৰ এক গুৰুত্বপূৰ্ণ শাৰীত থিয় দিয়াৰ বাবে প্ৰশংসা কৰে।

‘বিএছএফ’ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

December 01st, 10:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিএছএফ’-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

Under Rozgar Mela, PM to distribute over 51,000 appointment letters to newly inducted recruits

August 27th, 07:08 pm

PM Modi will distribute more than 51,000 appointment letters to newly inducted recruits on 28th August, 2023 at 10:30 AM via video conferencing. The Rozgar Mela is expected to act as a catalyst in further employment generation and provide meaningful opportunities to the youth for their empowerment and participation in national development.

বিএছএফৰ আন্তঃগাঁথনি উন্নয়নত প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

May 09th, 11:20 pm

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে টুইটযোগে কয় যে চাৰিটা যৌথ আউটপোষ্ট উদ্বোধন কৰি বিএছএফক আৰু অধিক শক্তিশালী কৰা হৈছে। মুঠ ১০৮.৩ কোটি টকাৰ অন্যান্য প্ৰকল্পৰ লগতে দুটা আৱাসিক চৌহদ আৰু এটা বিষয়াৰ আৱাসো উদ্বোধন কৰা হয়।

প্রধানমন্ত্রীয়ে বিএছএফৰ প্ৰতিষ্ঠা দিৱসত বিএছএফ কৰ্মীক অভিনন্দন জনায়

December 01st, 09:07 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিএছএফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিএছএফ কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ৰক্ষা কৰাত আৰু অত্যন্ত পৰিশ্ৰমেৰে দেশৰ সেৱা কৰাত, বিএছএফ বাহিনীৰ উৎকৃষ্ট ট্ৰেক ৰেকৰ্ডৰ কথাও উল্লেখ কৰে।

গুজৰাটৰ দিওদাৰৰ বানাস ডেইৰীত উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 19th, 11:02 am

আপোনালোক সকলো আনন্দত আছে। এতিয়া আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো কিয়নো আৰম্ভণিতে মই অলপ হিন্দীত ক'ব লাগিব। কিয়নো এইটো সংবাদ মাধ্যমৰ বন্ধুবৰ্গৰ পৰা অনুৰোধ আহিছে যে আপুনি হিন্দীত কথা ক'লে ভাল হ'ব, সেয়েহে মই ভাবিলো যে সকলোবোৰ নহ’লেও তেওঁলোকৰ কথাটো মানি লোৱা উচিত।

বনাচকান্থাৰ দিয়োদাৰস্থিত বনাচ ডেইৰী সংকুলত একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

April 19th, 11:01 am

PM Modi dedicated to the nation a new dairy complex and potato processing plant at Diyodar, Banaskantha district. These plants will empower the local farmers and give a boost to the rural economy in the region. He also noted how along with Banas Dairy complex, cheese and whey plant, Banas Dairy has proved that other resources like potato can also be used to increase the income of local farmers.

গুজৰাটত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 12th, 12:14 pm

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গৃহমন্ত্ৰী শ্ৰী অমৃত শ্বাহ, মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ বিমল পেটেল জী, বিষয়া, শিক্ষক, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল, অভিভাৱকসকল, অন্য বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল,

ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ ভৱন ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু ইয়াৰ প্ৰথম সমাৱৰ্তন সম্বোধন প্ৰধানমন্ত্ৰীৰ

March 12th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ এটি ভৱন ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আহমেদাবাদত ইয়াৰ প্ৰথম সমাৱৰ্তনখনি সম্বোধন কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল উপস্থিত থাকে।

Parivarvadi groups looted poor's ration, BJP ended their game: PM Modi in Barabanki

February 23rd, 12:44 pm

Prime Minister Narendra Modi addressed massive election rallies in Uttar Pradesh’s Barabanki and Kaushambi. Addressing the public meeting he said, “Development of people of Uttar Pradesh gives speed to development of India. The ability of the people of UP enhances the ability of the people of India. But for several decades in UP, the dynasty-oriented governments did not do justice to the ability of UP.”

PM Modi campaigns in Uttar Pradesh’s Barabanki and Kaushambi

February 23rd, 12:40 pm

Prime Minister Narendra Modi addressed massive election rallies in Uttar Pradesh’s Barabanki and Kaushambi. Addressing the public meeting he said, “Development of people of Uttar Pradesh gives speed to development of India. The ability of the people of UP enhances the ability of the people of India. But for several decades in UP, the dynasty-oriented governments did not do justice to the ability of UP.”